Close

বিকাশক সোধক ৩২

Ask Bikash 32

আপুনি কয় যে আনৰ লগত তুলনা কৰা ঠিক নহয়, কিন্তু কম্পিটিটিভ মাইণ্ডচেট নাথাকিলে আজিৰ পৃথিৱীত চলিব পাৰিম জানো?

আনৰ লগত তুলনা কৰিলে তাৰ কিছুমান বেয়া প্ৰভাৱ, নিগেটিভ প্ৰভাৱ আমাৰ ওপৰত পৰে৷ অসন্তোষ ভাৱ আহে, মন বেয়া লাগে, ডিপ্ৰেচন হয়, একো কৰিবলৈ মন নাযায়, আত্ম মূল্য কমি যায়, আত্মসন্মান কমি যায়, আত্মবিশ্বাস কমি যায়৷ ইমানবোৰ সমস্যা যদি আন কাৰোবাৰ লগত তুলনা কৰিলে হয়, তেনেহ’লে আমিনো কিয় আনৰ লগত নিজকে তুলনা কৰিব লাগে? কম্পিটিটিভ মাইণ্ডচেট এটা ধৰি ৰখাৰ আন কোনো উপায় নাই নেকি?

কম্পিটিটিভ মাইণ্ডচেট মানে অকল আনৰ লগত কম্পিটিচন কৰাই নেকি? কম্পিটিটিভ মাইণ্ডচেট লাগে কিন্তু হেলডী হ’ব লাগে৷ তাৰবাবে আপুনি বুজিব লাগিব যে বিজয়ী হোৱাটো চেষ্টাৰ ওপৰত নির্ভৰ কৰে আৰু যিমানে চেষ্টা কৰিব সিমানে জয়ী হোৱাৰ সম্ভাৱনাটো বাঢ়ি যায়৷ এনেদৰে চেষ্টাক জয়ৰ লগত যুক্ত কৰিব পাৰিলে আপুনি কেতিয়াও চেষ্টা নকৰাকৈ আনৰ সমান ফলাফল নিবিচাৰে, আনৰ ফলাফলৰ লগত নিজৰ ফলাফলক তুলনা নকৰে৷ কাৰণ তেওঁৰ চেষ্টা আৰু আপোনাৰ চেষ্টাক জুখি সমান নে কম বেছি সেয়া ঠিক কৰিব নোৱাৰি৷

তাৰ লগতে যদি আপুনি আপোনাৰ বাবে সফলতা মানে কি সেয়া এবাৰ নির্ধাৰণ কৰি লয়, তেতিয়া আনৰ লগত কম্পিটিচন কৰা বা তুলনা কৰাৰ প্ৰয়োজনো কমি যাব৷ আন এজন মানুহৰ বাবে সফলতা যি হ’ব সেয়া আপোনাৰ মতে নহ’বও পাৰে, অপোআনৰ সসলতা মানে তাতোকৈ বেছি বা কম কিবা এটা হ’ব পাৰে৷ তেনেদৰে ঠিক কৰি ল’লে আপুনি নিজে বিচৰা সেই ফলাফলটো পাবলৈ চেষ্টা কৰি থাকিব, আনৰ লগত কেৱল তুলনা বা কম্পিটিচন কৰি নাথাকে৷ আৰু এনেদৰে সেই ফলাফল লাভ কৰিবলৈ কাম কৰি গৈ থাকিব, চেষ্টা কৰি গৈ থাকিব আৰু নিজে বিচৰা সেই সফলতা আপুনি লাভ কৰিব৷ আপুনি আনৰ লগত যি কম্পিটিচন কৰিছে, সেই কম্পিটিচন জানো আপুনি সফলতাৰ বাবেই কৰা নাই, নে কৰিব লাগে কাৰণে কৰিছে? যদি সফলতাৰ বাবে কৰিছে, তেনেহ’লে আনৰ লগত তুলনা নকৰাকৈও যদি আপুনি বিচৰা সফলতা পায়, তেতিয়া আনৰ লগত তুলনা কৰাৰ কিবা প্ৰয়োজন আছে জানো? আৰু যদি আনতকৈ নিজক ভাল বুলি দেখুৱাবলৈ বা প্ৰমাণ কৰিবলৈ সেই কম্পিটিচন কৰিছে, তেন্তে তেনেধৰণৰ অস্বাস্থ্যকৰ কম্পিটিচন এটা আপুনি আজিয়েই এৰা বেছি ভাল হ’ব, কাৰণ ই আপোনাৰ মানসিক আৰু শাৰীৰিক সমস্যাৰ সৃষ্টি কৰিব৷

তাতকৈ এনে কৰিলে বেছি ভাল নহ’বনে-

আপুনি নিজৰ লগতে কম্পিটিচন কৰক, প্ৰতিযোগিতা কৰক৷ আপুনি নিজকে নিজৰ লগত তুলনা কৰক

তুলনা যদি কৰিবই লাগে তেতিয়া নিজৰ লগতে তুলনা নকৰে কিয়? আপুনি এবছৰ আগতে কেনে আছিল, সেই এবছৰৰ পুৰণা ভার্ছনটোৰ লগত আজিৰ আপোনাৰ ভার্ছনটোৰ তুলনা কৰি চাওক৷ আপুনি সেই ভার্ছনটোতকৈ ভাল নে বেয়া? যদি তাতোকৈ ভাল সেয়া খুব ভাল কথা, যদি বেয়া তেতিয়া আপুনি তাৰমানে আৰু কিবা কৰিব লাগিব৷ আপুনি কলেজ বা ইউনিভার্ছিটিত পঢ়ি থাকোতে আপোনাৰ যিটো ভার্ছন আছিল তাতোকৈ কেৰিয়াৰ আৰম্ভ কৰোতে থকা ভার্ছনটো বেছি ভাল হয় নে নহয়?

যদি কম্পিটিচন কৰিবই লাগে তেতিয়াহ’লে আজিৰ যিটো ভার্ছন আছে তাৰ লগত কম্পিটিচন কৰি চাওক আপুনি কাইলৈ ইয়াতকৈ ভাল হ’ব পাৰে নেকি৷ প্ৰতিযোগিতা কৰক আজিৰ ভার্ছনটোতকৈ এবছৰৰ পিছৰ ভার্ছনটো প্ৰায় দুগুণ ভাল হ;ব পাৰে নেকি?

আনৰ লগত তুলনা কৰাতকৈ নিজৰ লগত তুলনা কৰিলে অৰু আনৰ লগত প্ৰতিযোগিতা কৰাতকৈ নিজৰ লগত প্ৰতিযোগিতা কৰিলে, আনৰ লগত তুলনা কৰাৰ যি সমস্যা যেনে ডিপ্ৰেচন, মন বেয়া লগা, অশান্তি পোৱা, ইত্যাদি নাথাকিব৷ আপুনি  শান্তিত, সুখত জীয়ই থকাৰ লগতে নিজৰ সফলতাৰ বাবে একান্তমনে কাম কৰি যাব পাৰিব, চেষ্টা কৰি যাব পাৰিব, যি চেষ্টাৰ ফল এদিন নহয় এদিন আপুনি পাবই৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top