adult

শাস্ত্ৰীয় সংগীতৰ সহায়ত কেনেদৰে মন দি শুনিবলৈ শিকিব পাৰি

সংগীতৰ বৰ শক্তি আছে৷ ই আপোনাক নানা সুবিধা প্ৰদান কৰিব পাৰে৷ ই আপোনাক সান্ত্বনা দিয়ে, সুখী কৰে, আপোনাৰ দুখত সংগ দিয়ে, আপোনাক অনুপ্ৰেৰণা দিয়ে আৰু এক উচ্চতৰ পর্যায়লৈ আপোনাক তুলি নিয়ে৷ যিকোনো ঠাইতে, যিকোনো সময়তে ই আপোনাক সহায় কৰিব পাৰে আৰু ই আপোনাক কৰিব পৰা সহায়ৰ কোনো সীমা নাই৷ সংগীতে আপোনাৰ জীৱনৰ আন এক দিশো […]

woman

কিবা এটা কিনাৰ আগতে সুধিবলগীয়া প্ৰশ্ন কেইটামান

মই যথেষ্ট ঠেকা খাই এই কথাটো শিকিবলগীয়া হৈছে৷ মোৰ হাতত বহু এনে বস্তু আছে যিবোৰ মোক নালাগে বা যিবোৰ মই ব্যৱহাৰ নকৰো৷ মই যদি এইবোৰ বস্তুত নষ্ট কৰা টকা-পইচাৰ হিচাপ কৰোঁ ই এক ডাঙৰ সংখ্যা হ’বগৈ৷ কেইটামান প্ৰশ্নই আপোনাক এনে অৱস্থাৰ পৰা হাত সাৰি থাকিবলৈ সহায় কৰিব৷ আপুনি নিজকে এই প্ৰশ্নবোৰ সোধক আৰু তাৰ পিছত […]

piranhas

আপোনাৰ উদ্বিগ্নতাক মনেপ্ৰাণে ভালপোৱা কাম এটালৈ পৰিৱর্তন কৰক

আমি সকলোৱে জীৱনৰ বিভিন্ন সময়ত উদ্বিগ্নতা অনুভৱ কৰোঁ৷ এয়া বর্তমান সময়ত তেনেই সহজলভ্য৷ মাত্ৰ ই তেতিয়াহে সমস্যা হৈ পৰে যেতিয়া ই এক বেমাৰ হৈ পৰে৷ কিছুমান মানুহে উদ্বিগ্নতা বেমাৰত ভোগে৷ এনে বেমাৰে পৰিস্থিতি, ঘটনা, মানুহ আৰু আন বিষয়ৰ ক্ষেত্ৰত সততে উদ্বিগ্ন কৰি নানা সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ আপুনি উদ্বিগ্ন হ’লে কি হয়? উদ্বিগ্ন হ’লে আপুনি […]

business

আত্মবিশ্বাস বঢ়াবলৈ মাত্ৰ এই কামটো কৰক

আপুনি যেতিয়া আত্মবিশ্বাস বঢ়াব বিচাৰে আৰু বঢ়াবলৈ চেষ্টা কৰিব বিচাৰে ই এক বৰ টান কাম যেন অনুভৱ হয়৷ ই যেন আপোনাৰ সাধ্যৰ বাহিৰৰ৷ কিন্তু আনহাতে আপুনি এনে মানুহ দেখিছে যিসকল খুব আত্মবিশ্বাসী আৰু আপুনি জানে আপোনাৰ নিচিনাকৈ তেওঁলোকো মানুহেই৷ আত্মবিশ্বাস বঢ়াবলৈ আপুনি যদি বন্ধু-বান্ধৱ, আত্মীয়-স্বজন, আৰু আন মানুহক উপায়ৰ কথা সোধে, তেতিয়া তেওঁলোকে আপোনাক নানা […]

You

(মটিভেচনেল ভিডিও) মনত থকা কাম কৰক- গ্ৰেগ প্লিট

গ্ৰেগ প্লিট (Greg Plitt) আছিল প্ৰাক্তন আর্মী ৰেঞ্জাৰ, এজন ফিটনেছ মডেল আৰু অভিনেতা৷ নিজৰ ক্ষেত্ৰত তেওঁ এজন কিংবদন্তি আছিল৷ কঠিন সময়ৰ মাজত থকা মানুহৰ বাবে তেওঁ কিছু গুৰুত্বপূর্ণ উপদেশ দিছে৷ তেওঁৰ কথাবোৰে আপোনাক বেছি ভালকৈ যুঁজিবলৈ আৰু বিজয়ী হ’বলৈ সাহস দিব৷ আপুনি সেইজন মানুহৰ পৰা শিকিব পাৰিব যিয়ে নিজে যি কৈছে সেয়া কৰিছিল আৰু এনেদৰে […]

