Close

উৎকর্ষতা

We don’t get a chance to do that many things, and every one should be really excellent. Because this is our life. Life is brief, and then you die, you know? So this is what we’ve chosen to do with our life.

-Steve Jobs

উৎকর্ষতা কি?

উৎকর্ষতাৰ আটাইতকৈ সহজ সংজ্ঞা হ’ল যিমান পাৰি সিমান ভালকৈ কাম এটা কৰা৷ আপুনি যিবিলাক কাম কৰে বা কৰিবলগীয়া হয় সেই কামবোৰ আটাইতকৈ ভালকৈ কৰিব পৰাটো উৎকর্ষতা৷ ই সাধাৰণ গুণগত মানতকৈ ওপৰ খাপৰ৷

এইখিনিতে এটা প্ৰশ্ন আপোনাৰ মনলৈ আহিব পাৰে যে আমি কেনেদৰে গম পাম কামটো আটাইতকৈ ভালদৰে কৰা হ’ল নে নাই? তাৰ উত্তৰ আপুনি পাব আপোনাৰ মনে কামটো গুণগত মান সম্পর্কে কি কয় আৰু যিসকল ইয়াৰ দ্বাৰা প্ৰভাৱিত হ’ব তেওঁলোকে ইয়াৰ বিষয়ে কি ভাবে৷

উৎকর্ষতাৰ পৰাই আপোনাৰ মনলৈ শান্তি, সুখ আৰু এক গভীৰ সন্তুষ্টি আহিব৷ আমাৰ বহু মানুহৰ চাকৰি জীৱনত কোনো সন্তুষ্টি নথাকে, তাৰ বহু কেইটা কাৰণৰ ভিতৰত ই এটা মুখ্য কাৰণ৷ যদি আপুনি উৎকর্ষতাৰে নিজৰ কাম কৰিব পাৰে, তেন্তে আন সকলো ধৰণৰ অভাৱ থাকিলেও সেইবোৰ অতিক্ৰম কৰি সন্তুষ্টি লাভ কৰাত ই আপোনাক সহায় কৰিব৷ কাম কৰাৰ পৰিবেশৰ অভাৱ, সহায়ৰ অভাৱ, আন মানুহৰ ঈর্ষা, আদি যিকোনো ধৰণৰ অভাৱ বা বেয়া পৰিস্থিতিটো উৎকর্ষতা লাভ কৰাৰ ইচ্ছাই আপোনাক নিজৰ কৰিবলগীয়া কামবোৰ আটাইতকৈ ভালদৰে কৰি যোৱাত সহায় কৰিব৷ উৎকর্ষতাই আন এটা বস্তু আপোনলৈ আনিব৷ সেয়া হ’ল সফলতা৷ আটাইতকৈ ভালকৈ কাম কৰা সকলে সফলতা বিচাৰি হাবাথুৰি খাব নালাগে, সফলতা নিজে নিজে তেওঁলোকৰ ওচৰলৈ আহিব৷

উৎকর্ষতা লাভ কৰাটো টান কাম আৰু সেয়ে বেছিভাগ মানুহে ইয়াক লৈ মূৰ নঘমায়৷ কিন্তু যিহেতু আমি (যিসকলে এই লিখনিটো এইকিনিলৈ পঢ়িছে) নিজকে উন্নীত কৰিব বিচাৰোঁ আৰু আমি উৎকর্ষতা লাভ কৰিব বিচাৰোঁ গতিকে আমি নিশ্চয় জানিবলৈ চেষ্টা কৰিম উৎকর্ষতা কেনেদৰে লাভ কৰিব পাৰি৷ বেছিভাগ মানুহেই উংকর্ষতা বিচৰাৰ সলনি জীৱনটো মধ্যমীয়া হৈয়েই কটাই ভাল পায়৷

