Close

৩০ দিনীয়া প্ৰত্যাহ্বান- সঠিক মানুহৰ বাবে সময় উলিয়াওক

30 Day Challenge – Make time for the right people

আপোনাৰ বাবে এইবাৰৰ প্ৰত্যাহ্বান সঠিক মানুহৰ বাবে সময় উলিয়াওক৷ কাৰ বাবে সঠিক মানুহ? আপোনাৰ বাবে৷ সঠিক মানুহ মানে কোন? সেই কথা আমি অলপ পিছত চাম৷

আমি বৰ ব্যস্ত আৰু সেইবাবে আমি পাহৰিয়ে যাও যে আমাৰ বাবে সঠিক মানুহবোৰকো অলপ সময় দিব লাগে৷ অফিচৰ কাম, বা নিজৰ বিজনেচৰ কাম, ঘৰৰ কাম, লগ-বন্ধুৰ লগত কটাওতে সময় লাগে৷ এনেদৰে ইমানবোৰ কামৰ পিছত আমাৰ আৰু সময়ে নাথাকে৷ কিন্তু যিবোৰ মানুহ আপোনাৰ বাবে সঠিক তেওঁলোকৰ লগত সময় কটোৱাটো আমাৰ নিজৰ বাবেই প্ৰয়োজনীয়৷

কিন্তু সঠিক মানুহৰ লগত সময় কটোৱাটো কিয় জৰুৰী?

মটিভেচনেল স্পীকাৰ, বিজনেচমেন জিম ৰনে কৈছিল যে তুমি আটাইতকৈ বেছি সময় কটোৱা ৫ জন মানুহৰ এভাৰেজ৷  কথাতো যদি হয়, তেনেহ’লে আপুনি কাৰ লগত বেছি সময় কটায় সেই লৈ খুব সাৱধান হ’ব লাগিব৷ কিছুমান মানুহ টক্সিক, কিছুমান নিগেটিভ৷ তেনে মানুহবোৰক আপুনি সাৱধানে নিজৰ ওচৰৰ পৰা আতৰ কৰিব লাগিব৷

তেনেহ’লে আপোনাক কেনে মানুহ লাগিব? কোনবোৰ মানুহ আপোনাৰ বাবে সঠিক হ’ব?

এনে কিছুমান মানুহ আপোনাক লাগিব যিয়ে আগবাঢ়ি যাবলৈ আপোনাক সহায় কৰিব৷ পজিটিভ মানুহ, আপোনাক উৎসাহ দিয়া মানুহ, গ্ৰোথ মাইণ্ডচেট থকা মানুহ৷

এনে মানুহবোৰৰ লগত যেতিয়া থাকিব, তেতিয়া আপোনাৰ মনটোও পজিটিভ হ’ব৷ আনকি যদি আপোনাৰ মনটো নিগেটিভো আছিল, আপুনি যেতিয়া প্ৰতিদিনে এই মানুহবোৰক দেখিব, তেওঁলোকে জীৱনটো পজিটিভ ধৰণে জীয়াই থকা দেখিব, পজিটিভ চিন্তা কৰা দেখিব, সিদ্ধান্তবোৰ পজিটিভ মনেৰে লোৱা দেখিব, তেতিয়া আপুনিও লাহে লাহে তেনে কৰা আৰম্ভ কৰিব৷ কেতিয়াবা গম নোপোৱাকৈয়ে তেনে কৰিব৷ এনে কৰোতে কৰোতে সেয়া অভ্যাসত পৰিণত হ’ব৷ আৰু তেতিয়া আপুনি সদায় তেনেদৰে পজিটিভ ধৰণেৰেই জীৱনটো জীয়াই থাকিব নিজৰ অভ্যাসৰ বাবে৷ এনে পজিটিভ, গ্ৰোথ মাইণ্ডচেটৰ মানুহৰ লগত থাকোতে থাকোতে আপোনাৰ বিশ্বাসবোৰো পজিটিভ হ’ব৷ আৰু তেনে বিশ্বাসে আপোনাৰ ব্যৱহাৰ আৰু চিন্তাবোৰ নিয়ন্ত্ৰণ কৰিব৷ তাৰমানে চাওকচোন, চাৰিওফালে আপোনাৰেই লাভ৷

