Close

৫ টা খুব গুৰুত্বপূর্ণ কিষ্ট’ন হেবিট

কিষ্ট’ন হেবিট হ’ল সেই সৰু সৰু সালসলনিবোৰ যিবোৰ আপুনি নিজৰ জীৱনত ব্যৱহাৰ কৰিলে নিজে নিজে এইবোৰ জীৱনৰ আন অংশলৈও বিয়পি যায়৷ এই অভ্যাসবোৰে এক ডমিন’ এফেক্টৰ সৃষ্টি কৰে যাৰ ফলত নতুন নতুন কাম, ব্যৱহাৰ আৰু অভ্যাসৰ সৃষ্টি হয়৷

এতিয়া চাও আহক কোনবোৰ কিষ্ট’ন হেবিট আমাৰ বাবে আটাইতকৈ গুৰুত্বপূর্ণ৷

এক্সাচাইজ বা শাৰীৰিক ব্যায়াম

বৈজ্ঞানিক গৱেষণাত দেখা গৈছে যে যিসকল মানুহে নিয়মীয়াকৈ এক্সাচাইজ কৰে, তেওঁলোকে আন মানুহতকৈ বেছি স্বাস্থ্যসন্মত আহাৰ খোৱাৰ, মদ বা নিচাযুক্ত দ্ৰব্য কমকৈ খোৱাৰ, চিগাৰেট খোৱাৰ সম্ভাৱন কম আৰু তেনে মানুহবোৰ বেছিকৈ প্ৰডাক্টিভ হয়, তেওঁলোকৰ টোপনি ভাল হয়৷

এনেদৰ এনিয়মীয়াকৈ ব্যায়াম কৰা লোকসকলে ব্যায়ামৰ শাৰীৰিক আৰু মানসিক লাভসমুহতো পায়েই লগত এই অভ্যাসটো তেওঁলোকৰ নিয়মানুবর্তিতা আৰু নিজৰ ওপৰত নিয়ন্ত্ৰণ বঢ়ায়৷ তেওঁলোকে সহজে কাম পিছলৈ পেলাই থোৱা, জাংক ফুড খোৱাৰ প্ৰলোভন, চচিয়েল মিডিয়াৰ অত্যধিক ব্যৱহাৰ আদিক সহজে বাধা দিব পাৰে৷

আপুনি যেতিয়া এক্সাচাইজ কৰা আৰম্ভ কৰে, আপুনি তেতিয়া অকল আপোনাৰ শৰীৰটো দেখাত কেনে সেই কথাটো লৈ বেছি সচেতন নহয়, লগতে আপুনি আপোনাৰ শৰীৰত কি জমা কৰিছে অর্থাৎ আপুনি কি খায় সেই কথাটো লৈও আগতকৈ বেছি সচেতন হ’ব৷ সেইবাবে আপুনি বাহিৰত ৰেষ্টুৰেন্টত খোৱা আদি কমাব, বাহিৰৰ পৰা খোৱা অর্ডাৰ কৰা কমবা কাৰণ সেইবোৰ বেছিভাগেই স্বাস্থ্যৰ বাবে ভাল নহয়৷ তাৰ ফলত আপোনাৰ বহু টকা-পইচাও বাচিবলৈ আৰম্ভ কৰিব৷ আৰু এই টকা-পইচাবোৰ তেতিয়া আপুনি নিজে বিচৰা ধৰণে, বিচৰা কামত আপুনি খৰছ কৰিব পৰা হ’ব৷

