Close

নিগেটিভিটি বায়াছ

কোনোবাই আপোনাক অপমান কৰিলে আৰু কথাটো বাৰে বাৰে আপোনাৰ মনলৈ আহি আছে৷ আপুনি কিবা ভুল এটা কৰিলে আৰু সেই ভুলটো বাৰে বাৰে আপুনি মনত পেলাই আছে৷ এনে হয় নেকি?

বেয়া বা নিগেটিভ খবৰে সদায় বেছি মনোযোগ পায়৷  পজিটিভ ঘটনাবোৰতকৈ নিগেটিভ ঘটনাবোৰৰ আমাৰ মগজুৰ ওপৰত বেছি প্ৰভাৱ পৰে৷ ইয়াক কোৱা হয় নিগেটিভ বায়াছ বা নিগেটিভিটি বায়াছ৷ নিগেটিভ বায়াছ হ’ল এক প্ৰৱণতা যত আমি অকল নিগেটিভ কথাবোৰক সহজে মন কৰো আৰু সেই ঘটনাবোৰক বাৰে বাৰে চিন্তা কৰি থাকো৷

সেইবাবে কাৰোবাৰ ওচৰত আমাৰ বেয়া ইমপ্ৰেচন গুচোৱা কামটো বৰ কঠিন৷ এই নিগেটিভিটি বায়াছৰ বাবেই আগতে ঘটি যোৱা দুখজনক বা ভয়ংকৰ ঘটনা আমি সহজে পাৰিব নোৱাৰো৷ এইবাবেই কোনোবাই যদি আমাক অপমান কৰি কিবা এটা ক’লে সেয়া আমাৰ দিনটো মনত পৰি থাকে, আনকি পিছদিনাও সেয়া ভালদৰে মনত থাকে আৰু বাৰে বাৰে মনত পৰি থাকে৷

দৈনন্দিন জীৱনৰ যিকোনো ক্ষেত্ৰতে আমি যিকোনো নিগেটিভ কথাক আগতে মন কৰোঁ আৰু সেইবোৰক মনত ৰখাৰ সম্ভাৱনাও বেছি৷

চমুকৈ কথাটো এনে

  • আমি দুখজনক ঘটনাবোৰ পজিটিভ ঘটনাবোৰতকৈ বেছি ভালদৰে মনত ৰাখো
  • নিগেটিভ কথাবোৰে সহজে আমাৰ মনক প্ৰভাৱিত কৰে৷
  • প্ৰশংসাতকৈ অপমানবোৰৰ কথা বেছি মনত ৰাখো

আমাৰ দৈনন্দিন জীৱনত ইয়াৰ ব্যৱহাৰ

আপোনাৰ মটিভেচনৰ ক্ষেত্ৰতো ইয়াৰ ব্যৱহাৰ হয় আৰু ব্যৱহাৰ কৰিব পাৰি৷ কাম এটা কৰাৰ ক্ষেত্ৰত কামটো কৰিলে কিবা এটা বস্তু পুৰস্কাৰ হিচাপে পোৱাৰ কথাই মানুহক যিমান মটিভেট কৰিব তাতোকৈ কামটো নকৰিলে কিবা এটা হেৰুওৱাৰ কথাই বেছি মটিভেট কৰিব৷ ইয়াক আপুনি কেনেদৰে কামত লগাব পাৰে?

আমি লক্ষ্য এটা লাভ কৰিবলৈ কাম কৰাত ফ’কাছ কৰাতকৈ সাধাৰণতে কামটো কৰিবলৈ গ’লে কি কি ত্যাগ কৰিব লাগিব তাত হে বেছি ফ’কাছ কৰোঁ৷ বহুতে লক্ষ্য কিছুমান বাচি লৈ সেইবোৰ লাভ কৰিবলৈ কাম নকৰে কাৰণ তেতিয়া তেওঁ টিভি চোৱা কমাব লাগিব, মবাইল ফোনত ভিডিঅ চোৱা কমাব লাগিব, বন্ধু-বান্ধৱৰ লগত বহি প্ৰতিদিনে মদ খাই  আড্ডা মৰা কমাব লাগিব৷ তেনে মানুহৰ বাবে এনে ধৰণৰ ত্যাগ কৰাতকৈ এনে লক্ষ্য লাভ কৰিবলৈ চেষ্টা নকৰাই ভাল৷

