সিহঁতৰ আত্মসন্মান বৃদ্ধি কৰি৷
আত্মসন্মান কেনেদৰে বৃদ্ধি কৰিব?
মাক-দেউতাক হিচাপে আপুনি কিছুমান কাম কৰিব লাগিব৷ মাজে মাজে অলপ কঠোৰ হ’ব লাগিব, মাজে মাজে অলপ মৰমিয়াল হ’ব লাগিব৷
এক- সিহঁতক সৰুৰে পৰা শিকাব লাগিব যে হৰা বা জিকাতকৈ কামটো কৰাটোহে বেছি গুৰুত্বপূর্ণ৷ কিবা কম্পিটিচন এটাত পুৰস্কাৰ পোৱাতকৈ তাত যোগদান কৰাটোহে বেছি জৰুৰী৷ যিমান পাৰি সিমান চেষ্টাৰে সৈতে কামটো যিমান ভালদৰে কৰিব পাৰি সিমান ভালদৰে কৰাটোহে গুৰুত্বপূর্ণ৷ এই অভ্যাসটো এবাৰ কৰি ল’ব পাৰিলে সি গোটেই জীৱনটো সিহঁতৰ কামত আহিব৷ তেতিয়া সিহঁতৰ আত্মসন্মান হৰা বা জিকাৰ লগত যুক্ত হৈ নাথাকে৷
দুই- সিহঁতক হৰাটো ভাল পাবলৈ শিকাওক৷ যদি ভালপাবলৈ শিকাব নোৱাৰি তেন্তে অন্তঃত হৰা কামটো ভয় নকৰিবলৈ শিকাওক৷ যদি সিহঁতে হাৰিবলৈ, পৰাজিত হ’বলৈ ভয় নকৰে, তেন্তে সিহঁতে একো কথালৈকে ভয় নকৰে৷ হাৰিবলৈ ভয় নকৰা মানুহে নতুন কাম, ডাঙৰ কাম, কৰিবলৈ বিচৰা কাম সদায় কৰিবই৷ তেতিয়া সিহঁত সুখী হ’ব পাৰিব৷ কিবা কথাত হাৰিলেও সিহঁতৰ আত্মসন্মান আৰু আত্মবিশ্বাস কমি নাযায় কাৰণ সিহংতে বুজি পাব যে হৰা আৰু জিকা জীৱনত নানা সময়ত থাকিবই৷
তিনি- সিহঁতক শিকাওক মানুহৰ কথালৈ বেছিকৈ চিন্তিত নহ’বলৈ৷ সেয়া শিকোৱাৰ আগতে আপুনি কিন্তু সেয়া কৰিব পাৰিব লাগিব৷ তেতিয়াহে সিহঁতে শিকিব৷ সিহঁতৰ গোটেই জীৱনটো মানুহে নানা ধৰণৰ কথা ক’বই, আৰু বেয়া, নিগেটিভ কথাহে ক‘ব৷ যদি আপুনি সিহঁতক এনে নিগেটিভ কথাবোৰ অৱজ্ঞা কৰিবলৈ নিশিকায়, তেন্তে কাইলৈ সিহঁতে তেনে কৰিব নোৱাৰিব৷ ফলত ‘মানুহে কি ক’ব’ এই কথাটো ভাবি সিহঁতে পেৰালাইজড হৈ পৰিব৷ সিহঁতে নিজে বিচৰা কামবোৰ কৰিবই নোৱাৰিব ‘মানুহে কি ক’ব’ এই কথাটো চিন্তা কৰি কৰি৷ নহ‘লে সিহঁতে মানুহৰ কথামতে চলা আৰম্ভ কৰিব, সকলো সিদ্ধান্ত মানুহে কি ক’ব তাৰ ওপৰত নির্ভৰ কৰা আৰম্ভ কৰিব৷ তেতিয়া আত্মসন্মানৰ কথাটোও আনে সিহঁতক কি বুলি ভাবে তাৰ ওপৰতহে নির্ভৰ কৰিব, সিহঁতে নিজৰ বিষয়ে কি ভাবে তাৰ ওপৰত নহয়৷
চাৰি- সিহঁত কিছুমান কামত বেয়া হ’ব৷ সকলোৱে কিবা নহয় কিবা কামত বেয়া হয়েই৷ সেইবোৰ লৈ বেছি চিন্তা নকৰিব৷ সিহঁত হয়তো আন কিবা কথাত ভাল৷ ভাল কথাবোৰত গুৰুত্ব দিওক৷ যদি কিবা এটা স্কিলত সিহঁত বেয়া কিন্তু সেয়া প্ৰয়োজনীয় বা সিহঁতে সেয়া কৰিব বিচাৰে, তেন্তে তাত ভাল হ‘বলৈ সিহঁতক সহায় কৰক৷ কিন্তু এটা কামত আন সকলো ভাল, মাত্ৰ সি বা তাই বেয়া কাৰণে নিজৰ ল‘ৰা-ছোৱালীক আত্মসন্মান কম কৰিবলৈ নিদিব৷
