Close

চচিয়েল এংজাইটি নোহোৱা কৰক এই উপায়টোৰে

চচিয়েল এংজাইটি বা সামাজিক উদ্বেগ থকা লোকসকলে বিভিন্ন ধৰণৰ সামাজিক পৰিৱেশত নার্ভাচনেছ, টেনচন বা অস্বস্তি অনুভৱ কৰে৷ কিছুমানৰ বাবে চচিয়েল এংজাইটি বা সামাজিক উদ্বেগ সদায়ে থাকে আৰু আন কিছুমানৰ বাবে ই কিছুমান বিশেষ পৰিস্থিতহে উদ্ভৱ হয় ৷

ৰাজহুৱা সভাত কথা কোৱাৰ ক্ষেত্ৰত বহুতৰে এনে হয়৷ আনৰ লগত কথা পতা, আনৰ সন্মুখত বহি খোৱা, ৰাজহুৱা সেৱাবোৰ ব্যৱহাৰ কৰা ইত্যাদি সময়তো কাৰোবাৰ এই সামাজিক উদ্বেগে দেখা দিব পাৰে৷ জীৱনৰ বিভিন্ন ক্ষেত্ৰবোৰত তেনে সমস্যাৰ সন্মুখীন হোৱা লোকসকলে সমস্যাৰ সন্মুখীন হয়৷ বন্ধুত্ব কৰাত, বন্ধুত্ব বজাই ৰখাত, অচিনাকি মানুহৰ লগত কথা পতাত, নিজৰ বছৰ লগত কথা পতাত, জীৱন সংগী বিচাৰি পোৱাত, ফোনত কথা পতাত, কেৰিয়াৰ সৃষ্টি কৰাত, আৰু আনকি দৈনন্দিন জীৱনৰ সাধাৰণ কামবোৰোতো তেওঁলোকে অসুবিধা পায়৷

এনে চচিয়েল এংজাইটি ডিচঅর্ডাৰ থকা মানুহবোৰৰ ক্ষেত্ৰত মদ বা নিচাযুক্ত দ্ৰব্য আসক্তি, ডিপ্ৰেচন, একাকীত্ব বা অকলশৰীয়া ভাৱ, কেৰিয়াৰত ভাল কৰিব নোৱাৰা আদি সমস্যাই দেখা দিব পাৰে৷ 

যি কৰিলে এংজাইটি হয় সেয়া কৰক

চচিয়েল এংজাইটি নোহোৱা কৰিবলৈ হ’লে আপুনি সেই কামবোৰ কৰিব লাগিব যিবোৰ কৰিলে আপোনাৰ চচিয়েল এংজাইটি হয়৷ কথাতো শুনি আপোনাৰ লাগিব পাৰে যে কিনো অদ্ভূত কথা এয়া, যি মই কৰিব নোৱাৰোঁ, যি কৰিলে এংজাইটি হয় তাকে আকৌ কিয় কৰিম৷ কিন্তু চচিয়েল এংজাইটি নোহোৱা কৰাৰ আটাইতকৈ ভাল উপায় হ’ল যিবোৰ কাম কৰিলে চচিয়েল এংজাইটি হয় সেইবোৰ কৰিবলৈ লোৱা৷ এনে কামবোৰৰ পৰা পলাই ফুৰিলে সেইবোৰ ঠিক নহ’ব, বৰঞ্চ আপুনি সেইবোৰৰ মুখামুখি হ’লেহে আপুনি তেনে উদ্বেগৰ পৰা হাত সাৰিব পাৰিব৷

কিন্তু কেনেদৰে কৰিব এই কামটো?

প্ৰথমতে আপোনাৰ যিটো আটাইতকৈ বেছি ডাঙৰ চচিয়েল এংজাইটি সেইটো বিচাৰি উলিয়াওক৷ বিচাৰি পোৱাৰ পিছত  আমি সৰু সৰুকৈ, অলপ অলপকৈ তাৰ মুখামুখি হ’ম৷ লাহে লাহে নিয়মিতভাৱে, কন্ট্ৰল কৰি ইয়াৰ মুখামুখি আমি হৈ গৈ থাকিম আৰু তেনেদৰে ইয়াৰ আমাৰ ওপৰত থকা নিগেটিভ শক্তি আমি নোহোৱা কৰিম৷

