Close

বিকাশক সোধক ২৯

Ask Bikash 29

এনে ৫ টা কি অভ্যাস আছে যিয়ে জীৱনটো সলনি কৰি পেলাব পাৰে?

What are the 5 daily habits which can be termed as life changing?

এনে ৫ টা কি অভ্যাস আছে যিয়ে জীৱনটো সলনি কৰি পেলাব পাৰে?

আমাৰ জীৱনত ভালদৰে চালে আমি বুজি পাম যে ইয়াক চলাই থাকে আমাৰ নানা অভ্যাসবোৰে৷ সেইবাবে আমি অভ্যাসবোৰ গঢ়োতে বা গঢ় ল’বলৈ দিওতে বৰ সাৱধান হ’ব লাগিব৷ এনে কিছুমান অভ্যাস আছে যিবোৰ আমি যেতিয়াই আৰম্ভ কৰোঁ তেতিয়াৰ পৰাই এইবোৰে আমাৰ জীৱনটো ভাললৈ সলনি কৰিব পাৰে৷

কি কি এনে অভ্যাস আপোনাক লাগিব?

ডাঙৰকৈ চিন্তা কৰা

আপুনি যেতিয়া নিজৰ জীৱনৰ বিষয়ে চিন্তা কৰিব, কেৰিয়াৰৰ বিষয়ে চিন্তা কৰিব, জীৱনত কি কৰিম সেই বিষয়ে চিন্তা কৰিব, তেতিয়া চিন্তাবোৰ ডাঙৰকৈ কৰিব৷ কাৰণ এনে ডাঙৰ চিন্তা এটাই আপোনাক সদায় কামবোৰ কৰি যাবলৈ ঠেলি থাকিব৷ ফলত আনে অবাবাত সময় নষ্ট কৰি থাকোতে আপুনি নিজকে ভাল কৰাত, নতুন নতুন স্কিল শিকাত ব্যস্ত থাকিব৷ আৰু এই সৰু কথাটোৰ বাবেই পিছলৈ আপোনাৰ জীৱনটো সাংঘাটিক ধৰণে আনতকৈ বেলেগ হৈ পৰিব, ভাল হৈ পৰিব৷ আপোনাৰ ই সদায় মটিভেচনৰ যোগান ধৰি থাকিব৷ ডাঙৰ সপোনৰ এনে ওপৰলৈ টানি থকা শক্তি বহুত বেছি৷ সৰু সৰু সপোনে, সৰু সৰু কথাই এনেদৰে আপোনাক সদায় মটিভেট কৰি থাকিব নোৱাৰে, ওপৰলৈ টানি থাকিব নোৱাৰে৷

নিজৰ দ্বায়িত্ব লোৱা

যিদিনাখনৰ পৰা আপুনি নিজৰ জীৱনৰ দ্বায়িত্ব নিজে ল’ব সেইদিনাখনৰ পৰা আপোনাৰ জীৱনটো সলনি হৈ যাব, আৰু আগতকৈ ভাল হ’ব৷ আপোনাৰ জীৱনৰ দ্বায়িত্ব আন কোনেও ল’ব নোৱাৰে, আৰু নলয়৷ সেই কথাটো বুজি পালে আৰু নিজৰ দ্বায়িত্ব লোৱা আৰম্ভ কৰিলেহে অপোনাৰ জীৱনটো সলনি হ’বলৈ আৰম্ভ কৰিব৷ জীৱনটো আৰু ভাল কৰিবলৈ, জীৱনৰ সপোনবোৰ লাভ কৰিবলৈ হ’লে আপুনি তাৰ বাবে কাম কৰিব লাগিব৷ নিজৰ দ্বায়িত্ব নিজে ল’লে আপুনি যিমান কষ্ট কৰিব লাগে সিমান কৰিব, যিমান সময় কাম কৰিব লাগে সিমান কৰিব, যিমান দিন লাগি থাকিব লাগে সিমান দিন লাগি থাকিব৷

