Close

আৱেগবোৰক কেনেদৰে নিয়ন্ত্ৰণ কৰিব

আৱেগবোৰক নিয়ন্ত্ৰণ কৰিব পৰাটো এটা বৰ ডাঙৰ কথা৷ এইবোৰৰ ওপৰত প্ৰভুত্ব স্থাপন কৰিব পাৰিলে এইবোৰে আপোনাৰ সেৱা কৰিব কিন্তু যদি এইবোৰক আপোনাৰ ওপৰত কর্তৃত্ব দিয়ে তেতিয়া আপোনাৰ জীৱনটোক ই ৰোলাৰ কোষ্টাৰত উঠাৰ নিচিনাকৈ ঘূৰাই ফুৰিব৷ আৱেগবোৰক নিয়ন্ত্ৰণ কৰিবলৈ কিছুমান খুব কামৰ উপায় আছে৷ কি সেইবোৰ চাও আহক

Umbrella Emotions

আমাৰ যেতিয়া কও যে মোৰ দুখ লাগিছে তেতিয়া আমি দৰাচলতে এক বৃহৎ আৱেগৰ কথা কৈছোঁ৷ দুখ লগাৰ বিভিন্ন কাৰণ থাকিব পাৰে- প্ৰমোচন নাপালে, ব্ৰেকআপ হ’ল, কোনোবা ঢুকাল বা আন কিবা৷ প্ৰতিটো কাৰণতে আমি আমাৰ মনৰ অৱস্থা বুজাবলৈ দুখ লগা বা sadness কথাটো ব্যৱহাৰ কৰোঁ, কিন্তু ই বেলেগ বেলেগ মানুহৰ বাবে বেলেগ বেলেগ পৰিস্থিতিত বিপর্যয় বা upset, বিষণ্ণ বা depressed, অসন্তুষ্ট বা dissatisfied, অনুতাপত ভোগা বা regret আদি কথা বুজাব পাৰে৷ কোনোবাই মোক কিবা বেয়াকৈ ক’লে তেতিয়া মই বিষণ্ণ হ’ব পাৰোঁ, কৰিব নলগা কাম এটা কৰিলো, তেতিয়া মি অনুতাপত ভূগিব পাৰোঁ৷ এইবাবেই অকল দুখ লাগিছে বুলি ভাবি নাথাকি আমি ভিতৰলৈ গৈ চাব লাগিব যে কিয় মোৰ এনে লাগিছে আৰু দৰাচলতে কথাতো দুখ নে আন কিবা? প্ৰকৃত আৱেগটো দুখ নে আন কিবা? সেয়া চাব পাৰিলে আমি আমাৰ প্ৰকৃত আৱেগটোৰ কথা বুজি পাম আৰু তেতিয়াহে তাক আমি নিয়ন্ত্ৰণ কৰিব পাৰিম, সলাব পাৰিম৷

Positive Rumination

কেতিয়াবা এটা মাত্ৰ নিগেটিভ অভিজ্ঞতা বা ঘটনাই আমাৰ জীৱনটোৰ প্ৰতি ধাৰণা সলনি কৰি দিব পাৰে৷ আৰু এই নিগেটিভ কথাটোকে যদি আমি চিন্তা কৰি থাকো তেতিয়া ভবিষ্যতেও তেনে ধৰণৰেই ঘটনা বা অভিজ্ক্ষতা লাভ কৰাৰ সম্ভাৱনাও বাঢ়ি যাব পাৰে৷ লগতে ঘটনা ঘটি যোৱাৰ বহু পিছলৈকে তাৰ কথা ভাবি আমি মনটো বেয়া কৰি বহি থাকিব পাৰোঁ৷ সেয়া নকৰিবলৈ হ’লে আমি পজিটিভ ঘটনাবোৰত ফ’কাছ কৰিব লাগিব আৰু সেইবোৰ মনত ৰাখিব লাগিব৷ তেনে কৰাৰ এটা সহজ উপায় হ’ল পজিটিভ ঘটনাবোৰ, অভিজ্ঞতাবোৰ লিখি লোৱা৷ এইবোৰে আপোনাৰ মনটোক পজিটিভ কৰি তুলিব আৰু ভবিষ্যতৰ ধাৰণাটোও পজিটিভ হ’ব৷

