Close

Ask Bikash 25

How do I strengthen my willpower

মই মোৰ ইচ্ছাশক্তিক কেনেদৰে শক্তিশালী কৰি তুলিম?

আপুনি নিজৰ ইচ্ছাশক্তিক শক্তিশালী কৰি তুলিব বিচাৰিলে এই কেইটা কাম কৰক-

পৰীক্ষা কৰি চাওক

প্ৰথমতে পৰীক্ষা কৰি চাওক আপোনাৰ ইচ্ছাশক্তি বর্তমান কেনেকুৱা, ই কিমান শক্তিশালী, ই আছে নে নাই৷ কিবা এটা কাম কৰিবলৈ মন নগ’লেও সেই কামটো কৰি থাকক৷ পঢ়িবলৈ মন যোৱা নাই, জোৰকৈ পঢ়ি থাকক৷ ঘৰৰ বা অফিচৰ কিবা কাম এটা কৰিবলৈ মন যোৱা নাই, জোৰকৈ সেয়া কৰি থাকক৷ কিবা এটা কাম কৰি ভাল পায়, সেয়া কৰা জোৰকৈ বন্ধ কৰিবলৈ চাওক৷ গেইম খেলি ভাল পায় বা ফেচবুক বা ইন্টাগ্ৰাম ব্ৰাউজ কৰি ভাল পায়, জোৰকৈ সেয়া বন্ধ কৰি চাওক৷ এনে কৰিলে আপুনি গম পাব আপোনাৰ বর্তমান ইচ্ছাশক্তি আছে নে নাই, বা কিমান আছে৷ তাৰ ওপৰত নির্ভৰ কৰিব আপুনি কিমান কাম কৰিব লাগিব ইয়াক শক্তিশালী কৰিবলৈ৷

প্ৰতিদিনে ইয়াক অভ্যাস কৰক

আপুনি ভাল নোপোৱা কিবা এটা কাম প্ৰতিদিনে কৰক৷ আৰু ভালপোৱা কিবা এটা কাম প্ৰতিদিনে অলপ সময় হলেও নকৰাকৈ থাকক৷

যিদৰে নিয়মীয়া ব্যায়াম কৰিলেহে আপোনাৰ শৰীৰ ভালে থাকিব বা মাচল বনাব পাৰিব, তেনেদৰে ইচ্ছাশক্তিক শক্তিশালী কৰিবলৈ প্ৰতিদিনে ইয়াক অভ্যাস কৰিব লাগিব৷ চিন্তা নকৰিব আপুনি নিজৰ আশেপাশে এনে অভ্যাস কৰাৰ সুবিধা সদায় পাব৷ প্ৰকেটিছ নকৰিলে ই নাবাঢ়িব৷ আৰম্ভণিতে কম সময়ৰ বাবে, সৰুকৈ আৰম্ভ কৰক, তাৰ পিছত লাহে লাহে প্ৰকেটিচৰ সময় আৰু কঠিনতা বঢ়াই গৈ থাকক৷
এটা উদাহৰণ-

আপুনি মিঠা খাই ভাল পায় কিন্তু আপুনি নিজৰ ওজন কমাব বিচাৰিছে৷ আপুনি মিঠা দেখিলেই বা কোনোবাই যাচিলেই নিজকে কওক- “পৰৱর্তী ১০ মিনিটৰ বাবে মই এই মিঠাইটো নোখোৱাকৈ থাকিম,” নিজৰ ইচ্চাশক্তিক ব্যৱহাৰ কৰক সেই ১০ মিনিট মিঠা নোখোৱাকৈ থাকিবলৈ৷ ১০ মিনিট পাৰ হয় মানে মিঠাইৰ প্লেটখন বা টেমাটো আপোনাৰ ওচৰৰ পৰা হয়তো ইতিমধ্যে আতৰি যাবগৈ, কোনোবাই লৈ যাবগৈ৷ যদি তেনে নহয়, মিঠাইৰ প্লেটখন তেতিয়াও অপোআনৰ সন্মুখতে থাকে আকৌ এবাৰ নিজকে একেটা কথাকে কওক আৰু ১০ মিনিট আত্মসম্বৰণ কৰক, নিজকে নিয়ন্ত্ৰণ কৰক৷ কামটো টান কিন্তু ই কামত আহিব৷

১০ মিনিটৰ বাবে মেডিটেচন কৰক

গৱেষণাত গৱেষণাকাৰীসকলে পাইছে যে মেডিটেচনে ইচ্চাশক্তিক বঢ়াব পাৰে৷ পৰীক্ষা এটাত তিনিঘন্টা মেডিটেচন কৰাৰ পিছত তাত অংশলোৱা লোকসকলৰ নিজৰ ওপৰত নিয়ন্ত্ৰণ আৰু ফ’কাছ বাঢ়িছিল৷ এঘাৰ ঘন্টাৰ মেডিটেচনে মগজুত দৃশ্যমান বা দেখা পোৱা সালসলনি কৰিছিল৷ মেডিটেচনে মগজুৰ নিউৰেল কানেকচনবোৰ বৃদ্ধি কৰে, বিশেষকৈ মগজুৰ সেই ঠাইবোৰত যিবোৰ নিজৰ ওপৰত নিয়ন্ত্ৰণৰ বাবে দায়ী৷

এক্সাচাইজ আৰু মার্চিয়েল আর্টছ

বেলেগ বেলেগ ধৰণৰ এক্সাচাইজে আপোনাক নিজৰ ইচ্চাশক্তি বঢ়াবলৈ সহায় কৰিব৷ জিমলৈ যোৱা, ৱেইট লিফটিং, য়োগা, বডিৱেইট এক্সাচাইজ আদিয়ে আপোনাৰ ইচ্চাশক্তি বৃদ্ধি কৰিব৷ আপুনি যদি কিবা মার্ছিয়েল আর্ট যেন কাৰাটে, কুংফু, টাইকোৱানডো বা আন কিবা শিকে ই ইচ্চাশক্তিক খাটাং বঢ়াব৷ এনে এক্সাচাইজবোৰ কৰি থাকিবলৈ আৰু কৰিবলৈ বহুত ইচ্চাশক্তি লাগে আৰু সেইবোৰ অভ্যাস কৰি থাকোতে থাকোতে আপোনাৰ ইচ্চাশক্তি নিজে নিজে বৃদ্ধি পাব৷ এইবোৰে আপোনাৰ আত্মবিশ্বাস আৰু আত্মসন্মানো বঢ়াব যিয়ে আপোনাক মন নগেলেও কৰিবলগীয়া কামবোৰ কৰিবলৈ আৰু কৰি থাকিবলৈ মনত জোৰ দিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top