শোৱা

শোৱা কথাটোক বহুতে গুৰুত্ব নিদিয়ে, কিন্তু সঠিকভাৱে শোৱা অভ্যাসটোৱে আপোনাক নানা লাভ দিয়াৰ লগতে আন কিছুমান ভাল অভ্যাস গঢ়াতো সহায় কৰে৷ শোৱা কমাই আন কাম কৰিবলৈ গ’লে তাৰ কিছুমান বেয়া প্ৰভাৱ আপোনাৰ  শৰীৰ আৰু মনৰ ওপৰত পৰে৷ বেছিকৈ শোৱা কমালে ইয়াৰ ফলত হার্টৰ সমস্যা, ষ্ট্ৰ’ক অৰু সোনকালে মৃত্যুমুখত পৰাৰ সম্ভাৱনা বাঢ়ি যায়৷
যিমান সময় প্ৰয়োজনীয় সিমান সময় শুলে আপুনি শুই উঠি এটা প্ৰডাক্টিভ দিন লাভ কৰাৰ সম্ভাৱনা বেছি৷ আপুনি বেছি শক্তি আৰু মানসিক সামর্থ লাভ কৰিব দিনটোত আপুনি বিচৰা কামবোৰ বেছি ভালদৰে কৰাৰ বাবে যাতে আপুনি বিচৰা ফলাফল লাভ কৰিব পাৰে৷ সদায় এটা সময়ত শোৱাৰ আৰু উঠাৰ অভ্যাস কৰিলে ই আপোনাক ভালদৰে শোৱাত আৰু ভাল কোৱালিটিৰ টোপনি মৰাত সহায় কৰিব৷

মেডিটেচন

ৰাতিপুৱা অলপ সময় মেডিটেচন কৰিলে ই আপোনাক গোটেই দিনটো শান্ত হৈ থাকিবলৈ সহায় কৰিব পাৰে৷ মেডিটেচন কৰাৰ ফলত আপোনাৰ মনত ৰখা শক্তি আৰু সচেতনতাও বাঢ়িব৷ ইয়াৰ ফলত ষ্ট্ৰেছ কমিব, লগতে আপোনাৰ মটিভেচন বাঢ়িব আৰু ডাঙৰ লক্ষ্য ঠিক কৰিবলৈ মন যাব৷ এনেদৰে মেডিটেচন কৰাৰ ফলত আপোনাৰ আন আন ক্ষেত্ৰত নানা ধৰণৰ ভাল অভ্যাস গঢ় লৈ উঠিব যিবোৰৰ পৰা আপুনি নানা ধৰণৰ সুবিধা লাভ কৰিব৷

মেডিটেচনৰ ফলত আপোনাৰ মগজুটোৰ শাৰীৰিক সালসলনি হয়৷ নিয়মীয়া মেডিটেচনৰ ফলত মগজুৰ বৃদ্ধি হয় প্ৰিফ্ৰন্টেল কৰটেক্স, বাও হিপ্পকেম্পাচ আৰু টেম্পৰো-পেৰিয়েটেল জাংচনত৷ প্ৰিফ্ৰন্টেল কৰটেক্স অংশটো নিয়মানুবর্তিতা, ইচ্ছাশক্তি, আৱেগ, ব্যৱহাৰ, বিচাৰ কৰা শক্তি, ফ’কাছ আৰু সিদ্ধান্ত লোৱাৰ বাবে দায়ী৷ বাও হিপ্পকেম্পাচ অংশটো শিকা, মনত ৰখা আৰু আৱেগবোৰ নিয়ন্ত্ৰণ কৰাৰ লগত জঢ়িত৷ টেম্পৰো-পেৰিয়েটেল জাংচন অংশটো দৃষ্টিভংগী, সমবেদনা আৰু সহানুভূতিৰ বাবে দায়ী৷

যিহেতু মেডিটেচনে আপোনাৰ মগজুটোক কামবোৰ বেছি ভালকৈ কৰিবলৈ সহায় কৰে, ইয়াৰ কার্যক্ষমতা বঢ়ায়, গতিকে ই এটা শক্তিশালী কিষ্ট’ন হেবিট৷

