Close

Ask Bikash 2

মোৰ এটা প্ৰশ্ন sir,
Sir, কিছুমান মানুহৰ সন্মুখত মই কথা কব নাপাওঁ , কবলৈ ইচ্ছা হয় কিন্তু যেন সাহক নহয়…
কিবা যদি কওঁ , মই ভাবোঁ মোৰ কিবা যেন mistak হল … আৰু mistak হৈও …
বিশেষকৈ কিছুমান মোৰ Teacher, আৰু কিছুমান ছোৱালীৰ সন্মুখত…
Sir , কিবা উপায় আছে যদি দিব মোক , মই যাতে সকলোৰে সন্মুখত থিয় হৈ কথা কব পাৰোঁ…
Sir, প্ৰশ্নটো থিক হোৱানাই মই জানো, তথাপিও কৰিছোঁ, কাৰণ মোৰ এইবোৰ share কৰিবলে অকল আপুনিয়ে আছে … যাৰ বাবে কলোঁ sir

তুমি এইবাবেই কথা ক’ব নোৱাৰা কাৰণ তোমাৰ মূৰৰ ভিতৰত কিছুমান কথা চলি থাকে ৷ চিনেমা চলি থাকে

মই যদি ভুলকৈ কও, মানুহে যদি হাঁহি দিয়ে, ঠাট্টা কৰে তেতিয়া কি হ’ব?

মই কিমান লাজ পাম ইত্যাদি

দুটা কাম কৰিব লাগিব৷

প্ৰথমতে তোমাৰ মনটো ঠিক কৰিব লাগিব

আৰু তাৰ পিছত এটা একেবাৰে সহজ এক্সাচাইজ

প্ৰথমতে তুমি নিজকে ক’ব লাগিব, ধৰি ল’ব লাগিব, বিশ্বাস কৰিব লাগিব যে তুমি পাৰিবা ৷ কথা ক’বলৈ মন গ’লে “মানুহে কি ক’ব,” “মানুহে হাঁহিব” বুলি ভবাৰ সলনি, তুমি ভাবিব লাগিব এয়া

”হাঁহিলে হাঁহিব, কিনো হ’ব”

মানুহে যেনিবা তোমাৰ কথাত হাঁহিলে, তোমাক হাঁহিলে, কিনো হ’ব? তুমি হাঁহিবা লগতে৷ নিজকে হাহিবা ৷

ঠাট্টা কৰিলেই যেনিবা কিনো হ’ব? মানুহে এইবিলাক কৰিবই ৷

সেয়া প্ৰথম কাম -হাঁহিলে হাঁহিব কিনো হ’ল?

তাৰ পিছত আহিব প্ৰেকটিছ, টেকিং এক্সন

এই কামটো লগে লগে আৰম্ভ কৰিব লাগিব আৰু একেৰাহে এদিনো বাদ নিদিয়াকৈ কৰি থাকিব লাগিব

কামটো হ’ল

আজি যাৰ লগত কথা পাতি ভয় লাগে, যাৰ লগত কথা পাতিলে কথা ওলাই নাহে, তেনে এজন মানুহৰ লগত মাত্ৰ ১ মিনিট সময়, মাত্ৰ ১ মনিট সময় কথা পাতিব লাগিব মাত্ৰ ১ মিনিট

প্ৰথমদিনা ভালকৈ নোৱাৰিবা

দ্বিতীয় দিনাও সিমান ভালকৈ নোৱাৰিব পাৰা

তেনেদৰে কেইদিনমান যাব

হঠাতে এদিন তুমি তেনে এজন মানুহৰ লগত ১ মিনিট কথা পাতিব পৰা হ’বা

তেতিয়া তেনে আন এজন মানুহৰ লগত ২ মিনিট কথা পাতিবলৈ চেষ্টা কৰিব লাগিব

২ মিনিট কথা পতিব পৰা হ’লে লাহৈকৈ ৩ মিনিট কথা পাতিবলৈ চেষ্টা কৰিব লাগিব

এনেদৰে বঢ়াই গৈ থকিলে ৫ মিনিট, ১০ মিনিট কথা পাতিব পৰা হ’বা

তোমাৰ ভয়টো নোহোৱা হৈ যাব প্ৰেকটিচ কৰোতে কৰোতে কথাটো সহজ হৈ পৰিব

কৰিবলৈ আৰম্ভ কৰা আজিৰ পৰা৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top