Close

মানসিক প্ৰতিৰোধ নোহোৱা কৰক এই উপায়টোৰে

কিবা এটা কাম কৰিবলৈ ওলালে নানা ধৰণৰ চিন্তা মনলৈ আহে, “ইমান ডাঙৰ কাম কেনেকৈ কৰিম,” “ইমান টান এই কামটো,” আদি ভাব মনলৈ আহে, এলাহ লাগে, মন নাযায়, কামটো নকৰাকৈ থকাৰ কিছুমান অজুহাত মনলৈ আহে৷ আাপোনাৰো এনে হয় নেকি? এইবোৰ মানসিক প্ৰতিৰোধ বা মেন্টেল ৰেজিষ্টনছ৷ আৰু এইবোৰৰ বাবে অমি কৰিব বিচৰা কামবোৰ কৰা নহয়৷ বিশেষকৈ আপুনি যেতিয়া নতুন অভ্যাস এটা গঢ়িব বিচাৰিছে, তেতিয়া প্ৰতিদিনে এই নতুন কামটো কৰাৰ সময়ত আপুনি এনে সমস্যাৰ সন্মুখীন হ’ব৷ আৰু তেতিয়া আপোনাৰ কামবোৰ কৰা নহ’ব৷ এই মেন্টেল ৰেজিষ্টেনছক অতিক্ৰম কৰিব নোৱাৰিলে আপুনি কামবোৰ ভাল বুলি জানিলেও, কৰিব বিচাৰিলেও কৰিব নোৱাৰিব৷

মেন্টেল ৰেজিষ্টেনছক কিন্তু অপুনি জয় কৰিব পাৰে৷ কেনেদৰে?

এই উপায়টোৱে আপোনাক মটিভেচন নাথাকিলেও নিজৰ কৰিবলগীয়া কামবোৰ কৰিবলৈ সহায় কৰিব৷ আপুনি যদি কিছুমান ভাল অভ্যাস গঢ়িব বিচাৰে তেতিয়াহ’লে ই সেই অভ্যাসবোৰ গঢ়াত সহায় কৰিব৷

২ মিনিট ৰুল- ২ মিনিটৰ নিয়ম

আপুনি যদি কাম এটা কৰিব বিচাৰে তেনেহ’লে সেই কামটোক সৰু সৰু ভাগত ভগাই লওক আৰু ইয়াক মাত্ৰ দুই মিনিটৰ বাবে কৰক৷ নতুন অভ্যাস এটা যদি গঢ়িব বিচাৰে তেতিয়া মাত্ৰ ২ মিনিট সময় সেই নতুন অভ্যাসটো কৰক৷

অভ্যাস এটা আৰম্ভ কৰটো কেতিয়াবা টান হৈ পৰে৷ কিন্তু তাক ভাঙি লৈ আজি যদি আপুনি মাত্ৰ দুই মিনিটৰ বাবে সেয়া কৰে তেতিয়া জানো দুই মিনিটৰ বাবে কাম এটা কৰাটো আপোনাৰ বাবে টান হ’ব? নহয়৷  মাত্ৰ দুই মিনিট কামটো কৰিব লাগিলে আপুনি সেইটো কৰাৰ সম্ভাৱনা আগতকৈ বহু বেছি হ’ব৷

ধৰি লওক আপুনি কিতাপ এখন লিখিব বিচাৰিছে৷ এতিয়া প্ৰতিদিনে লিখিবলৈ বহি লিখি থকাটো টান কাম৷ আপুনি সেয়া হয়তো কেইদিনমান কৰিব পাৰিব, কিন্তু প্ৰতিদিনে সেয়া কৰাটো ইমান সহজ নহয়৷ কিন্তু তাকে নকৰি আপুনি যদি মাত্ৰ এয়া কৰে- লিখিবলৈ ঠিক কৰি লোৱা ঠাইত বহি মাত্ৰ দুই মিনিটৰ বাবে আপুনি লিখিব৷ সেই দুই মিনিটত আপুনি যিমান পাৰে সিমান লিখিব৷ মাত্ৰ দুই মিনিট সময় বহি লিখাটো বৰ টান কাম নহয় আৰু সেয়ে আপুনি প্ৰতিদিনে সেয়া কৰিব পাৰিব আৰু কৰাৰ সম্ভাৱনা বেছি৷

তেনেদৰে যদি আপুনি এক্সাচাইজ কৰিব বিচাৰে কিন্তু সদায় কিবা নহয় কিবা কাৰণত সেয়া থাকি যায়, তেতিয়াহ’লে মাত্ৰ ২ মিনিটৰ বাবে হাই ইনটেনচিটিত অলপো নোৰোৱাকৈ এক্সাচাইজ কৰক৷

কোনোবাই ক’ব যে “মাত্ৰ ২ মিনিট কিবা এটা কৰি কি লাভ হ’ব?

লাভ হ’ব৷ আপুনি একো নকৰাতকৈ অন্তত কিবা এটা কৰিছে৷ শূন্য এক্সাচাইজতকৈ ২ মিনিটৰ হাই ইনটেনচিটি এক্সাচাইজ বহুত ভাল৷ আৰু প্ৰতিদিনে আপুনি এক্সাচাইজ কৰিবলৈ আৰম্বটো কৰিছে৷ যদি ২ মিনিট কৰাৰ পিছত আৰু কৰি থাকিবলৈ মন যায়, তেতিয়া আপুনি এক্সাচাইজ পৰৱর্তী ১৫ মিনিট, আধা ঘন্টা বা এঘন্টাৰ বাবে কৰি থাকিব পাৰিব৷

আপুনি আৰম্ভ কৰাটো ডাঙৰ কথা৷ এবাৰ আৰম্ভ কৰিলে ই অপোনাক মমেন্টাম দিব আজি আৰু বেছি সময় কামটো কৰিবলৈ আৰু লগতে প্ৰতিদিনে কামটো কৰি থাকিবলৈ৷ এই মমেন্টামটো বৰ জৰুৰী কাম কৰাৰ বাবে, কৰি থকাৰ বাবে৷

কেচুৱা এটাই খোজ কঢ়াৰ আগতে থিয় হ’বলৈ শিকে, তাৰ পিছত অ’ত-ত’ত ধৰি এটা এটাকৈ খোজ দিবলৈ শিকে আৰু প্ৰতিদিনে অভ্যাস কৰি থাকি এটা সময়ত ই খোজ কাঢ়িব পৰা হয়৷

মই কাম এটা হয়তো এঘন্টাৰ বাবে কৰি থাকিব নোৱাৰোঁ, কিন্তু ২ মিনিটৰ বাবে নিশ্চয় কৰিব পাৰোঁ৷ মই নতুন অভ্যাস এটা প্ৰতিদিনে এঘন্টাৰ বাবে কৰিব লাগিলে হয়তো কাইলৈয়ে সেয়া বাদ দিম, কিন্তু মাত্ৰ ২ মিনিটৰ বাবে কৰিব লাগিলে সেয়া প্ৰতিদিনে কৰিব পাৰিম৷ সেইটোহে আমাৰ বাবে ডাঙৰ কথা৷

আমাৰ মগজুটোৱে কিবা এটা সহজ আৰু সৰল কাম কৰাৰ ধাৰণাটো ভাল পায়৷ এইটো তেনে এটা সহজ আৰু সৰল উপায় কিন্তু ই আপোনাৰ বাবে কাম কৰিব৷ কৰি চাওক, ই আপোনাৰ কামত আহিবও পাৰে৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top