কিবা এটা লক্ষ্য লাভ কৰিবলৈ, কাম কৰি গ’লে কি লাভ কৰিব তাত ফ’কাছ কৰাতকৈ আপুনি কামটো নকৰিলে কি কি হেৰুৱাব তাত ফ’কাছ কৰিলে কিছুমান ক্ষেত্ৰত মটিভেচন বেছি হ’ব৷

নিগেটিভ বাতৰি এটা সাধাৰণতে আমি সত্য বুলি ধৰি লোৱাৰ সম্ভাৱনা বেছি৷ সেইবাবেই নিগেটিভ খবৰে মানুহৰ চকু, কাণ, মন বেছি আকর্ষণ কৰে৷

কিছুমান মানুহে ঐতিহ্য আৰু নিৰাপত্তাক বেছি গুৰুত্ব দিয়ে আৰু সালসলনিক বা অস্পষ্ট কথাবোৰক ভয় কৰে আৰু আনহাতে আন কিছুমানে সালসলনি ভাল পায় আৰু অস্পষ্ট কথাবোৰকো গ্ৰহণ কৰিব পাৰে৷ সেয়াও হয় নিগেটিভিটি বায়াছৰ বাবে৷

সম্পর্কবোৰৰ ক্ষেত্ৰত ইয়াৰ ব্যৱহাৰ

অহাইও ষ্টেট ইউনিভার্ছিটিৰ  John Cacioppo, Ph.D. এ কৰা গৱেষণাৰ মতে আমাৰ মগজুটোৱে নিগেটিভ উদ্দীপনাৰ প্ৰতি বেছি শক্তিশালীভাৱে প্ৰতিক্ৰিয়া কৰে৷ এটা সম্পর্কৰ ক্ষেত্ৰত দুয়োগৰাকী মানুহৰ মাজত পজিটিভ আৰু নিগেটিভ বেলেঞ্চ এটা থাকিব লাগিব৷ স্বাস্থ্যৱান বা ভাল বিবাহবোৰৰ ক্ষেত্ৰত এনে এক বেলেঞ্চ অট’মেটিকেলী ৰাখিবলৈ এক থার্মষ্টেট থাকে৷ ভাল সম্পর্ক এটাৰ ক্ষেত্ৰত, আনকি সঘনাই কাজিয়া হোৱা দম্পত্তীসকলৰ ক্ষেত্ৰতো এনে মৰম আৰু পেচনে তেনে কাজিয়াক বেলেঞ্চ কৰি ৰাখে৷

এটা সুস্বাস্থ্যৱান সম্পর্কৰ লাভ কৰিবলৈ হ’লে স্বামী আৰু স্ত্ৰীৰ মাজত পজিটিভ আৰু নিগেটিভ দুয়োটাৰ এক নির্দিষ্ট ৰেচিঅ বা অনুপাত থাকিব লাগিব৷ গৱেষণাকাৰীসকলে এই নির্দিষ্ট অনুপাতটো বিচাৰি পাইছে৷ এই মেজিক ৰেচিঅ বা অনুপাতটো হ’ল ৫:১ (ফাইভ টু ৱান)৷ স্বামী আৰু স্ত্ৰীৰ মাজত যদি নিগেটিভৰ পাঁচগুণ বেছি পজিটিভ ভাৱ আৰু আদান-প্ৰদান থাকে তেতিয়া সেই সম্পর্ক টিকি থাকিব৷ ডিভর্ছ হোৱা সকলৰ এই পজিটিভ আদান-প্ৰদান থাকিবলগীয়াতকৈ বহুত কম৷

আমাৰ জীৱনৰ ক্ষেত্ৰতো ই কামত আহিব পাৰে৷ সৰু সৰু পজিটিভ কামবোৰ যদি আমি এই একে অনুপাততে কৰোঁ মানে ৫:১ ৰেচিঅত কৰোঁ, তেতিয়া আমিও জীৱনত সুখী হ’ব পাৰিম৷ নিগেটিভ যি এক বায়াছ আমাৰ থাকে তাক অতিক্ৰম কৰিবলৈ এনে সৰু সৰু পজিটিভ কামবোৰে, অভিজ্ঞতাবোৰে আমাক সহায় কৰিব আৰু তেতিয়া আমি সুখী হ’ব পাৰিম৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top