মধ্যমীয়া নহ

বেছিভাগ মানুহেই জীৱনটো মধ্যমীয়া (এভাৰেজ) হৈয়ে কটায়৷ আপুনি নহ’ব৷ বেছিভাগ মানুহেই কিয় মধ্যমীয়া হৈ কটায়৷ কাৰণ মধ্যমীয়া হ’বলৈ আপুনি একো কৰিব নালাগে৷ একো নকৰাকৈ চলি থাকিলেই আপুনি মধ্যমীয়া হৈ থাকিব পাৰিব৷ হয়তো মধ্যমীয়াৰ একেবাৰে তলৰ ফালে থাকিব, কিন্তু তথাপিও আপুনি মধ্যমীয়া শ্ৰেণীতে থাকিব৷ আনহাতে উৎকর্ষ সাধন কৰি উৎকৃষ্টৰ শাৰীলৈ উঠিবলৈ হ’লে আপুনি কষ্ট কৰিব লাগে৷ মানুহে কষ্ট কৰিবলগীয়া কামবোৰ কৰিব নোখোজে বৰঞ্চ তেওঁলোকে সদায় কষ্টৰ পৰা আতৰি থাকিব বিচাৰে৷

মধ্যমীয়া নহৈ উৎকৃষ্ট হ’বলৈ হ’লে অর্থাৎ কামত উৎকর্ষতা প্ৰদর্শন কৰিবলৈ হ’লে আপুনি আনতকৈ অলপ বেলেগ ধৰনে চিন্তা কৰিব লাগিব আৰু কামবোৰ বেলেগ ধৰণে কৰিব লাগিব৷ কি কি কৰিলে আপুনি উৎকর্ষতা লাভ কৰিব পাৰিব বাৰু?

কমফর্ট জনৰপৰা বাহিৰ ওলাব লাগিব

আপুনি সদায় এক ৰুটিনৰ মাজত চলে আৰু এই ৰুটিনখন আপুনি নিজে বনাই লৈছে৷ এই ৰুটিনখনৰ মতে চলাটো আপোনাৰ অভ্যাস৷ গতিকে আপুনি এই অভ্যাসো সলনি নকৰে আৰু ৰুটিনো সলনি নকৰে৷ ই আপোনাৰ কমফর্টজনৰ অন্তর্ভুক্ত হৈ পৰিছে আৰু সেয়ে আপুনি সদায় ইয়াৰ ভিতৰতে থাকিবলৈ চেষ্টা কৰিব৷ যেতিয়ালৈকে আপুনি কমফর্ট জ’নৰ পৰা বাহিৰ নোলায়, তেতিয়ালৈকে আপোনাৰ বিকাশ নঘটে আৰু তেতিয়ালৈকে আপুনি উৎকর্ষতাৰ পিনেও আগবাঢ়ি যাব নোৱাৰে৷ তাতোকৈ যদি আপুনি উৎকর্ষতাৰ অভ্যাসক অঅপোনাৰ কমফর্টজ’নৰ আওতালৈ আনিব াপৰে, তেতিয়া কেনে হ’ব?

নিজৰ ওপৰত বিশ্বাস

আপুনি কমফর্টজনৰ পৰা বাহিৰ নোলায়, নতুন কথা চিন্তা নকৰে, নতুন কাম কৰিবলৈ আগনাবাঢ়ে, দ্বায়িত্ব নলয়, কিন্তু কিয়? কাৰণ আপোনাৰ আত্মবিশ্বাস নাই৷ নিজৰ ওপৰত বিশ্বাস বা আত্মবিশ্বাস থাকিলেহে আপুনি এইবোৰ কাম কৰিব৷ নহ’লে আপুনি মনে মনে থাকি, কোনো সংঘাতলৈ নগৈ, কোনোমতে নিজৰ চাকৰি বা ব্যৱসায় কৰি থাকিব পাৰিলেই হ’ল৷ আত্মবিশ্বাস থকা মানুহেহে কামৰ দ্বায়িত্ব ল’ব, নতুন কাম কৰিবলৈ আগবাঢ়িব, নিজৰ কমফর্ট জনৰ পৰা বাহিৰ ওলাই নতুন বা ডাঙৰ কাম কৰিবলৈ আগবাঢ়িব, অথবা নিজৰ মতে কাম কৰিবলৈ চেষ্টা কৰিব৷ গতিকে যদি আপোনাৰ নিজৰ ওপৰত বিশ্বাস নাই বা কম, তেন্তে সেই বিশ্বাস বঢ়োৱাটো আপোনাৰ বাবে এক জৰুৰী কাম৷

