Close

দিনটো ভালদৰে আৰম্ভ কৰাৰ কেইটামান উপায়

দিনটোৰ আৰম্ভণি ভাল হ’লে আপোনাৰ গোটেই দিনটো ভাল হোৱাৰ সম্ভাৱনা বাঢ়ি যায়৷ দিনটোৰ আৰম্ভণি মানে ৰাতিপুৱাটো ভাল কৰাটো আমাৰ হাতত আছে৷ আমি এনে কিছুমান কাম কৰিব পাৰোঁ যিবোৰে দিনটো ভাল কৰি তুলিব৷ এক মর্ণিং ৰিচুৱেল অনুসৰণ কৰি আমি সেয়া কৰিব পাৰোঁ৷ কিন্তু যদি মর্ণিং ৰুটিন বা ৰিচুৱেলৰ বাবে সময় নাথাকে তেতিয়া আমি এটা বা দুটা এনে কাম কৰিব পাৰোঁ যিবোৰে ৰাতিপুৱাটো আমাৰ বাবে সু্ন্দৰ কৰি তুলিব৷ ফলত আমি এক সুন্দৰ, শান্ত, সন্তুষ্ট মন লৈ আমাৰ বাকী কামবোৰ আৰম্ভ কৰিব পাৰিম৷

আপুনি যদি দিনটো ভালদৰে আৰম্ভ কৰিব বিচাৰে তেনেহ’লে কেইটামান কাম কৰিব পাৰে৷

এক্সাচাইজ

ৰাতিপুৱাই এক্সাচাইজ কৰিলে আপোনাৰ মনটো ভাল লাগি থাকিব কিবা এটা কৰিলোঁ বুলি৷ ই আপোনাৰ মুড ভাল কৰি তোলে৷ লগতে ই ডিপ্ৰেচন আৰু উদ্বেগো কমাব৷ আপোনাৰ যদি কিবা কথাত ষ্ট্ৰেছ হৈ আছে সেয়াও ই কমাব পাৰে৷ ই আপোনাৰ মনোযোগো বঢ়াব পাৰে৷ এই লাভবোৰ অকল এক্সাচাইজ কৰি থাকোতেহে আপুনি পাব তেনে নহয়, এনে লাভবোৰ গোটেই দিনটোলৈ বিয়পি যায়৷ আৰু এনেবোৰ লাভ আপুনি পাব মাত্ৰ ৩০ মিনিটৰ পৰা এঘন্টা এক্সাচাইজ কৰি৷ যিকোনো ধৰণৰ এক্সাচাইজ আপুনি কৰিব পাৰে৷ খোজ কঢ়া, দৌৰা, য়োগা, বডিৱেইট এক্সাচাইজ, জিমলৈ যোৱা বা আন কিবা৷ আপুনি যি ভলা পায় তাকে কৰক৷

পঢ়া

আপুনি যদি মাত্ৰ ১৫ মিনিট সময়ো কিতাপ বা ই বুক এখন পঢ়ে, তেতিয়া তাৰ লাভ আপুনি অকল দিনটোতে নহয়, গোটেই জীৱনটোতে পাব৷ ই আপোনাক অনৰ প্ৰতি সহমর্মিতা গুণৰ বিকাশ কৰাত সহায় কৰে৷ ফলত আন মানুহৰ প্ৰতি আৰু সমাজৰ প্ৰতি আপোনাৰ দৃষ্টিভংগী ই সলনি কৰিব পাৰে৷ ই আপোনাক মানসিকভাৱে বেছি ফ্লেক্সিবল কৰি তোলে৷ মগজুৰ কামকাজত সালসলনি কৰি পঢ়া কামে আপোনাক কথাবোৰ চিন্তা কৰিবলৈ শিকাব পাৰে৷ ই যুক্তি নির্ভৰতা বঢ়ায় আৰু আপোনাক বেছি সৃষ্টিশীল কৰি তোলে৷ মগজুৰ কার্যকলাপ আৰু কানেক্টিভিটি ই বৃদ্ধি কৰে৷ এনেবোৰ কথাই দিনটো আপোনাক ভালদৰে পাৰ কৰাত, সুখী অনুভৱ কৰাত সহয়া কৰিব৷

