Close

৩০ দিনৰ প্ৰত্যাহ্বান- প্ৰতিদিনে ৮০০০ টা ষ্টেপ খোজ কাঢ়ক

আপোনাৰ বাবে এইবাৰৰ চেলেঞ্জ প্ৰতিদিনে ৮০০০ টা ষ্টেপ খোজ কাঢ়ক৷ দিনটোৰ ভিতৰত মুঠ ৮০০০ টা খোজ৷ দেখাত বহু যেন লাগিব পাৰে কিন্তু বহুতে দিনটোত তাতোকৈ বেছি খোজ কাঢ়ে, মাত্ৰ তেওঁলোকে গম নাপায়. তেওঁলোকৰ বাবে এই কামটো টান নহ’ব৷ কিন্তু এনে মানুহো বহু আছে যিয়ে দিনটোত ৮০০০ টা ষ্টেপো খোজ নাকাঢ়ে৷ সেয়া কিমান খোজ কাঢ়িলে সেয়া হিচাপ কৰি চালেহে গম পাব৷

এয়া এই কাৰণেই কৰিব লাগে যাতে আপোনাৰ কিবা এটা এক্সাচাইজ কৰাৰ অভ্যাস হয়৷ আপোনাৰ যাতে মনত এক্সাচাইজ কৰাটো আৰু নিয়মীয়াকৈ কৰাৰ কথাটো সোমাই যায় তাৰবাবে কৰিব লাগে৷ আপুনি যদি একো এক্সাচাইজ নকৰে তেনেহ’লে ই আপোনাৰ বাবে এটা এক্সাচাইজ হ’ব৷ আৰু ই বহুত সহজ৷

কিন্তু কেনেদৰে হিচাও কৰিব কিমান খোজ কাঢ়িলে?

তাৰবাবে আপোনাক এটা ফিটনেছ বেণ্ড এডাল বা স্মার্ট ৱাটছ এটা লাগিব৷ তাৰ দাম ১৫০০ টকাৰ পৰা কেইবা হাজাৰলৈও হ’ব পাৰে৷ আপোনাৰ মবাইল ফোনটোতো এনে কিছুমান এপ আছে যিয়ে আপুনি কিমান খোজ কাঢ়িলে কৈ দিব পাৰে৷ অৱশ্যে সেয়া কিমান সঠিক হয় সেয়া অলপ চিন্তা কৰিবলগীয়া কথা৷ ফিটনেছ বেণ্ড এডাল ল’ব পাৰিলে ল’ব৷ সেয়া আপোনাৰ অযথা খৰছ নহয়, বহু কামত আহিব৷

কিন্তু খোজ কাঢ়িলে কি লাভ হ’ব? খোজ কঢ়াৰ কেইটামান লাভ

খোজ কাঢ়িলে আপুনি কেল’ৰি বার্ণ কৰিব পাৰে৷ আপুনি কিমান খোজ কাঢ়ে তাৰ ওপৰত নির্ভৰ কৰি ওজন কমোৱা, গাৰ পৰা চর্বী বা ফেট কমোৱা বা শৰীৰৰ ফিটনেছ ঠিকে ৰখাত সহায় হ’ব৷ আপুনি যদি আন একো এক্সাচাইজ কৰিব নোৱাৰে বা সুবিধা নাই তেতিয়া খোজ কাঢ়িয়ে আপুনি নিয়মীয়া ব্যায়াম কৰাৰ লাভ পাব পাৰে৷

খোজ কাঢ়িলে ই আপোনাৰ শৰীৰৰ ব্লাড চুগাৰ কমাই ৰাখে৷ এটা গৱেষণাত পোৱা অনুসৰি দিনটোত মাত্ৰ ১৫ মিনিট সময় তিনিবাৰ – এবাৰ ব্ৰেকফাষ্টৰ পিছত, এবাৰ দূপৰীয়া খোৱাৰ পিছত আৰু এবাৰ ৰাতি খোৱাৰ পিছত খোজ কাঢ়িলে ই আপোনাৰ ব্লাড চুগাৰ লেভেল কমাব পাৰে৷

আপুনি যদি প্ৰতিদিনে মাত্ৰ ৩০ মিনিট সময় খোজ কাঢ়ে, সপ্তাহত ৫ দিন খোজ কাঢ়ে, তেতিয়া গৱেষণাত পোৱা অনুসৰি ই হার্টৰ সমস্যা ১৯% কমাব পাৰে৷ আন এক গৱেষণাত পোৱা অনুসৰি দিনত ৩০ ৰ পৰা ৪৫ মিনিট খোজ কাঢ়িলে ই আপোনাৰ ৰোগৰ লগত যুজাৰ ক্ষমতা বঢ়াব পাৰে৷ খোজ কাঢ়িলে ই আপোনাৰ আঠু, ককাল আৰু গাঠিবোৰৰ বিষ কমাব পাৰে৷

আপুনি যদি ডিপ্ৰেচনত ভূগি আছে, মন বেয়া লাগি আছে, তেনেহ’লেও খোজ কাঢ়ক, কাৰণ ই উদ্বেগ, ডিপ্ৰেচন, মন বেয়া লগা, নিগেটিভ মুড আদি কমাব পাৰে আৰু নোহোৱা কৰিব পাৰে৷ ই আপোনাৰ ভৰি দুখনৰ এক্সাচাইজ, গতিকে ভৰি দুখনক টোন কৰাত ই সহায় কৰিব পাৰে৷

বহু মানুহে কয় আৰু বিশ্বাস কৰে যে খোজ কঢ়া অভ্যাসে আপোনাৰ মূৰটো পৰিস্কাৰ কৰে আৰু আপোনাক ক্ৰিয়েটিভ চিন্তা কৰিবলৈ সহায় কৰে৷ আপুনি যদি কিবা এটা সমস্যাৰ সমাধান বিচাৰিছে বা নতুন আইডিয়া এটা বিচাৰি আছে, তেনেহ’লে খোজ কাঢ়ি থাকোতে আপুনি এই সমাধান বা নতুন আইডিয়া বিচাৰি পাই যাব পাৰে৷ এই কথাটো সঁচা মই তাৰ প্ৰমাণ পাইছোঁ৷ মোৰ বহুত প্ৰৱন্ধ আৰু ভিডিঅ আৰু মটিভেচনেল প্ৰগ্ৰেমৰ আইডিয়া এনেদৰে খোজ কাঢ়ি থাকোতেই মই বিচাৰি পাইছোঁ৷

মাত্ৰ ২০ ৰ পৰা ৪৫ মিনিট খোজ কাঢ়িলেই আপোনাৰ ৮০০০ টা ষ্টেপ হৈ যাব৷ আজি আৰম্ভ কৰিলে একেৰাহে ৩০ দিন এই কামটো কৰি থাকিব মাজত এদিনো গেপ নিদিয়াকৈ৷ আপুনি এই চেলেঞ্জটো ল’বলৈ সাজুনে?

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top