I1

ইকিগাই  – দীর্ঘ আৰু সুখী জীৱন

অকিনৱা নামৰ জাপানী দ্বীপ এটাত এই শব্দটোৰ আৰম্ভণি হৈছিল, যি দ্বীপত আছে পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি শতবৰ্ষীয় লোক৷ তাৰমানে এই ধাৰণাটোৰ লগত দীর্ঘ জীৱনৰ কিবা সম্পর্ক আছে নেকি? কি বস্তু এই ইকিগাই (বা আইকিগাই বা একিগাই)? ই এটা এনে ধাৰণা যিয়ে আপোনাৰ জীৱনৰ উদ্দেশ্য বিচাৰি উলিওৱাত সহায় কৰিব৷ কিন্তু অকল সেয়াই নহয় আপুনি কি কাম […]

jaime-lopes-0RDBOAdnbWM-unsplash

মই নোৱাৰোঁ, মই পাৰিম

  পাৰিব নে নোৱাৰে? এটা কাম আৰম্ভ কৰিবলৈ ওলালে আপোনাৰ মনলৈ এই প্ৰশ্নটো নিশ্চয় আহে- পাৰিম নে নোৱাৰোঁ৷ আপুনি হয়তো সফল হ’ব বিচাৰে, হয়তো জীৱনত বহুত ডাঙৰ কিবা কৰিবৰ আপোনাৰ মন আছে, হয়তো এক সুন্দৰ জীৱন নিজৰ বাবে সৃষ্টি কৰিবলৈ আপুনি আগ্ৰহী বা আপুনি জীৱনত আনক নানাভাৱে সহায় কৰিব বিচাৰে৷ আপুনি যি কৰাৰ কথা ভাবে, […]

window

“মোৰ কোনো কাম নাই” চিন্তা মনলৈ আহিলে কি কৰিব?

“মোৰ কোনো কাম নাই” – এই চিন্তাটো কোনোবা নহয় কোনোবা সময়ত বহু মানুহৰ মনলৈ আহে৷ এনে হ’ব পাৰে আপুনি যেতিয়া কিবা এটা বস্তু লাভ নকৰে, যেতিয়া আপুনি ‘বিফল’ হয়, যেতিয়া আপুনি নিজকে আনৰ লগত তুলনা কৰে, যেতিয়া আপুনি ভবামতে কামবোৰ নহয় তেতিয়া৷ আপুনি তেনে পৰিস্থিতিত কি কৰিব পাৰে সেয়া বিচৰাৰ আগতে এয়া চাও আহকচোন৷ “আপোনাৰ […]

success

আশ্চর্যকৰ ফলাফল লাভ কৰিব বিচাৰে- এই কামটো কৰক

আপুনি যদি আশ্চর্যকৰ ফলাফল লাভ কৰিব বিচাৰে, এটা সহজ উপায়েৰে আপুনি তেনে ফলাফল লাভ কৰিব পাৰে৷ এই পদ্ধতিটোৱে জীৱনৰ যিকোনো ক্ষেত্ৰতে আপোনাক ফলাফল লাভ কৰাত সহায় কৰিব৷ তাতোকৈ ডাঙৰ কথা ই আপোনাক আপুনি সপোন দেখা জীৱনটো লাভ কৰাত সহায় কৰিব৷ ই মোক এনে এটা পর্যায়লৈ অহাত সহায় কৰিছে যাৰ কথা মই আগতে কেৱল সপোনতহে ভাবিব […]

men

আজি ঘটিব পৰা আটাইতকৈ ভাল কথাবোৰ

পণ্য বা বস্তু এটা বা কিনিব পৰা সামগ্ৰী এটাই আপোনাক সুখী নকৰে৷ ঠিক আছে কেতিয়াবা ই আপোনাক অলপ সময়ৰ বাবে সুখী কৰিব পাৰে যেতিয়া প্ৰথমবাৰৰ বাবে আপুনি বস্তুটো বা সামগ্ৰীটো পায় বা কিনে৷ কিন্তু আপোনাৰ অভিজ্ঞতাবোৰে আপোনাক সুখী কৰে৷ আটাইতকৈ ভাল কথাবোৰ যিবোৰ আজি সংঘটিত হ’ব পাৰে- ১. এটা শান্ত ৰাতিপুৱা ২. ভালকৈ ব্যায়াম কৰা […]

