Close

আমাৰ জীৱনৰ ভুলবোৰ

আমি আমাৰ জীৱনত নানা ভুল কৰোঁ৷ কৰি আহিছোঁ আৰু আগলৈকো হয়তো কৰিম৷ কিন্তু এটা সময়ত আমি অনুভৱ কৰোঁ যে তাৰে কিছুমান ভুল নকৰা হলেই ভাল আছিল বা সেইবোৰ ভুল বুলি জানিলে আমি হয়তো সেইবোৰ নকৰিলোঁহেঁতেন৷ কিন্তু বহু সময়ত সেইবোৰ ঠিক কৰি আকৌ আগৰ সময়বোৰ আমি ঘূৰাই আনিব নোৱাৰোঁ৷ তেতিয়াহ’লে সেইবোৰৰ কথা পাতি লাভ কি? ভুলবোৰৰ বিষয়ে চিন্তা কৰা বা আলোচনাৰ কৰাৰ কিছুমান লাভ আছে যিবোৰে আমাৰ জীৱনটোৰ ওপৰত পোনপটীয়া প্ৰভাৱ পেলায়৷ আমি সেই ভুলবোৰৰ পৰা কিছুমান দৰকাৰী কথা শিকিব পাৰোঁ আৰু একেটা ভুল আকৌ নকৰাৰ দৃঢ় সিদ্ধান্ত ল’ব পাৰোঁ৷ তেনেদৰে নিজৰ ভুলৰ লগতে আমি আনৰ ভুলৰ পৰাও প্ৰয়োজনীয় কথা কিছুমান শিকিব পাৰোঁ৷

ভুলৰ কিছুমান নমুনা

আমি নানা সময়ত নানা ধৰণৰ ভুল কৰোঁ৷ আপোনাৰ জীৱনত কৰা ভুলবোৰৰ ভিতৰত তলৰ কোনোবাটো ভুল আছে নেকি?

• সময় নষ্ট কৰা

• পৃথিৱী মোৰ চাৰিওফালে ঘূৰে বুলি ভবা

• মই আজি কৰা কামবোৰৰ কোনো মূল্য নাই বুলি ভবা

• জীৱনটো পিচলৈ পেলাই থোৱা

• কিবা টান যেন দেখিলেই মই নোৱাৰোঁ বুলি কোৱা

• ছচিয়েল মিডিয়াত সময় নষ্ট কৰা

• পঢ়া বাদ দিয়া

• সকলোকে সন্তুষ্ট কৰিবলৈ চেষ্টা কৰা

• ভয়ত জীয়াই থকা

• জীৱনত কোনো উদ্দেশ্য আৰু লক্ষ্য নোহোৱাকৈ চলি গৈ থকা

• শুই বেছি সময় নষ্ট কৰা

• ছচিয়েল মিডিয়াত সময় নষ্ট কৰা

• ছচিয়েল মিডিয়াত আনৰ জীৱন লক্ষ্য কৰি হুমুনিয়াহ কঢ়া

• সদাই ব্যায়াম নকৰা

• নিজৰ উন্নতিৰ বাবে সময় নিদিয়া আৰু চেষ্টা নকৰা

• বেছিকৈ চিন্তা কৰা

• পইচাক সকলোতকৈ বেছি গুৰুত্ব দিয়া

• যিমান পাইছে তাতোকৈ বেছিকৈ লোৱা

• যিবোৰ আপুনি নিয়ন্ত্ৰণ কৰিব নোৱাৰে সেইবোৰ কথা চিন্তা কৰি থকা

• কামটো টান হ’লেই হাত দাঙি দিয়া

• তললৈ টানি থকা বন্ধুবোৰ এৰিব নোৱাৰা

• আনৰ লগত তুলনা কৰা

• ড্ৰাগছ সেৱন কৰা

• ফোনটো লৈ জীয়াই থকা (ফোনটো মোৰ জীৱনটোবুলি ভাবি তাৰ লগতে বেছি সময় কটোৱা)

