আমাৰ সকলোৰে এখন পাহাৰ বগাবলৈ থাকে৷
সকলোৰে পাহাৰখন বেলেগ বেলেগ হ’ব পাৰে, কিন্তু সকলোৰে এখন নহয় এখন পাহাৰ বগাবলৈ থাকেই৷ কামটো টান, কষ্টকৰ, বহুত সময় লাগিব পাৰে, কিছুমান ত্যাগ কৰিবলগীয়া হ’ব পাৰে, কিন্তু এই কামটোৰ আপোনাৰ জীৱনটো সলনি কৰাৰ শক্তি থাকে৷
কোনোবাই ইয়াক এক অশান্তি, অপ্ৰয়োজনীয় কাম বুলি ভাবিব পাৰে আৰু আন কোনোবাই এক সোণালী সুযোগ বুলি ভাবিব পাৰে৷ কিন্তু বগাই যদি পাহাৰৰ একেবাৰে চূড়াত উঠিব পাৰে তেতিয়া আপুনি যি আনন্দ, সুখ, প্ৰশান্তি পাব সেয়া আন একোৱে দিব নোৱাৰে৷
উঠি গৈ থাকোতে
পাহাৰখনত উঠি গৈ থাকোতে আপুনি পাহাৰৰ শিখৰটো বহুসময়ত দেখা নাপায়৷ কেতিয়াবা কুৱলি থাকে, তেতিয়া আপুনি শিখৰটো নেদেখে৷ কেতিয়াবা শিখৰটো ইমান ওপৰত থাকে যে তাক দেখা নাযায়৷ কিন্তু তাৰমানে এনে নহয় যে তাৰ চূড়া বা শিখৰ এটা নাই৷ আছে৷ আপুনি যিমানে আগবাঢ়ি গৈ আছে সিমানে শিখৰটো আপোনাৰ ওচৰ চাপি আহি আছে৷
পাহাৰ এটা বগাই থাকোতে কেতিয়াবা জিৰণি ল’বলগীয়া হয়৷ সেয়া একো বেয়া কথা নহয়৷ বৰঞ্চ জিৰণি লোৱা বাবেহে আপুনি কামটো শেষ কৰিব পাৰে৷ নহ’লে হয়তো বেছি কষ্টৰ বাবে কিবা এটা সমস্যা হৈ আপোনাৰ সেই আৰোহণ আধাতে সমাপ্ত কৰিবলগীয়াও হ’ব পাৰে৷
ওপৰলৈ উঠি গৈ থাকোতে, অকল শিখৰটোৰ কথাকে যদি ভাবি থাকে, তেন্তে আপুনি চাৰিওফালৰ সেই মনোমোহা প্ৰকৃতিৰ নানা ৰঙ, ৰূপ আদি দেখা নাপাব৷ জীৱ-জন্তু, চৰাই-চিৰিকতি, ফুল-ফল আদি ভৰি থাকিলেও সেইবোৰ চাই আপোনপাহৰা হ’বলৈ আপোনাৰ সময় নহ’ব৷ গতিকে ওপৰলৈ উঠি গৈ থাকিলেও অনবৰতে শিখৰটোৰ কথা নাভাবি, চাৰিওফালৰ পৰিবেশৰ প্ৰতি মন কৰি যিবোৰ কথা আপুনি উপভোগ কৰিব পাৰে, সেইবোৰ উপভোগ কৰাটোৱে বেছি ভাল হ’ব৷ সেই যাত্ৰাটো আপুনি আকৌ নাপাবও পাৰে, সেই সময়খিনি কেতিয়াও ঘূৰাই নাপায়, সেই চাৰিওফালৰ পৰিবেশ আৰু অৱস্থা সেইবাৰেই হয়তো আপুনি শেষবাৰৰ বাবে দেখিব৷ গতিকে যাত্ৰা কৰি গৈ থকাৰ লগতে সময়খিনি উপভোগ কৰক৷
সঁজুলি লাগে
পাহাৰ এখন বগাবলৈ কিছুমান সঁজুলি হ’লে বগোৱা কামটো আৰু সহজ হৈ পৰে৷ তেনেদৰে আপোনাৰ পাহাৰখন বগাবলৈও কিছুমান সা-সঁজুলিৰ প্ৰয়োজন হ’ব পাৰে৷ এনে সঁজুলিৰ কিছুমান হয়তো আপোনাৰ লগতে আছে, কিছুমান হয়তো ধূই-পখালি, চাফা কৰি, শান দি ল’ব লাগিব৷ যদি সঁজুলিবোৰ সলনি কৰিব লাগে সেয়া কাম যাত্ৰা আৰম্ভ কৰাৰ আগতে কৰিলে বেছি ভাল হ’ব৷ কিছুমান সঁজুলি আপোনাৰ লগত নাথাকিব পাৰে, তেতিয়া সেই সঁজুলিবোৰ গোটাব লাগিব৷ যিবোৰ স্কিল নাই সেইবোৰ শিকি ল’ব লাগিব৷