work

৫ টা কমিউনিকেচন কৌশল যিয়ে আপোনাক সফল হোৱাত সহায় কৰিব

আপুনি যদি সফল হ’ব বিচাৰে আপোনাৰ কমিউনিকেচন স্কিল (যোগাযোগৰ দক্ষতা) খুব ভাল হ’ব লাগিব৷ আপুনি যদি জীৱনত এক উচ্চস্তৰৰ পর্যায় পাব বিচাৰে তেন্তে কমিউনিকেচন দক্ষতাবোৰে আপোনাক তাত উপস্থিত হ’বলৈ সহায় কৰিব৷ ইয়াত আমি ৫ টা এনে কমিউনিকেচন দক্ষতাৰ কথা আলোচনা কৰিম যিয়ে অকল আপোনাক নিজকে বুজি পোৱাতে সহায় নকৰে, লগতে ই আন মানুহকো বুজি পোৱাত […]

background

কাম কমকৈ কৰক, জীৱনটো বেছিকৈ জীয়াই থাকক

সকলোৱে আজিকালি খুব ব্যস্ত৷ সম্ভৱত সকলোৱে ব্যস্ততা ভাল পায় আৰু সেয়া ভাল কথা৷ কিন্তু কেতিয়াবা আপোনাৰ এনে লাগে নেকি আপুনি ক্ৰমান্বয়ে বেছি ব্যস্ত হৈ গৈ আছে আৰু যদিও আপুনি আৰু বেছি কাম কৰি গৈ আছে আপুনি কিন্তু জীৱনটো জীয়াই থকা নাই৷ আপোনাৰ যদি তেনে অনুভৱ হৈছে, আপুনি অকলশৰীয়া নহয়৷ সম্ভৱত আমি আৰু বেছিকৈ কাম কৰি […]

sea

ভিক্টৰ ফ্ৰেঙ্কলৰ পাঁচটা উদ্ধৃতি যিয়ে আপোনাক ভাবিবলৈ বাধ্য কৰিব

আপোনাৰ দৃষ্টিভংগী সলনি কৰক এই কথাবোৰৰ সহায়ত ভিক্টৰ ফ্ৰেঙ্কলৰ তেওঁৰ মহান কাম ‘এ মেনছ চার্চ ফৰ মিনিঙ’ ৰ বাবে জনাজাত৷ তেওঁ এসময়ত অচৱিটজ কনেচনট্ৰেচন কেম্পৰ বন্দী আছিল আৰু তাৰ পৰা ৰক্ষা পৰাত তেওঁক সহায় কৰিছিল অন্য ধৰণে চিন্তা কৰিব পৰা তেওঁৰ শক্তিয়ে৷ তেওঁৰ সূক্ষ্মদৃষ্টিয়ে আপোনাকো নিজৰ জীৱনৰ অর্থ বিচাৰি পোৱাত সহায় কৰিব আৰু আপোনাৰ দৃষ্টিভংগী […]

movie

মনৰ চিনেমা

আপোনাৰ মনৰ ভিতৰত এখন চিনেমা অনবৰতে চলি থাকে৷ যেতিয়াই আপুনি কিবা এটা কথা চিন্তা কৰি থাকে, তেতিয়াই এখন চিনেমা মনৰ ভিতৰত চলি থাকে৷ আপোনাৰ মনটোৱে এখন চিনেমা প্ৰদর্শন কৰে আৰু আপুনি সেইখন চায়৷ আপুনি যেতিয়া অতীতৰ কিবা কথা ভাবে, ই আগতে ঘটি যোৱা কথাবোৰ দেখুৱায়৷ আপুনি যদি ভবিষ্যতৰ কথা চিন্তা কৰে, ই ভবিষ্যতে হ’ব পৰা […]

cat

ভয়ক অতিক্ৰম কৰাৰ বিষয়ে চেনেকাৰ মত

দুর্ভাগ্যৰ পৰা নিজকে ৰক্ষা কৰাৰ খাটাং ষ্ট্ৰেটেজী চেনেকা আছিল এক মহান ৰোমান দার্শনিক আৰু নিৰৱধি জ্ঞানৰ ভৰাল৷ চেনেকাই কেনেদৰে ভয়ক অতিক্ৰম কৰিব পাৰি আৰু দুর্ভাগ্যৰ পৰা নিজকে ৰক্ষা কৰাৰ খাটাং ষ্ট্ৰেটেজী কি সেই বিষয়ে লিখিছিল৷ তেওঁৰ বন্ধু লুছিয়াচ জুনিয়ৰলৈ লিখা এখন চিঠিত তেওঁ এই বিষয়ে লিখিছিল যি “লেটাৰছ ফ্ৰম এ ষ্টইক” নামৰ গ্ৰন্থত সন্নিবিষ্ট কৰা […]