Close

টক্সিক মানুহ

টক্সিক মানুহ আপোনাৰ চাৰিওফালে থাকিব পাৰে৷ আৰু যদি তেনে মানুহ থাকে তেনেহ’লে আপুনি সাৱধান হ’ব লাগিব, তেনে মানুহক নিজৰ ওচৰৰ পৰা আতৰ কৰিব লাগিব৷ পৰিয়ালত, বন্ধু-বান্ধৱৰ মাজত, অফিচত তেনে মানুহ আপুনি পাবই৷ কিন্তু কথাটো হ’ল তেনে মানুহক কেনেদৰে চিনি পাব?

কেনেদৰে চিনি পাব?

টক্সিক মানুহৰ লগত বা ওচৰত থাকিলে ই আপোনাৰ মনত সাংঘাটিক নিগেটিভ ষ্টিমুলি বা ভাৱৰ সৃষ্টি কৰে৷ মনটো বেয়া লাগে, নিগেটিভ যেন লাগে৷ এনে মানুহবোৰে সকলো কথাতে, সকলো মানুহৰ মাজত বেয়াই দেখে, সমস্যাই দেখে৷ আনকি সকলোৱে ভাল দেখা, সকলো ফালেই ভাল কথা, পৰিস্থিতি বা ঘটনা এটাতো যদি কোনোবাই কিবা নহয় কিবা নিগেটিভ দেখে তেন্তে সেইজন টক্সিক মানুহ৷

টক্সিক মানুহ হ’ল সেইবোৰ যিবোৰে বেছিকৈ পৰচর্চা কৰে, যি নিজকে ভিক্তিম সজাই ভাল পায়, যাৰ মুড সঘনে সলনি হয়, যি অকল নিজৰ কথাই ভাবে, যিয়ে ঈর্ষা কৰে, যিয়ে মেনিপুলেট কৰে, যি সাংঘাটিক নিগেটিভ মানুহ, তেওঁ অনবৰতে আপত্তি কৰি থকা মানুহ, তেওঁ আনক জাজ কৰি থকা মানুহ, আৰু তেন মানুহ এজন অহংকাৰী মানুহ৷

কিয় আপুনি এনে মানুহৰ সংগ এৰিব লাগে?

টক্সিক মানুহৰ লগত অলপ সময় থাকিলে এক বৃহৎ ষ্ট্ৰেছ ৰেচপনছ শৰীৰত আৰম্ভ হয়৷ ষ্ট্ৰেছ অকল শৰীৰৰ বাবেই বেয়া নহয় ই আপোনাৰ মগজুৰ বাবেও বেয়া৷ মগজুৰ হিপ’কেম্পাছত নিউৰনবোৰৰ শক্তি আৰু সামর্থ ই কমাই পেলাব পাৰে৷ মগজুৰ এই অংশটো মনত ৰখা শক্তি আৰু যুক্তিৰ বাবে দায়ী৷ এন হ’লে চাপৰ মাজত আপুনি আৱেগবোৰ মেনেজ কৰিব নোৱাৰিব আৰু শান্ত হৈ থাকিব নোৱাৰিব৷ আৰু এই দুটা কথা আপোনাৰ কামৰ পাৰফৰমেঞ্চ ভাল হোৱাৰ বাবে বৰ জৰুৰী৷

টক্সিক মানুহৰ লগত থাকিলে আপুনি নিজে নিজৰ জীৱনটো নষ্ট কৰিব পাৰে৷ সদায় খালি নিগেটিভ কথা শুনি থাকিলে এটা সময়ত নিগেটিভ কথা শুনা, দেখা আৰু বিচাৰি পোৱাটো আপোনাৰো অভ্যাস হৈ পৰিব৷ আৰু এবাৰ অভ্যাস হোৱাৰ পিছত আপুনি সকলোতে নিগেটিভেই দেখিব৷

আপুনি এই কথাটো শুনিছে কিজানি- আপুনি যি মানুহৰ লগত সময় কটায় তেনে ৫ জন মানুহৰ এভাৰেজ হৈছে আপুনি৷  বা ক’ব পাৰি আপুনি যাৰ লগত সময় বেছিকৈ কটায় আপুনি তেনেকুৱাই হৈ পৰে৷ সেইবাবেই টক্সিক মানুহৰ লগত থাকিলে আপুনিও এজন টক্সিক মানুহ হৈ পৰিব৷ আৰু এনে পৰিৱর্তনবোৰ ইমান সূক্ষ্মভাৱে হয় যে সেয়া আপুনি ধৰিব নোৱাৰে৷