কোন আপোনাৰ বাবে সঠিক সেয়া বিচাৰি উলিয়াওক৷ তেনে মানুহ এজন, দুজন বা কেইজনামান হ’ব পাৰে৷ তেনে মানুহ অপোনাৰ পৰিয়ালত থাকিব পাৰে, বন্ধু-বান্ধৱ হ’ব পাৰে, অফিচৰ কোনোবা হ’ব পাৰে৷ আগতে কোৱাৰ দৰে এই মানুহবোৰ পজিটিভ, স্মার্ট, মটিভেটেড মানুহ হ’ব লাগিব৷ এনে মানুহবোৰৰ লগত থাকিলে আপোনাৰ দিনটো আগতকৈ অকণমান উজ্বল হৈ উঠিব লাগিব৷ এনে মানুহবোৰে আপোনাৰ আটাইতকৈ ভাল ৰূপটো হৈ পৰিবলৈ আপোনাক উৎসাহিত কৰিব লাগিব৷ যিবিলাক মানুহে আপোনাৰ বাবে যি ভাল সেয়া কৰিবলৈ, আপুনি নিজৰ অন্তৰত যি আপোনাৰ বাবে ভাল আৰু সঠিক বুলি জানে সেয়া কৰিবলৈ উৎসাহিত কৰে সেই মানুহবোৰৰ লগত সময় কটাওক৷

কঠোৰভাৱে নিয়মটো মানি চলিব৷ পাৰিলে ৩০ মিনিট, পাৰিলে ১ ঘন্টা বা আপুনি যিমান পাৰে সিমানখিনি সময় এনে মানুহৰ লগত কটাওক৷ টি ভি চাই চাই বহি থকা মানে তেওঁলোকৰ লগত সময় কটোৱা নহয়৷ তেওঁলোকৰ লগত কথা পাতক, তেওঁলোকৰ কথা শুনক, তেওঁলোকে কি কৰে, কি কয় সেয়া লক্ষ্য কৰক৷ কিবা জানিব বিচাৰিলে সোধক৷ তেওঁলোকৰ লগত একেলগে এনে কিবা কাম কৰক যি কাম আপোনাৰ বাবে আৰু তেওঁলোকৰ বাবে আৰু সমাজৰ বাবে অর্থপূর্ণ৷

আপুনি যদি এই মানুহবিলাক কোন জানে কিন্তু তেওঁলোকৰ লগত কটাবলৈ সময় উলিয়াব নোৱাৰে, আপোনাৰ যিমানখিনি বিকাশ হ’ব পাৰিলেহেঁতেন সিমানখিনি কেতিয়াও নহ’ব পাৰে৷ এনে মানুহৰ সংগ উপভোগ কৰক, তেওঁলোকৰ লগত থকা সময়খিনি বর্তমানত মানে সেই সময়খিনিত সম্পূর্ণৰূপে উপস্থিত থাকিবলৈ শিকক৷

ইয়াক এটা অভ্যাস কৰি ল’লে আপুনি পিছলৈ গৈও সমস্যাত নপৰে৷ এই প্ৰত্যাহ্বানটো বহুত সহজ৷ কিন্তু ইয়াক প্ৰতিদিনে কৰি থাকিব লাগিব৷ এতিয়া মাত্ৰ এই চেলেঞ্জটো লওক৷ আজি আৰম্ভ কৰিলে একেৰাহে ৩০ দিন এই কামটো কৰি থাকিব মাজত এদিনো বাদ নিদিয়াকৈ৷

আপুনি এই চেলেঞ্জটো ল’বলৈ সাজুনে?

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top