এদিন এজন মানুহ আৰু তেওঁৰ সৰু ল’ৰাটোৱে পাহাৰ বগাই আছিল৷ হঠাত ল’ৰাটোৱে উজুটি খাই পৰি গ’ল? দুখ পাই সি চিঞৰিলে,“আ…আ…হ….হ…হ..হ৷” তাৰ ছিঞৰটো মাৰ যোৱাৰ সময়তে আন কোনোবাই তাক নকল কৰি যেন চিঞৰি উঠিল- “আ…আ…হ….হ…হ..হ৷”
ল’ৰাটোৱে আচৰিত হৈ আকৌ চিঞৰিলে,“কোন তুমি?’’
সি উত্তৰ পালে- “কোন তুমি?’’
এইবাৰ সি চিঞৰিলে, “মই তোমাক সন্মান কৰোঁ৷”
এইবাৰ আনটো মাতে সমানে চিঞৰি উত্তৰ দিলে-“মই তোমাক সন্মান কৰোঁ৷”
কোনোবাই তাক সিঞাৰিছে বুলি খঙ উঠি সি এইবাৰ চিঞৰিলে, “ভয়াতুৰ৷”
সি উত্তৰ পালে-“ভয়াতুৰ৷”
সি কথাটো বুজি নাপাই দেউতাকক সুধিলে- “এইবোৰ কি হৈছে দেউতা?”
দেউতাকে হাঁহিলে আৰু ক’লে-“ভালদৰে শুনাচোন৷”
ল’ৰাটোৱে এইবাৰ চিঞৰিলে, “তুমি এটা চেম্পিয়ন৷”
আনটো মাতে উত্তৰ দিলে-“তুমি এটা চেম্পিয়ন৷”
দেউতাকে ক’লে- “মানুহে ইয়াক প্ৰতিধ্বনি বুলি কয়, কিন্তু দৰাচলতে ই আমাৰ জীৱনটো৷ তুমি যি কোৱা বা কৰা ই সেইটোকে ঘূৰাই দিয়ে৷ আমাৰ জীৱনটো প্ৰকৃততে আমাৰ কামৰ প্ৰতিধ্বনি, প্ৰতিফলন৷ তুমি যদি পৃথিৱীত বেছি মৰম-ভালপোৱা বিচৰা, তেন্তে তোমাৰ হৃদয়ত বেছি মৰম-ভালপোৱাৰ সৃষ্টি কৰিব লাগিব৷ তুমি যদি শান্তি আৰু সুখ বিচৰা তেন্তে তোমাৰ কামবোৰো তেনে হ’ব লাগিব৷ তুমি জীৱনক যি দিয়া, জীৱনে সেইবোৰ সকলো তোমাক ঘূৰাই দিব৷
YOUR LIFE IS NOT A COINCIDENCE. IT’S A REFLECTION OF YOU!”
— Author Unknown