দা এক্সট্ৰা মাইল

সাধাৰণ মানুহ আৰু উৎকর্ষতাৰ সন্ধান কৰা উৎকৃষ্ট মানুহৰ মাজত এক বিশাল পার্থক্য থাকে৷ সাধাৰণ মানুহে যিমানখিনি কমকৈ কাম কৰিলে হয়, সিমানখিনি কৰে৷ আপুনি আপোনাৰ চাৰিওফালে এনে বহু মানুহ দেখিব যিবোৰে যি কোনোমতে কৰিবলগীয়া কামৰ একেবাৰে নকৰিলে নোহোৱাখিনিহে কৰে৷ তেওঁলোক সদায়ে সেয়ে মধ্যমীয়া বা তল শ্ৰেণীৰ এক জীৱন যাপন কৰে৷ উৎকর্ষতাৰ লাভ কৰিবলৈ হ’লে আপুনি যিমানখিনি লাগে তাতোকৈ বেছি কৰিবই লাগিব যাতে আপোনাৰ কামটোৰ গুণগত মান আটাইতকৈ ভাল হয়৷ সিমানখিনি চেষ্টা আপুনি কৰিব লাগিব৷ আটাইতকৈ ভাল গুণগত মান লাভ কৰিবলৈ যিমান সময় লাগে, যিমান কষ্ট লাগে, যিমান চেষ্টা লাগে সেয়া কৰিলেহে উৎকর্ষতা আপুনি লাভ কৰিব পাৰিব৷

আত্ম সচেতনতা

আত্মসচেতনতা কি প্ৰয়োজন? ই নাথাকিলে আপুনি উৎকর্ষতা লাভ কৰিছেনে নাই সেয়া কেনেকৈ গম পাব? আত্মসচেতনতাইহে আপোনাক আপুনি কিহত আৰু কিমান পিছপৰি আছে সেয়া দেখুৱাই উৎকর্ষতা লাভ কৰিবলৈ চেষ্টা কৰিবলৈ অনুপ্ৰেৰণা যোগাব৷ আত্মসচেতনতা নিজকে উন্নীত কৰাৰ প্ৰথম খোজ৷ আত্মসচেতন হলেহে আপুনি নিজৰ চেষ্টা আৰু কামক ইমান ওপৰ খাপৰ কৰিব পাৰিব যে উৎকর্ষতা আপোনাৰ প্ৰকৃতিৰ নিচিনা হৈ পৰিব৷ ফলত অকল চাকৰি-বাকৰিতে নহয়, জীৱনৰ সকলো ফালেই আপুনি উৎকর্ষতা প্ৰকাশ কৰি উৎকৃষ্ট কাম কৰিব পাৰিব৷ আত্মসচেতনতা অবিহনে কোনো মানুহৰে ব্যক্তিগত বিকাশ সম্ভৱ নহয় আৰু এই বিকাশ নহ’লে উৎকর্ষতা (বা আটাইতকৈ উচ্চ গুণগত মান) বাৰু ক’ৰ পৰা আহিব?

কাইজেন

কাইজেন মানে কন্টিনিয়াছ ইমপ্ৰুভমেন্ট বা ক্ৰমাগত উন্নতি৷ আপুনি আজি যিমান ভাল কাইলৈ তাতোকৈ বেছি ভাল হ’বলৈ আপুনি চেষ্টা কৰিব লাগিব, আজি কামটো আপুনি যিমান ভালকৈ কৰিবাপাৰে, কাইলৈ তাতোকৈ বেছি ভালকৈ কৰিবলৈ চেষ্টা কৰিব লাগিব৷ ক্ৰমান্বয়ে, প্ৰতিদিনে, ক্ৰমাগতভাৱে আপুনি উন্নতি কৰিবলৈ চেষ্টা কৰি গলেহে আপুনি ভালহৈ গৈ থাকিব আৰু এটা সময়ত আটাইতকৈ ভাল অৱস্থাটো হ’ল উৎকর্ষতা৷ ক্ৰমাগত উন্নতিয়ে আপোনাক যিফালে বিচাৰে সেইফালেই উন্নতি কৰিবলৈ সহায় কৰিব৷ আৰু ই মানুহৰ বিকাশৰ এটা সহজ উপায় আৰু এই বিকাশৰ পৰাহে উৎকর্ষতা আহিব৷

