Close

আপুনি আন কাৰোবাক দিয়া আটাইতকৈ ভাল উপদেশটো কি?

Mature professional psychologist sitting on couch in front of her patients and giving them advice

What’s the best advice you’ve ever given someone?

সম্ভৱত No action = No results

এই কথাটো মনত ৰাখিলে আপুনি আন বহু কথাই মনত ৰাখিব নালাগে৷ জীৱনৰ সকলো ক্ষেত্ৰতে এই কথাটো আপুনি কামত লগাব পাৰিব৷ আৰু এবাৰ ইয়াক ভালদৰে বুজি উঠিলে আপুনি কেতিয়াও নিজৰ কাম নকৰাকৈ নাথাকে, পিছলৈ পেলাই নথয়৷

বহুতে জীৱনত বহুত কিবা-কিবি বিচাৰে, কিন্তু তাৰবাবে যি কষ্ট কৰিব লাগে সেয়া কৰিবলৈ নিবিচাৰে৷ তেওঁলোকে চিন্তা কৰে, আনৰ আগত সেইবিষয়ে কয়, মনে মনে কল্পনা কৰে, কিন্তু কৰিবলগীয়া কামবোৰ কৰা আৰম্ভ নকৰে৷ কাম কৰা আৰম্ভ কৰা বাদ দি বাকী সকলো তেওঁলোকে কৰে৷ আৰু সেইবাবে বিচৰা বস্তুবোৰ নাপায়৷

ছাত্ৰ বা ছাত্ৰী এগৰাকীয়ে পৰীক্ষাত ভাল ফলাফল লাভ কৰিবলৈ হ’লে সেই হিচাপে কষ্ট কৰিব লাগিব৷ নালাগিব জানো? তেনেদৰে আপুনি যদি অফিচত কামত সকলোতকৈ ভাল হ’বলৈ বিচাৰে তাৰবাবে বিভিন্ন স্কিল শিকিব লাগিব, কামবোৰ যিমান ভালদৰে কৰিব পাৰি সিমান ভালদৰে কৰিব লাগিব, কামবোৰ কৰিবলৈ আনে নকৰা কষ্ট কৰিব লাগিব৷

আপুনি ডিপ্ৰেচনৰ পৰা ওলাব বিচাৰিছে, তাৰবাবেও আপুনি কিছুমান কাম কৰিব লাগিব৷ আপুনি যদি ভাবে যে অকল ডিপ্ৰেচনৰ ঔষধ কেইটাই কাম কৰিব আৰু ই নিজে নিজে ই ঠিক হৈ যাব৷ আপুনি সাময়িক সকাহ পাব পাৰে কিন্তু ই একেবাৰে ঠিক হৈ যাব নে? ডিপ্ৰেচনৰ পৰা বাহিৰ ওলাবলৈ হ’লে আপুনি চিন্তাবোৰ সলনি কৰা, এক্সাচাইজ কৰা, ডিপ্ৰেচনৰ কাৰণটো জানিবলৈ চেষ্টা কৰা, মনটোক নিয়ন্ত্ৰণ কৰিবলৈ শিকা আদি কিছুমান কাম কৰিব লাগিব৷ এনে কামবোৰ কৰিলেহে আপুনি লাহে লাহে ডিপ্ৰেচনৰ পৰা বাহিৰ ওলাব পাৰিব৷

ধৰি লওক আপোনাৰ নানা ধৰনৰ সপোন আছে৷ আপুনি সেই সপোনবোৰ দেখিলে আৰু সেই সপোনবোৰৰ কথা ভাবি বহি থাকিল৷ কিন্তু একো কাম নকৰিলে সেই সপোনবোৰ লাভ কৰিবলৈ৷ লাভ কৰিবনে সেই সপোনবোৰ? সেয়া আকাশত চাং পতাহে হ’ব৷ আপুনি নিজৰ বাবে নানা সপোন দেখিলে আৰু সেয়া লাভ কৰিবলৈ আনকি বিভিন্ন পৰিকল্পনাও কৰিলে৷ কিন্তু কাম কৰাৰ সময়ত একো নকৰিলে৷ কিবা হ’বনে? একো নহয়৷ দুয়োটা ক্ষেত্ৰতে আপুনি বিচৰা ফলাফল নাপায় কাৰণ তাৰবাবে আপুনি একো কাম কৰা নাই৷