• কথাবোৰ এৰি নিদিয়া

• নিজৰ আৱেগক নিয়ন্ত্ৰণ নকৰা

• প্ৰতিটো মুহূর্ত উপভোগ নকৰা

• জীৱনটোৰ নিয়ন্ত্ৰণ হাতলৈ আনিবলৈ ইতিমধ্যে বহু দেৰি হৈ গৈছে বুলি ঠিৰাং কৰা

• মই ফেইল কৰিলোঁ বুলি ভাবি লোৱা

• আনৰ লগত তুলনা কৰা

• মোৰ কোনো কাম নাই বুলি ভবা

• মোৰ বহু সমস্যা

• পিছলৈ কাম পেলাই থোৱা

• আনক আপোনাৰ জীৱনটো নিয়ন্ত্ৰণ কৰিবলৈ দিয়া

ভুলবোৰ ভুল বুলি স্বীকাৰ কৰাটো বৰ সহজ নহয়৷ তাৰবাবে যথেষ্ট আত্মবিশ্বাস লাগে৷ আত্মবিশ্বাসী মানুহেহে নিজৰ ভুলবোৰ স্বীকাৰ কৰি ল’ব পাৰে আৰু লগতে এইবোৰ শুধৰোৱাৰ বাবে চেষ্টা কৰিব পাৰে৷

যদি আপুনি ইয়াৰে কিছুমান ভুল কৰি আছে, তেনেহ’লে আপুনি আজিয়েই সেইবোৰ আতৰোৱা বা শুধৰণি কৰাৰ চেষ্টা কৰিব পাৰে৷ আৰু ইয়াৰে যদি কিছুমান ভুল আপুনি নিজে কৰা নাই তথাপিও আপুনি সেইবোৰৰ বিষয়ে শিকি ল’ব পাৰে যাতে আপুনি সেইবোৰ ভুল কালি নিজে নকৰে৷ আনৰ ভুলৰ পৰা শিকাটোও এটা ভাল কথা নহয় জানো?

ভুলবোৰৰ কথা বাৰু আপুনি গম পালে৷ এতিয়া আপুনি কি কৰিব?

কি কৰিব? ভুলবোৰ শুধৰোৱা আৰু তাৰ পৰা শিকাৰ উপায়বোৰ

জীৱনত তলৰ ভুলবোৰ আপুনি কেতিয়াও কৰিব নালাগে কাৰণ এইবোৰে আপোনাৰ জীৱনটো সঠিক পথৰ পৰা পথচ্যুত কৰিব পাৰে৷

একেবাৰে সময় নষ্ট নকৰিব

আপোনাৰ বাবে আটাইতকৈ মূল্যবান হ’ল সময়৷ গতিকে তাক নষ্ট কৰা মানে নিজৰ বর্তমান আৰু ভবিষ্যতটো নষ্ট কৰা৷ সেয়া জানো আপুনি কৰিব বিচাৰে? নিজৰ সময়বোৰ আপুনি কৰিব বিচৰা কামবোৰ কৰাত খৰছ কৰক৷ এবাৰ সময়বোৰ আপোনাৰ হাতৰ পৰা ওলাই গ’লে তাক আৰু দুনাই ঘূৰাই পোৱা নাযায়৷ গতিকে কি কামত আপুনি সময়বোৰ ব্যৱহাৰ কৰিব সেয়া আপুনি নিজে ঠিক কৰি ল’ব লাগিব৷ কামবোৰৰ এখন লিষ্টি কৰি ল’লে কামবোৰ কৰিবলৈ হয়তো আপুনি বেছি সুবিধা পাব৷

সময় নষ্ট নকৰা মানে অনবৰতে কৰিবলগীয়া কামবোৰ কৰি থকাই নহয়৷ আপুনি যদি নিজৰ পৰিয়াল, বন্ধু বা যাৰ লগত কথা পাতি ভাল লাগে তেনে মানুহৰ লগত অলপ সময় কথা পাতে, সেইটোৱে সময় নষ্ট কৰাটো নুবুজায়৷

সময়বোৰ কেনেদৰে ব্যৱহাৰ কৰিব সেয়া আপোনাৰ কথা কাৰণ জীৱনটো আপোনাৰ আৰু সেই জীৱনটোৰ সময়বোৰৰ নষ্ট কৰি পিছত অনুতাপ কৰিব নে সেইবোৰ ভাল আৰু আপোনাৰ বাবে প্ৰয়োজনীয় কামত সদব্যৱহাৰ কৰিব সেয়া আপোনাৰ কথা৷ আপোনাৰ জীৱনটো সময়ৰে গঠিত, গতিকে যেনেদৰে সময়বোৰ আপুনি ব্যৱহাৰ কৰে, আপোনাৰ জীৱনটোও তেনেকুৱাই হ’ব৷

