Close

৩০ দিনীয়া প্ৰত্যাহ্বান –য়োগা

30 day Yoga challenge

এইবাৰ যিটো প্ৰত্যাহ্বান আমি ল’ম সেয়া সকলোৱে জানে৷ যোগ বা য়োগা৷ আমি আজি আৰম্ভ কৰিম আৰু মাত্ৰ ৩০ দিনৰ বাবে য়োগা কৰি চাম৷ যদি আপোনাৰ কামত আহে তেন্তে ইয়াক তাৰ পিছতো চলাই ৰাখিব, যদি কামত নাহে, তেনেহ’লে বাদ দিব৷

আপুনি যদি কেতিয়াও য়োগা কৰাই নাই তেতিয়াও আপুনি আৰম্ভ কৰিব পাৰিব৷ আপুনি যদি আগতে কৰিছিল, কিন্তু কিবা কাৰণত বাদ দিছিল বা দিব লগীয়া হৈছিল, তেতিয়াহ’লে আকৌ আৰম্ভ কৰিব৷

যোগ বা য়োগা এনেয়ে যোৱা প্ৰায় ৫,০০০ বছৰ ধৰি চলি থকা নাই৷ কিবা এটা নিশ্চয় আছে৷ ই চলিছে ই আগবঢ়োৱা লাভবোৰৰ বাবে৷

য়োগাৰ কি কি লাভ আপুনি পাব পাৰে?

য়োগাই অকল কেলৰি খৰছ কৰাত বা মাচলবোৰ টোন কৰিবলৈ সহায় নকৰে, লগতে ই নানা ধৰণৰ আন লাভো আপোনাক প্ৰদান কৰে৷ ই হ’ল মন আৰু শৰীৰৰ এক সম্পূর্ণ এক্সাচাইজ৷ ইয়াত আপুনি পাব শৰীৰ শক্তিশালী কৰা নানাধৰণৰ মুদ্ৰা বা পোজৰ লগতে, ডীপ ব্ৰিডিং আৰু মেডিটেচন সকলো একেলগে৷ এনেধৰণৰ সকলোবোৰ একে ঠাইতে পোৱা ৱর্কআউট আৰু আছেনে সেই বিষয়ে মোৰ সন্দেহ আছে৷

ই ষ্ট্ৰেছ নোহোৱা কৰিব, উদ্বেগ নোহোৱা কৰিব, হার্টৰ স্বাস্থ্য ভাল কৰিব, শৰীৰটো ফ্লেক্সিবল কৰিব, যদি কিবা বিষ আছে সেয়া নোহোৱা কৰিব, ডিপ্ৰেচনৰ পৰা ওলাবলৈ সহায় কৰিব৷ গতিকে মাত্ৰ এবিধ এক্সাচাইজৰ পৰা যদি আপুনি ইমানবোৰ লাভ পায়, তেনেহ’লে সেয়া কৰি চোৱাত নো কি আপত্তি?

য়োগাৰ প্ৰকাৰ

য়োগাৰ বিভিন্ন প্ৰকাৰ আছে৷ হথ, বিন্যাসা, পাৱাৰ, অষ্টাংগ, বিক্ৰম, আয়েংগাৰ য়োগা আৰু তেনেদৰে আন বহু ষ্টাইল আছে৷ আপুনি যেতিয়া য়োগা কৰা আৰম্ভ কৰিব তেতিয়া আপোনাৰ ওচৰত যি সুবিধা আছে সেই ষ্টাইলতে আৰম্ভ কৰিব পাৰে৷

বেলেগ বেলেগ ইনটেনচিটিৰ য়োগা আছে৷ গতিকে আপোনাৰ শৰীৰৰ বর্তমান অৱস্থাত চাই সেইমতে কম বা বেছি ইনটেনচিটিৰ য়োগা বাচি ল’ব৷ সম্ভৱত এতিয়া আৰম্ভ কৰোতে কম ইনটেনচিটিৰ য়োগা বাচি ল’লেই ভাল হ’ব৷

শৰীৰৰ কোন কোন অংশত ই কাম কৰে?

য়োগাই গোটেই শৰীৰটোকে সহায় কৰে৷ ক’ৰ অংশ বা শৰীৰৰ মধ্য অংশ, হাত দুখন, ভৰি, পিঠি, চকু, কাণ, সকলোবোৰ অংগকে ই সহায় কৰিব পাৰে৷ বেলেগ বেলেগ মুদ্ৰা বা পোজ বিলাকে বেলেগ বেলেগ অংশত কাম কৰে৷

য়োগা কৰিবলৈ সহজ

আপুনি ঘৰত, বাহিৰত যতে মন যায় তাতে কৰিব পাৰে৷ ইয়াক কৰিবলৈ য়োগা মেট এখন বাদি দি আৰু একো বিশেষ সা-সঁজুলি নালাগে৷ কিছুমান সা-সঁজুলি থাকে কিন্তু সেইবোৰ লাগিবই বুলি কোনো কথা নাই৷

কেনেদৰে আৰম্ভ কৰিব?

যদি আপুনি একেবাৰে নতুন, তেতিয়া পাৰিলে শিক্ষক এজন বিচাৰি ল’লে ভাল হ’ব৷ আজিকালি কিছুমান এপ আছে যিবোৰে ভালদৰে কেনেকৈ কি কৰিব লাগে সেয়া শিকাই দিয়ে৷ এনে পেইড আৰু ফ্ৰি এপ আছে৷ যদি আপুনি নতুন কথাবোৰ নিজে শিকি ভাল পায়, আৰু নিজে শিকিব পাৰে তেনেহ’লে সেইবোৰ ব্যৱহাৰ কৰিব পাৰে৷ নহ’লে এজন য়োগা শিক্ষক বিচাৰি তেওঁৰ তালৈ যোৱা বা তেওঁক ঘৰলৈ মতাটো বেছি ভাল হ’ব৷

আপোনাৰ যদি আগৰে পৰা কিছুমান বেমাৰ আছে বা গর্ভৱতী মহিলাসকলে ডাক্তৰক সুধি এয়া আৰম্ভ কৰা ভাল আৰু এজন অভিজ্ঞ শিক্ষকৰ পৰা শিকাটো ভাল হ’ব৷ কি কৰিব লাগে, কি কৰিব নালাগে সেই প্ৰয়োজনীয় কথাবিলাক আপোনাৰ শিক্ষকজনে কৈ দিব৷

আজিৰ পৰা আৰম্ভ কৰো আহক৷ য়োগা আৰম্ভ কৰাটো অকল শৰীৰ আৰু মনৰ স্বাস্থ্য ভালে ৰখাৰ বাবেই জৰুৰী নহয়, ই আপোনাৰ নিজৰ মনৰ ওপৰত নিয়ন্ত্ৰণ আনিব৷ যিহেতু মেডিটেচন আৰু প্ৰাণায়ামো ইয়াত জড়িত হৈ আছে গতিকে আপুনি তিনিটা দিশৰ পৰা লাভ পাব মাত্ৰ এটা এক্সাচাইজ কৰিয়েই৷

আপুনি এই চেলেঞ্জটো ল’বলৈ সাজুনে? এই চেলেঞ্জটোৱে আপোনাৰ জীৱনটো সম্পূর্ণৰূপে সলাই পেলাব পাৰে৷ মাত্ৰ আজি আৰম্ভ কৰিলে ৩০ দিনলৈ এয়া কৰি থাকিব৷ জীৱনটো ভাল কৰাৰ বাবে য়োগাক এটা সুবিধা দিয়ক৷ ই জীৱনটো আগতকৈ ভাল কৰি তুলিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top