আর্ণেষ্ট হেমিংৱেয়ে এই উপায়টো ব্যৱহাৰ কৰিছিল৷ তওঁ কি কৰিছিল? হেমিংৱে য়ে হেনো শুই উঠাৰ পিছতে লিখা আৰম্ভ কৰিছিল৷ তেওঁ কোৱা মতে, তেওঁ যদি কিতাপ এখন বা গল্প এটা লিখি আছে, তেনেহ’লে তেওঁ পোহৰ হোৱাৰ পিছতে যিমান সোনকালে পাৰে লিখা আৰম্ভ কৰে৷ তেতিয়া বতৰটো ঠাণ্ডা হৈ থাকে, আমনি কৰিবলৈ কোনো নাথাকে, নিজৰ কাম আৰম্ভ কৰিব পাৰি আৰু লাহে লাহে ই আপোনাক উষ্ণ কৰি তোলে৷
এই একেটা উপায়কে আপুনি অৱলম্বন কৰি নিজৰ প্ৰডাক্টিভিটি বঢ়াব পাৰে, যিবোৰ কৰিবলগীয়া গুৰুত্বপূর্ণ কাম আছে সেইবোৰ কৰি শেষ কৰিব পাৰে আৰু আপোনাৰ কামৰ ভাল ফলাফল লাভ কৰিব পাৰে৷
সেই উপায়টো হ’ল-
আটাইতকৈ গুৰুত্বপূর্ণ কামটো প্ৰথমে কৰক
আপুনি প্ৰতিদিনে এই নিয়মটো মানি চলিলেই হ’ল
প্ৰতিদিনে যেতিয়াই আপুনি কাম আৰম্ভ কৰে, তেতিয়াই প্ৰথমে ইমেইল খোলাতকৈ, বা সৰু সুৰ কামবোৰ কৰাতকৈ আটাইতকৈ গুৰুত্বপূর্ণ কামটো প্ৰথমতে কৰক৷ আপোনাৰ বাবে যি কাম আটাইতকৈ গুৰুত্বপূর্ণ সেই কামটোহে প্ৰথমতে কৰক আৰু সেইটো শেষ নোহোৱালৈকে আন একো কামতে হাত নিদিব৷
প্রডাক্টিভিটি মানে আপুনি কি বুজে?
বেছিকৈ কাম কৰা, বেছি সংখ্যক কাম কৰা, নে বেছি সময় কাম কৰা? ইয়াৰে এটাও নহয়৷ প্ৰডাক্টিভিটি মানে আপোনাৰ যি কৰিবলগীয়া কাম আছে, যিবোৰ কাম আপোনাৰ বাবে গুৰুত্বপূর্ণ, আপোনাৰ লক্ষ্যৰ বাবে গুৰুত্বপূর্ণ সেইবোৰ কাম কৰা৷ গতিকে আপুনি যেতিয়া আটাইতকৈ গুৰুত্বপূর্ণ কামটো প্ৰতিদিনে কৰে, এটা অংশ বা সম্পূর্ণ কৰি শেষ কৰে, তেতিয়া জানো আপুনি আটাইতকৈ বেছি প্ৰডাক্টিভ হোৱা নাই?
আপোনাৰ আজিৰ গুৰুত্বপূর্ণ কামটো আৰু কাইলৈৰ গুৰুত্বপূর্ণ কামটো বেলেগ বেলেগ হ’ব পাৰে৷ সেয়া আপুনি নিজে ঠিক কৰি ল’ব পাৰিব৷ আজি যিটো কাম গুৰুত্বপূর্ণ সেইটো কাইলৈ গুৰুত্বপূর্ণ নহ’বও পাৰে৷ আৰু সকলো কাম জানো আপোনাৰ বাবে গুৰুত্বপূর্ণ? নহয়, আপোনাৰ কৰিবলগীয়া সকলোবোৰ কামৰ ভিতৰত মাত্ৰ কেইটামান কামহে আপোনাৰ বাবে গুৰুত্বপূর্ণ৷
কিন্তু কিয় গুৰুত্বপূর্ণ কামটো প্ৰথমতে কৰিব লাগে?
আপুনি যেতিয়া আটাইতকৈ গুৰুত্বপূর্ণ কামটো প্ৰতিদিনে প্ৰথমতে কৰে, তেতিয়া আপুনি সদায় কিবা এটা হলেও গুৰুত্বপূর্ণ কাম কৰি শেষ কৰিব পাৰিব৷ আৰু এই গুৰুত্বপূর্ণ কামবোৰ মিলিয়েই আপোনাৰ সফলতাৰ বাবে প্ৰয়োজনীয় কামবোৰ কৰি শেষ কৰাটো সম্ভৱ কৰিব৷
আটাইতকৈ গুৰুত্বপূর্ণ কামটো কোনে বাচি ল’ব৷ আপুনি সেয়া নিজে বাচি ল’ব৷ আপুনিহে আটাইতকৈ ভালদৰে জানিব কোনটো কাম আপোনাৰ বাবে আটাইতকৈ গুৰুত্বপূর্ণ৷ আনক সেয়া কৰিবলৈ নিদিব, নহ’লে আপুনি আনৰ এজেণ্ডা অনুসৰি আনৰ বাবেহে কাম কৰি থাকিব, নিজৰ বাবে নহয়৷
কিন্তু ৰাতিপুৱাতেই কিয় কৰিব লাগে?
আপুনি যদি সেই কামটো ৰাতিপুৱা উঠিয়েই কৰিব পাৰে সেয়া খুব ভাল কথা৷ কিন্তু সকলোৱে সেয়া কৰিব নোৱাৰিব পাৰে৷ তেতিয়াও কোনো কথা নাই৷ শুই উঠিয়েই সেয়া নকৰি, আপুনি যেতিয়া নিজৰ কাম আৰম্ভ কৰে তেতিয়া আটাইতকৈ গুৰুত্বপূর্ণ কামটো প্ৰথমতে কৰিলেই হ’ল৷ কিন্তু কামটো দূপৰীয়া বা আবেলিলৈ থৈ নিদিব৷ কিয়?
কাম এটা আৰম্ভ কৰিলে সাধাৰণতে আমি শেষ কৰিব বিচাৰো, গতিকে ৰাতিপুৱা যদি আৰম্ভ কৰোঁ তেতিয়া সম্ভৱত আমি সেয়া কৰি শেষো কৰিম৷ তেতিয়া আমাৰ গুৰুত্বপূর্ণ কাম এটা কৰি শেষ নহ’ব জানো? কিন্তু আপুনি যদি তাক দূপৰীয়া বা আবেলিলৈ থৈ দিয়ে তেইতয়ালৈ ইতিমধ্য আপোনাৰ আন কাম কৰি ভাগৰ লাগিব, হয়তো আন কামৰ বাবে মনটো গধূৰ গধূৰ লাগিব, কামটো ভালদৰে কৰিবলৈ মন নাযাব৷ আটাইতকৈ গুৰুত্বপূর্ণ কামটো যদি আপুনি যিমান ভালদৰে কৰিব পাৰে সিমান ভালদৰে নকৰে, তেতিয়া তাৰ ফলাফলো আপুনি বিচৰা ধৰণৰ নহ’ব পাৰে৷ সেয়া ৰাতিপুৱা সতেজ হৈ থাকোতেই, মনটো আন চিন্তা বা কামে হেঁচা মাৰি নধৰোতেই আটাইতকৈ গুৰুত্বপূর্ণ কামটো হাতত লওক৷