আজিৰ দিনটো জীয়াই থাকক

এই বিষয়ে মই আগতে এটা সম্পূর্ণ লিখনি লিখিছোঁ৷ অতীতলৈ ঘূৰি গৈ আপুনি একো সলনি কৰিব নোৱাৰে আৰু ভবিষ্যতত কি হ’ব সেয়া কোনেও নাজানে৷ গতিকে অতীতৰ পৰা ভাল অনুভৱ, স্মৃতিবোৰ লওক আৰু ভবিষ্যতৰ বাবে পৰিকল্পনা কৰক৷ আজিৰ দিনটো কিন্তু আপোনাৰ হাতত আছে গতিকে তাৰ সকলোবোৰ মুহূর্ত সম্পূর্ণৰূপে উপভোগ কৰক৷ আজিৰ দিনটো যদি আপুনি উপভোগ কৰিবলৈ নিশিকে আপোনৰ জীৱনটো এনেয়ে পাৰ হৈ যাব আৰু আপুনি গমকে নাপাব, কাৰণ “আজিৰ দিনটো” সদায় আহিব আৰু পাৰ হৈ যাব আৰু আপুনি সদায় কালি বা কাইলৈৰ দিনটোৰ কথা ভাবি থাকোতে কেতিয়ানো জীৱনটো শেষ হৈ গ’ল সেয়া গমকেই নাপাব৷ আজিৰ দিনটো যদি আনন্দ আৰু সুখেৰে জীয়াই থাকিব পাৰে, তেন্তে আপোনাৰ জীৱনটোও সুখ আৰু আনন্দময় হ’ব৷

আনৰ বাবে কিবা কৰক

আনৰ বাবে কিবা এটা কৰাটো খুব প্ৰয়োজনীয়৷ আপুনি যদি এতিয়ালৈকে আনৰ বাবে ভালদৰে একো কৰিব পৰা নাই, এতিয়া আপুনি সেই কাম কৰিবলৈ চেষ্টা কৰক৷ আমি প্ৰায়ে নিজৰ জীৱন যুদ্ধত ইমান ব্যস্ত হৈ পৰোঁ যে আনৰ বাবে কিবা এটা কৰাৰ বাবে আমাৰ সময় নাথাকে৷ গতিকে আনৰো আমাৰ কথা মনত পেলাবলৈ বা আমাৰ বাবে কিবা এটা কৰিবলৈ সময় নাথাকে৷ যেতিয়া আপুনি আনৰ বাবে কিবা এটা কাম কৰে, ই আপোনাৰ মনলৈ সন্তুষ্টি আৰু শান্তি আনে৷ কিবা এটা বস্তু কিনি আপোনাৰ মনটো যিমান ভাল লাগে তাতোকৈ বেছি ভাল লাগে আনৰ বাবে কিবা এটা কৰি৷ আনৰ বাবে কিবা এটা কৰিবলৈ আপোনাক বহু টকা-পইচা বা সময় নালাগে৷ আনৰ বাবে বিভিন্ন পর্যায়ত কাম কৰিব পাৰি৷ আপোনাৰ সাধ্য অনুসাৰে আপুনি কিছুমান কাম কৰিব পাৰে৷ যদি মানুহে আপোনাক মনত ৰখাৰ লগতে আপুনি সন্তুষ্টি লাভ কৰিব বিচাৰে নিজৰ লগতে আনৰ কথা ভাবিবলৈ আপুনি চেষ্টা কৰিব লাগিব৷

ঘূৰাই দিয়ক

সমাজৰ পৰা, দেশৰ পৰা, জাতিৰ পৰা আমি নানা সময়ত নানা বস্তু লৈ থাকো, কিন্তু কিবা ঘূৰাই দিয়াৰ কথা আমাৰ বহুতৰে মনলৈ নাহে৷ ই এটা ডাঙৰ ভুল৷ এটা সময়ত আপোনাৰ মনটো এই কথা ভাবি বেয়া লাগিব যে জীৱনটো আপুনি কেৱল আনৰ পৰা, সমাজৰ পৰা, জাতিৰ পৰা, জীৱনৰ পৰা ল’লেহে মাত্ৰ কিন্তু একো ঘূৰাই নিদিলে৷ গতিকে যদি পাৰে আজিৰ পৰাই কিবা নহয় কিবা ধৰণে সমাজলৈ, পৃথিৱীলৈ কিবা এটা ঘূৰাই দিয়াৰ চেষ্টা কৰক৷ আমি সকলোৱে সূর্য হৈ পোহৰ বিলাব নোৱাৰিব পাৰোঁ কিন্তু তৰা হৈ কিজানি অলপ পোহৰ দিবই পাৰোঁ৷ 

