Close

৩০ দিনীয়া প্ৰত্যাহ্বান-“দুঃচিন্তা কৰা সময়” ঠিক কৰি লওক

আপোনাৰ বাবে এইবাৰৰ প্ৰত্যাহ্বান প্ৰতিদিনে আধা ঘন্টা সময় ঠিক কৰি লওক- দুঃচিন্তা কৰিবৰ বাবে৷

হয় দুঃচিন্তা কৰিবৰ বাবে৷

আপুনি দিনটোত কিমান সময় দুঃচিন্তা কৰি কটায়? দিনটোৰ বিভিন্ন সময়ত, নানা ধৰণৰ কাম কৰি থাকোতে আপোনাৰ মনলৈ বেয়া চিন্তা, নিগেটিভ চিন্তা আহি থাকিব পাৰে৷ বহু মানুহৰে আহে৷ দুঃচিন্তা, উদ্বিগ্নতা আদি জীৱনৰ অংশ৷ কিন্তু বেছি হৈ গ’লে ই সাংঘাটিক সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ যদি আপোনাৰ প্ৰায়ে তেনে ধৰণৰ নিগেটিভ চিন্তা আহি থাকে, দুঃচিন্তা আহি থাকে আৰু ই আপোনাৰ বাবে নানা ধৰণৰ সমস্যাৰ সৃষ্টি কৰিছে, তেনেহ’লে এই প্ৰত্যাহ্বানটো আপোনাৰ বাবে৷  

এনেদৰে দুঃচিন্তা কৰিবৰ বাবে এক নির্দিষ্ট সময় ঠিক কৰি লওক৷ আপোনাৰ নিজৰ সুবিধা মতে সেয়া ঠিক কৰি লওক৷ ঠাই এটুকুৰাও ঠিক কৰি লওক৷ মাত্ৰ শোৱাৰ আগত এই কামটো নকৰিব নহ’লে ভালদৰে টোপনি নাহিব৷ আৰু ৰাতিপুৱা উঠিয়েই এনে নকৰিব, কাৰণ তেতিয়া দিনটো মনটো বেয়া লাগি থাকিব পাৰে, কামবোৰ কৰিব নোৱাৰিব পাৰে৷ দূপৰীয়াৰ সময়টো সম্ভৱত বেছি ভাল হ’ব৷ ভাত-পানী খাই উঠাৰ পিছত আপুনি সেয়া কৰিব পাৰে৷

যাৰ এংজাইটি আছে তাৰো ই কামত আহে৷ নিউজবোৰো এই সময়তে চাব পাৰে, পঢ়িব পাৰে৷ এই সময়খিনি এবাৰ পাৰ হোৱাৰ পিছত কিন্তু আৰু দুঃচিন্তা কৰিব নোৱাৰিব, মনলৈ আহিলেও দুঃচিন্তা কৰিব নোৱাৰিব৷

অনবৰতে দুঃচিন্তা কৰি থকা অভ্যাসে মানসিক আৰু শাৰীৰিক নানা ধৰণৰ সমস্যাৰ সৃষ্টি কৰে৷ দুঃচিন্তা বেছি হ’লে ই উদ্বেগৰ সৃষ্টি কৰিব৷ আপোনাৰ একেবাৰে সকলো ধ্বংস হৈ যাব যেন লাগিব পাৰে৷ যিকোনো কথাকে বা মানুহকে এক সাম্ভাব্য হুমকি যেন লাগিব৷ আপোনাৰ একো খাবলৈ মন নাযাব, ভাল অভ্যাসবোৰ কৰি থাকিবলৈ মন নাযাব, টোপনি নাহিব, সম্পর্কবোৰ বেয়া হৈ যাব, লগতে অফিচত বা ঘৰত কৰিবলগীয়া কামবোৰ ভালদৰে কৰিব নোৱাৰিব৷ বেছিকৈ দুঃচিন্তা কৰা মানুহে এনে পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ বেছিকৈ খোৱা, জাংক ফুড খোৱা, চিগাৰেট হোপা, মদ বা ড্ৰাগছ খাবলৈ আৰম্ভ কৰা আদি কামো কৰে৷

ইয়াৰ লগতে আপোনাৰ মানসিক শক্তি ই নোহোৱা কৰিব৷ আপোনাৰ অনবৰতে অশান্তি লাগি থাকিব, মূৰৰ বিষ হ’ব, পেটৰ সমস্যা হ’ব, আপুনি কামত মনোযোগ দিব নোৱাৰা হ’ব পাৰে৷ এনে ধৰণৰ নিগেটিভ অনুভৱবোৰ আপুনি  আপোনাৰ মৰমৰ আৰু পৰিয়ালৰ আন মাণুহৰ লগত কৰা ব্যৱহাৰত প্ৰকাশ কৰিব পাৰে৷ তেতিয়া আপোনাৰ নিজৰ জীৱনৰ লগতে পৰিয়ালৰ শান্তিও নষ্ট হ’ব৷ আপুনি সেয়া বিচাৰেনে?

দুঃচিন্তা কৰাৰ পৰা ইমানবোৰ যদি বেয়া হ’ব পাৰে তেনেহ’লে তাক আমি নিয়ন্ত্ৰণ কৰিব লাগিব৷ তাৰবাবেই আমি এই প্ৰত্যাহ্বানটো ব্যৱহাৰ কৰিব পাৰোঁ৷

কিন্তু এটা নিয়ম কঠোৰভাৱে মানি চলিব- দুঃচিন্তা কৰা সময়টো পাৰ হৈ যোৱাৰ পিছত আৰু কোনো কথাতে দুঃচিন্তা নকৰিব৷ যিমানে দুঃচিন্তা নাহক কিয়, সেই বিশেষ সময়খিনিৰ বাদে আন সময়ত দুঃচিন্তা আহিলেও তাৰ কথা নাভাবিব, তাক গুৰুত্ব নিদিব৷  যদি তাৰ পিছত কিবা চিন্তা আহে সেয়া পিছদিনাৰ দুঃচিন্তা কৰা সময়লৈকে থৈ দিব৷ যদি পাৰি এই দুঃচিন্তা কৰা সময়খিনিত যিবোৰ দুঃচিন্তা মনলৈ আহে সেইবোৰ এখন নোটবুক বা বহীত লিখি যাব৷

অভ্যাস হ’লে মগজুটোৱে লাহে লাহে এই ৰুটিন মানি চলা হ’ব৷ দুঃচিন্তাবোৰক সহজে যাবলৈ এৰি দিব পৰা হ’ব৷ আৰু অনবৰতে দুঃচিন্তা কৰি থকাৰ স্বভাৱটো সলনি হ’ব৷ পিছলৈ গৈ আপোনাক আৰু এনে ধৰণৰ দুঃচিন্তা কৰা সময়ৰো প্ৰয়োজন নোহোৱা হ’বগৈ৷

এই প্ৰত্যাহ্বানটো বহুত সহজ৷ কিন্তু ইয়াক প্ৰতিদিনে কৰি থাকিব লাগিব৷

এতিয়া মাত্ৰ এই চেলেঞ্জটো লওক আৰু দুঃচিন্তাবোৰক দি থকা শক্তি এতিয়াৰ পৰা দিয়া বন্ধ কৰক৷ আজি আৰম্ভ কৰিলে একেৰাহে ৩০ দিন এই কামটো কৰি থাকিব মাজত এদিনো বাদ নিদিয়াকৈ৷

আপুনি এই চেলেঞ্জটো ল’বলৈ সাজুনে?

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top