Close

কেনেদৰে ভালদৰে নিজৰ যত্ন ল’ব পাৰি

নিজৰ যত্ন লোৱা মানে নিজে ইচ্ছা কৰি এনে কিছুমান কাম কৰা যিবোৰে বেমাৰ-আজাৰৰ পৰা বাচি থাকিবলৈ আৰু সুস্বাস্থ্যৰ সৈতে জীয়াই থাকিবলৈ সহায় কৰে৷ জীৱনটো যিমান ভালদৰে পাৰি সিমান ভালদৰে জীয়াই থাকিবলৈ আপুনি নিজৰ যত্ন ল’ব লাগিব৷ আপুনি যদি নিজৰ যত্ন নলয়, তেতিয়া আপোনাৰ ভাগৰ লাগি থাকিব, ষ্ট্ৰেছত পৰিব আৰু জীৱনটোৱে হেঁচা মাৰি ধৰা যেন অনুভৱ কৰিব৷ জীৱনত যিবোৰ প্ৰত্যাহ্বান আহিব সেইবোৰৰ মুখামুখি হ’ব নোৱাৰিব৷

কেনেদৰে আপুনি নিজৰ যত্ন ল’ব পাৰে?

শাৰীৰিক যত্ন

আপুনি নিজৰ শৰীৰটোৰ যত্ন ল’ব লাগিব কাৰণ তেতিয়াহে ই বেমাৰ-আজাৰৰ পৰা বাচি থাকিব আৰু লগতে ভালকৈ কাম কৰি থাকিব৷ আপোনাৰ খাদ্য, টোপনি আৰু শাৰীৰিক ব্যায়ামৰ অভ্যাস ইয়াৰ ভিতৰত পৰে৷ প্ৰয়োজন হ’লে ঔষধ খোৱা, ডাক্তৰৰ তালৈ যোৱা আৰু স্বাস্থ্যৰ যত্ন লোৱা সকলো ইয়াৰ ভিতৰত পৰে৷

উশাহ- নিশাহৰ ব্যায়াম, মেডিটেচন, ষ্ট্ৰেচিং, সঠিক সময়ত শৰীৰৰ বাবে ভাল খাদ্য খোৱা, প্ৰকৃতিৰ মাজৰ বহা, ৰ’দ লোৱা, হাঁহি উঠা কিবা এটা কৰা, টোপনি মৰা আদি আপুনি নিজৰ শৰীৰৰ যত্ন ল’বৰ বাবে কৰিব পৰা কিছুমান কাম৷

মানসিক যত্ন

মানসিক যত্ন লোৱাটো বৰ প্ৰয়োজনীয় কাৰণ আপুনি কি চিন্তা কৰে আৰু আপোনাৰ মূৰৰ ভিতৰত কি চলি থাকে ই আপোনাৰ ভাল-বেয়া দুয়োটা নিৰ্ণয় কৰে৷ মনটো শক্তিশালী কৰি ৰখা, চোকা কৰি ৰখা আদিৰ লগতে মানসিক স্বাস্থ্য ভালে ৰাখিবলৈ যি যি কৰিব লাগে সকলোবোৰ মানসিক যত্নৰ ভিতৰত পৰে৷ নিজৰ প্ৰতি সমবেদনা, নিজকে যেনেদৰে আছে তেনেদৰে গ্ৰহণ কৰাৰ অভ্যাস কৰা আদিৰ লগতে পাজল সমাধান কৰা, চুড’কু খেলা আদি এনেদৰে মানসিক যত্ন লোৱাৰ ভিতৰত পৰে৷

আনে আপোনাৰ বিষয়ে কোৱা ভাল কথাবোৰ লিখি ৰখা আৰু মাজে মাজে পঢ়া, মন নকৰাকৈ কৰি যোৱা কামবোৰত সম্পূৰ্ণ মন দি কৰা, কিবা কৰিম বুলি এৰি থোৱা কাম এটা কৰা, মেডিটেচন কৰা, মাজে মাজে একো নকৰাকৈ বহি থকা, ভয় লগা কিবা এটা কৰা ইত্যাদি কাম আপুনি কৰিব পাৰে নিজৰ মনৰ ভালৰ বাবে৷