এটা উদাহৰণে কথাটো বুজিবলৈ আপোনাক সহায় কৰিব৷ ধৰি লওক আপোনাৰ অচিনাকি মানুহৰ লগত কথা পাতিবলৈ ভয় লাগে, তেনে কৰিবলৈ গ’লে উদ্বেগে দেখা দিয়ে৷ এতিয়া আমি প্ৰথমতে যিকোনো এজন অচিনাকি মানুহৰ লগত প্ৰথম দিনা মাত্ৰ ৩০ চেকেণ্ড বা আধা মিনিট সময় কথা পতিবলৈ চেষ্টা কৰিম৷ আপুনি প্ৰথম যিদিনাখন এয়া কৰিবলৈ চেষ্টা কৰিব সেয়া আপুনি কৰিবলৈ সমর্থ নহ’ব পাৰে৷ কোনো কথা নাই৷ কৰিব নোৱাৰিলে সেইদিনা “মোৰ কাম নাই., মই এনেকুৱাই, মোৰ দ্বাৰা একো নহ’ব” – এনেধৰণৰ কথা মনলৈ নানিব৷ পিছিদনাখনো আমি আকৌ আন এজন মানুহৰ লগত ৩০ চেকেণ্ড সময় কথা পতিবলৈ চেষ্টা কৰিব লাগিব৷ এনেদৰে যেতিয়ালৈকে অচিনাকি মানুহ এজনৰ লগত মাত্ৰ  ৩০ চেকেণ্ড বা আধা মিনিট সময় কথা পতিব নোৱাৰে তেতিয়ালৈকে আপুনি চেষ্টা কৰি থাকিব৷ সেয়া এদিন কৰিব পাৰিবগৈ৷ সময় লাগিব পাৰে, কিন্তু এদিন পাৰিবগৈ৷ পাৰিলে নিজকে এটা পুৰস্কাৰ দিয়ক৷ এই পুৰস্কাৰটো আপুনি ভালপোৱা যিকোনো বস্তু হ’ব পাৰে৷ দামী বস্তু হ’বই লাগিব বুলি কোনো কথা নাই৷ যিকোনো সৰু আপুনি ভালপোৱা বস্তু এটা হ’লেও হ’ব৷

সেয়া কৰিব পাৰিলে এইবাৰ আমি চেষ্টা কৰিম অচিনাকি মানুহৰ লগত কথা পতা সময়টো আধা মিনিটৰ পৰা ১ মিনিটলৈ নিবলৈ৷ অচিনাকি মানুহ এজনৰ লগত ১ মিনিট সময় আমি কথা পাতিবলৈ চেষ্টা কৰিম৷ যিদিনাখন মই ১ মিনিট সময় অচিনাকি মানুহ এজনৰ লগত কথা পাতিবলৈ সক্ষম হ’ম, সেইদিনাৰ পিছত মই ১ মিনিট ৩০ চেকেণ্ড বা ২ মিনিট সময় কথা পাতিবলৈ চেষ্টা কৰিম৷ এনেদৰে অচিনাকি মানুহৰ লগত কথা পতা সময়টো বঢ়াই গৈ থাকিম৷
ইমানদিন এই অভ্যাসটো কৰি গৈ থাকোতে লাহে লাহে মোৰ বাবে ই আৰু ডাঙৰ কথা হৈ নাথাকেগৈ৷ ই সৰু আৰু মোৰ সাধ্যৰ ভিতৰৰ কাম হৈ পৰিব৷ তেনে যেতিয়া হ’ব, তেতিয়া আৰু মানুহৰ লগত কথা পাতোতে মোৰ উদ্বেগ নহয়৷ এইদৰে মই মোৰ অচিনাকি মানুহৰ লগত কথা পাতোতে হোৱা চচিয়েল এংজাইটি নোহোৱা কৰিব পাৰিম৷

অকল অচিনাকি মানুহৰ লগত কথা পতাতে নহয়, এই পদ্ধতিটো আপুনি আন বেলেগ চচিয়েল এংজাইটি সমস্যাৰ ক্ষেত্ৰতো যেনে বিপৰীত লিংগৰ মানুহৰ লগত কথা পতাত, বন্ধুত্ব গঢ়াত, কেৰিয়াৰ ক্ষেত্ৰ, অফিচতো ব্যৱহাৰ কৰিব পাৰিব৷

চাওকচোন ই কিমান সহজ৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top