আপুনি তেনে হৈ পৰাৰ আন এটা কাৰণ হ’ল আপুনি তেওঁলোকৰ সংগত থাকিলে তেওঁলোকৰ সমর্থন পাবৰ বাবে তেওঁলোকে ভাল বুলি কোৱা, তেওঁলোকে সমর্থন কৰা, তেওঁলোকে কৰা কামবোৰ কৰা আৰম্ভ কৰিব৷ এবাৰ অভ্যাস হৈ গ’লে সদায় তাকে কৰিব৷ আপোনাৰ মানসিকতা আপোনাৰ বাবে সাংঘাটিক জৰুৰী৷ নিগেটিভ মানসিকতা লৈ আপুনি একো কৰিব নোৱাৰিব৷ টক্সিক মানুহৰ লগত থাকিলে আপোনাৰ মানসিকতা কিন্তু নিগেটিভেই হৈ পৰিব৷

টক্সিক মানুহক আতৰ কৰক

টক্সিক মানুহক নিজৰ জীৱনৰ পৰা একেবাৰে বাদ দিয়ক৷ নহ’লে নিজেই নিজৰ বাবে নানা সমস্যাৰ আপুনি সৃষ্টি কৰি ল’ব৷ পাৰিলে তেনে মানুহৰ লগত সম্পর্ক একেবাৰেই বাদ দিয়ক৷ তাতোকৈ তেওঁক সলাবলৈ চেষ্টা কৰাটো ভাল নহ’বনে? আপুনি তেওঁৰ লগত কথা পাতিব পাৰে, তেওঁক আঙুলিয়াই দেখুৱাব পাৰে যে তেওঁ কি কৰি আছে আৰু ই কিয় তেওঁৰ বাবে বেয়া, কিন্তু তেওঁ সলনি হ’ব নে নহয় সেয়া সম্পূর্ণৰূপে তেওঁৰ কথা৷ আপুনি ইচ্ছা কৰিলেও, বিচাৰিলেও যদি তেওঁ নিবিচাৰে তেওঁক আপুনি সলাব নোৱাৰে৷

কিন্তু কেতিয়াবা কোনোবা মানুহ এজন টক্সিক বুলি জানিও তেওঁৰ লগত সম্পর্ক একেবাৰেই বাদ দিব নোৱাৰি৷ যদি একেবাৰে বাদ দিব নোৱাৰি, তেতিয়া কি কৰিব? যদি কেতিয়াবা কিবা কাৰণত, যেনে তেওঁৰ আপোনাৰ লগত একেবাৰে ঘনিষ্ঠ সম্পর্ক বা আপোনাৰ স্বামী-স্ত্ৰী, ভাইটি-ভন্টি, মৰমৰ বন্ধু-বান্ধৱ ইত্যাদি, তেনেহ’লে কি কৰিব? যদি একেবাৰে বাদ দিব নোৱাৰি তেতিয়াও আপুনি নিজৰ বাবেই কিছুমান কাম কৰিব লাগিব৷ তেওঁৰ লগত সম্পর্কবোৰ যিমান পাৰি সিমান কমাওক৷ কিছুমান বাউণ্ডাৰী বনাই লওক আৰু তেওঁক তাৰ ভিতৰলৈ সোমাবলৈ নিদিব৷

কিন্তু তেনে মানুহৰ লগত যুদ্ধ নকৰিব৷ টক্সিক মানুহ এজনৰ লগত যুদ্ধ কৰিবলৈ গ’লে আপোনাৰ মনটোহে বেছি বেয়া লাগিব, নিগেটিভ হ’ব৷ কিয়োনো তেনে মানুহৰ লগত যুদ্ধ কৰি নিজৰ সুখ-শান্তি আদিক বিসর্জন দিব লাগে৷ তাতোকৈ তেওঁৰ জীৱনৰ পৰা পাৰিলে একেবাৰে বাদ দিয়া আৰু নোৱাৰিলে তেওঁৰ লগত সম্পর্ক কমাই অনাই বেছি ভাল হ’ব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top