আৱেগিক যত্ন

নিজৰ আৱেগবোৰক জনা আৰু এইবোৰক মেনেজ কৰিবলৈ শিকা আৱেগিক যত্নৰ এক গুৰুত্বপূৰ্ণ অংশ৷ আপোনাৰ নিজৰ অনুভৱ-অনুভূতিবোৰ প্ৰকাশ কৰিবলৈ যিবোৰে সহায় কৰে সেই কামবোৰ আপুনি কৰিব লাগিব৷ নিজৰ চিন্তা আৰু আৱেগবোৰ লিখা আৰু সেইবোৰ মন কৰা, পজিটিভ মানুহৰ লগত সময় কটোৱা, ভাললগা কাৰোবাৰ লগত কথা-পতা, আনৰ পৰা সহায় বিচৰা, নিজে ভালপোৱা কিবা কামৰ বাবে দিনটোত ১৫ মিনিট সময় হলেও উলিওৱা ইত্যাদি কাম আপুনি কৰিব পাৰে নিজৰ মানসিক যত্ন লোৱাৰ বাবে৷

আধ্যাত্মিক যত্ন

শাৰীৰিক বা মানসিক যত্নৰ দৰেই আধ্যাত্মিক যত্নও বৰ প্ৰয়োজনীয়৷ আপোনাৰ লাইফষ্টাইলৰ ভিতৰত যদি আধ্যাত্মি কথাৰ স্থান আছে তেতিয়াহে ই এক স্বাস্থ্যৱান লাইফষ্টাইল হ’ব পাৰে৷ মেডিটেচন কৰা, ধাৰ্মিক অনুষ্ঠান আদিক যোগদান কৰা আদিয়ে এনে কৰাত সহায় কৰিব৷ অৱশ্যে আপুনি ধৰ্ম–কৰ্ম কৰিলেহে আধ্যাত্মিক যত্ন ল’ব পাৰি এনে কথা নাই৷ এই বিশ্বব্ৰহ্মাণ্ডৰ লগত আপুনি নিজৰ সংযোগৰ কথা বুজি পালে বা নিজকে ভালদৰে বুজি পালে সেয়াও আধ্যাত্মিক যত্ন লোৱাই হয়৷ 

আনক সহায় কৰা, জীৱ-জন্তুক মৰম কৰা, জাৰ্নেলিং কৰা, কাৰোবাক প্ৰশংসা কৰা, নিজৰ কি ভাল আছে সেই বিষয়ে নিজক আৰু আনক সোধা ইত্যাদি কাম আপুনি কৰিব পাৰে৷

সামাজিক যত্ন

সমাজৰ আন মানুহৰ লগত মিলামিছা কৰা, বন্ধু-বান্ধৱক লগ পোৱা, কথা-বতৰা পতা আদি ভালে থাকিবৰ বাবে বৰ জৰুৰী৷ আনৰ লগত ভাল সম্পৰ্ক গঢ়িবলৈ আৰু সম্পৰ্কবোৰ মজবুত কৰিবলৈ আপুনি শক্তি আৰু সময় খৰছ কৰিব লাগিব৷ কেতিয়াবা কৰবালৈ আপুনি ফুৰিব যাব পাৰে নিজৰ ভালপোৱা মানুহবোৰৰ লগত৷ এনেবোৰ কাম কৰি আপুনি নিজৰ সামাজিক যত্ন ল’ব পাৰিব৷

নিজৰ অলপ যত্ল লওক৷ এয়া আপোনাৰ নিজৰ বাবেই প্ৰয়োজনীয়, আনৰ বাবে নহয়৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top