Close

৩০ দিনীয়া প্ৰত্যাহ্বান-দিনটোৰ প্ৰায়’ৰিটিবোৰ ঠিক কৰি লওক

30 Day Challenge- Determine your priorities for the day

আপোনাৰ বাবে এইবাৰৰ প্ৰত্যাহ্বান দিনটোৰ বাবে নিজৰ প্ৰায়ৰিটি বা অগ্ৰাধিকাৰ ঠিক কৰি লওক

আপোনাৰ কিজানি নানা ধৰণৰ কৰিবলগীয়া কাম থাকে৷ তাৰে কিছুমান কেৰিয়াৰ বা চাকৰি বা আপোনাৰ নিজৰ কাম সম্পর্কীয়, কিছুমান পৰিয়ালৰ বাবে আৰু কিছুমান একান্তই ব্যক্তিগত৷ এনেদৰে আমি পালন কৰা নানা ধৰণৰ পৰিচয় বা ৰোলৰ বাবে আমি নানা ধৰণৰ কাম কৰিবলগীয়া হয়৷ তাৰ কিছুমান কাম আপোনাৰ বাবে গুৰুত্বপূর্ণ, কিছুমান ইমান গুৰুত্বপূর্ণ নহয়৷ আপুনি কি বিচাৰে তাৰ ওপৰত নির্ভৰ কৰি কামবোৰৰ কিছুমান আপোনাৰ বাবে গুৰুত্বপূর্ণ হৈ পৰে আৰু কিছুমান ইমান গুৰুত্বপূর্ণ নহয়৷

কিন্তু ইমানবোৰ কামৰ মাজত কোনবোৰ কৰিব, কোনবোৰ নকৰিব সেয়া আপুনি নিজে ঠিক কৰিব লাগিব, নহ’লে ইমানবোৰ কামৰ ভিৰৰ মাজত কৰিবলগীয়া কামবোৰ থাকি যাব৷ আপুনি হয়তো প্ৰতিদিনে বহুত কাম কৰে কিন্তু তথাপিও আপুনি যদি আগবাঢ়িব পৰা নাই, সফলতা লাভ কৰা নাই, তেনেহ’লে সম্ভৱত আপুনি যিবোৰ কাম কৰিব লাগে সেইবোৰ কৰা নাই, আন কিবাহে কৰি আছে৷ আপুনি বিচৰা ফলাফল লাভ কৰিবৰ বাবে যিবোৰ কাম জৰুৰী, আপুনি সেইবোৰ প্ৰতিদিনে কৰিব লাগিব৷ এই ক্ষেত্ৰতে প্ৰায়ৰিটি আপোনাৰ কামত আহিব৷

কেনেদৰে কৰিব এই কাম?

আগদিনা সন্ধিয়া হাতত কাগজ-কলম লৈ বহক আৰু পিছদিনা কৰিবলগীয়া ৫ টা কামৰ কথা লিখক৷ ভালদৰে চিন্তা কৰি এই কামকেইটা লিখি ল’ব৷ এই কেইটা সেই কেইটা কাম যিকেইটা আপোনাৰ সফলতাৰ বাবে, অগ্ৰগতিৰ বাবে জৰুৰী৷ আন সৰু সুৰা, ব্যক্তিগত কামৰ বাবে আপুনি আন এখন টু ডু লিষ্ট ব্যৱহাৰ কৰিব পাৰে৷

এই ৫ টা কাম লিখি ল’লই কাম শেষ হৈ নাযায়৷ এতিয়া এই কেইটা কামক প্ৰায়ৰিটি অনুসৰি একাদিক্ৰমে ১, ২, ৩, ৪, ৫ এনেদৰে সজাই লওক৷ যিটো কাম আপোনাৰ বাবে আটাইতকৈ জৰুৰী সেই কামটো ১ নম্বৰত আহিব, তাৰ পিছত যিটো জৰুৰী সেইটো ২ নম্বৰত আহিব৷ এনেদৰে ৫ টা কাম একাদিক্ৰমে সজাই লওক৷ আৰু পিছদিনা সেই কাম কেইটা কৰা আৰম্ভ কৰক৷ প্ৰথমে ১ নম্বৰ কামটো কৰক আৰু সেইটো কৰি শেষ কৰক৷ তাৰ পিছত ২ নম্বৰ কামটো আৰম্ভ কৰক, আৰু সেয়া কৰি শেষ কৰক৷ তাৰ পিছত ৩ নম্বৰ কামটো, হাতত লওক আৰু এনেদৰে একাদিক্ৰমে আগবাঢ়ি গৈ থাকক৷

এয়া আমাক কিয় লাগে?

কামবোৰ লিখি তাক প্ৰায়ৰিটি অনুসৰি সজাই কিয় ল’ব লাগে? কাৰণ তেতিয়া আপোনাৰ কৰিবলগীয়া কামবোৰ বাকী থাকি নাযায়৷ আপুনি নিজৰ প্ৰায়ৰিটিবোৰ ঠিক কৰিবলৈ চিন্তা কৰিবলগীয়া হয় আৰু তেতিয়া আপুনি গম পায় যে কোনবোৰ কাম আপোনাৰ বাবে গুৰুত্বপূর্ণ৷ আৰু সেই কামবোৰ তেতিয়া আপুনি কৰা আৰম্ভ কৰিব পাৰে৷

দিনটোৰ ভিতৰত আমাৰ হাতত আমি যিমান সময় পাও সেয়া নিশ্চিত, গতিকে সেই সময়খিনিৰ ভিতৰত আমি আমৰ বাবে গুৰুত্বপূর্ণ কামবোৰ কৰিব লাগিব৷ প্ৰায়ৰিটিয়ে সেয়া কৰাত সহায় কৰিব৷

আপোনাৰ যদি টু ডু লিষ্ট এখন আছে তেনেহ’লে সেইখনকো এনেদৰে প্ৰায়ৰিটি অনুসৰি সজাই লওক৷ তেতিয়া আপুনি অকল বেছি কাম নকৰে, বৰঞ্চ প্ৰয়োজনীয় কামবোৰ কৰিব৷ টু ডু লিষ্ট থকা মানে আপুনি ইতিমধ্যে অলপ আগবাঢ়ি আছে, এতিয়া মাত্ৰ তাত আৰু অলপ থিক থাক কৰি ল’ব লাগে৷  আপুনি এবাৰ ভাবি চাওকচোন কোনটো বেছি ভাল হ’ব-  কেৱল চকু কাণ মুদি কাম কৰি যোৱা নে যিবোৰ কামে আপোনাক আগুৱাই লৈ যাব সেইবোৰ কাম কৰি যোৱা?

এই প্ৰত্যাহ্বানটো বহুত সহজ৷ কিন্তু ইয়াক প্ৰতিদিনে কৰি থাকিব লাগিব৷

এতিয়া মাত্ৰ এই চেলেঞ্জটো লওক৷ আজি আৰম্ভ কৰিলে একেৰাহে ৩০ দিন এই কামটো কৰি থাকিব মাজত এদিনো বাদ নিদিয়াকৈ৷ এনেদৰে কৰি গ’লে আপোনাৰ অকল বহুত প্ৰয়োজনীয় কাম কৰা হ’ব অকল তেনে নহয়, লগতে আপুনি বিচৰা দিশত এই ৩০ দিনত বহুতখিনি আগবাঢ়ি যাব৷

আপুনি এই চেলেঞ্জটো ল’বলৈ সাজুনে?

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top