আপোনাৰ জীৱনত যদি বহু সমস্যা তেনেহ’লে হয়তো তাৰ বহুখিনি আপুনি নোহোৱা কৰিব পাৰিব এই উপায়টোৰে৷ আমাৰ জীৱনৰ যিবোৰ সমস্যা হয় তাৰ বেছিভাগেই হয় আমাৰ নিজৰ বাবে৷ সেইবোৰ আমি নিজে ইচ্ছা কৰি নকৰোঁ কিন্তু আমাৰ বিশ্বাসৰ বাবে, আমাৰ চিন্তাৰ বাবে, আমাৰ ব্যৱহাৰৰ বাবে তেনে সমস্যাবোৰে বেছিভাগেই দেখা দিয়ে৷ আৰু আমাৰ মনটো বিশেষকৈ আমাৰ চাবকনচিয়াছ মনটোৱে এই সকলোবোৰ নিয়ন্ত্ৰণ কৰে৷ চাবকনছিয়াছ মনটো যেনেদৰে প্ৰগ্ৰেম হৈ আছে ই তেনেদৰে নিজৰ কাম কৰে৷ আপুনি ইচ্ছা কৰি বা গম নোপোৱাকৈ যেনেকৈয়ে ইয়াক ট্ৰেইনিং দিছে ই তেনেদৰেই নিজৰ কাম কৰি গৈ থাকে৷ গতিকে যদি আপুনি বর্তমানৰ অৱস্থাটো সলাব বিচাৰে তেনেহ’লে আপুনি নিজৰ চাবকনচিয়াছ মনটোৰ ওপৰত কাম কৰিব লাগিব৷ আপুনি ইয়াক ৰিপ্ৰগ্ৰেমিং কৰিব লাগিব আপুনি বিচৰা ধৰণে যাতে ই আপোনাক আপুনি বিচৰা ধৰণৰ জীৱন এটা গঢ়ি তোলাত সহায় কৰে৷
কিন্তু নিজৰ মনটোৰ ৰিপ্ৰগ্ৰেমিঙ কেনেদৰে কৰিব?
ইয়াৰ বাবে এটা সহজ উপায় আছে– চেলফ টক
চেলফ টক মানে নিজৰ লগত কথা পতা৷ চেলফ টকৰ জৰিয়তে আপুনি নিজৰ চাবকনচিয়াছ মনটোক ৰিপ্ৰগ্ৰেমিঙ কৰিব পাৰে৷ চেলফ টক কিমান শক্তিশালী চাও আহক৷
১৯৫৪ চনলৈকে কোনেও ৪ মিনিটতকৈ কম সময়ত ১ মাইল দূৰত্ব দৌৰিব পৰা নাছিল৷ সকলোৱে বিশ্বাস কৰিছিল যে এনে কৰাটো সম্ভৱ নহয়৷ এক্সপার্টসকলৰ মতে কোনেও তেনে কৰিব নোৱাৰে৷ কিন্তু ১৯৫২ চনৰ হেলচিংকি অলিম্পিকত ১৫০০ মিটাৰ দৌৰত ইংলেণ্ডৰ ৰেকর্ড স্থাপন কৰাৰ পিছত ৰজাৰ বেনিষ্টৰৰ মনলৈ আহিল যে ৪ মিনিটৰ ভিতৰত তেওঁ ১ মাইল দৌৰি দেখুৱাব৷ ১৯৫৪ চনৰ ৬ মেত ৰজাৰে সেয়া কৰি দেখুৱালে৷ ৰজাৰ বেনিষ্টাৰে ৩ মিনিট ৫৯.৪ চেকেণ্ডত ১ মাইল দৌৰি দেখুৱালে৷ তেওঁৰ পিছত আজিলৈকে ১৪০০ তকৈ ও বেছি দৌৰবিদে ৪ মিনিটতকৈ কম সময়ত ১ মাইল দৌৰিছে৷ ৰজাৰৰ বাবে সেয়া সম্ভৱ হৈছিল তেওঁৰ বিশ্বাসৰ বাবে যে তেওঁ সেই কাম কৰিব পাৰিব আৰু সেই বিশ্বাস আহিছিল নিজৰ লগত কৰা চেলফ টকৰ জৰিয়তে৷