Close

৩০ দিনীয়া প্ৰত্যাহ্বান- সময়ৰ হিচাপ ৰাখক

30 Day Challenge- Track your time

এইবাৰৰ প্ৰত্যাহ্বানটো গ্ৰহণ কৰিলে আপুনি নিজৰ সময়বোৰৰ কথা গম পাব, আৰু হেৰোৱা সময়বোৰ বিচাৰি পাব৷ আপুনি যদি নিজৰ বাবে বা কিবা এটা কামৰ বাবে সময় উলিয়াব বিচাৰে, যদি নিজৰ সময়বোৰ ক’ত খৰছ কৰে সেয়া জানিব বিচাৰে, তেতিয়াহ’লে এইবাৰৰ প্ৰত্যাহ্বানটো গ্ৰহণ কৰক৷

এইবাৰৰ প্ৰত্যাহ্বানটো হল পৰৱর্তী ৩০ দিনৰ বাবে নিজৰ সময়ৰ হিচপা ৰাখক বা সময় ট্ৰেক কৰক৷ দিনটোৰ সময়বোৰ আপুনি কি কৰে, কেনেদৰে পাৰ কৰে, কি কি কাম কৰে সেয়া আপুনি লিখি যাব আৰু এনেদৰে লিখি যোৱা কথাবোৰ সপ্তাহ আৰু মাহৰ শেষত মন কৰিব৷

এনেদৰে সময় ট্ৰেক কৰিবলৈ আপুনি এপ এটা ব্যৱহাৰ কৰিব পাৰে বা নোটবুক এখন বা এক্সেল ফাইল এটা ব্যৱহাৰ কৰিব পাৰে৷ নিজৰ কম্পিউটাৰত আপুনি এটা এক্সেল শ্বিট খুলি ল’ব পাৰে বা এনে সময় ট্ৰেক কৰা নানা ধৰণৰ এপৰ মাজৰ পৰা এটা এপ ব্যৱহাৰ কৰিব পাৰে৷

মাত্ৰ ৩০ দিনৰ বাবে ব্যৱহাৰ কৰিলে ই আপোনাৰ সমগ্ৰ চিন্তা, ব্যৱহাৰ, সময় হিচপা আদিক সলনি কৰি পেলাব পাৰে৷ এনে কৰিবলৈ আপোনাক বেছি সময় নালাগে৷ দিনটোত মাত্ৰ ৩ ৰ পৰা ৫ মিনিটৰ ভিতৰত আপুনি এনে কৰিব পাৰিব৷

যেতিয়া দিনটোৰ ভিতৰত সকলোবোৰ সময়ত কি কৰি কটায় সেয়া আপুনি লিখে আৰু পিছত একেলগে সেয়া চায়, তেতিয়া আপুনি পৰিস্কাৰ ভাৱে দেখা পাব আপোনাৰ সময়বোৰ ক’ত খৰছ হৈ আছে৷ নিজৰ হেৰোৱা বহু সময় এনেদৰে বিচাৰি পাব৷ আৰু বিচাৰি পোৱা এই সময়বোৰ আপুনি যেনেকৈ ইচ্ছা কৰে তেনেকৈ ব্যৱহাৰ কৰিব পাৰিব৷

ধৰি লওক এসপ্তাহ এনেদৰে সময় ট্ৰেক কৰাৰ পিছত আপুনি দেখিলে যে আপোনাৰ বহু সময় এনেয়ে বহি চচিয়েল মিডিয়াত চাই থাকোতে খৰছ হয়৷ ইফালে আপুনি নিজৰ কিবা এটা কাম আৰম্ভ কৰিম বুলি সদায় ভাবে কিন্তু সেয়া কৰাহে নহয়৷ এতিয়া যদি আপুনি দিনটোত ভালদৰে মন কৰে তেতিয়া হয়তো আপুনি ১ ঘন্টাৰ পৰা ৩ ঘন্টা সময় চচিয়েল মিডিয়াতে খৰছ কৰে যৰ পৰা আপোনাৰ একো লাভ কিন্তু হোৱা নাই৷ বৰঞ্চ চচিয়েল মিডিয়াত আনৰ পষ্টবোৰ দেখি আপোনাৰ মনটো বেয়াহে লাগে৷ আৰু চচিয়েল মিডিয়া চাবলৈ এৰাৰ এঘন্টামান পিছলৈকে একো কৰিবলৈ মন নাযায়৷ এয়া যেতিয়া আপুনি নিজৰ চকুৰ আগত ডেটা হিচাপে দেখা পাব, তেতিয়া আপুনি এই অভ্যাসটো সলনি কৰিব পাৰে যাৰ ফলত, এমাহত আপুনি ৩০ ৰ পৰা ৯০ ঘন্টা এক্সট্ৰা সময় পাব যি সময় আগতে নাছিল৷ এই সময়ছোৱাত আপুনি ইচ্ছা কৰিলে ইমানদিনৰ পৰা কৰিবলৈ বিচাৰি থকা কামবোৰ কৰা আৰম্ভ কৰিব পাৰে৷

