Close

পলম হোৱাৰ আগতে এই কেইটা লাইফ লেচন শিকো আহক

আপুনি বয়সীয়া মানুহ এজনক সুধিলে তেওঁ আপোনাক ক’ব যে কিছুমান কথা যদি তেওঁ ডেকা হৈ থাকোতেই, সৰু হৈ থাকোতেই আগতেই গম পালেহেঁতেন তেতিয়া জীৱনটো বেলেগ হ’লহেঁতেন, আৰু বহুত ভাল হ’লহেঁতেন৷ এনে লাইফ লেচনবোৰ গম পোৱাৰ কোনো সময় নাথাকে৷ শিকিম বুলি ভাবিলে আপুনি বসয় হোৱাৰ আগতেই, আজিয়েই সেয়া শিকিব পাৰে৷

আপোনাৰ ক্ষেত্ৰত দেৰি হোৱাৰ আগতে এই কেইটা লাইফ লেচন শিকক৷

সময় কাৰো বাবে ৰৈ নাথাকে

আমি এই কথাটো কও, কিন্তু কথাটো ভালদৰে মন নকৰোঁ৷ আজি যদি চচিয়েল মিডিয়া ব্ৰাউজ কৰি, বা টিভি চাই বা ভিডিঅ চাই চাই আপুনি আপোনাৰ সময়বোৰ নষ্ট কৰিছে, কৰিবলগীয়া কামবোৰ নকৰি এনে কামত সময়বোৰ খৰছ কৰিছে, কিছু সময় পিছত আপুনি নিজেও সেই কথাটো গম পাব৷ তেতিয়া কিন্তু সময়টো ঘূৰি নাহে৷ পৰীক্ষাৰ আগতে নপঢ়িলে আমি পৰীক্ষা দিবলৈ বহি সেয়া গম পাও,  এচাইনমেন্ট এটা নকৰিলে বা অফিচৰ প্ৰজেক্ট এটা সময়ত নকৰিলে সেয়া জমা দিবলগীয়া দিনটোত গম পাও৷ এইবোৰ সৰু সৰু কথা যাৰ হয়তো আপোনাৰ জীৱনৰ ওপৰত খুব বেছি প্ৰভাৱ নপৰে৷ কিন্তু কৰিবলগীয়া কামবোৰ সময়ত নকৰিলে কেতিয়াবা জীৱনত এনেধৰণে প্ৰভাৱ পৰিব যে তাক আৰু ঘূৰাব নোৱাৰিব৷

এটা সৰু কথা চাওক, কোৰোনাৰ কাৰণে যি এমাহতকৈ বেছি যি লকডাউন হৈছিল সেই সময়ত আপুনি কি কৰিলে? কিবা দেখুৱাব পৰা, আপোনাৰ বাবে ভাল কাম কিবা কৰিলে নে মাত্ৰ সময়খিনি পাৰ কৰিলে? কি কৰা হ’লে আপোনাৰ নিজৰ মনত ভাল লাগিলহেঁতেন “সময়খনি ভলা কামত লগালোঁ” বুলি?

টকাপইচাতকৈ পেচন বাচি লওক

জীৱনৰ বিভিন্ন সময়ত এই কথাটো আপোনাৰ মনলৈ আহিব আৰু এই সিদ্ধান্তটো আপুনি ল’ব লাগিব৷ চাকৰি কৰা সময়তো এই সিদ্ধান্ত আপুনি ল’ব লগীয়া হ’ব৷  কিন্তু এটা বয়সত আপুনি মন কৰিব যে পেচন বাচিল লোৱাটো হয়তো আপোনাৰ বাবে বেছি ভাল আছিল৷ বহু মানুহৰ এই কথাটোৰ বাবেই অনুতাপ হয়৷ অলপ টকা-পইচাৰ বাবে আপুনি ভালপোৱা কামটো বা চাকৰিটো এৰি বেয়া পোৱা কাম এটা কৰিবলৈ নাযাব৷ কথাটো ৰিস্কি হয়, অকৰণ আপুনি বাচি লোৱা পেচনত আপুনি সফল হ’বও পাৰে নহ’বও পাৰে, কিন্তু তথাপি ইয়াৰ পৰা লাভ কৰিব পৰা সন্তুষ্টি আৰু সুখ টকা-পইচাতকৈ বেছি৷  পেচন বাছি ল’লে আৰু প্ৰয়োজনীয় টকা-পইছা তাৰ জৰিয়তে আহৰণ কৰিব পাৰিলে খুব ধনী নহলেও আপুনি বহুত সুখী হ’ব৷