প্ৰায়ৰিটাইজ

দিনটোৰ কৰিবলগীয়া কামবোৰ লিখি লৈ সেইবোৰ আমি প্ৰায়ৰিটাইজ কৰি ল’ব পাৰোঁ৷ এনে কৰাৰ ফলত আপোনাৰ দিনটো শৃংখলাবদ্ধ হৈ পৰিব যিয়ে মনটোকো শৃংখলাবদ্ধ কৰিব৷ দিনটো আপুনি আপোনাৰ বাবে যিবোৰ প্ৰয়োজনীয়, সেইবোৰ কথাত মন দিব পাৰিব, সেইবোৰ কাম কৰিব পাৰিব৷ ফলত আপুনি আগবাঢ়িব বিচৰা দিশে আগবঢ়াত ই সহায় কৰিব৷

গান শুনা

গান শুনাৰ কিছুমান লাভ আছে৷ মগজুটোক যদি ডেকা কৰি ৰাখিব বিচাৰে, তেন্তে গান শুনা আৰম্ভ কৰক৷ জিমলৈ গৈ যেনেদৰে শৰীৰটোৰ এক্সাচাইজ কৰিব পাৰি, তেনেদৰে মগজুটোৰ এক্সাচাইজ কৰিব পাৰি গান শুনি৷ গানে সৃষ্টিশীলতা বঢ়াব পাৰে আৰু পুৰণা কথা মনত কৰাটো সহায় কৰিব পাৰে৷ আপুনি হয়তো নিজে গম পায় যে গানে আপোনাৰ চিন্তা, অনুভৱ, আৱেগ আদিক সহজে প্ৰভাৱিত কৰিব পাৰে৷ ই আপোনাৰ মুড সলনি কৰিব পাৰে আৰু কাম কৰিবলৈ আপোনাক উৎসাহ দিব পাৰে৷ ই আপোনাৰ কগনিটিভ পার্ফমেন্স বঢ়ায়৷

কৃতজ্ঞতা জনোৱা

আপুনি ৰাতিপুৱাই কৃতজ্ঞতা জনালে আপোনাৰ মনটো পজিটিভ হৈ উঠিব৷ কৃতজ্ঞতা জনাবলৈ হ’লে আপুনি আনে আপোনাৰ বাবে কৰা কিবা এটা ভাল কাম বিচাৰিব লগা হয়৷ এনেদৰে বিচাৰিবলৈ হ’লে ভাল কথাবোৰত, কামবোৰত মনোযোগ দিব লগীয়া হয়৷ আগৰ ভাল কথাবোৰ আপোনাৰ মনত পৰিব আৰু মনটো ই ভাল লগাই তুলিব৷ এখন কৃতজ্ঞতাৰ জার্নেল লিখা আৰম্ভ কৰিব পাৰে আৰু প্ৰতিদিনে মাত্ৰ ২ বা ৩ টা কৃতজ্ঞতাৰ কথা তাত লিখিব পাৰে৷

মেডিটেচন

মেডিটেচনৰ আপোনাৰ মনটোৰ ওপৰত থকা পজিটিভ প্ৰভাৱৰ বিষয়ে ইতিমধ্যে নান ধৰণৰ গৱেষণাত প্ৰমাণিত হৈছে৷ মেডিটেচন কৰিলে আপোনাৰ মনটো শান্ত আৰু পজিটিভ হৈ পৰিব৷ ই উদ্বিগ্নতা আৰু ডিপ্ৰেচন কমাব পাৰে৷ মেডিটেচনে খঙ আৰু ভয়ৰ দৰে নিগেটিভ আৱেগবোৰক ভালদৰে মেনেজ কৰিবলৈ সহায় কৰে৷ ই ষ্ট্ৰেছ কম কৰি দিনটো ভালদৰে পাৰ কৰাত সহয়া কৰে৷ আপোনাৰ আৱেগিক আৰু মানসিক স্বাস্থ্য বেছি ভাল কৰি তোলে৷ আপুনি যদি নতুনকৈ আৰম্ভ কৰিছে, মাত্ৰ ১০-১৫ মিনিট মেডিটেচন কৰা আৰম্ভ কৰক৷ পিছলৈ লাহে লাহে ইয়াক এঘন্টালৈকে বঢ়াই নিবলৈ চেষ্টা কৰক৷

এনেদৰে যদি এটা বা দুটা অভ্যাস কৰিলে আপোনাৰ প্ৰতিটো দিনেই ভাল হৈ উঠে, তেতিয়া সেয়া কৰাত আপত্তিনো কি? নহয় জানো?

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top