Close

উদ্বিগ্নতাৰ পৰা কেনেদৰে কেইমিনিট মানতে হাত সাৰিব পাৰি

কেতিয়াবা আমাৰ উদ্বিগ্নতাই এন সময়ত দেখা দিয়ে যত আমি কিবা এটা জৰুৰী কাম কৰিবলৈ লৈছোঁ আৰু আমাৰ হাতত সময় একবাৰে কম৷ তেতিয়া আমাক এনে কিছুমান উপায় লাগে যিবোৰে লগে লগে আমাৰ উদ্বিগ্নতাৰ কমাব বা নোহোৱা কৰিব যাতে আমি কৰিবলগীয়া কামটোত মন দিব পাৰোঁ৷ তেনে কেইটামান সহজ আপুনি ব্যৱহাৰ কৰিব পৰা উপায়ৰ কথা চাও আহক যিবোৰে কেইমিনিটমানৰ ভিতৰতে আপোনাৰ উদ্বিগ্নতা নোহোৱা কৰিব৷

৫-৫-৫- গেইমটো খেলক

উদ্বিগ্ন হৈ থকা অৱস্থাত আমাৰ মনত নিগেটিভ চিন্তাৰ এটা চক্ৰ বা লুপ চলি থাকে৷ সেই চক্ৰটো ভাঙিবলৈ আমি এটা সৰু গেইম খেলিম৷ গেইমটো হ’ল ৫-৫-৫৷ কেনেদৰে খেলিম?

(১) আপোনাৰ চাৰিওফালে চাওক আৰু আপুনি দেখা ৫ টা বস্তুৰ নাম কওক

(২) আপুনি এতিয়া কি কি ৫ টা শব্দ শুনি আছে

(৩) আপোনাৰ শৰীৰৰ ৫ টা অংগ লৰচৰ কৰক (ভৰি, হাত, আঠু, গেৰোহা, কাণ, চকু, মূৰ আদি যিকোনো অংগ আপুনি লৰচৰ কৰিব পাৰে)

সৰু-ল’ৰা ছোৱালীৰ খেলৰ নিচিনা কিন্তু কৰি চাওচকোন৷ কামত আহিব৷

চিধাকৈ বহক

চিধাকৈ বহাৰ লগত উদ্বিগ্নতা বা এংজাইটিৰ কি সম্বন্ধ আছে? আছে৷ তমৰ চানস্কি অনৰম চাইক’লজিষ্ট গৰাকীৰ মতে আমি যেতিয়া উদ্বিগ্ন হৈ পৰো, তেতিয়া আমি আমাৰ শৰীৰৰ ওপৰৰ অংশটো ৰক্ষা কৰিবলৈ যত্ন কৰোঁ-আমাৰ হার্ট আৰু লাংছ যত অৱস্থিত সেই অংশটোক আমি ৰক্ষা কৰিবলৈ চেষ্টা কৰোঁ৷

তৎক্ষণাত উদ্বিগ্নতাৰ পৰা ৰক্ষা পাবলৈ হ’লে ঠিয় হওক, কান্ধ দুটা লাহেকৈ টানি অলপ পিছলৈ নিয়ক, ভৰি দুখন মাটিত অলপ বহলকৈ মেলক, আৰু বুকুখন আগতকৈ খোলাকৈ ধৰক, অলপ বহল কৰক৷ তাৰ পিছত দীঘলীয়া উশাহ কেইটামান লওক৷

এনে কৰিলে আপোনাৰ শৰীৰটোৱে বুজি পাব যে বর্তমান আপোনাৰ কোনো ভয় নাই আৰু শৰীৰটো নিজে নিয়ন্ত্ৰণত আছে৷

Watch a funny video

এটা হাঁহি উঠা ভিডিঅ চাওক৷ যি ভাষাৰে নহোক, যি বিষয়বস্তুৰে নহওক, কিবা এটা হাঁহি উঠা ভিডিঅ চাওক৷ একে সময়তে আপুনি হাঁহিব আৰু উদ্বিগ্ন হ’ব নোৱাৰে৷ হাঁহিলে আপোআৰন শৰীৰত এনডৰফিন বাঢ়ে যিয়ে উদ্বিগ্নতা কমায়৷ লগতে শৰীৰত বেছিকৈ অক্সিজেন সোমায় বাবে আমাৰ এংজাইটি কমে৷

এক্সাচাইজ কৰক বা মেডিটেচন কৰক

যদি আপুনি এন ঠাইত আৰু অৱস্থাত আছে যত মেডিটেচন কৰিব পাৰি, সেয়া কৰক৷ ই উদ্বিগ্নতাৰ পৰা আপোনাক বাহিৰলৈ ওলাবলৈ সহায় কৰিব৷ চকু মুদিয়ে হওক বা চাৰিওথালৰ বস্তু মন কৰি কৰা মাইণ্ডফুল মেডিটেচনে হওক, ই আপোনাক সহায় কৰিব৷

শাৰীৰিক ব্যায়ামে আপোনাক লগে লগে উদ্বিগ্নতা নোহোৱা কৰাত সহায় কৰিব৷ আপুনি যদি নিয়মীয়াকৈ এক্সাচাইজ কৰে তেতিয়া এনেয়েও আপোনাৰ উদ্বিগ্নতা কম হ’ব৷ আনকি একো কৰিব নোৱাৰিলেও আপুনি যদি মাত্ৰ ১০ মিনিট খোজ কাঢ়ে তেতিয়াও আপোনাৰ উদ্বিগ্নতা কমি যাব৷

উশাহ-নিশাহ নিয়ন্ত্ৰণ কৰক

উশাহ-নিশাহৰ সমস্যাৰ বাবেও বেছি উদ্বিগ্নতাৰ সৃষ্টি হয়৷ বহু মানুহে ভালদৰে উশাহ-নিশাহ ল’ব নাজানে বাবেও এনে হয়৷ উশাহ নিয়ন্ত্ৰণ কৰি আপুনি উদ্বিগ্নতাৰ পৰা ৰক্ষা পাব পাৰে৷ এনে কৰক-

নাকেৰে লাহে লাহে উশাহ লওক ৫-১০ চেকেণ্ডৰ বাবে

উশাহটো ধৰি ৰাখক ৪ চেকেন্ডৰ বাবে

মুখখন বন্ধ কৰি ওঠ দুটাৰ মাজেৰে লাহে লাহে নিশাহ এৰক ৭ -৯ চেকেণ্ডৰ বাবে

আপুনি সুহুৰি বজোৱাৰ নিচিনা শব্দ হ’ব পাৰে৷ একো কথা নাই৷

এয়া এবাৰ৷ এনেদৰে ১০ ৰ পৰা ২০ বাৰ মান উশাহ-নিশাহ লওক৷

কৰি চাওক৷ এই উপায়কেইটাই আপোনাৰ উদ্বিগ্নতা নোহোৱা কৰাত সহায় কৰিব আৰু এইবোৰে সোনকালে কাম কৰিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top