টকাই সুখ দিব নোৱাৰে

টকা এটা খুব প্ৰয়োজনীয় সম্পদ৷ টকা নাথাকিলে জীৱনটো নানা বেমেজালিৰে ভৰি পৰিব৷ কিন্তু সেইবুলি ই সকলো নহয়, কাৰণ নহ’লে সকলো ধনী মানুহেই সুখী আৰু দুখীয়া মানুহেই দুখী হ’লহেঁতেন৷ টকা-পইচাক এবিধ সঁজুলি হিচাপে ব্যৱহাৰ কৰিবলৈ শিকক, কিন্তু তাৰ বাবে অনবৰতে হামৰাও কাঢ়িব নালাগে৷ টকা আপোনাক লাগিবই, কিন্তু যদি আপুনি টকাকে সকলো বুলি ভবাৰ ভুলটো কৰে, তেন্তে এটা সময়ত আপুনি সেই কথাটোৰ ভাবে অনুতাপ কৰিব লাগিব৷ আপুনি যদি বাকী সকলো কাম বাদ দি অকল টকা উপার্জন কৰাতে গুৰুত্ব দিয়ে তেন্তে এটা সময়ত আপোনাৰ অজস্ৰ টকা থাকিলেও আপোনাৰ হয়তো সেই সময়ত সেই ধন উপভোগ কৰিবলৈ শক্তি, ইচ্ছা বা সংগ নাথাকিব৷ ভালদৰে চলিবলৈ যিমান টকা হ’লে আপোনাৰ বাবে যথেষ্ট সিমানতে সন্তুষ্ট থাকিবলৈ শিকাটোও জৰুৰী৷ তাৰোপৰি সুখ অকল টকা-পইচাৰে ওপৰত নির্ভৰ নকৰে৷ ই প্ৰধানকৈ নির্ভৰ কৰে আপোনাৰ মানসিক অৱস্থাৰ ওপৰত৷

আপুনি দেখাত কেনে তাৰ ওপৰত বেছিকৈ নির্ভৰ নকৰিব

শাৰীৰিক ভাবে সুন্দৰ হ’লে নিজৰ ভাল লগাৰ লগতে আন মানুহেও দেখি ভাল পায় আৰু শাৰীৰিক ভাৱে সুন্দৰ হ’বলৈ আপুনি চেষ্টা কৰিব লাগে৷ সুন্দৰ মানুহ এজনে সহজতে আনক আকর্ষণ কৰে৷ কিন্তু অকল সেইটোৱে আপোনাৰ চেষ্টা হ’ব নালাগে৷  তাতোকৈ বহু গুণ বেছি চেষ্টা আপুনি কৰিব লাগে মানসিক ভাৱে বেছি সুন্দৰ হ’বলৈ৷ শাৰীৰিক সৌন্দর্য এটা সময়লৈকেহে আপোনাৰ লগত থাকিব৷ যিমানে সুন্দৰ নহওক বুঢ়া বয়সত বা অলপ বয়স হ’লে আপোনাৰ শাৰীৰিক সৌন্দর্য একে নাথাকে৷ কিন্তু মানসিক সৌন্দর্যৰ তেনে কোনো এক্সপায়েৰি ডেট নাথাকে৷ যদি আপুনি শাৰীৰিক ভাৱে খুব ধুনীয়া নহয়, মনটো বেয়া কৰি সময়বোৰ নষ্ট কৰাতকৈ আপুনি জানো মানসিক ভাৱে আৰু বেছি ধুনীয়া হোৱাৰ লগতে শাৰীৰিক ব্যায়াম আদি কৰি নিজকে ফিট কৰি ৰখাটোত জোৰ দিয়াটো বেছি ভাল নহ’ব? আপুনি দেখাত ধুনীয়া হ’লে গর্ব কৰি আৰু দেখাত ভাল নহ’লে হীনমন্যতাত ভূগি সময় নষ্ট কৰাতকৈ আন কিবা ভাল, ডাঙৰ কাম কৰিব পাৰি নেকি সেয়া বিচাৰ-খোচাৰ কৰাটো জানো বেছি ভাল নহ’ব?

