Close

কিছুমান কাম যিয়ে প্ৰডাক্টিভিটি নোহোৱা কৰে

এইকেইটা কাম আপুনি কৰে কিন্তু প্ৰকৃততে এইবোৰ প্ৰডাক্টিভ নহয়৷ আপুনি ভাবে যে এইবোৰে আপোনাক বেছি প্ৰডাক্টিভ কৰে, প্ৰডাক্টিভিটি  বঢ়ায়, কিন্তু দৰাচলতে এইবোৰে আপোনাৰ প্ৰডাক্টিভিটি  কমায়হে৷ এই কামবোৰ কৰা বাদ দিয়ক৷

মাল্টি টাস্কিং

একে সময়তে এটাতকৈ বেছি  কাম কৰা মানে মাল্টি টাস্কিং৷ কিন্তু আপুনি যেতিয়া একেলগে এটাতকৈ বেছি কাম কৰে তেতিয়া দুয়োটা কামৰ গুণগত মান বিচৰা ধৰণে কৰি ৰখাটো সম্ভৱ নহয়৷ কিছু গৱেষণাকাৰীসকলৰ মতে মাল্টি টাস্কিঙে আপোনাৰ প্ৰডাক্টিভিটি ৪০% লৈ কমাবহে পাৰে৷ এনে কৰিলে আপুনি নিজৰ মনোযোগ এটা কামৰ পৰা আন এটালৈ তৎক্ষণাত সলাবলগীয়া হয় যাৰ ফলত মেন্টেল ব্লকে দেখা দিব অপৰে আৰু ডিচট্ৰেকচনবোৰ সহজে মনলৈ সোমাই আহিব পাৰে৷   

এনেদৰে দুটা কাম কৰিবলৈ গ’লে আপোনাৰ ষ্ট্ৰেছ হ‘ব আৰু ফলত মানসিক আৰু শাৰীৰিক ভাৱে ভাগৰ লাগিব, চিন্তা কৰিব পৰা আৰু মনত ৰাখিব পৰা শক্তি কমিব, কর্মক্ষমতা কমিব৷ তেতিয়া আপুনি আন কামবোৰ ভালদৰে কেনেদৰে কৰিব?

অভাৰটাইম কৰা

অভাৰটাইম কৰা মানে প্ৰডাক্টিভিটি বেছি নে প্ৰডাক্টিভিটি কম? অভাৰটাইম কৰা মানেই বেছি কাম কৰা নহয়৷ ই সম্পূর্ণ ওলোটা কথাটোও বুজাব পাৰে৷ আপোনাৰ প্ৰডাক্টিভিটি কম বাবে আপোনাক কামবোৰ কৰিবলৈ বেছি  সময় লাগে৷ তাতোকৈ সময়ৰ ভিতৰত গুৰুত্বপূর্ণ কামবোৰ কৰি শেষ কৰিলে আপোনাৰ প্ৰডাক্টিভিটি বাঢ়ি নাযাবনে?

পাৰকিনচনছ ল’ মতে কাম এটা কৰিবলৈ যিমান সময় থাকিব ই সম্প্ৰসাৰণ হৈ সেই সময়খিনি পূৰণ কৰিব৷ তাৰমানে আপুনি কাম এটা কৰিবলৈ যিমানে বেছি সময় দিব সিমানে সি দীঘলীয়া হৈ গৈ থাকিব৷ এই কথাটো মনত ৰাখিলে আপুনি কাম এটাৰ অববে দিয়া সময় আৰু লগা সময়ৰ মাজত এটা বেলেন্স ৰাখিব পাৰিব৷   

