Close

উচ্চ প্ৰডাক্টিভিটিৰ বাবে এক উপায়

আপুনি যদি নিজৰ প্ৰডাক্টিভিটি বঢ়াব বিচাৰে তেতিয়াহ’লে এই পদ্ধতিটোৱে আপোনাক সহায় কৰিব৷ পদ্ধতিটো বহুত শল আৰু সৰল৷ যিকোনো মানুহে, যিকোনো পৰিস্থিতিতে এই পদ্ধতিটো কামত লগাব পাৰিব৷ আৰু ইয়াৰবাবে আপোআনক বিশেষ একো সঁজুলিও নালাগে৷

আইভি লী মেথড- ইয়াৰ আৰৰ কাহিনী

১৯১৮ চনৰ কথা৷ তেতিয়ালৈকে ইতিমধ্যে চার্লছ এম শ্বোৱাব পৃথিৱীৰ আটাইতকৈ ধনী মানুহ হৈ পৰিছিল৷ তেওঁ আছিল বেথলেহেম ষ্টিল কর্পোৰেচনৰ প্ৰেচিডেন্ট৷ নিজত টিমৰ প্ৰডাক্টিভিটি বঢ়াবলৈ কাম আৰু ভালকৈ কৰাৰ কিছুমান উপায় বিচাৰি তেওঁ সেই সময়ৰ এজন প্ৰখ্যাত আৰু সকলোৱে সন্মান কৰা প্ৰডাক্টিভিটি বিশেষজ্ঞ আইভি লী ক মাতিলে৷

লী আহিল আৰু শ্বোৱাবে তেওঁক ক’লে, “আৰু কাম বেছিকৈ কৰাৰ এটা উপায় দিয়ক৷”

লীয়ে ক’লে, “অপোনাৰ এক্সিকিউটিভ সকলৰ প্ৰত্যেকৰে লগত মোক ১৫ মিনিটকৈ সময় দিয়ক৷”

“ইয়াৰ খৰছ কিমান হ’ব?”

“একো নালাগে৷ কাম নকৰিলে একো নালাগে৷ যদি কাম কৰে, তিনি মাহ পিছত আপুনি ইয়াৰ মূল্য যি বুলি ভাবে সেই মূল্যৰ এখন চেক পঠিয়াই দিলে হ’ব৷” লীয়ে ক’লে৷

প্ৰতিজন এক্সিকিউটিভৰ লগত কটোৱা ১৫ মিনিট সময়ত লীয়ে তেওঁলোকক আইভি লী মেথ’ডটো ভালদৰে বুজাই দিলে৷

পদ্ধতিটো সহজ-সৰল আছিল৷ শ্বোৱাব আৰু তেওঁৰ এক্সিকিউটিভ টিমে এয়া কামত লগালে৷ তিনিমাহৰ পিছত তাৰ ফলাফল দেখি আনন্দিত শ্বোৱাবে লীক মাতি আনি ২৫,০০০ ইউ এছ ডলাৰৰ চেক এখন দিলে৷ সেয়া ১৯১৮ চনত ২৫,০০০ ইউ এছ ডলাৰ, আজি যাৰ মূল্য কেইবালাখো ইউ এছ ডলাৰ হ’ব৷

কি এই আইভি লী মেথড?

এই মেথ’ডটো এনেকুৱা-

১) দিনটো শেষ হোৱাৰ পিছত, পিছদিনা কৰিবলগীয়া ৬ টা আটাইতকৈ গুৰুত্বপূর্ণ কাম লিখি লওক৷ মাত্ৰ ৬ টা কামহে লিখিব, তাতোকৈ বেছি নহয়৷

২) এতিয়া সেই ৬ টা কামৰ গুৰুত্ব অনুসৰি সেইবোৰক প্ৰায়ৰিটি হিচাপে সজাই লওক ১, ২, ৩ এনেকৈ

৩) কাইলৈ কাম আৰম্ভ কৰাৰ সময়ত, অকল প্ৰথম কামটোতহে মনোযোগ দিব৷ প্ৰথম কামটো শেষ হোৱাৰ পিছতহে দ্বিতীয় কামটোত হাত দিব

৪) লিষ্টখনৰ বাকী কাম কেইটাও একেদৰেই কৰিব৷ এটা কৰি শেষ হলেহে তাৰ পিছৰ কামটোত ধৰিব৷ দিনটোৰ শেষত যদি কিবা কাম বাকী থাকি যায় তেতিয়া সেই কামটো পিছদিনাৰ কৰিবলগীয়া ৬ টা কামৰ তালিকাত যোগ দিয়ক৷

৫) প্ৰতিদিনে এই পদ্ধতিটো অনুসৰণ কৰক

সহজ নহয়নে? আপুনি মাত্ৰ এখন তালিকা বা লিষ্ট কৰি ল’ব লাগে আৰু সেইখনকে অনুসৰণ কৰিব লাগে৷ ইয়াতকৈ সহজ আৰু কি হ’ব পাৰে? আপুনি অফিচৰ কামত বা নিজৰ ব্যক্তিগত কামত সকলোতে এই পদ্ধতিটো ব্যৱহাৰ কৰিব পাৰে৷

ই কিয় কাম কৰে?

এই পদ্ধতিটোৱে কাম কৰে কাৰণ ই কেইটামান গুৰুত্বপূর্ণ কথা সামৰি লয়৷ প্ৰথম কথা ই আপোনাক

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top