মনটো খোলা ৰখা

আজি আপোনাৰ মনটো যি পর্যায়ত আছে, সি আপুনি যলৈকে যাব খুজিছে তালৈকে আপোনাক লৈ যাব নোৱাৰিব পাৰে৷ তাৰবাবে আপুনি সলনি হ’ব লাগিব, আগতকৈ ভাল হ’ব লাগিব৷ সেইবাবে নতুন নতুন কথা, চিন্তা, স্কিল, বুদ্ধি আদি শিকিব লাগিব৷ সেয়া কিতাপ, ভিডিঅ, আন মানুহ, কিবা এটা কর্চ আদিৰ পৰা শিকিব পাৰি৷ কিন্তু শিকিব যে লাগে সেয়া মন কৰিবলৈ, কি শিকিব লাগে সেয়া জানিবলৈ আৰু কথাবোৰ শিকিবলৈ হ’লে আপোনাৰ মনটো খোলা হ’ব লাগিব৷ আপুনি যদি সকলো জানো বুলিয়েই ভাবে বা “মোৰ শিকিবলগীয়া একো নাই” বুলি ভাবে তেতিয়া আপুনি কেতিয়াও একো নতুন কথা নিশিকে আৰু সদায় আগৰ ঠাইতে থাকি যাব৷

কাম কৰি যোৱা

কাম কৰা বা টেকিং এক্সন আন এটা গুৰুত্বপূর্ণ অভ্যাস৷ আপুনি নিজৰ কাম কৰাৰ অভ্যাস এটা গঢ়িব লাগিব৷ কথা কোৱাতকৈ কাম বেছিকৈ কৰাৰ অভ্যাস লাগিব৷ বেছিসংখ্যক মানুহে কথা কয় কিন্তু কাম নকৰে, কাৰণ কথা কোৱাত ইমান কষ্ট নাই, ই সহজ কাম৷ কিন্তু কাম কৰাটো টান৷ অথচ কাম নকৰিলে আপুনি কিন্তু একো ফলাফলো নাপায়৷ অকল পৰিকল্পনা কৰিলেই নহ’ব, যদিহে আপুনি সেই কামবোৰ নকৰে৷ ফলাফলবোৰ নিজে নিজে নাহে৷ গতিকে যি কৰিবলগীয়া কাম আছে, যিবোৰ কাম প্ৰয়োজনীয় সেইবোৰ কাম আপুনি কৰিব লাগিব৷

নিজকে আগুৱাই যাবলৈ ঠেলি থকা

বহু সময়তে এনে হ’ব৷ আপোনাৰ এনে লাগিব যে আৰু কাম কৰি, আগুৱাই যাবলৈ চেষ্টা কৰি একো লাভ নাই৷ ইমান কষ্টৰ কোনো মূল্য নাই৷ জীৱনত ডাঙৰ কাম কৰিবলৈ যাওতে, সপোনবোৰ লাভ কৰিবলৈ চেষ্টা কৰোতে এনেকুৱা হ’বই৷ সেই মুহূর্তত আপুনি কষ্ট কৰি নিজকে আগুৱাই যাবলৈ ঠেলি থাকিব লাগিব৷ আপুনি যদি হাত দাঙি কাম কৰা এৰি দিয়ে তেতিয়া আপুনি তাতে ৰৈ যাব আৰু আপোনাৰ সপোনোবোৰ আৰু লাভ কৰা নহ’ব৷ কিন্তু যদি আপুনি এটা অভ্যাস গঢ়ি ল’ব পাৰে যে এনে বেয়া সময়ত, বেয়া অৱস্থাত আপুনি নিজকে ঠেলি গৈ থাকে, আনকি ফলাফল নাথাকিলেও কামবোৰ কৰি গৈ থাকিব পাৰে, তেতিয়াহ’লে আপুনি সেই পর্যায়টো পাৰ হৈ গৈ পৰৱর্তী পর্যায়টো পাবগৈ, তেতিয়াহে আপুনি সফল হ’ব পাৰিব৷

এই কেইটা অভ্যাস গঢ়িবলৈ আজিৰ পৰাই চেষ্টা আৰম্ভ কৰক৷ ইহঁতে আপোনাক বহু দূৰলৈ যাবলৈ আৰু বহু ভাল কৰিবলৈ সহায় কৰিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top