কিহে আপোনাক সুখ আৰু আনন্দ দিয়ে সেয়া বিচাৰি উলিয়াওক

অনুতাপ নথকাকৈ জীৱনটো যদি আপুনি ভালদৰে জীয়াই থাকিব খোজে তেতিয়া তাৰ বাবে আপুনি জানিব লাগিব অথবা বিচাৰি উলিয়াব লাগিব কিহে আপোনাক সুখ আৰু আনন্দ দিয়ে৷ কথাটো শুনাত সহজ কিন্তু আমি বহুতে নাজানো কিহে আমাক সুখ আৰু আনন্দ দিয়ে৷ তাৰ কাৰণ হ’ল আমি নিজকে জনাৰ চেষ্টা নকৰোঁ৷ নিজকে জনাৰ চেষ্টা কৰাটো হ’ল আপোনাৰ আধ্যাত্মিক সচেতনতাৰ প্ৰথম খোজ৷ যদি আপুনি কিতাপ পঢ়ি সুখ আৰু আনন্দ পায়, তেন্তে আন মানুহ গৈছে কাৰণে আপুনি ক্লাবলৈ গৈ ফূর্তি পোৱাৰ চেষ্টা নকৰিলেও হ’ব৷ যদি আপোনাৰ বাহিৰত ঘূৰি বেছি ভাল লাগে তেন্তে বহি থকা চাকৰি এটা পালেও সেয়া কৰাটো আপোনাৰ সুখ আৰু আনন্দ আৰু গোটেই জীৱনটোৰ বাবে ভাল নহ’বও পাৰে৷ এই জীৱনটো আপোনাৰ গতিকে আপুনি কেনেদৰে ইয়াক জীয়াই থাকিব সেয়া আপুনি নিজে ঠিক কৰিব পাৰে৷ আপুনি কিহে আপোনাক সুখ, আনন্দ দিয়ে সেই কথা জানিলে তেনে কামবোৰতে বেছি মনোনিবেশ কৰি নিজকে সুখী আৰু সন্তুষ্ট হোৱাত সহায় কৰিব পাৰে৷

আনকমফৰটেবল হওক

আমি সাধাৰণতে সেইবোৰ কামহে কৰিব বিচাৰোঁ যিবোৰ কৰি আমি কমফৰটেবল অনুভৱ কৰোঁ৷ যিবোৰ কাম কৰিলে আমি আনকমফৰটেবল অনুভৱ কৰোঁ সেইবোৰ আমি সাধাৰণতে আওকাণ কৰিবলৈ চেষ্টা কৰোঁ৷ কিন্তু আপুনি মাত্ৰ কমফৰটেবল অনুভৱ কৰা কামবোৰহে কৰে, তেন্তে আপোনাৰ উন্নতি আৰু বৃদ্ধি নহ’ব৷ কৰফৰটেবল কামবোৰ আমাৰ “প্ৰভাৱৰ পৰিধি” ৰ ভিতৰৰ৷ আনহাতে যিবোৰ কাম আমাৰ “প্ৰভাৱৰ পৰিধি” ৰ বাহিৰৰ সেইবোৰ কাম আমাৰ বাবে আনকমফৰটেবল হয়, গতিকে সেইবোৰৰ পৰা আমি আতৰি থাকিবলৈ চেষ্টা কৰোঁ৷ কিন্তু এই কামবোৰ কৰিলেহে আমাৰ “প্ৰভাৱৰ পৰিধি” ৰ লাহে লাহে বিস্তৃতি ঘটিব৷ আৰু তেতিয়াহে আমি যিবোৰ কাম কৰিব বিচাৰোঁ সেইবোৰ কৰিব পাৰিম আৰু আমি সফল হ’ব পাৰিম৷ আপুনি যদি জীৱনত নতুন নতুন কাম কৰি, বেলেগ বেলেগ অনভৱ লাভ কৰিব বিচাৰে তেন্তে আপুনি আগতে নকৰা কাম কৰিবই লাগিব অর্থাৎ আনকমফৰটেবল হ’বই লাগিব৷

