Close

প্ৰডাক্টিভিট বঢ়াওক কেইটামান সহজ উপায়েৰে

প্ৰডাক্টিভিট বঢ়াওক কেইটামান সহজ উপায়েৰে

আপুনি অফিচত কাম কৰক বা নিজৰ কাম কৰক বা ঘৰ মেনেজ কৰক যি কামেই নকৰক কিয়, কিছুমান সৰু সৰু কথাই আপোনাৰ প্ৰডাক্টিভিটি বঢ়াব পাৰে৷ প্ৰডাক্টিভিটি মানে আপুনি যিবোৰ কাম কৰিব বিচাৰে, যিবোৰ আপোনাৰ বাবে কৰিবলগীয়া কাম সেইবোৰ সময়ত, সঠিকভাৱে কৰা৷ চাও আহক আপুনি কেনেদৰে নিজৰ প্ৰডাক্টিভিটি বঢ়াব পাৰে৷

ফোনটো আতৰাই থওক

আপোনাৰ মবাইল ফোনটো আতৰাই থওক৷ চুইছটড অফ কৰি থব পাৰিলে খুব ভাল কথা, কিন্তু যদি সেয়া কৰা সম্ভৱ নহয় আপুনি অন্তত ফোনটো দূৰত থৈ দিব পাৰে৷ ফোন এটা আহিলেই সকলো ফোনেই যে ধৰিবই লাগিব তেনে কোনো কথা নাই, বিশেষকৈ আপুনি যেতিয়া ক’ল বেক কৰিব পাৰে৷ আপুনি খুব মনোযোগেৰে, ফ’কাছেৰে সৈতে কাম এটা কৰিবলৈ আৰম্ভ কৰিছে, সেই সময়ত ফোনটোৱে আপোনাৰ কামত ব্যঘাত জন্মাব পাৰে৷ ফোনটো এটা সাংঘাটিক ডিচট্ৰেকচন৷ বর্তমান ফোনটো খুলিলেই যিহেতু নানা ধৰণৰ চচিয়েল মিডিয়া, বিভিন্ন গেইম আৰু নানা ধৰণৰ ভিডিঅ চোৱাৰ সুবিধা আছে, গতিকে ইয়াক ব্যৱহাৰ কৰোতে আপুনি আগতকৈ বেছি সাৱধান হ’ব লাগিব৷ নহ’লে দিনটোৰ সময়বোৰ পাৰ হৈ যাব কিন্তু আপোনাৰ একো কৰা নহ’ব৷

পানী খাওক

আপুনি শৰীৰটো যদি অলপো ডিহাইড্ৰেনচনত ভোগে, আনকি মাত্ৰ ১% ডিহাইড্ৰেচন হয়, তেতিয়া আপোনাৰ শৰীৰৰ শক্তি কমি যাব আৰু লগতে মানসিক কার্যক্ষমতাও কমি যাব৷ আপোনাৰ ভাগৰ লাগিব, মূৰৰ বিষ হ’ব পাৰে, খঙ উঠিব পাৰে৷ ই আপোনাৰ মুড, মনোযোগ, মনত ৰখাৰ শক্তি আৰু অংগ সঞ্চালনত সমস্যাৰ সৃষ্টি কৰিব৷ এনে পৰিস্থিতিত আপুনি কৰিব বিচৰা কামবোৰ কৰিব কেনেকৈ? গতিকে নিজৰ লগত পানীৰ বটল এটা ৰাখক৷ আপুনি অফিচতে থাকক বা ঘৰত, নিজৰ বাবে এটা বিশেষ পানী বটলৰ ব্যৱস্থা কৰাটো ডাঙৰ কথা নিশ্চয় নহয়৷ ই চখ নহয়, আপোনাৰ বাবে প্ৰয়োজনীয় কথা এটা৷ দিনটোত ২ লিটাৰ মান পানী খাওক৷ যদি অকল পানী খাবলৈ অসুবিধা পায়, তাত ফলৰ টুকুৰা বা নেমুৰ টুকুৰা এটা ডুবাই ৰাখিলে বা ইনফিউজ কৰি ৰাখিলে আপোনাৰ  পানীখিনি অকল বেলেগ সোৱাদৰ হ’ব৷

কাম কৰা ঠাইখনে আপোনাক মটিভেট কৰেনে?

