Close

৩০ দিনৰ প্ৰত্যাহ্বান- ৰাতিপুৱা শুই উঠি বিচনাখন পাৰক, ঠিক ঠাক কৰক

30 day Challenge Make your bed upon waking up

আপোনাৰ বাবে এইবাৰৰ চেলেঞ্জ ৰাতিপুৱা শুই উঠি বিচনাখন ঠিক কৰি থোৱা, পৰিপাটি কৰি থোৱা৷

বহু মানুহে এই কামটো কৰে, কিন্তু আপুনি শুনি আচৰিত হ’ব যে এনে নকৰা মানুহৰ সংখ্যাও কম নহয়৷ বিচনাখন ঠিক কৰা মানে আপুনি নিজে ঠিক কৰাৰ কথা কৈছোঁ, ঘৰৰ আন মানুহে এইখন পৰিপাটি কৰি থোৱাৰ কথা কোৱা নাই৷ আপুনি হোষ্টলতে থাকক বা ঘৰতে থাকক, অকলে থাকক বা পৰিয়ালৰ সৈতে থাকক বা কেইজনমান বন্ধুৰ সৈতে থাকক, চিংগল হওক বা বিবাহিত হওক, সকলোৱে এই কামটো কৰিব পাৰে৷ মাত্ৰ ৫ মিনিটৰ কাম এয়া৷

ৰাতিপুৱা উঠি বিচনাখন ঠিক কৰি থলে কি লাভ হ’ব নো? ইমান সৰু কথাটোৱে নো আপোনাক কিদৰে সহায় কৰিব পাৰে? জীৱনত সৰু সৰু কথাবোৰেই বৰ জৰুৰী কথা আৰু এইবোৰেই দৰাচলতে আপোনাৰ জীৱনৰ বাবে গুৰুত্বপূর্ণ৷ আমি মাত্ৰ এইবোৰ মন নকৰোঁ৷

Admiral William H. McRaven ৰ মতে ৰাতিপুৱা বিচনাখন ঠিক কৰা, পৰিপাটি কৰাৰ নিচিনা সৰু, বিৰক্তিকৰ, সামান্য কামটোৱে আপোনাৰ জীৱনত বহু কিবা কিবি সালসলনি কৰিব পাৰে৷ আপুনি এটা সৰু অভ্যাস আৰম্ভ কৰিছে আৰু এই সৰু কামটোৱে, এই অভ্যাসটোৱে আপোনাৰ আন কিছুমান ভাল অভ্যাস গঢ়াত সহায় কৰিব, কিছুমান বেয়া অভ্যাস বাদ দিয়াত সহায় কৰিব৷

আপুনি বহুত ডাঙৰ ডাঙৰ কাম কৰিবলৈ হ’লে কিছুমান ভাল অভ্যাস আপোনাক লাগিব৷ আনে কৰক বা নকৰক, কামটো টান হওক বা বিৰক্তিকৰ হওক, আপুনি এনে কিছুমান কাম কৰিবই লাগিব৷ আমাৰ দিনটোৱে নির্ণয় কৰে আমাৰ জীৱনটো কেনে হ’ব আৰু দিনটোত কৰা কামবোৰৰ ফলাফল নির্ণয় কৰে আমাৰ অভ্যাসবোৰ কেনে এই কথাই৷ আপুনি যেতিয়া ৰাতিপুৱা বিচনাখন ঠিক কৰিলে আপুনি অন্তঃত এটা কাম সফলতাৰে কৰি শেষ কৰিলে৷ এই কথাটোৱে আপোনাক আৰু কাম ভালদৰে কৰিবলৈ আৰু সফল হ’বলৈ মটিভেট কৰিব৷ দিনটো বেয়া হলেও আপুনি ঘূৰি আহি ৰাতি এখন ধুনীয়াকৈ পাৰি থোৱা বিচনা পাবহি, যিয়ে কাইলৈৰ দিনটো যে ভাল হ’ব তাৰ এক আশা আপোনাৰ মনত জগাই তুলিব৷

এতিয়া মাত্ৰ এই চেলেঞ্জটো লওক আৰু জীৱনক আৰু এটা সুবিধা দিয়ক৷ আজি আৰম্ভ কৰিলে একেৰাহে ৩০ দিন এই কামটো কৰি থাকিব মাজত এদিনো গেপ নিদিয়াকৈ৷

আপুনি এই চেলেঞ্জটো ল’বলৈ সাজুনে?

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top