কমকৈ কাম কৰক

হয়, কমকৈ কাম কৰক৷ বহুতে আপত্তি কৰিব যে আমি অসমীয়া মানুহ ইতিমধ্যে এলেহুৱা আৰু কাম কমকৈয়ে কৰে৷ আপোনাক এলেহুৱা হ’বলৈ কোৱা নাই৷ আপোনাৰ হাতত যিমান সময় আছে সিমান সময়ত কম কাম কৰক কিন্তু ভালদৰে আৰু শেষ কৰি কৰক৷ একে সময়তে বহুকেইটা কাম হাতত লৈ এটাও কাম ভালদৰে কৰিব নোৱাৰাতকৈ কম কাম হাতত লৈ সেইকেইটা কাম ভালদৰে কৰাটো বেছি ভাল, বেছি ফলদায়ক হ’ব৷ ইয়াতে আপোনাৰ বাবে আটাইতকৈ গুৰুত্বপূর্ণ কামবোৰ বাছি লোৱাৰ প্ৰয়োজনীয়তাৰৰ কথা আহিব৷ 80/20 principle টোৱে আপোনাক এই ক্ষেত্ৰত আটাইতকৈ গুৰত্বপূর্ণ কামবোৰ বিচাৰি উলিওৱাত সহায় কৰিব৷ এই গুৰুত্বপূর্ণ কামবোৰ কৰিলে অঅপুনি বিচৰা ফলাফল লাভ কৰাৰ লগতে অঅপুনি নিজৰ আৰু অনৰ বাবেও যথেষ্ট সময় উলিয়াই ল’ব পাৰিব৷ আপুনি অনবৰতে বিজি হৈ থকাতকৈ প্ৰয়োজনীয় কামবোৰ সমাধা কৰিও যথেষ্ট সময় আচুতীয়াকৈ থব পাৰিব৷

এৰি দিবলৈ শিকক

বহু সময়ত বহু কথা এৰি দিব পৰাটো আপোনাৰ নিজৰ বাবেই ভাল কথা৷ কিছুমান কথা এৰি দিব পাৰিলে আপুনি শান্তিত চলিব পাৰিব আৰু নিজৰ কৰিবলগীয়া গুৰুত্বপূর্ণ কামবোৰৰ ওপৰত গুৰুত্ব দিব পাৰিব৷ আনৰ ওপৰত খঙ, অভিমান কৰি, আনক বেয়া পাই থাকি আপুনি আচলতে নিজৰহে ক্ষতি কৰে৷ এনে হ’লে আপুনি মনৰ শান্তিৰ লগতে, সময় আৰু আন বহু কিবাকিবি হেৰুৱাব লগীয়া হয়৷ কথা এৰি নিদিয়া ভুলটো কৰা বাবে কিছুমান মানুহৰ জীৱনটোত একো অর্থই নাথাকে৷ কিন্তু যদি আপুনি কথাবোৰ ধৰি নাথাকি এৰি দি নিজৰ জীৱনটো আৰু সুন্দৰ কৰাতহে মনোনিবেশ কৰে, তেতিয়া আপোনাৰ জীৱনটো আৰু উপভোগ্য আৰু অকল্পনীয় ধৰণে ভাল হৈ পৰিব৷

ভুল কৰিলে ভুল কৰিছোঁ বুলি মানি লোৱাটোও বৰ ডাঙৰ কথা৷ আমি সাধাৰণতে ভুল কৰিছোঁ বুলি মানি ল’বলৈ টান পাওঁ৷ আপুনি নিবিচাৰিলে আপুনি ভুলবোৰৰ কথা আনক ক’ব নালাগে কিন্তু আপুনি নিজে সেইবোৰ অনুধাৱন কৰিলে তেনে ভুলৰ পৰা আপুনি ভবিষ্যতে বাচি থাকিব পাৰিব আৰু লগতে তেনে ভুল শুদ্ধ কৰাৰ ব্যৱস্থা ল’ব পাৰিব৷ জীৱনটো ক্ৰমান্বয়ে উন্নত কৰি গৈ থকাটো আমাৰ জীৱনৰ এক অন্যতম লক্ষ্য হ’লেহে আমি এক সুন্দৰ জীৱন জীয়াই থাকিব পাৰিম আৰু সেয়া কৰিবলৈ হ’লে আপুনি এনে ভুলবোৰ শুদ্ধ কৰাৰ প্ৰচেষ্টা হাতত লবই লাগিব৷ আজিৰ পৰাই আৰম্ভ কৰোঁ আহক নিজৰ ভুলৰ বিষয়ে জনাৰ আৰু এইবোৰ শুদ্ধ কৰাৰ প্ৰচেষ্টা৷