আপুনি যি ঠাইত কাম কৰে সেই ঠাইখনৰ পৰিবেশটো নিজৰ মতে এনেদৰে সজাই লওক যাতে ই আপোনাক মটিভেট কৰি থাকে৷ প্ৰয়োজন হ’লে এখন হোৱাইট বর্ড, বা পিন আপ বর্ড নিজৰ কাম কৰা ঠাইৰ ওচৰত লগাই ল’ব পাৰে৷ আপোনাৰ লক্ষ্যবোৰ তাত লগাই ল’ব পাৰে বা লিখি ল’ব পাৰে৷ আপুনি ভালপোৱা কিছুমান মটিভেচনেল উক্তি লগাই ল’ব পাৰে৷ আপুনি যদি কিউবিকল এটাত বহি কাম কৰে তাতো এনে মটিভেচন জগোৱা কথাবোৰ, লক্ষ্যবোৰ, উক্তিবোৰ, বস্তুবোৰ লগাই থব পাৰে৷ নিজে নিজৰ সেই পৰিবেশটো এনেদৰে গঢ়ি লওক যাতে তাত সোমোৱাৰ লগে লগে আপোনাৰ মনটো ভাল লাগি যায়৷ যদি আপুনি ঘৰৰ পৰা কাম কৰে বা ঘৰ মেনেজ কৰে নিজৰ বাবে এটুকুৰা এনে ঠাই ঠিক কৰি লওক যত আপুনি এনেধৰণৰ পৰিবেশ এটা সৃষ্টি কৰি ল’ব পাৰে আৰু প্ৰয়োজন হ’লেই তালৈ গৈ অলপ সময় কটাব পাৰে৷

গান শুনক

গানে আপোনাৰ প্ৰডাক্টিভিটি বঢ়াব পাৰে৷ ই আপোনাৰ মনটো ভাল লগায়, মগজুৰ কিছুমান বিশেষ অঞ্চলক জগাই তোলে আৰু ফলত আপোনাৰ কামটো কৰি থাকোতে বিৰক্তি নালাগে, কামটো কৰি কেতিয়া শেষ হ’ল সেয়া আপুনি গম নাপায়৷ গানে আপোনাৰ শৰীৰৰ বিষ কমাব পাৰে, ষ্ট্ৰেছ কমাব পাৰে, স্মৃতিশক্তি বঢ়াব পাৰে৷ সংগীতে আপোনাক আনন্দ দিয়ে আৰু কামবোৰ নির্ভুলভাৱে কৰিবলৈ সহায় কৰে৷ যদি পাৰি কাম এটা কৰি থাকোতে আপুনি গান শুনি থাকিব পাৰে৷ আনৰ অসুবিধা হ’লে হেডফোন এটা লগাই ল’লেই হ’ল৷ যি গান শুনি আপোনাৰ ভাল লাগে তেনে গানেই শুনক৷

কাম কৰা ঠাইখন চাফাকৈ ৰাখক

আপুনি যি ঠাইত কাম কৰে সেই ঠাইখন পৰিস্কাৰ আৰু সজাই ৰখা মানে অর্গেনাইজড কৰি ৰখা কামটোৱে আপোনাৰ প্ৰডাক্টিভিটি বঢ়াব৷ এটা সৰু উদাহৰণ চাওকচোন- আপুনি যদি নিজৰ কাপোৰবোৰ নিজৰ ৰূমটোত চাৰিওফালে দলিয়াই থয়, যতে মন যায় ততে থয়, তেতিয়া পিন্ধাৰ সময়ত সহজে কাপোৰবোৰ বিচাৰি পাবনে? আপুনি যদি পঢ়া টেবুলত এসোপা বিভিন্ন ধৰণৰ বস্তু দমাই থয়, তাত পঢ়িবলৈ আপোনাৰ মন যাবনে, মনোযোগ দিব পাৰিবনে? নোৱাৰে৷ কাম কৰা ঠাইখন পৰিস্কাৰ আৰু সঠিকভাৱে সজাই ৰাখিলে আপোনাৰ মনটো ভাল লাগিব আৰু তেতিয়াহে আপুনি কামবোৰ কৰিবলৈ মটিভেচন পাব, তেতিয়া প্ৰডাক্টিভিটি বাঢ়িব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top