কাছ

উৎকর্ষতাৰ গতি দিওতা হ’ল ফ’কাছ৷ ফ’কাছ নহ’লে আপুনি কেনেকৈ উৎকর্ষতা লাভ কৰিব? আপুনি জীৱিকাৰ বাবে যি কাম কৰে তাত ফ’কাছ নকৰি যদি আপুনি আন কিহবাত ফ’কাছ কৰে, তেন্তে সেই বিষয়ত আপুনি জানো আটাইতকৈ ভাল হ’ব পাৰিব? আপুনি যদি এজন শিক্ষক আৰু আপুনি শিক্ষকতা এৰি পলিটিকচ বা আন কিবা ব্যৱসায়ত লাগে, তেন্তে আপোনাৰ ছাত্ৰ-ছাত্ৰীয়ে জানো আপোনাৰ পৰা আটাইতকৈ ভালখিনি আটাইতকৈ ভালদৰে লাভ কৰিব? আপুনি এজন ডাক্তৰ কিন্তু ৰোগীৰ বেমাৰ ভাল কৰাতকৈ কোন লেব’ৰেটৰীৰ পৰা কিমান বেছি কমিচন পাব পাৰি আপোনাৰ ফ’কাছ তাতহে, তেতিয়া আপোনাৰ পৰা ৰোগীয়ে উৎকৃষ্ট সেৱা লাভ কৰিবনে? আপুনি পুলিচৰ এক উচ্চপদস্থ বিষয়া কিন্তু আপোনাৰ চিন্তা হ’ল ক’ৰ পৰা মাহে মাহে কিমান টকা আপুনি ঘটিব পাৰে৷ তেতিয়া কোনে আপোনাৰ পৰা সুৰক্ষা আৰু সহায়ৰ ক্ষেত্ৰত উৎকর্ষতা আশা কৰিব পাৰে?

ধনাত্মক দৃষ্টিভংগী

আপোনাৰ যদি এক ধনাত্মক দৃষ্টিভংগী নাই, তেতিয়া আপুনি সকলো কামতে কিবা নহয় কিবা এক ঋণাত্মক কথা বা খুট বিচাৰি পাব৷ তেনে অৱস্থাত আপুনি জানো উৎকর্ষতাৰ বাবে প্ৰয়োজনীয় সেই অতিৰিক্ত কাম খিনি কৰিব? তেতিয়া জানো আপুনি সেই অতিৰিক্ত কষ্ট, চেষ্টা কৰিব , সময় দিব বা দ্বায়িত্ব ল’ব? নলয়, নকৰে৷ কাৰণ আপুনি তেনে নকৰাৰ এশ এটা কাৰণ নিজে নিজে বিচাৰি উলিয়াব (কাৰণবোৰ সঠিক হয়নে নহয় সেয়া পিছৰ কথা)৷ আপোনাৰ ব্যক্তিগত বিকাশৰ বাবে জীৱনৰ প্ৰতি এক ধনাত্মক দৃষ্টিভংগীৰ অতীৱ প্ৰয়োজন৷ উৎকর্ষতা লাভৰ যি যাত্ৰা তাৰ আৰম্ভণি হ’ব এনে এক ধনাত্মক দৃষ্টিভংগীৰ পৰা৷

উৎকর্ষতাৰ বাবে যি মুহূর্তত আপুনি চেষ্টা আৰম্ভ কৰে, তাৰ লগে লগে আপুনি ইয়াৰ পৰা হ’ব পৰা নানা ধৰণৰ সুবিধা লাভ কৰিবলৈ আৰম্ভ কৰে৷ আপোনৰ ব্যক্তিগত বিকাশ আৰম্ভ হয় আৰু আপুনি নিজৰে এক উন্নত ৰূপ লাভ কৰিবলৈ আৰম্ভ কৰে৷ যদি আপুনি উৎকর্ষতা লাভ কৰে, তেন্তে আপুনি সফল হ’বলৈ আৰু চেষ্টা নকৰিলেও হ’ব কাৰণ উৎকর্ষতাই নিজে নিজে সফলতাক আপোনাৰ ওচৰলৈ আহিবলৈ বাধ্য কৰিব৷ তেতিয়া জীৱনটো আপোনাৰ বাবে আৰু বেছি উপভোগ্য আৰু আনন্দময় হৈ উঠিব৷ কেৱল কোনোমতে কামবোৰ কৰি শেষ কৰাতকৈ আহকচোন উৎকর্ষতা লাভ কৰিবলৈ চেষ্টা কৰো, কিজানিবা আমিও  কৰিব পাৰোৱেই৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top