Close

ফোনটো কেনেদৰে প্ৰডাক্টিভলি ব্যৱহাৰ কৰিব?

মবাইল ফোনটো বহুতৰে বাবে এক সাংঘাটিক ডিচট্ৰেকচন৷ কিন্তু তাৰমানে এয়া নহয় যে মবাইল ফোনটো বেয়া৷ ই ভাল নে বেয়া সেয়া নির্ভৰ কৰিব আপোনাৰ ওপৰত৷ এই মবাইল ফোনটোকো কিন্তু সম্পূর্ণভাৱে ব্যৱহাৰ কৰিব পাৰি যদি আপুনি জানে কেনেদৰে ইয়াক ব্যৱহাৰ কৰিব পাৰি৷ মবাইল ফোনটোৰ পৰা যিমান পাৰি সিমান সুবিধা কেনেদৰে ল’ব পাৰি , ইয়াক প্ৰডাক্টিভ ভাৱে কেনেদৰে ব্যৱহাৰ কৰিব পাৰি সেয়া চাও আহক৷

নিজৰ কামবোৰ কৰাটো নিশ্চিত কৰক

আপোনাৰ মবাইলৰ যিটো এপ ষ্টোৰ আছে তাৰ পৰা এটা টু ডু লিষ্ট এপ ডাউনল’ড কৰক৷ এই এপটোৱে আপোনাক আপোনাৰ কামবোৰ লিখি যাবলৈ সুবিধা দিব৷ আপুনি আজি কৰিবলগীয়া, কাইলৈ কৰিবলগীয়া, কেতিয়াবা কৰিবলগীয়া এনেধৰণে কামবোৰ ঠিক কৰি ল’ব পাৰে৷ কাম এটা কৰাৰ দিনটো তাত ঠিক কৰি দিব পাৰে আৰু সেইমতে ই আপোনাক সেয়া জনাই দিব৷ সেই লিষ্টখন চাই চাই আপুনি কামবোৰ কৰি গ’লেই হ’ল৷ কিছুমান এপে আপোনাক প্ৰজেক্ট আকাৰে কামবোৰ লিখিবলৈ সুবিধা দিয়ে আৰু সকলো এপেই প্ৰতিটো কামৰ বিপৰীতে এটা দিন নির্দিষ্ট কৰি দিবলৈ সুবিধা দিয়ে ৷ এনে নানা ধৰণৰ এপ আছে যেনে Wunderlist, To do ist, Any.do ইত্যাদি৷


পডকাষ্ট বা অডিঅবুক শুনক

আপুনি নিজৰ মবাইল ফোনটোত পডকাষ্ট শুনিব পাৰে৷ পডকাষ্ট হ’ল ডিজিটেল অডিঅ ৰূপত থকা কথা-বতৰা৷ এয়া আপুনি শুনিব পাৰে আৰু পিছত শুনিবলৈ ডাউনল’ড কৰি ল’ব পাৰে৷ আপুনি নিজৰ মবাইল ফোনটোত অডিঅবুকো শুনিব পাৰে৷ অডিঅবুক মানে কিতাপ এখন কোনোবাই পঢ়ি ৰেকর্ডিং কৰি থৈছে যিখন পঢ়াৰ সলনি আপুনি শুনি যাব পাৰে, ঠিক গা শুনাৰ নিচিনাকৈ৷

গান শুনক

গান শুনাৰ আপোনাৰ মানসিক স্বাস্থ্য আৰু শাৰীৰিক স্বাস্থ্যৰ ওপৰত পোনপটীয়া প্ৰভাৱ আছে৷ মবাইল ফোনটোত তেনে গান শুনা এপ এটা ডাউনল’ড কৰি আপোনাৰ পচন্দৰ ভাষা এটাৰ বিভিন্ন গান আপুনি শুনিব পাৰিব৷ যেতিয়াই মন যায় নিজে ভালপোৱা গান, নতুন গান, পুৰণি গান উলিয়াই আপুনি শুনিব পাৰিব৷

ভিডিঅ বনাওক

আপুনি যদি  নিজৰ ইউটিউব চেনেল এটা খুলিব বিচাৰিছে বা নিজৰ বাবে বা ব্যৱসায়ৰ বাবে ভিডিঅ বনাব বিচাৰিছে, তেনেহ’লে আপুনি নিজৰ মবাইল ফোনটোক সেই কামত ব্যৱহাৰ কৰিব পাৰে৷ আজিকালিৰ ভাল মবাইল ফোন এটাই প্ৰায় প্ৰফেচনেল কেমেৰাৰ নিচিনা কাম কৰিব পাৰে৷ তেতিয়া আপুনি বেলেগকৈ DSLR নিকিনিলেও হ’ব৷

