Close

প্ৰডাক্টিভিটি বঢ়োৱাৰ এক সহজ উপায়

আপুনি যদি নিজৰ প্ৰডাক্টিভিটি বঢ়াব বিচাৰে তেতিয়াহ’লে এই পধতিটোৱে আপোনাক সহায় কৰিব৷ পদ্ধতিটো বহুত শল আৰু সৰল৷ যিকোনো মানুহে, যিকোনো পৰিস্থিতিতে এই পদ্ধতিটো কামত লগাব পাৰিব৷ আৰু ইয়াৰবাবে আপোনাক বিশেষ একো সঁজুলিও নালাগে৷

আইভি লী মেথড- ইয়াৰ আৰৰ কাহিনী

১৯১৮ চনৰ কথা৷ তেতিয়ালৈকে ইতিমধ্যে চার্লছ এম শ্বোৱাব পৃথিৱীৰ আটাইতকৈ ধনী মানুহ হৈ পৰিছিল৷ তেওঁ আছিল বেথলেহেম ষ্টিল কর্পোৰেচনৰ প্ৰেচিডেন্ট৷ নিজত টিমৰ প্ৰডাক্টিভিটি বঢ়াবলৈ কাম আৰু ভালকৈ কৰাৰ কিছুমান উপায় বিচাৰি তেওঁ সেই সময়ৰ এজন প্ৰখ্যাত আৰু সকলোৱে সন্মান কৰা প্ৰডাক্টিভিটি বিশেষজ্ঞ আইভি লী ক মাতিলে৷

লী আহিল আৰু শ্বোৱাবে তেওঁক ক’লে, “আৰু কাম বেছিকৈ কৰাৰ এটা উপায় দিয়ক৷”

লীয়ে ক’লে, “অপোনাৰ এক্সিকিউটিভ সকলৰ প্ৰত্যেকৰে লগত মোক ১৫ মিনিটকৈ সময় দিয়ক৷”

“ইয়াৰ খৰছ কিমান হ’ব?”

“একো নালাগে৷ কাম নকৰিলে একো নালাগে৷ যদি কাম কৰে, তিনি মাহ পিছত আপুনি ইয়াৰ মূল্য যি বুলি ভাবে সেই মূল্যৰ এখন চেক পঠিয়াই দিলে হ’ব৷” লীয়ে ক’লে৷

প্ৰতিজন এক্সিকিউটিভৰ লগত কটোৱা ১৫ মিনিট সময়ত লীয়ে তেওঁলোকক আইভি লী মেথ’ডটো ভালদৰে বুজাই দিলে৷

পদ্ধতিটো সহজ-সৰল আছিল৷ শ্বোৱাব আৰু তেওঁৰ এক্সিকিউটিভ টিমে এয়া কামত লগালে৷ তিনিমাহৰ পিছত তাৰ ফলাফল দেখি আনন্দিত শ্বোৱাবে লীক মাতি আনি ২৫,০০০ ইউ এছ ডলাৰৰ চেক এখন দিলে৷ সেয়া ১৯১৮ চনত ২৫,০০০ ইউ এছ ডলাৰ, আজি যাৰ মূল্য কেইবালাখো ইউ এছ ডলাৰ হ’ব৷

কি এই আইভি লী মেথড?

এই মেথ’ডটো এনেকুৱা-

১) দিনটো শেষ হোৱাৰ পিছত, পিছদিনা কৰিবলগীয়া ৬ টা আটাইতকৈ গুৰুত্বপূর্ণ কাম লিখি লওক৷ মাত্ৰ ৬ টা কামহে লিখিব, তাতোকৈ বেছি নহয়৷

২) এতিয়া সেই ৬ টা কামৰ গুৰুত্ব অনুসৰি সেইবোৰক প্ৰায়ৰিটি হিচাপে সজাই লওক ১, ২, ৩ এনেকৈ

৩) কাইলৈ কাম আৰম্ভ কৰাৰ সময়ত, অকল প্ৰথম কামটোতহে মনোযোগ দিব৷ প্ৰথম কামটো শেষ হোৱাৰ পিছতহে দ্বিতীয় কামটোত হাত দিব

৪) লিষ্টখনৰ বাকী কাম কেইটাও একেদৰেই কৰিব৷ এটা কৰি শেষ হলেহে তাৰ পিছৰ কামটোত ধৰিব৷ দিনটোৰ শেষত যদি কিবা কাম বাকী থাকি যায় তেতিয়া সেই কামটো পিছদিনাৰ কৰিবলগীয়া ৬ টা কামৰ তালিকাত যোগ দিয়ক৷

৫) প্ৰতিদিনে এই পদ্ধতিটো অনুসৰণ কৰক

সহজ নহয়নে? আপুনি মাত্ৰ এখন তালিকা বা লিষ্ট কৰি ল’ব লাগে আৰু সেইখনকে অনুসৰণ কৰিব লাগে৷ ইয়াতকৈ সহজ আৰু কি হ’ব পাৰে? আপুনি অফিচৰ কামত বা নিজৰ ব্যক্তিগত কামত সকলোতে এই পদ্ধতিটো ব্যৱহাৰ কৰিব পাৰে৷

ই কিয় কাম কৰে?

এই পদ্ধতিটোৱে কাম কৰে কাৰণ ই কেইটামান গুৰুত্বপূর্ণ কথা সামৰি লয়৷ প্ৰথম কথা ই আপোনাক কামবোৰ লিখি ল’বলৈ শিকায়৷ ফলত আপুনি কামবোৰ কৰিবলৈ পাহৰি যোৱাৰ কথাই নাহে৷ দ্বিতীয়তে ই আপোনাক কৰিবলগীয়া কামবোৰ প্ৰায়ৰিটাইজ কৰিবলৈ শিকায়৷ আপুনি শিকে কেনেদৰে নিজৰ কামবোৰ প্ৰায়ৰিটি অনুসৰি একাদিক্ৰমে সজাই ল’ব পাৰি৷ এইটো এটা বৰ ডাঙৰ কথা কাৰণ বহু মানুহে বহু কাম কৰে, কষ্ট কৰে, কিন্তু তেওঁলোকে খুব এটা ভাল ফলাফল লাভ নকৰে কাৰণ তেওঁলোকে নাজানে কোনবোৰ তেওঁলোকৰ বাবে প্ৰায়ৰিটি আৰু কেনেদৰে সেই প্ৰায়ৰিটিবোৰ ঠিক কৰি ল’লে বিচৰা ফলাফল লাভ কৰিব পাৰি৷ আপুনি নিজৰ প্ৰায়ৰিটি ঠিক কৰি ল’বলৈ শিকিলে বিচৰা ফলাফলবোৰ লাভ কৰিবলৈ আপোনাৰ বাবে সহজ হ’ব৷ আন এটা কথা আপুনি ইয়াত শিকিব পাৰে৷ এটা কাম কৰি নোহোৱালৈকে আপুনি যিহেতু আন এটা কাম হাতত নলয়, গতিকে এটা সময়ত এটা কামত ফ’কাছ কৰিবলৈ আপুনি শিকিব৷ আৰু সেয়া শিকিলে এই অভ্যাসটোৱে আপোনাক জীৱনত কাম ভালদৰে কৰিবলৈ আৰু কৰা কামৰ পৰা ভাল ফলাফল পাবলৈ সদায় সহায় কৰিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top