আপুনি কাম নকৰিলে তাৰপৰা একো ফল নাপায়৷ খেতি কৰোতে আপুনি মাটি হাল বাই, চাহ কৰি তৈয়াৰ কৰি লৈ, তাত গুটি সিঁচিব লাগিব বা পুলি লগাব লাগিব৷ সেই গুটিৰ পৰা হোৱা পুলি বা ৰোৱা পুলিৰ আপডাল কৰিব লাগিব৷ প্ৰয়োজন অনুসৰি সাৰ, পানী আৰু অনিষ্টকাৰী বেমাৰ-আজাৰ, কীট-পতংগ নাশক ব্যৱহাৰ কৰিব লাগিব৷ আৰু তেতিয়াহে আপুনি তাৰ পৰা ফচল পাব, নহ’লে নাপায়৷ কেতিয়াবা আম খাই উঠি গুটি এটা পেলাই দিলেও গজে, আৰু আম লাগেও কিন্তু সেয়া পাবলৈও গুটিটো পেলোৱা কামটো আপুনি কৰিব লাগিব৷ বিচৰা মতে ফচল পাবলৈ কিন্তু কিছুমান কাম কৰিবই লাগিব৷

আপুনি কাৰোবাক ভাল পায়, তেওঁক জীৱনটোলৈ বিচাৰে, তেওঁক সেই কথা ক’ব লাগিব, জনাব লাগিব, কমিউনিকেট কৰিব লাগিব৷ পৰিয়ালৰ মানুহবোৰৰ মাজতো সম্পর্ক ভালে থাকিবলৈ ইজনে সিজনক ভাল পাব লাগিব, সহায় কৰিব লাগিব, ইজনে-সিজনৰ লগত কথা পাতিব লাগিব, সন্মান কৰিব লাগিব, আনৰ দুখ বুজিব লাগিব৷

আনকি একো পৰিকল্পনা নকৰাকৈও যদি আপুনি কাম কৰে, তেতিয়াও কিবা এটা ফলাফল আপুনি পাব৷ অৱশ্যে ভাল ফলাফল পাবলৈ হ’লে কাম কৰাৰ লগতে এক পৰিকল্পনা আৰু সন্মুখত লক্ষ্য থাকিলে বেছি ভাল হ’ব৷  আপুনি যেতিয়া কাম কৰিব তেতিয়া তাৰ কিবা নহয় কিবা ফলাফল এটা নিশ্চয় পাব৷ সেই ফলাফল আপুনি বিচৰা ধৰণৰ নহ’ব পাৰে, কিন্তু আপুনি কিবা নহয় কিবা এটা ফলাফল পাবই৷

নিজে বিচৰা ধৰণৰ ফলাফল পাবলৈ হ’লে আপুনি কি বিচাৰে সেই বিষয়ে খাটাং হ’ব লাগিব, তাৰবাবে কি কি কৰিব লাগে সেয়া জানিব লাগে, কৰিবলগীয়া কামবোৰ কৰিবলৈ এক পৰিকল্পনা তৈয়াৰ কৰি লৈ সেই পৰিকল্পনামতে কামবোৰ কৰি যাব লাগিব৷ কথাটো ইমানেই৷ ই ইমান সহজ৷

আপুনি যি কাম কৰিছে তাৰ ফলাফল কেনে হ’বগৈ আপুনি সেয়া আজি নাজানিব পাৰে, কিন্তু যদি আপুনি আজি একোৱে কৰা নাই, তেনেহ’লে তাৰ ফলাফল একো যে নাপায় সেয়া কিন্তু খাটাং৷

আপুনি যদি কিবা এটা কাম আজি কৰিব পাৰি তাক কাইলৈকে পেলাই নথব, কাৰণ এনেদৰে পিছলৈ পেলাই থোৱা বহুবোৰ কামেই আমাৰ কেতিয়াও আৰু কৰা নহয়৷ লগতে এই কথাটো মনত ৰাখিব যে আপুনি ভবাতকৈ আপুনি বহু বেছি কাম কৰিব পাৰে৷ কাম এটা কৰিবলৈ যাওতে ভয় নকৰিব৷ ভয় কৰি কৰিব বিচৰা কামবোৰ পেলাই নথ’ব৷ ভয় কৰি বিচৰা ফলাফলৰ বাবে কৰিবলগীয়া কামবোৰ নকৰাকৈ নাথাকিব৷ কাৰণ যদি আপুনি একো নকৰে, তেনেহ’লে তাৰ ফলাফলো একো নাপায়৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top