Challenging patterns

নিজৰ আৱেগবোৰক জানিবলৈ হ’লে আপুনি নিজকে ভালদৰে জানিব লাগিব৷ আপোনাৰ চিন্তা আৰু আৱেগবোৰৰ পেটার্ণ যদি সদায় একে হৈ আছে, সেইবোৰ সলালেহে আপুনি আৱেগবোৰৰ ওপৰত প্ৰভূত্ব স্থাপন কৰিবলৈ সমর্থ হ’ব৷ বর্তমান আপোনাৰ যি আৱেগৰ এক পেটার্ণ চলি আছে তাক সলনি কৰিলেহে বা ভাঙি বেলেগ এটা কৰিলেহে আপুনি এনে আৱেগবোৰক নিয়ন্ত্ৰণ কৰিব পৰা হ’ব৷ বেলেগ বেলেগ অভিজ্ঞতা লাভ কৰক, নিজৰ কমফর্ট জ’নৰ পৰা বাহিৰ ওলাওক৷ তেতিয়া আপুনি এক বেলেগ দৃষ্টিভংগী লাভ কৰিবলৈ সমর্থ হ’ব আৰু তেতিয়া অসুবিধাত পেলোৱা আৱেগবোৰক মেনেজ কৰাটো আপোনাৰ বাবে সহজ হ’ব৷

Natural immersion

কেতিয়াবা সৰু সৰু কাম যেনে শৰীৰটোক অলপ লৰচৰ কৰা কামটোৱেও আপোনাক আৱেগবোৰৰ ওপৰত কর্তৃত্ব স্থাপন কৰিবলৈ সহায় কৰিব৷ আৱেগবোৰক নিয়ন্ত্ৰণ কৰাৰ আটাইতকৈ সহজ উপায়টো হ’ল শৰীৰটোক লৰচৰ কৰা৷ প্ৰকৃতিৰ মাজত অলপ সময় খোজ কাঢ়িলে ই আপোনাৰ মগজুত নিউৰেল এক্টিভিটি কমাই মনটোক শান্ত কৰিব পাৰে৷ হয়, অলপ সময় খোজ কাঢ়িলে ই আপোনাক নিজৰ আৱেগবোৰক নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে বিশেষকৈ ডিপ্ৰেচন হৈ থাকিলে, খঙ উঠি থাকিলে বা মন বেয়া লাগি থাকিলে৷ প্ৰকৃতিৰ মাজত খোজ কাঢ়িলে আপুনি বেছি লাভ পাব৷

Emotional resilience

আপোনাৰ লগত কিবা এটা বেয়া ঘটনা যদি ঘটিল বা আপুনি কিবা বিপর্যয়ৰ সন্মুখীন হ’ল, তেতিয়া তাৰ পৰা বাহিৰ ওলাই অহা, তাক অতিক্ৰম কৰাটো হ’ল ইমোচনেল ৰেজিলিয়েনচ৷ এনেদৰে সেই ঘটনাৰ লগত যুক্ত আৱেগবোৰক মেনেজ কৰিবলৈ শিকিলে ই আপোনাক আৱেগবোৰ ভালদৰে মেনেজ কৰিবলৈ, নিয়ন্ত্ৰণ কৰিবলৈ শিকাব৷ মাইণ্ডফুলনেছে আপোনাক এনে কৰাত সহায় কৰিব৷ লগতে পজিটিভ ঘটনাবোৰ লিখি ৰখা আৰু সেইবোৰ আকৌ পঢ়া কথাইও ইমোচনেল ৰেজিলিয়েনচ বঢ়োৱাত সহায় কৰিব৷ এবাৰ এনে কৰিব পাৰিলে ভবিষ্যতে একে ধৰণৰ আৱেগক আপুনি সহজে মেনেজ কৰিব পাৰিব৷

People watching

মানুহক লক্ষ্য কৰিও আপুনি বিভিন্ন ধৰণৰ আৱেগবোৰৰ কথা শিকিব পাৰে৷ মানুহ এজনক লক্ষ্য কৰি আপুনি তেওঁৰ সেই মুহূর্তৰ আৱেগবোৰৰ কথা জানিব পাৰে৷ কোন খঙত আছে, কাৰ মন বেয়া লাগিছে, কাক কিবা কথাই চিন্তাত পেলাইছে, কোন ভবিষ্যতক লৈ নিগেটিভ চিন্তা কৰিবলৈ লৈছে এইবোৰ কথা লক্ষ্য কৰিলে আপুনি দেখা পাব৷ এন লক্ষ্য কৰা কথাটোৱে আপোনাক মানুহক ভালদৰে জানিবলৈ আৰু বুজি পাবলৈ সহায় কৰিব৷ আনৰ আৱেগবোৰ চিনিব পৰা হ’লে, লগতে আপুনি নিজৰ আৱেগবোৰৰ কথাও ভালদৰে বুজি পাবলৈ সমর্থ হ’ব৷ আৰু আৱেগবোৰক ভালদৰে বুজি পালে সেইবোৰক ভালদৰে মেনেজ কৰিব পাৰিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top