আপত্তি কৰিলেই সমস্যাৰ সমাধান নহয়

কিছুমান মানুহৰ সকলো কথাতে আপত্তি৷ তেওঁলোকৰ দিনটোৰ ভালেমান সময় এনেদৰে কিবা নহয় কিবা কথা এটাত আপত্তি কৰোতে যায়৷ প্ৰতিবাদ কৰা আৰু আপত্তি কৰা তেওঁলোকে একে বুলি ভাবে৷ আপত্তি কৰা কার্যই অকল শুনি থকা লোকসকলকে অশান্তি নিদিয়ে, ই আপত্তি কৰাজনৰ মনটোও নিগেটিভ কৰি তোলে৷ সকলো কথাতে তেওঁ বেয়াই দেখা পাব আৰু সেইবাবে সকলো কথাতে আপত্তিয়ে কৰিব৷ তেনে নিগেটিভ মনৰ মানুহ এজনৰ জীৱনত কি শান্তি, কি সুখ, কি ভাল কথা থাকিব বাৰু? যদি সমস্যা এটা ৰ সমাধান বিচাৰিছে তেনেহ’লে আপত্তি কৰাতকৈ সেই সমস্যাটো সমাধান কৰিবলৈ যি কৰিব লাগে তাকে কৰা আৰম্ভ কৰক৷ এদিনত নহ’লেও কিছুদিন কৰিলে হয়তো সেই সমাধানটোৱে সমস্যাটো সমাধান কৰিব৷

আশা নকৰা কথা আশা কৰক

জীৱনত কেৱল অকল সফলতাই আশা নকৰিব৷ সফলতা আহিব৷ কিন্তু লগতে আশা নকৰা আন কিছুমান কথাও আহিব, ঘটনাও ঘটিব৷ জীৱনত সমস্যা থাকিবই৷ বিভিন্ন সময়ত, বিভিন্ন ধৰণৰ সমস্যাই দেখা দিবই৷ আৰু জীৱনত বিফলতা থাকিবই৷ আপুনি বিচৰা ফলাফলৰ সলনি আপুনি আন ফলাফল লাভ কৰিবই৷ তেনে হ’লে সেইবোৰৰ আগত হাৰ নামানি, আকৌ চেষ্টা কৰিব লাগিব, যুঁজিব লাগিব যাতে আপুনি বিচৰা ফলাফল বা সফলতা লাভ কৰিব পাৰে৷ সেইবাবে এনে ধৰণৰ যুঁজৰ বাবে, সংগ্ৰামৰ বাবে আপুনি নিজকে সাজু কৰি ৰাখিব লাগিব৷ মনটোক ইমান শক্তিশালী কৰিব লাগিব যাতে ই এই কথাবোৰ আহিলেও সেইবোৰক অতিক্ৰম কৰিবলৈ কৰিবলগীয়া কামবোৰ কৰিবলৈ আৰু কষ্ট কৰিবলৈ সাজু হৈ থাকে৷

হেলডী অভ্যাসবোৰ বাবে সময় লাগে

আপুনি যদি জীৱনটো ভালে থাকিব বিচাৰিছে, তেনেহ’লে আপোনাৰ স্বাস্থ্য ভালে থাকিব লাগিব৷ মানসিক আৰু শাৰীৰিক স্বাস্থ্য দুয়োবিধ স্বাস্থ্য৷ এনে স্বাস্থ্যৰ বাবে উপকাৰী অভ্যাসবোৰ সৃষ্টি কৰিবলৈ সময় লাগে৷ এক্সাচাইজ কৰা এটা স্বস্থয়ৰ বাবে ভাল অভ্যাস৷ য়োগা, জিমলৈ যোৱা, দৌৰা, কেলিচথেনিকছ, ফ্ৰিহেন্ড এক্সাচাইজ আদি আপুনি যিয়ে নকৰক এনে এটা অভ্যাস গঢ়িবলৈ সময় লাগে৷ তেনেদৰে স্বাস্থ্যসন্মত আহাৰ খোৱা, তেল কমাই খোৱা, নিমখ আৰু চেনি কমাই খোৱা, মা-মছলা আদি কমাই খোৱা ইত্যাদি অভ্যাসৰ বাবেও সময় লাগে৷ কেতিয়াবা কিছুদিন আপুনি তেনে কাম কৰে আৰু তাৰ পিছত সেয়া বাদ পৰে, কেতিয়াবা মন নাযায়, কেতিয়াবা এলাহ লাগে৷ ইয়াক গোটেই জীৱনৰ বাবে চলাই ৰাখিবলৈ ইয়াক অভ্যাস হিচাপে সৃষ্টি কৰি ল’ব লাগিব আৰু আপুনি তাৰবাবে সময় দিব লাগিব৷

এইকেইটা লাইফ লেচনে আপোনাক এতিয়াৰ পৰাই নিজৰ জীৱনটো আৰু ভাল কৰিবলৈ চিন্তা কৰিবলৈ এটা সুবিধা দিব৷ এই সুবিধাটো গ্ৰহণ কৰক, ই কামত আহিব৷

ডিপ্ৰেচনৰ পৰা উদ্ধাৰ পাবৰ বাবে অলনাইলন কর্চ Depression Free Now (Assamese)

ডিপ্ৰেচনৰ কমোৱাৰ আৰু নোহোৱা কৰাৰ ৫ টা উপায়ৰ কথা ইয়াত পাব৷ আপুনি নিজৰ ঘৰৰ পৰা এই কর্চটো অনলাইন ব্যৱহাৰ কৰিব পাৰিব৷ কাউঞ্চেলিঙৰ বাবে আন কৰবালৈ যোৱাৰ প্ৰয়োজন নাই৷ এয়া ঘৰতে বহি নিজৰ কম্পিউটাৰ বা মবাইল ফোনত চাব পাৰিব, ব্যৱহাৰ কৰিব পাৰিব৷

Depression Free Now (Assamese)

https://bit.ly/2WTzzQ2

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top