money

৩টা অভ্যাস যিয়ে আপোনাক সফলতাৰ পৰা আতৰাই ৰাখিছে

আপুনি সফল হ’ব বিচাৰে, আপুনি বিচৰা কামবোৰ কৰিব বিচাৰে৷ আপোনাৰ মনত কিছুমান অতুলনীয় ধাৰণা আছে, আপুনি কি কৰিব লাগে সেই বিষয়ে জানে আৰু আপুনি সিদ্ধান্ত কৰিছে যে আপুনি সেই কামবোৰ কৰা আৰম্ভ কৰিব যিবোৰে আপোনাক সফল হোৱাত সহায় কৰিব৷ যদিও আপুনি কামবোৰ কৰিব বিচাৰে আপুনি সেয়া কৰিব পৰা নাই৷ সম্ভৱত আপোনাৰ এনে কিছুমান অভ্যাস আছে […]

Pareto

৮০/২০ নীতিৰ জৰিয়তে বেছি কাম কৰক

আপুনি কৰিবলগীয়া কামৰ সংখ্যা হয়তো বহু বেছি৷ ইমানে বেছি যে আপুনি সেয়া লিখিবলৈ আৰম্ভ কৰিলে বহুকেইটা পৃষ্ঠাৰ প্ৰয়োজন হ’ব৷ ইমানবোৰ কাম কৰিবলৈ থকা বাবে আমাৰ নানা সমস্যা হ’ব পাৰে- কামবোৰ কৰা নোহোৱাকৈ থাকি যায় প্ৰয়োজনীয় কামবোৰ সময়ত সম্পন্ন নহয় আপুনি যিমান যি উন্নতি কৰিম বুলি ভাবিছিল সেয়া হৈ নুঠে কৰিম কৰিম বুলি ভাবিলেও কামবোৰ থাকি […]

domino

ডমিন’ এফেক্ট

ডমিন’ এফেক্ট – যদি এটা ঘটনাই আন কেবাটাও সম্পর্ক থকা ঘটনাৰ সৃষ্টি কৰে, তাক ডমিন’ এফেক্ট বুলি কোৱা হয়৷ ই এক চেইন ৰিয়েকচনৰ নিচিনা যত এটা ঘটনাই একেধৰণৰ আন কিছুমান ঘটনাৰ এক চেইনৰ সৃষ্টি কৰে৷ ধৰি লওক লাইন কৰি থিয় কৰি থৈ দিয়া ডমিন’ কেইবা লাইনো আপোনাৰ সন্মুখত আছে৷ তাৰে একেবাৰে সন্মুখৰ ডমিন’ টো যদি […]

road-1668916_1280

নিজৰ ইচ্ছাশক্তি বৃদ্ধি কৰিব কেনেকৈ

তলৰ উপায়কেইটাই আপোনাক ইচ্ছাশক্তি বৃদ্ধি কৰাত সহায় কৰিব (১) পৰীক্ষা কৰি চাওক আপোনাৰ বর্তমান ইচ্ছাশক্তি কিমান সেয়া পৰীক্ষা কৰি চাওক৷ যেতিয়া কিবা এটা কৰিবলৈ আপোনাৰ মন নাযায়, তেতিয়া কামটো কৰি থাকিবলৈ চেষ্টা কৰি চাওক৷ আপুনি কৰি ভালপোৱা কিবা এটা কাম নকৰাকৈ থাকিবলৈ চেষ্টা কৰি চাওক৷ আপুনি কামটো কৰিবলৈ বা নকৰিবলৈ সক্ষম হৈছেনে? আপুনি যেতিয়া নিজৰ […]

day

আপোনাৰ দিনটো

সকলোকে ধন্যবাদ জনাওক৷ সকলো মানুহকে আৰু বস্তুকে৷ আজিৰ দিনটো আপোনাৰ বাবে এক উপহাৰ৷ চিন্তা কৰক আজিৰ দিনটো কেনেদৰে ব্যৱহাৰ কৰিব৷ এই মুহূর্তটো, যি মুহূর্তত আপুনি এইখিনি কথা পঢ়ি আছে, এইটো এটা সুন্দৰ মুহূর্ত৷ এই মুহূর্তটোত সুখী হ’বলৈ চেষ্টা কৰক৷ এটা সময়ত মাত্ৰ এটা কামেই কৰক৷ মাত্ৰ এটা কাম কৰক আৰু কামটো পাৰিলে কৰি শেষ কৰক৷ […]