সকলো কথাতে হয় বুলি কোৱা

আপুনি যদি সকলো কথাতে হয় বুলি কয় আৰু কাকো না বুলি ক’ব নোৱাৰে, তেতিয়া আপুনি কৰিব নলগা, নিবিচৰা কামেৰে আপোনাৰ কামৰ তালিকা খন ভৰি যাব৷ আপুনি নিজৰ কৰিবলগীয়া কামবোৰ কৰাটো বেছি জৰুৰী কাৰণ সেইবোৰ আপোনাৰ নিজৰ বাবে, জীৱনৰ বাবে গুৰুত্বপূর্ণ৷ আনৰ কাম কৰি থাকোতে থাকোতে আপোনাৰ নিজৰ কৰিবলগীয়া কামবোৰ কৰিবলৈকে বাকী থাকি যাব৷ ধৰি লওক আপুনি খুব গুৰুত্বপূর্ণ কাম এটা কৰি আছে, আৰু সেই সময়তে আন কোনোবাই আহি আপোনাক তেওঁৰ কিবা এটা কাম কৰি দিবলৈ অনুৰোধ কৰিলে৷ যিহেতু আপুনি “না” বা “নহ’ব” বুলি ক’ব নোৱাৰে গতিকে আপুনি সেই কামটো কৰিবলৈ ধৰিলে৷ ফলত নিজৰ কামটো পৰি থাকিল, সময়ত সেয়া শেষ কৰিব নোৱাৰিলে আৰু তাৰ ফলত আপোনাৰ ষ্ট্ৰেছ হ’ল৷ ভাবি চাওকচোন লোকচান কাৰ হ’ল?

সকলো কাম নিজেই কৰা

আপুনি যদি ভাবে যে সকলো কাম ভালদৰে কৰিবলৈ হ’লে নিজেই কৰিব লাগিব, সেয়া সঁচা নহ’বও পাৰে৷ নিজে যদি আপুনি সৰু সুৰা কাম কৰি থাকে, তেতিয়া সেইবোৰ কৰোতে সময়বোৰ নষ্ট হ’ব আৰু আপোনাৰ বাবে গুৰুত্বপূর্ণ কামবোৰ কৰা নহ’ব৷ গতিকে প্ৰয়োজন হ’লে আপুনি আনৰ সহায় ল’ব লাগিব৷ তেনেদৰে আনক কাম ডেলিগেট কৰিব লাগিব৷ কিছুমান সৰু সুৰা কাম যিবোৰ আপোনাৰ বাবে খুব গুৰুত্বপূর্ণ নহয়, আৰু যিবোৰ আপুনি নকৰিলেও হয়, সেইবোৰ আনক কৰিবলৈ দিব পাৰে৷ তেনেদৰে টিম এটাই এজনতকৈ বেছি  কাম কৰিব পাৰে৷ আপুনি সেয়া টিম এটা গঠন কৰি প্ৰয়োজনীয় কামবোৰ কৰাত আনৰ সহায় ল’ব পাৰে৷ আপুনি আপোনাৰ সময়বোৰক খুব কঠোৰভাৱে ৰক্ষা কৰিব লাগিব৷ নহ’লে এইবোৰ আনে নষ্ট কৰিব আৰু আপোনাৰ গুৰুত্বপূর্ণ একো কামেই কৰা নহ’ব৷

অহাৰ লগে লগে ইমেইল বা নটিফিকেচন চোৱা

আপোনাৰ ফোনটোত ইমেইল, হোৱাটছ, ফেচবুক বা ইনষ্টাগ্ৰামৰ নোটিফিকেচন অহাৰ লগে লগে যদি আপুনি ফোনটো খুলি চায়, তেতিয়াহ’লে কেনেদৰে আপুনি নিজৰ প্ৰডাক্টিভিটি ভাল হ’ব বুলি আশা কৰে? কিবাএটা নোটিফিকেচন আহিলেই লগে লগে সেয়া চাব লাগিবনে? ভালদৰে ভাবি চাওকচোন এইবোৰ কিমান গুৰুত্বপূর্ণ৷ কেতিয়াবা এটা গুৰুত্বপূর্ণ ইমেইল আহিব পাৰে আৰু সেয়া চাব লাগিব পাৰে, কিন্তু আপুনি যদি প্ৰতিদিনে এনে কৰে আৰু দিনটোত যেতিয়াই নোটিফিকেচন আহে তেতিয়াই এনেকুৱা কৰে, তেনেহ’লে আপুনি নিজেই নিজৰ প্ৰডাক্টিভিটি নষ্ট কৰিছে৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top