Close

৩০ দিনৰ প্ৰত্যাহ্বান- ৰাতিপুৱা শুই উঠি মবাইল ফোন চোৱা অভ্যাসটো গুচাওক

আপোনাৰ বাবে এইবাৰৰ চেলেঞ্জ ৰাতিপুৱা শুই উঠি মবাইল ফোন চোৱা অভ্যাসটো সলনি কৰক

ৰাতিপুৱা শুই উঠিয়েই আপুনি প্ৰথমতে নিজৰ মবাইল ফোনটোত হাত দিয়ে নেকি? কিয়? কি আহিব লগীয়া আছে? হোৱাটছ এপত কিবা ভিডিঅ আহিব নেকি? কিবা জৰুৰী ইমেইল আহিবলগীয়া আছে নেকি? প্ৰতিদিনে আহে নে তেনে জৰুৰী ভিদিঅ বা ই মেইল বা আন কিহবাৰ ন’টিফিকেচন?

গোটেই ৰাতিটো শোৱাৰ পিছত ৰাতিপুৱা আপুনি এটা  ফ্ৰেছ মনলৈ উঠিছে৷ ৰাতিপুৱাই মবাইল ফোনটো খুলি কিয় কিবা এটা ভিডিঅ, বা খবৰক আপোনাৰ মনটো অধিকাৰ কৰিবলৈ দিয়ে?

আপুনি যদি মটিভেচনেল ভিডিঅ এটা চাইছে তেতিয়া বেলেগ কথা কাৰণ ই আপোনাৰ মনটোক মটিভেট কৰিব, অনুপ্ৰাণিত কৰিব৷ কিন্তু হোছাটছ এপ, ইনষ্টাগ্ৰাম বা অনা কিহবাৰ নটিফিকেচনত অহা বেছিভাগ ভিডিঅ সাধৰণতে নিগেটিভ- সমালোচনা, কাজিয়া, বেয়া খবৰ আদি৷

যদি আপুনি মবাইল ফোনটোক এলার্মৰ বাবে ব্যৱহাৰ কৰে আৰু সেয়ে ৰাতিপুৱাই ইয়াক চাব লাগে, আৰু এলার্মটো বন্ধ কৰাৰ পিছত আন এপবোৰোলৈও আপোনাৰ চকু যায়, আৰু বহু সময় তেনেদৰে পাৰ হয়, তেনেহ’লে এটা এলার্ম ক্লক জোগাৰ কৰি লওক৷

তেতিয়াহ’লে ৰাতিপুৱা উঠি কি কৰিব? মর্ণিং ৰিচুৱেল এটা তৈয়াৰ কৰি লওক আৰু সেয়া কৰক৷ দুই ধৰণৰ কাম কৰক- (১) আপোনাৰ বাবে ভাল কামবোৰ কৰক আৰু (২) আপুনি ভালপোৱা কামবোৰ কৰক

আপোনাৰ বাবে ৰাতিপুৱা শুই উঠি যিবোৰ কাম ভাল সেইবোৰ হ’ল পানী খোৱা, এক্সাচাইজ কৰা, য়োগা কৰা, মেডিটেচন কৰা, নিজৰ জার্নেল লিখা, চাহ একাপ খোৱা, পজিটিভ কিবা এটা পঢ়া বা চোৱা, নিজৰ মনৰ কথাবোৰ লিখা, দিনটোৰ বাবে কৰিবলগীয়া কামবোৰ ঠিক কৰি লোৱা, নিজৰ লক্ষ্যবোৰৰ কথা মনত পেলোৱা ইত্যাদি৷

আনহাতে আপুনি ভালপোৱা কামবোৰ যিকোনো হ’ব পাৰে৷ আছে যদি নিজৰ বাগিছাখনত কাম কৰা, অলপ সময় কিতাপ এখন পঢ়া, কিবা এটা লিখিবলৈ চেষ্টা কৰা, গান গোৱা ইত্যাদি, মুঠতে আপোনাৰ যি কৰি ভাল লাগে৷

এইবোৰ হ্ৰস্যম্যাদী আৰু দীর্ঘম্যাদী অর্থাৎ আপোনাৰ বাবে চর্ট টার্ম আৰু লং টার্ম দুয়োটা ক্ষেত্ৰতে ভাল৷

আপুনি যদি ৰাতিপুৱা উঠিয়েই দৌৰাদৌৰিকৈ কামত লাগিব নালাগে, নিজৰ বাবে যদি অলপ সময় পায় তেনেহ’লে আপুনি বহুত লাকী বা ভাগ্যৱান৷ বহু মহিলা আৰু কিছুমান পুৰুষৰ ৰাতিপুৱা তেনেদৰে নিজৰ বাবে সময় পোৱাটো সপোনৰ বাহিৰৰ কথা৷ গতিকে যদি আপুনি সময় পাইছে সেই সময়খিনিক এনেয়ে কিয় নষ্ট কৰিছেনে বাৰু?

আপুনি মবাইল ফোনটো ব্যৱহাৰ কৰা মানে আমাৰ মনটোক কামত লগোৱা যাৰ ফলত মনটো আকৌ ব্যস্ত হৈ পৰে, তাৰ ভাগৰ লাগে৷ ৰাতিপুৱাতেই কিয় বাৰু আপুনি নিজৰ মনটোৰ ভাগৰ লগাই ল’ব লাগে৷ তাৰ যদি ৰাতিপুৱাই ভাগৰ লাগে দিনটো কৰিবলগীয়া কামবোৰ কেনেদৰে কৰিব, দিনটো উপভোগ কৰাৰ সুবিধাবোৰ সি কেনেদৰে ল’ব?

এতিয়া মাত্ৰ এই চেলেঞ্জটো লওক আৰু জীৱনক আৰু এটা সুবিধা দিয়ক৷ আজি আৰম্ভ কৰিলে একেৰাহে ৩০ দিন এই কামটো কৰি থাকিব মাজত এদিনো গেপ নিদিয়াকৈ৷

আপুনি এই চেলেঞ্জটো ল’বলৈ সাজুনে? আপোনাৰ দিনটো উদ্ধাৰ কৰিবলৈ আপুনি সাজুনে?

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top