Close

ইম’চনেল বার্ণআউট

আপোনাৰ যদি প্ৰায়ে মানসিকভাৱে বিধ্বস্ত বা শ্ৰান্ত যেন লাগে মানে কিবাহে হেঁচা মাৰি ধৰা যেন লাগে তেতিয়া আপুনি কথাতো মন কৰিব লাগিব৷ ই ইম’চনেল বার্ণআউট হ’ব পাৰে৷ এনে ধৰণৰ ইম’চনেল বার্ণআউট প্ৰধানকৈ হয় ষ্ট্ৰেছৰ পৰা৷ এই ষ্ট্ৰেছ আহিব পাৰে ব্যক্তিগত জীৱনৰ কিবা এটা ঘটনা বা পৰিস্থিতিৰ পৰা, অফিচৰ কামৰ পৰা, ই স্কুল সম্বন্ধীয় কিবা হ’ব পাৰে বা সম্পর্ক সম্বন্ধীয় কাৰণৰ পৰা বা জীৱনৰ আন কিবা এক দিশৰ পৰা উৎপন্ন হ’ব পাৰে৷ এনে সময়ত আপোনাৰ একেবাৰে শক্তি নাই যেন লাগিব৷

ই যিকোনো মানুহৰে জীৱনত দেখা দিব পাৰে কিন্তু যিসকলৰ চাকৰি বা কামত প্ৰেচাৰ বেছি বা যাৰ জীৱনত কিবা এটা মেজৰ লাইফ ইভেন্ট ঘটিছে তেনে মানুহে ইয়াক অনুভৱ কৰাৰ সম্ভাৱনা বেছি৷

আপোনাৰ প্ৰায়ে ভাগৰ লাগি থাকে

আপুনি মন কৰিলে দেখিব যে আপোনাৰ প্ৰায়ে ভাগৰ লাগি থাকে৷ প্ৰায়ে গাত একেবাৰে শক্তি নাই যেন অনুভৱ হয়৷ আপোনাৰ যদিও একো বয়স সম্বন্ধীয় সমস্যা নাই বা শাৰীৰিক সমস্যা নাই তথাপিও আপোনাৰ ভাগৰটো গাৰ পৰা নুগুচেই৷

কামৰ সক্ষমতা কমি গৈছে

আপোনাৰ অফিচতে হওক বা ঘৰতে হওক কাম কৰাৰ ক্ষমতা কমি গৈছে৷ আপুনি আগৰ সমান কাম কৰিব নোৱাৰে৷ আপুনি মনোযোগ দিয়াত টান পায়, কামবোৰ কৰিবলৈ মন নাযায়৷ আপোনাৰ কামৰ কোৱালিটি আগতকৈ কমি যায়৷

শাৰীৰিক সমস্যাই দেখা দিয়ে

আপুনি কিছুমান শাৰীৰিক সমস্যাৰ সন্মুখীন হয়৷ এইবোৰৰ ভিতৰত মূৰৰ বিষ, পেটৰ বিষ আৰু পেটৰ আন সমস্যা হ’ব পাৰে৷ লগতে অনবৰতে ভাগৰ লাগি থকা ভাৱটো থাকিবই৷ টোপনিৰ সমস্যা আৰু খাবলৈ মন নোযোৱা আদিৰ লগতে নানা সৰু-বৰ শাৰীৰিক সমস্যা হৈ থাকিব পাৰে৷

কাম কৰিবলৈ মন নাযায়

আপুনি নিজৰ কাম বা চাকৰিটোক ক্ৰমান্বয়ে বেছিকৈ ষ্ট্ৰেছফুল আৰু হতাশাজনক যেন অনুভৱ কৰিব৷ কর্মক্ষেত্ৰৰ পৰিস্থিতি আৰু সহকর্মীসকলৰ সম্বন্ধে আপোনাৰ মনত নিগেটিভ ভাৱ বাঢ়িবলৈ ধৰিব৷ আৱেগিকভাৱে আপুনি নিজকে কামটোৰ পৰা আতৰাই ৰাখিবলৈ চেষ্টা কৰিব আৰু কামটোৰ সম্বন্ধে অনুভূতিহীন অনুভৱ কৰিবলৈ আৰম্ভ কৰিব পাৰে৷

মানসিক অৱসাদে দেখা দিব পাৰে

ভাগৰ, শক্তিহীন অনুভৱৰ বাবে আপোনাৰ মানসিক অৱসাদে দেখা দিব পাৰে৷ আপোনাৰ কোনো কাম কৰিবলৈকে একেবাৰে মন নাযাব পাৰে৷ আনকি আনৰ লগত কথা পতা, ফোন কৰা আদি কামো কৰিবলৈ আপোনাৰ মন নাযাব পাৰে৷

আপুনি নিৰাশ হৈ পৰিব

আপোনাৰ কোনো ধৰণৰ কাম কৰাৰ মটিভেচন নাথাকে৷ আপুনি নিৰাশ হৈ পৰিব আৰু এই নিৰাশা ব্যক্তিগত জীৱন আৰু কর্মজীৱন দুয়োটাতে বিয়পি পৰিব৷ বর্তমান আৰু ভবিষ্যতক লৈ আপোনাৰ একো আশা নাই যেন লাগিব৷ আপোনাৰ ইৰিটেচন বাঢ়িব, কথা পাতিবলৈ মন নাযাব, কাজিয়া আদি হ’ব যাৰ ফলত ঘৰৰ মানুহৰ লগতো নানাধৰণৰ সমস্যা হ’ব৷

নিজৰ যত্ন লোৱা বাদ দিব

ইমানবোৰ কথা হৈ থাকোতে আপুনি নিজৰ যত্ন লোৱা একেবাৰে বাদ দি দিব৷ নানা ধৰণৰ অস্বাস্থ্যকৰ আৰু আপোনাৰ বাবে বেয়া কিছুমান কাম যেন মদ খোৱা, চিগাৰেট খোৱা, ড্ৰাগছ লোৱা, বেছিকৈ জাংক ফুড খোৱা আদি আপুনি আৰম্ভ কৰিব পাৰে৷

এইবোৰ দেখা যোৱা চিনবোৰৰ কিছুমান মাত্ৰ৷ এইবোৰ চিন দেখা গ’লে আপুনি লগে লগে এই বিষয়ে কিবা এটা কৰিব৷ প্ৰয়োজন হ’লে ডাক্তৰ দেখুৱাব আৰু কাউঞ্চেলিঙৰ বাবে এজন কাউঞ্চেলৰক লগ কৰিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top