এনথনী ট্ৰ’ল’পে ৩৮ বছৰৰ ভিতৰত ৪৭ খন উপন্যাস, ১৮ খন নন ফিকচন, ১২ টা গল্প, ২ খন নাটক আৰু বহু প্ৰৱন্ধ আৰু চিঠি লিখিছিল৷ তেওঁ কেনেদৰে সেয়া সম্পন্ন কৰিছিল? তেওঁৰ নিজৰ এখন ৰুটিন আছিল৷ এই ৰুটিনখন তেওঁ অনুসৰণ কৰিছিল আৰু এনেধৰণৰ প্ৰায় অসম্ভৱ ধৰণৰ কাম সম্পন্ন কৰিছিল৷
তেওঁ এনে কৰিব পাৰিছিল ১৫ মিনিটৰ অন্তৰালত লিখি লিখি৷ দিনটোত ৩ ঘন্টা তেওঁ এনেদৰে লিখিছিল৷
তেওঁৰ এই ৰুটিন আৰু টেকনিকৰ বিষয়ে মেচন কাৰীৰ কিতাপ ডেইলী ৰিচুৱেলছ ত এনেদৰে লিখা আছে-
“ই মোৰ এক ৰীতি হৈ পৰিছিল আৰু এতিয়াও সেই ৰীতি আছে, যদিও এতিয়া মই অলপমান ঢিলা হৈ পৰিছোঁ – মোৰ ঘড়ীটো সন্মুখত লৈ মই লিখিবলৈ বহো আৰু মই এঘন্টাৰ এক চতুৰ্থাংশত (মানে ১৫ মিনিটত) মই ২৫০ শব্দ লিখিবই লাগিব৷
সময়ক এনেদৰে ভাগ কৰি লোৱা কথাটোৱে মোক প্ৰতিদিনে এখন উপন্যাসৰ ১০ টা পৃষ্ঠা লিখিবলৈ সহায় কৰিছিল, যাক চলাই থাকিলে এবছৰত ই ৩টা ভলিউমৰ ৩ খন উপন্যাসৰ সৃষ্টি কৰিব….”
কাৰোবাৰ এই পদ্ধতিটোত আপত্তি থাকিব পাৰে বা কোনোবাই ইয়াৰ গুণগতমান সম্পর্কে প্ৰশ্ন তুলিব পাৰে, কিন্তু কৰি নোচোৱালৈকে আপুনি কেনেকৈ ক’ব পাৰিব? আৰু যিসকলে ভিতৰৰ পৰা উৎসাহ নাপালে লিখিব নোৱাৰো বুলি ক’ব খোজে, তেওঁলোকে হয়তো গোটেই জীৱনতে তাকেই কৈ থাকিব, কিন্তু তেওঁলোকৰ একো কাম কৰা নহ’ব৷
দেখাত কথাটো ইমান সহজ যেন লাগিলেও কিন্তু ইয়াৰ ভিতৰত আমাৰ বাবে প্ৰয়োজনীয় কথা সোমাই আছে৷ ধৰি লওক, আপুনি এখন কিতাপ লিখিব বিচাৰিছে, কিন্তু আপুনি লিখক নহয়৷ ধৰি লৈছো আপুনি প্ৰায় ১০০ পৃষ্ঠাৰ কিতাপ এখন লিখিব বিচাৰিছে৷ এতিয়া প্ৰতিদিনে আপুনি তিনিঘন্টাকৈ বহি লিখে৷ প্ৰতি ১৫ মিনিটত আপুনি ১০০ শব্দ লিখিব পাৰে শব্দ লিখে৷ মুঠতে দিনটোত আপুনি ৫ পৃষ্ঠা লিখে৷ যিহেতু আপুনি নতুন লিখক, তাৰে আধা ভাল নহয়, প্ৰকাশৰ যোগ্য নহয় বুলি ধৰি লৈছোঁ৷ এনেদৰে লিখিলে ১০০ পৃষ্ঠা লিখিবলৈ আপোনাৰ কিমান দিন লাগিব? ৪০ দিন৷ নহয়নে?