চচিয়েল মিডিয়া ব্লক কৰা এপ এটা ডাউনল’ড কৰক

SelfControl, StayFocused, Anti-Social এনেধৰণৰ বিভিন্ন এপ আছে যিবোৰে আপোনাক চচিয়েল মিডিয়া এপবোৰ নিয়ন্ত্ৰণ কৰিবলৈ সুবিধা দিয়ে৷ আপুনি কেতিয়া সেই চচিয়েল মিডিয়া এপবোৰ খুলিব পাৰে, কেতিয়া নোৱাৰে সেয়া এনেধৰণৰ এপৰ জৰিয়তে নিজে ঠিক কৰি ল’ব পাৰে৷ এইবোৰে আপোনাক ৰিমাইণ্ডাৰো দি থাকিব যদি আপুনি বেছি সময় চচিয়েল মিডিয়াত খৰছ কৰে৷ আপুনি চচিয়েল মিডিয়াত খৰছ কৰা নিজৰ সময়বোৰ কমাবলৈ এনে এপবোৰ ব্যৱহাৰ কৰিব পাৰে৷

এক্সাচাইজ এপ

আপুনি যদি জিমলৈ যাবলৈ ভাল নাপায়, কিন্তু ঘৰতে নিয়মিতভাৱে এক্সাচাইজ কৰিব বিচাৰে, তেতিয়াহ’লে এনে বহুত এপ আছে যিবোৰে আপোনাক ঘৰতে তেনে কৰিবলৈ সহায় কৰিব৷ এনে কিছুমান এপে এজন ব্যক্তিগত ফিটনেছ কোচ ৰ নিচিনাকৈ আপোনাক সহায় কৰিব পাৰে৷ কোনটো এক্সাচাইজ কেনেকৈ কৰিব লাগে সেয়া ভিডিঅৰ জৰিয়তে শিকাই দিয়ে, কিমান সময় কৰিব লাগিব সেয়া বুজাই দিয়ে আৰু লগতে দিনটোৰ আৰু কেইসপ্তাহমানৰ বা মাহৰ ৱর্কআউট এনে এপবোৰে আপোনাৰ বাবে বনাই দি আপোনাক নিজৰ স্বাস্থ্য ভালে ৰাখিবলৈ সহায় কৰিব পাৰে৷ আপুনি য়োগা শিকিব খুজিলে তেনে এপ আছে, বডীৱেইট এক্সাচাইজ কৰিব বিচাৰিলে তেনে এপ আছে, দৌৰিব বিচাৰিলে তেন এপো আছে৷

মেডিটেচন এপ

আপুনি যদি মেডিটেচন কৰিব বিচাৰে, তেতিয়াহ’লে এটা মেডিটেচন এপ ডাউনল’ড কৰি সেয়া ঘৰতে শিকিব পাৰে, কৰিব পাৰে৷ এনে নানা ধৰণৰ এপ আছে যিয়ে বেলেগ বেলেগ ধৰণৰ মেডিটেচন শিকায়৷ কিছুমান গাইডেড মেডিটেচন এপো আছে যিবোৰে আপোনাক সেয়া শিকিবলৈ সহায় কৰিব৷ আৰম্ভণিতে আপুনি ফ্ৰি এপেৰে সেয়া কৰিব পাৰে আৰু পিছলৈ প্ৰয়োজন অনুসৰি পেইড এপ এটা ল’ব পাৰে বা ফ্ৰি এপৰ ভিতৰতে থকা পেইড অপচনবোৰ ল’ব পাৰে৷

জার্নেলিং এপ

আপোনাৰ মবাইল ফোনটোত আপুনি জার্নেলিং এপ এটা ডাউনল’ড কৰি ল’ব পাৰে৷ তেতিয়া প্ৰতিদিনে আপোনাৰ সুবিধা মতে ৰাতিপুৱা বা ৰাতি নিজৰ দিনটোৰ কথা তাত লিখিব পাৰে, নিজৰ অনুভৱ, আৱেগবোৰৰ কথা তাত লিখিব পাৰে৷ জার্নেলিঙৰ লাভবোৰৰ বিষয়ে মই আগতে ভিডিঅ এটাত কৈছোঁ৷ আপোনাক মানসিকভাৱে ঠিকে ৰখাত ই নিশ্চয় সহায় কৰিব৷

নিজৰ মবাইল ফোনটোত এন এপবোৰ থাকিলে আপুনি একো নোটবুক, বা আন সা সৰঞ্জাম কঢ়িয়াই ফুৰিব নালাগে, এটা সৰু মবাইল ফোনটোৰ দ্বাৰাই অপোনাৰ জীৱনটো ভালদৰে জীয়াই থকাৰ বাবে প্ৰয়োজনীয় সকলোবোৰ কাম আপুনি কৰিব পাৰে৷ তেনেহ’লে এতিয়াৰ পৰা চেষ্টা কৰকচোন, নিজৰ মবাইল ফোনটোক আপোনাৰ অগ্ৰগতিৰ এক আহিলা হিচাপে ব্যৱহাৰ কৰিব পাৰে নেকি৷ এবাৰ চেষ্টা কৰি চাওক, ই নিশ্চয় কামত আহিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top