কাকলিৰ ভুল

কাকলিয়ে নিজৰ ভুলটো বুজি পালে৷

তাইৰ ভুলটো হ’ল তাই আনৰ কথামতে নিজৰ জীৱনটো চলাই আছিল৷ লগতে সদায় তাই ভাবে যে আনে কি ক’ব, কি ভাবিব আৰু এই কথাটোৱে তাই লোৱা সকলোবোৰ সিদ্ধান্তকে প্ৰভাৱিত কৰিছিল৷ গতিকে তাই এনে এটা জীৱন জীয়াই আছিল যিটো আচলতে তাইৰ নাছিলেই৷

তাই কি কৰি ভাল পায় তাতকৈ তাই সদায় মাক-দেউতাকৰ কথা মতে পঢ়া-শুনা কৰিলে৷ আৰু যেতিয়া কেৰিয়াৰ বাচি লোৱাৰ কথা অঅহিল তেতিয়া তাই আন আন মানুহৰ পৰা উপদেশ ল’লে৷ কিন্তু কোনোদিনে তাই নিজকে “মই কি কৰি ভাল পাওঁ”, “মই কি কৰিব বিচাৰোঁ” ধৰণৰ প্ৰশ্ন কৰিয়েই নাপালে৷  আত্মীয়-স্বজনৰ পৰামর্শ মতে তাই পঢ়া-শুনা শেষ কৰিলে অঅৰু এতিয়া চাকৰিও আৰম্ভ কৰিলে৷

কিন্তু চাকৰি কৰি তাইৰ এদিনো ভাল নালাগিল৷ যিবোৰ কাম তাই কৰিব লাগে সেয়া তাই কেতিয়াও কৰিব বিচৰাই নাছিল৷ তাই বিচাৰিছিল আনৰ জীৱনত সৰু হলেও কিবা এটা পজিটিভ প্ৰভাৱ পেলাবলৈ৷ তাই বিচাৰিছিল তাই যিদৰে পৃথিৱীখন অনুভৱ কৰে তেনেদৰে আন মানুহক জনাবলৈ৷ তাই বিচাৰিছিল তাইৰ ভিতৰত থুপ খাই থকা কাহিনীবোৰ আন মানুহক শুনাবলৈ৷ তাই চকী এখনত বহি দিনৰ পিছত দিন ধৰি কেলকুলেচন আৰু সংখ্যাৰ মাজত নিজকে হেৰুৱাই পেলাব বিচৰা নাছিল, তাই বিচৰা নাছিল ইজনে-সিজনক বিশ্বাস কৰিব নোৱাৰা কর্পৰেট পৃথিৱীৰ বাসিন্দা হ’বলৈ৷

বহু বছৰৰ পিছত তাইৰ জীৱনটো মুকলি মুকলি লাগিল৷ আজি তাই নিজৰ ভুলটো বুজি পালে আৰু জীৱনৰ এটা ডাঙৰ সিদ্ধান্ত নিজাব্বীয়াকৈ ল’লে৷

তাই সিদ্ধান্ত কৰিলে যে তাই চাকৰি নকৰে, তাই এগৰাকী লিখিকা হ’ব৷ এতিয়াৰ পৰা যিমান সময় দিব পাৰে সিমান সময় তাই নিজৰ লিখাৰ প্ৰতিভাক অনুশীলনৰ দ্বাৰা আৰু তীক্ষ্ন কৰাত ব্যৱহাৰ কৰিব৷  তাইৰ ভিতৰ সোমাই গুপ লৈ থকা কাহিনীবোৰ তাই বাহিৰলৈ উলিয়াই আনিব৷ ভুল তাই কৰিছিল, কিন্তু এতিয়া সেই ভুল তাই শুধৰাব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top