কোনোবাই পঢ়ি ভাল পায় কিন্তু পঢ়িবলৈ সময় বিচাৰি পোৱা নাই৷ এনে কৰিলে প্ৰতিদিনে আপুনি ৩০ মিনিটৰ পৰা ১ ঘন্টা সময় নিজৰ বাবে উলিয়াব পাৰিব যি সময়ত আপুনি পঢ়িব পাৰিব৷

এনেদৰে সময় ট্ৰেক কৰিলে হয়তো আপুনি দেখিব যে আপুনি অফিচলে যাওতে বা আন কাম কৰোত গাড়ীখনত বহু সময় কটায়৷ যেতিয়া আপুনি দেখিব যে এনে বহু ঘন্টা এমাহত আপুনি এনেয়ে নষ্ট কৰি আছে, তেতিয়া আপুনি এই সময়খিনিত আন কিছুমান আপোনাৰ নিজৰ বাবে ভাল কাম কৰিব পাৰিব৷ যেনে আপুনি পডকাষ্ট শুনা আৰম্ভ কৰিব পাৰে যিবোৰে আপোনাক নিজৰ পচন্দ অনুসৰি এটা ক্ষেত্ৰত নানা ধৰণৰ কথা জানিব দিব বা শিকাব পাৰিব৷ বা আপুনি অডিও বুক শুনিব পাৰিব৷ বা গান শুনিব পাৰিব৷ অডিও বুক শুনা আৰু গান শুনা দুয়োটাৰে লাভ আপুনি কিন্তু পাব৷

আপুনি যেতিয়া নিজৰ সময়বোৰ ট্ৰেক কৰিব বা সেইবোৰ কেনেকৈ খৰছ কৰে সেয়া মন কৰিব, তেতিয়া আপুনি সময়ৰ বিষয়ে কেনেদৰে চিন্তা কৰে সেয়া সলনি হ’ব৷ আপুনি আগতে সময় নাই বুলি বহু কাম কৰা নাছিল৷ কিন্তু এতিয়া আপুনি দেখিব যে ইমান সময় নাই বুলি ভবাৰ পিছতো আপোনাৰ হাতত কিন্তু বহু সময় আছিল, মাত্ৰ সেইবোৰ আছিল বুলি আপুনি জনা নাছিল, দেখা নাছিল৷

আপুনি যদি মাক বা দেউতাক আৰু আগতে নিজৰ কামৰ বাবে আপুনি নিজৰৰ সন্তানক সময় দিব পৰা নাছিল, এতিয়া এই সময় ট্ৰেক কৰা কামটোৱে আপোনাক সহায় কৰিব এনে সময় বিচাৰি পোৱাত যিবোৰ আপুনি সন্তানৰ লগত কটাবলৈ ব্যৱহাৰ কৰিব পাৰে৷ তেতিয়া সন্তানক সময় নিদিয়া বুলি আপোনাৰ মনত থকা দোষী দোষী ভাৱ নোহোৱা হ’ব৷

আজিৰ পৰা এই কামটো কৰা আৰম্ভ কৰো আহক৷ প্ৰতিদিনে নিজৰ সময়বোৰ এনেদৰে কেনেকৈ পাৰ কৰো সেয়া চাও আহক৷ ই যে অকল আজিয়েই আপোনাক সহায় কৰিব তেনে নহয়৷ ই প্ৰডাক্টিভ হ’বলৈ আৰু জীৱনটোত কৰিব বিচৰা কামবোৰ কৰিবলৈ সময় উলিয়াবলৈ আপোনাক সহায় কৰিব৷

আপুনি এই চেলেঞ্জটো লবলৈ সাজুনে? এই চেলেঞ্জটোৱে আপোনাৰ জীৱনৰ দিনবোৰ আগতকৈ ভাল কৰি তুলিব, আকৰ্ষণীয় কৰি তুলিব৷ মাত্ৰ আজি আৰম্ভ কৰিলে ৩০ দিনলৈ এয়া কৰি থাকিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top