দিনটোৰ পৰিকল্পনা কৰা

দিনটোৰ পৰিকল্পনা কৰা এটা খুব গুৰুত্বপূর্ণ কিষ্ট’ন অভ্যাস৷ আপুনি যেতিয়া দিনটোত কৰিবলগীয়া কামবোৰ ঠিক কৰি লয় আৰু সেইবোৰৰ বাবে সময় ঠিক কৰি লয় তেতিয়া আপুনি সেইবোৰ কৰাৰ সম্ভাৱনা বৃদ্ধি পায়৷ এক্সাচাইজ কৰা, পঢ়া, মেডিটেচন কৰা, লিখা, য়োগা কৰা, বা আন আপোনাৰ বাবে লাভজনক যিকোনো কথাকে আপুনি নিজৰ দিনটোৰ কৰিবলগীয়া কামৰ তালিকাত অন্তর্ভুক্ত কৰিব পাৰে৷

ই আপোনাৰ বাবে এক ভাল অভ্যাস কাৰণ এনেদৰে পৰিকল্পনা কৰি ল’লে কাম এটা কৰাৰ আগতে আপুনি নতুনকৈ আকৌ সিদ্ধান্ত কৰিব নালাগে৷ এনেদৰে কাম এটা কৰাৰ আগতে সিদ্ধান্ত লওতে আমাৰ বহু সময় নষ্ট হয় আৰু কেতিয়াবা কামবোৰো কৰা নহয়৷ এনেদৰে কাম এটা কৰাৰ পৰিকল্পনা কৰি ল’লে কাম এটা কৰাৰ সম্ভাৱনা ৩৪% ৰ পৰা ৯১% বৃদ্ধি পায়৷ এনেদৰে ঠিক কৰি ল’লে আপুনি কাম এটা পিছলৈ পেলাই নথয়৷

এই অভ্যাসটোৱে আপোনাৰ প্ৰডাক্টিভিটি বঢ়াব, আপোনাৰ কৰিবলগীয়া কামবোৰ কৰা হ’ব, আপুনি আগতকৈ বেছি শৃংখলাবদ্ধ হ’ব৷ আপোনাৰ হাতত বহু সময় বাচিব আৰু সেই সময়বোৰ আপুনি আন কিছুমান ভাল অভ্যাস গঢ়াৰ কামত লগাব পাৰিব৷

জার্নেলিং

জার্নেলিং এটা খুব গুৰুত্বপূর্ণ কিষ্ট’ন হেবিট৷ এই জার্নেল লিখা অভ্যাসটোৱে আপোনাৰ ষ্ট্ৰেছ কমায় আৰু ক্ৰিয়েটিভিট বা সৃষ্টিশীলতা বঢ়ায়৷ কিন্তু লগতে ই আপোনাক নিজৰ কমিউনিকেচন স্কিল বঢ়োৱাতো সহায় কৰে, অন্তঃত লিখাৰ স্কিল উন্নতি কৰে৷

আপুনি যদি কিবা এক আৱেগিক সমস্যাৰ মাজেৰে পাৰ হৈ গৈছে বা এতিয়া তাৰ লগত যুঁজি আছে, জার্নেলিঙে আপোনাক তাৰ লগত যুঁজাত সহায় কৰিব পাৰে৷ জার্ণেলিং কৰাৰ অভ্যাস কৰিলে আপুনি নিজৰ আৱেগ, অনুভূতিবোৰক জনাৰ, বুজি পোৱাৰ সম্ভাৱনা বাঢ়ি যায় যিয়ে আপোনাক আত্মসচেতনতা বা চেলফ এৱেৰনেছ বঢ়োৱাত সহায় কৰিব৷ নিজকে লক্ষ্য কৰাৰ, আৱেগ-অনুভূতিবোৰ মন কৰাৰ, নিজৰ বিষয়ে জনাৰ চেষ্টা কৰাৰ অভ্যাসবোৰক এই অভ্যাসটোৱে উৎসাহ দিব৷

এই কেইটা কিষ্ট’ন হেবিট নিজৰ বাবে গঢ়াৰ অভ্যাস কৰক৷ কম সময়ৰ ভিতৰতে আপুনি মন কৰিব যে এইবোৰে আপোনাৰ জীৱনটো আগতকৈ বহু ভাল কৰি তুলিছে৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top