Close

জয়ৰ মানসিকতা

যাত্ৰাটোৱেই লক্ষ্য

সফলতাক লক্ষ্য কৰি লোৱাতকৈ সফলতা লাভ কৰিবলৈ যি প্ৰক্ৰিয়াৰ প্ৰয়োজন তাক লক্ষ্য হিচাপে ল’লে আপুনি বেছি ভালদৰে কাম এটা কৰিব পাৰিব৷ যিসকলে লোকে যিকোনো এক ক্ষেত্ৰত আটাইতকৈ ভাল প্ৰদৰ্শন কৰে তেওঁলোকে সদায় ফলাফলতকৈ সেই ফলাফল লাভ কৰা প্ৰক্ৰিয়াটোৰ ওপৰত বেছি গুৰুত্ব দিয়ে৷

সফলতা লাভ কৰিবলৈ আমি বহু কষ্ট কৰিবলগীয়া হয় আৰু সেই সফলতা বজাই ৰাখিবলৈ একে সমানে কষ্ট কৰিবলগীয়া হয়৷ সফলতা লাভ কৰা মানে সেয়াই শেষ নহয়৷ ই এক যাত্ৰা আৰু এই যাত্ৰা অবিৰত চলি থাকে৷ এই যাত্ৰাক আপোনাৰ বাবে আকৰ্ষণীয় আৰু উপভোগ্য কৰি তুলিব পাৰে এক জয়ৰ মানসিকতাই৷

কেনেদৰে জয়ৰ মানসিকতা আহৰণ কৰিব?

অকল টেলেন্টৰ ওপৰত নিৰ্ভৰ নকৰিব

সকলোৰে কিবা নহয় কিবা টেলেন্ট থাকে কিন্তু অকল টেলেন্টৰ ওপৰত নিৰ্ভৰ কৰি আপুনি এই যাত্ৰা কৰিব নোৱাৰে৷ টেলেন্টে আপোনাক সহায় কৰিব কিন্তু তাৰ লগতো আন বহু বস্তু লাগিব এই যাত্ৰা ভালদৰে কৰি শেষ কৰিবলৈ৷ নিজৰ নিপুণতাৰ ওপৰত আপুনি কাম কৰিব লাগিব, কামটো কৰাৰ অভ্যাস কৰিব লাগিব, কষ্ট কৰিব লাগিব আৰু তেতিয়াহে আপুনি যি কৰিব বিচাৰিছে, যেনেদৰে কৰিব বিচাৰিছে সেয়া কৰাটো সম্ভৱ হ’ব৷ কিবা এটা টেলেন্ট নাথাকিলেও আপুনি  নিজৰ অভ্যাস, আৰু কষ্টৰ দ্বাৰা সেই কামটোতো ভাল হ’ব পাৰে৷ জয়ৰ মানসিকতা আনিবলৈ হ’লে টেলেন্টতকৈ আপুনি অভ্যাস আৰু নিজৰ স্কিল বেছি ভাল কৰাতহে গুৰুত্ব দিব লাগিব৷

পেচন আৰু অধ্যাৱসায়

কিবা এটা কাম কৰাৰ পেচন আৰু অধ্যাৱসায়েহে আপুনি বিচৰা ধৰণৰ জয় আপোনাক দিব পাৰে৷ কিবা এটা কাম কষ্ট কৰি কৰি থকা, বিচৰা ফলাফল নাপালেও সেয়া কৰি গৈ থকা ইমান সহজ নহয়৷ কিন্তু আপুনি যদি সেয়া কৰি থাকিব পাৰে তেনেহ’লে আপোনাৰ মনটো দৃঢ় হৈ গৈ থাকিব আৰু সিয়ে আপোনাক এক জয়ৰ মানসিকতা সৃষ্টি কৰিবলৈ সহায় কৰিব৷ এনে মানসিকথাৰ মানুহে নিজৰ বিচৰা ফলাফলৰ বাবে যিমান কষ্ট কৰিব লাগে কৰে, যিমান সময় দিব লাগে দিয়ে৷ বাৰে বাৰে কাম এটা কৰিবলগীয়া হ’লে সাধাৰণ মানুহে সেয়া বাদ দিয়ে, কিন্তু জয়ৰ মানসিকতা থকা মানুহে তেনে কৰিবলৈ চিন্তা নকৰে৷

নিজৰ এক ভিজন

আপোনাৰ নিজৰ জীৱনটোৰ বাবে এক ভিজন থকাটো বৰ প্ৰয়োজনীয়৷ আপুনি যদি ভবিষ্যতে ঘটিবলগীয়া কথাবোৰ এতিয়াই কল্পনা কৰি ল’ব পাৰে তেতিয়া হ’লে সেইবোৰ লাভ কৰিবলৈ কাম কৰি যাব পাৰিব৷ এনে ভবিষ্যতৰ এক পজিটিভ ছবিয়ে আপোনাক কাম কৰি যাবলৈ মটিভেট কৰি থাকিব৷ এনে পজিটিভ ছবি এখনৰ সৃষ্টি কৰিব পাৰিলে আৰু তাক অনুসৰণ কৰিব পাৰিলে আপুনি নিজৰ মানসিকতাক জয়ৰ মানসিকতা কৰি তুলিব পাৰিব৷ এই ছবিখনৰ বাবে আপুনি যি যি কৰিব বিচাৰে সেইবোৰ কৰিবলৈ যি যি কষ্ট হ’ব পাৰে, যিমান সময় লাগিব পাৰে সকলোবোৰ গ্ৰহণ কৰিবলৈ সাজু হ’ব পাৰিব৷

সৰু সৰু ষ্টেপ

আপুনি কাম নকৰিলে একো নাপায়৷ আৰু এনেদৰে কাম কৰি গৈ থাকিলে ই আপোনাক এক জয়ৰ মানসিকতা সৃষ্টি কৰাত সহায় কৰিব যি থাকিলে আপুনি কামক ভয় নকৰে, কাম কৰিবলৈ এলাহ নকৰে৷ বিচৰা ধৰণৰ ফলাফলৰ বাবে আপোনাক লাগে কনচিষ্টেনচি আৰু সৰু সৰু ষ্টেপ৷ সৰু সৰু ষ্টেপৰে সৈতে নিজৰ কামবোৰ অবিৰতভাৱে বা কনচিষ্টেন্টলি কৰি গ’লহে বিচৰা ধৰণৰ ফলাফল সম্ভৱ হয়৷ দেখাত সহজ যেন লাগিলেও প্ৰতিদিনে এনে সৰু সৰু ষ্টেপ লৈ থকাটো ইমান সহজ কথা নহয়৷ এনে কাম সাধাৰণ মানুহে নকৰে কাৰণ এনে কৰাটো বিৰক্তিকৰ, টান৷ কিন্তু আপুনি যদি প্ৰতিদিনে এনেদৰে নিজৰ বিচৰা দিশত অলপ অলপকৈ কিন্তু কনচিষ্টেন্টলি কাম কৰি যাব পাৰে ই আপোনাক এক জয়ৰ মানসিকতা গঢ়ি তোলাত সহায় কৰিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top