Close

জীৱন্ত অৱস্থা আৰু মৃত অৱস্থা

জীৱনটো আমি কটাও যদিও আমি কিন্তু সকলো সময়তে জীৱিত নহয়৷ অকল চলি ফুৰি থকা বা উশাহ লৈ থকা মানেই সঁচাকৈ জীৱিত হৈ থকা হয়নে? আমাৰ জীৱনৰ এটা অংশ জীৱিত অৱস্থাত পাৰ হয় কিন্তু আন এটা অংশ মৃত অৱস্থাতো পাৰ হৈ গৈ থাকে৷ এই জীৱন্ত অৱস্থা আৰু মৃত অৱস্থাৰ বিষয়ে লিখক ৰবার্ট গ্ৰীনে সুন্দৰভাৱে ব্যাখ্যা কৰি থৈ গৈছে৷ বহুতৰে বাবে এই মৃত অৱস্থাত থকা সময়ৰ পৰিমাণ জীৱিত অৱস্থাৰ পৰিমাণতকৈ বহু বেছি৷ কিছুমানৰ আকৌ জীৱনৰ বেছিখিনি অংশই মৃত অৱস্থাতে পাৰ হৈ যায়৷

মৃত অৱস্থা

এনে অৱস্থাত আপুনি কিবা এটা ঘটালৈ ৰৈ থাকে, কাম এটা হ’ব বুলি বহি থাকে, নিষ্ক্ৰিয় হৈ থাকে, কোনোমতে সময়বোৰ পাৰ কৰি গৈ থাকে৷ এই অৱস্থাত আপোনাৰ আৰু মৃত মানুহ এজনৰ মাজত বেছি পার্থক্য নাই৷ জীৱনৰ দ্বায়িত্ব সময়ৰ হাতত বা আনৰ হাতত দি আপুনি মাত্ৰ চলি গৈ আছে, জীৱনে যিফালে লৈ গৈ আছে সেইফালে গৈ আছে৷

জীৱিত অৱস্থা

আনহাতে জীৱিত অৱস্থা৷ আপুনি এই সময়খিনি নিয়ন্ত্ৰণ কৰে৷ প্ৰতিটো মুহূর্তকে আপুনি উপভোগ কৰে, কিবা এটা শিকে, নিজকে উন্নীত কৰে, আগতকৈ ভাল কৰে, আপোনাৰ বৃদ্ধি হয়, আপুনি বিভিন্ন ক্ষেত্ৰত বিচৰা ধৰণে আগবাঢ়ি গৈ থাকে৷ ইয়াত আপুনি নিজে জীৱনৰ দ্বায়িত্ব লৈছে, জীৱনটো আৰু ভাল কৰাৰ বাবে নিজে চেষ্টা অব্যাহত ৰাখিছে৷

পচন্দটো আপোনাৰ

আপুনি যদি ট্ৰেফিক জেমৰ বাবে ৰৈ থাকিবলগীয়া হৈছে, ফ্লাইট এখন পলম হোৱা বাবে ৰৈ থাকিবলগীয়া হৈছে তেতিয়া আপুনি কি কৰিব সেয়া আপোনাৰ হাতত৷ বা লক ডাউনৰ ফলত ঘৰতে সোমাই বহুদিন কটাবলগীয়া হৈছে, তেতিয়া আপুনি কি কৰি সময় কটাব সেয়া আপোনাৰ হাতত৷ সেয়া আপোনাৰ পচন্দ৷

এই সময়ত যি হয় আছে সেয়া আপুনি নিয়ন্ত্ৰণ হয়তো কৰিব নোৱাৰে, কিন্তু আপোনাৰ চিন্তাবোৰ, এই সময়খিনিত আপুনি কি কৰিব সেয়া কিন্তু আপুনি নিজে নিয়ন্ত্ৰণ কৰিব পাৰে৷ আৰু আমি সেয়া কৰিব লাগিব কাৰণ ই আমাৰ জীৱনটো কেনে হ’ব তাক নিয়ন্ত্ৰণ কৰিব৷

জীৱিত অৱস্থা

আমি বহুতে অতীতত বাস কৰোঁ আৰু বর্তমানৰ ফালে পিঠি দি থাকো৷ ভুল, দোষ, আগৰ সময়ৰ কথা চিন্তা কৰি বহি  থাকো আৰু ফলত বর্তমানৰ সময়ত জীৱিত অৱস্থা এটা লাভ কৰাৰ যি সুবিধা পাইছিলোঁ সেয়া আমি হেৰুৱাব লগীয়া হয়৷

আপুনি যদি ভাল নোপোৱা কাম এটা বা চাকৰি এটা কৰি থাকিবলগীয়া হৈছে কিন্তু কামটো আপুনি আজিয়েই এৰিবও নোৱাৰে, তেনেহ’লে তাৰ অর্থ এয়া নহয় যে আপুনি কোনোমতে সময়টো পাৰ কৰি দিব বা “দৰমহা পাই আছো, হ’ব” বুলি চলি গৈ থাকিব৷ চাকৰিৰ কিছুমান পৰিস্থিতি বা সমস্যাৰ সমাধান আপোনাৰ হাতত নাথাকিব পাৰে কিন্তু এই বেয়া সময়খিনিও আপুনি নিজৰ বাবে কামত অহা, ভাল কৰি তুলিব পাৰে৷ নিজকে সাজু কৰি, নতুন স্কিল শিকি, প্ৰয়োজনীয় কিতাপবোৰ পঢ়ি, নিজৰ মনটোক উন্নীত কৰি, আপুনি নিজকে ইয়াতকৈ ভাল এক অৱস্থাৰ বাবে, ভাল চাকৰিৰ বাবে, ভাল জীৱন এটাৰ বাবে সাজু কৰিব পাৰে৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top