ডাঙৰ কামবোৰ ভাঙি লওক
আপুনি যদি ডাঙৰ কাম এটা কৰিব বিচাৰিছে, তাক চিধাচিধিকৈ কৰি যাবলৈ সমস্যা হ’ব পাৰে৷ ইমান মটিভেচন আপোনাৰ নাথাকিব পাৰে৷ তেনে অৱস্থাত আপুনি এই ডাঙৰ কামটোক কিছুমান সৰু সৰু কামত ভগাই লওক৷ সেই সৰু সৰু কামবোৰ কৰিবলৈ প্ৰতিদিনে নির্দিষ্ট সময় ঠিক কৰি লওক৷ ১৫ মিনিট বা আধা ঘন্টাত কিমান কাম কৰিব বা কোন কানটো কাম কৰিব সেয়া ঠিক কৰি লওক৷ ঠিক কৰি লোৱা মতে কামটো কৰি যাওক৷ প্ৰতিদিনে যেতিয়া কৰি যাব তেতিয়া এই কামবোৰ লগ হৈ আপোনাৰ ডাঙৰ কামটোৰ অগ্ৰগতি লাভ কৰি গৈ থাকিব৷
আপুনি যেতিয়া সৰু লক্ষ্য এটা ঠিক কৰি লয়, তেতিয়া সেই লক্ষ্যটো লাভ কৰাটো সহজ হৈ পৰে৷ আৰু সেয়া লাভ কৰিলে, আপোনাৰ মনটো ভাল লাগে, আপুনি মটিভেট হয়৷ এনেদৰে এটা সৰু কাম বা লক্ষ্য শেষ কৰিলে, আনটো লক্ষ্য আগত ৰাখি কাম কৰি যাবলৈ মন যায়৷ ফলত ইটোৰ পিছত সিটোকৈ কাম কৰাৰ এক মমেন্টাম গঠন হয়৷ এই মমেন্টামটো এবাৰ আৰম্ভ কৰিব পাৰিলে আপোনাৰ আৰু চিন্তা নাই, সেইদিনা আপোনাৰ বহু কাম হ’ব৷ তেনেদৰে যদি প্ৰতিদিনে এনেদৰে মমেন্টাম সৃষ্টি কৰি ল’ব পাৰে, তেতিয়া আপোনাৰ এমাহত আৰু এবছৰত ইমান কাম কৰি হ’ব, কৰিবলগীয়া, প্ৰায়ৰিটিৰ কাম কৰি হ’ব যে, বছৰৰ শেষত আপুনি নিজে আচৰিত হৈ যাব “ইমান কাম ময়েই কৰিলোঁ নে?” এইবুলি৷
আৰু এনথনী ট্ৰ’ল’পৰ পদ্ধতিটোত আৰু এটা ভাল কথা আছে৷ এই পদ্ধতিটোত আপুনি কি কৰিলে সেয়া গম পাবলৈ বা কিমানখিনি এচিভ কৰিলে সেয়া গম পাবলৈ এবছৰ ৰৈ থাকিব নালাগে বা আনকি ছয়মাহো ৰৈ থাকিব নালাগে৷ আপুনি ১৫ মিনিটৰ মূৰে মূৰে সেই কথাখিনি গম পাই থাকিব৷ এনে কৰিলে এই কথাটোৱে আপোনাক সঘনে মটিভেট কৰি থাকিব, আৰু অলপমান কাম কৰিবলৈ আপোনাৰ মন যাব৷ আৰু কিবা কাৰণে আপুনি সেই ১৫ মিনিটত কামটো কৰিব নোৱাৰিলে লগে লগে নিজৰ ভুল শুদ্ধ কৰিব পাৰিব, বেছি সময় নেহেৰুওৱাকৈ৷
সৰু, সহজ উপায় কিন্তু সৰু, সহজ কথাবোৰেই আটাইতকৈ ভাল, আটাইতকৈ কার্যকৰী৷