পাঁচ- একেবাৰে লাষ্ট হলেও পুৰস্কাৰ নিদিব৷ কিবা এক প্ৰতিযোগিতাত আপোনাৰ ল’ৰা বা ছোৱালীয়ে প্ৰথম তিনিটা স্থানত নাথাকিল আৰু সেয়ে কান্দি কান্দি আহি ঘৰ পালেহি৷ তেতিয়া মৰম লাগি আৰু সিহঁতৰ দুখত দুখী হৈ আপুনি সিহঁতক নিজে পুৰস্কাৰ এটা কিনি দিলে, সিহঁতৰ মনটো ভাল লাগিল৷ এনে কেতিয়াও নকৰিব৷ কিয়? সিহঁতে যদি বুজি পায় যে সিহঁতে নিজে আনৰ সমান কষ্ট নকৰা বাবে পুৰস্কাৰ নাপালেও কোনো কথা নাই কাৰণ ঘৰত অলপ কান্দিলে, অলপ থেনথেনালে মা বা দেউতাই কিবা এটা পুৰস্কাৰ দিবই, তেতিয়া সিহঁতে তাকে কৰিব৷ সদায় কৰিব৷ আৰু এয়া পিছলৈও কৰিব৷ সিহঁতে ধৰি ল’ব যে পুৰস্কাৰ পোৱাটো সিহঁতৰ এক অধিকাৰ, সিহঁতে পাবই লাগিব৷ কাইলৈ বাহিৰলৈ ওলাই গৈ সেয়া নাপালে, সিহঁতে সেয়া চম্ভালিব নোৱাৰিব৷ কষ্ট কৰি পুৰস্কাৰ লাভ কৰাৰ সলনি সিহঁতৰ অধিকাৰ কাৰণে সিহঁতে পাবই লাগিব বুলি সিহঁতে ধৰি ল’ব৷
ছয়- কোনো কথাতে অজুহাত দিবলৈ নিদিব৷ কেনে অজুহাত পৰীক্ষা বেয়া হ’লে সিহঁতে যদি কয় ছাৰে পঢ়াব নাজানে, ছাৰ বেয়া সেই কাৰণে পৰীক্ষা বেয়া হ’ল, সেই কথা মানি নল’ব৷ স্কুল বা কলেজৰ টিমত চিট নাপালে কাৰণ চিলেকচন কৰা কেইজন ঠিক নহয়৷ কিবা প্ৰতিযোগিতাত পুৰস্কাৰ নাপলে কাৰণ বিচাৰক কেইজন বদমাছ, পইচা লৈ আনক পুৰস্কাৰ দিছে৷ এইবোৰ কথা মানি নল’ব৷ সিহঁতক শিকাওক যে পৃথিৱীখনত পিছলৈও তেনে হ‘ব পাৰে৷ তেতিয়া সিহঁতে কি কৰিব? কান্দিব, কাৰোবাৰ আগত আপত্তি কৰিব? সিহঁতক নিজৰ কামৰ ফলাফলৰ দ্বায়িত্ব নিজে ল’বলৈ শিকাওক৷ অজুহাত দি নিজৰ দ্বায়িত্বৰ পৰা হাত সাৰিবলৈ শিকাৰ সুবিধা নিদিব৷ নহ’লে পিছলৈও, কিছুমানে হয়তো গোটেই জীৱন তাকেই কৰিব, কাৰণ অজুহাত এটা দিলে কামটো নকৰিলেও হয়, কষ্ট নকৰিলেও হয়৷ সিহঁতক শিকাওক যে ‘‘মোৰ জীৱনত যি হৈছে, যি ভাল হৈছে বা বেয়া হৈছে সেয়া সম্পূর্ণ মোৰ দ্বায়িত্ব, সেয়া মোৰ বাবেহে হৈছে, আনৰ বাবে নহয়৷”
ল’ৰা-ছোৱালীক মৰমো কৰিব৷ আপুনি জেইলাৰ বা হিটলাৰ হ’ব নালাগে৷ কিন্তু সৰুৰে পৰা কিছুমান কথা টান হলেও সিহঁতক শিকাব৷ দুয়োটাৰে মাজত অলপ বেলঞ্চ থাকিলে ভাল হ’ব৷