Close

Ask Bikash 28

How do I overcome fear?

মই কেনেদৰে ভয়ক জয় কৰিব পাৰিম?

আপুনি নিজে বিচাৰিলে ভয়ক জয় কৰা কামটো এদিনতে কৰিব পাৰিব৷ ইমান সহজনে এয়া কৰাটো? হয়, ই বৰ সহজ কিন্তু ইয়াক দেখিলে বৰ টান যেন লাগে৷

আপুনি কি কৰিব?

আপোনাৰ ভয়ৰ একেবাৰে চিধাকৈ মুখামুখি হওক Face your fear head on

ই হ’ল আটাইতকৈ ভাল উপায়৷ ভয় আতৰ কৰিবলৈ আপুনি এক্সাচাইজ কৰা, হেলডী খাদ্য খোৱা, স্পিৰিচুৱেলিটি আদৰি লোৱা, ঔষধ আদি নানা ধৰণৰ উপায় অৱলম্বন কৰিব পাৰে৷ কিন্তু এইটো হ’ল আটাইতকৈ ভাল উপায়৷ ই আপোনাৰ মনৰ পৰা ভয় নোহোৱা কৰিব৷

যেতিয়া আপুনি ভয়ৰ মুখামুখি হ’ব তেতিয়া মাত্ৰ নিজকে বাৰে বাৰে মনতে কওক – “মই মোৰ লগত হ’ব পৰা আটাইতকৈ এক্সট্ৰিম কথাটোৰ বাবেও সাজু৷” আৰু কওক “ যি হয় হ’ব, দেখা যাব, মৰিতো নাযাও”

আপোনাৰ ক্ষেত্ৰত হ’ব পৰা একেবাৰে এক্সট্ৰিম কথাটো হ’ল মৃত্যু৷ আপুনি যদি নিজকে তাৰবাবেও সাজু বুলি ক’ব পাৰে তেতিয়া তাৰ তুলনাত আপোনাৰ ভয়টো একোৱেই নহয়৷ আন একো কথাই আপোনাক ভয় খুৱাব নোৱাৰে৷ এই সৰু কথাটো মানি ল”লে ই আপোনাৰ পাৰচপেক্টিভ বা দৃষ্টিভংগী সলনি কৰি আৰু সেইবাবে আপুনি নিজৰ ভয়ৰ মুখামুখি হ’ব পৰা হ’ব আৰু তাৰ লগত যুদ্ধ কৰি জয়ীও হ’ব পাৰিব৷

২০১৯ চনত “চাইন্স” নামৰ জার্নেলত প্ৰকাশিত এক গৱেষণাৰ মতে মগজুটোৱে ভয় এটা নোহোৱা কৰিবলৈ হ’লে সেই ভয়টোৰ আকৌ অভিজ্ঞতা লাভ কৰিব লাগে৷ তেওঁলোকে পৰীক্ষাটো কৰি চাইছিল নিগনিৰ ক্ষেত্ৰত৷ নিগনিবোৰক সৰু বাকচত ভৰাই মৃদু ইলেকট্ৰিক শ্বক দিয়া হৈছিল৷ বহু সময়ৰ পিছত গৱেষকসকলে নিগনিবোৰক আকৌ সৰু বাকচটোত ভৰাইছিল কিন্তু এইবাৰ শ্বক দিয়া নাছিল৷ প্ৰথমতে নিগনিবোৰে ভয়তে লৰচৰ কৰিব পৰা নাছিল, কিন্তু বাৰে বাৰে বাকচটোত থোৱা কামটো কৰি থাকোতে যেতিয়া শ্বক পোৱা নাছিল তেতিয়া নিগনিবোৰৰ ভয় নোহোৱা হৈছিল৷

সকলোৰে ভয়বোৰ বেলেগ বেলেগ হ’ব পাৰে৷ কাৰোবাৰ অকলে থাকিবলৈ ভয় লাগে, কাৰোবাৰ এন্ধাৰলৈ ভয় লাগে, কাৰোবাৰ তেওঁ যাৰ লগত কিবা এটা সম্বন্ধ পাতে তেওঁ এৰি থৈ যাব বুলি ভয় লাগে, কাৰোবাৰ আনক বিশ্বাস কৰিবলৈ ভয়, আন কাৰোবাৰ আন কিবা কাৰণত ভয় লাগিব পাৰে৷

যদি আপুনি একেবাৰতে এনে কৰিব নোৱাৰে, তেতিয়া অলপ অলপকৈ নিজকে এই ভয়টোৰ মুখামুখি হ’বলৈ দিয়ক৷ প্ৰথমতে মাত্ৰ ১ বা ২ মিনিট মান সময়ৰ বাবেহে এনে কৰক৷ কেতিয়াবা আপোনাৰ ভয়ৰ কাৰণ কিবা বস্তু বা প্ৰাণী নহৈ আপোনাৰ মনত থকা কিবা কথা হ’ব পাৰে, তেতিয়া আপুনি নিজে মনতে তেনে ভয়ৰ কথা অলপ সময়ৰ বাবে চিন্তা কৰিব পাৰে৷ আৰু তেনে কৰিব পাৰিলে নিজৰ সাহসৰ বাবে নিজকে চাব্বাচি দিয়ক, নিজক প্ৰশংসা কৰক৷ লাহে লাহে ভয়ৰ মুখামুখি হোৱা সময়টো বঢ়াই গৈ থাকিব, তেতিয়া আপোনাৰ মন আৰু শৰীৰত বেছি ষ্ট্ৰেছ নপৰে৷ যিমানবাৰে আপুনি এনেদৰে অলপ সময়ৰ বাবে হলেও ভয়ৰ মুখামুখি হ’ব পাৰে সিমানবাৰ নিজকে চাব্বাচি দিবলৈ নাপাহৰিব৷

এবাৰ কৰি চাওকচোন, আপোনাৰ ভয়ে আপোনাৰ ভয়ত পলাই পত্ৰং দিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top