পাহাৰবোৰ বেলেগ, বেলেগ
কিছুমান পাহাৰ আনতকৈ বেছি ওখ, কিছুমান পাহাৰ বেছি থিয়৷ আপুনি বগাবলৈ লোৱা পাহাৰটো হয়তো বেছি ওখ৷ বা হয়তো বেছি থিয়৷ সেই লৈ কিবা কথা আছে জানো? আনৰ তুলনাত আপোনাৰ হয়তো কষ্ট বেছি হ’ব, দুখ বেছি৷ কিন্তু ওখই হওক বা থিয়ই হওক যদি পাহাৰ এটা বগাবলৈ আছে, তেন্তে আপুনি সেইটো বগাবই, কেতিয়াও আধাতে নেৰে বা আধাৰ পৰা ঘূৰি নাহে৷ পাহাৰটো হয়তো আপুনি সৃষ্টি কৰিছে বা আপোনাৰ পৰিবেশে কৰিছে বা আন কোনোবাই আপোনাক বাধা দিবলৈ কৰিছে, সি যিয়েই নহওক কিয় আপুনি যদি পাহাৰটো বগাম বুলি ভাবিছে বা পাহাৰটো বগাবই লাগে তেতিয়াহ’লে সেইবোৰ কথা চিন্তা কৰি লাভ নাই৷
বগাই গৈ থাকিলে এদিন শিখৰ পাবই
আপুনি যদি আন চিন্তা নকৰি পাহাৰটো বগাই গৈ থাকে এদিন কিন্তু শিখৰ পাবগৈ৷ কাৰণ শিখৰটো পাবলৈ যদি 1,00,000 টা ষ্টেপ লাগে আপুনি দিয়া প্ৰতিটো ষ্টেপেই আপোনাৰ নিজৰ লক্ষ্যৰ পিনে অলপ অলপকৈ আগুৱাই নি আছে৷ সৰু সৰু ষ্টেপ দিয়ক, লাহে লাহে গৈ থাকক৷ যদি দৌৰাদৌৰি আছে, বেগত খোজ দিয়ক, এঘন্টাৰ ভিতৰত বেছিকৈ খোজ দিয়ক৷
হয়তো আপুনি মাজতে ৰ’বলগীয়াও হৈছে, একো নাই, গৈ থাকক৷ অলপ ৰৈছে মানে হাত দাঙি দিয়া বা বাদ দিয়া নুবুজায়৷ আকৌ আৰম্ভ কৰক৷ প্ৰয়োজন হ’লে অলপ পানী খাওক, অলপ সময় বহক, মাত্ৰ আকৌ আৰম্ভ কৰক৷
প্ৰথমতে কামটো বৰ টান যেন লাগিব পাৰে আৰু ই টান হয়ো৷ কিন্তু সেই কষ্টখিনি কৰিবলৈ মান্তি হ’লে আৰু সেয়া কৰিলেহে আপুনি শিখৰটো পাবগৈ৷ আৰু এইখিনি কষ্টই আপোনাক শাৰীৰিক আৰু মানসিক ভাবে আগতকৈ শক্তিশালী কৰিব৷
নেদেখা পথটো
প্ৰায়বোৰ পাহাৰতে এটা সৰু হলেও, লুঙলুঙীয়া হলেও পথ থাকে৷ তলৰ পৰা তাক দেখা নাযায়৷ আপুনি উঠি গৈ থাকিলে সেই পথটো দেখা যায়, কেতিয়াবা নিজেও পথটো বনাই ল’বলগীয়া হয়৷ প্ৰথমতে পথটো বিচাৰি চাওক৷ যদি আছে ভাল কথা৷ যদি নাই, আপোনাৰ কষ্ট অলপ বেছি হ’ব, নিজে নিজৰ বাবে পথ এটা বনাই লওক৷ হয়তো আপোনাৰ কামত অহাৰ উপৰিও, পিছলৈ ই আন কাৰোবাৰো কামত আহিব৷
শিখৰ পালেগৈ
শিখৰ পালেগৈ আপুনি নিজে বুজি পাব যে যিটো পাহাৰক আপুনি এক সাংঘাটিক ওখ, কোনেও বগাব নোৱাৰা পাহাৰ বুলি ভয় খাই আছিল সি নিতান্তই সৰু পাহাৰ এটা৷ তাতোকৈ ডাঙৰ পাহাৰ এটা বগাবলৈ ই আপোনাক সাহস আৰু শক্তি প্ৰদান কৰিব৷ নিজৰ ওপৰত আপোনাৰ আত্মবিশ্বাস জন্মিব আৰু জীৱনত আৰু কেতিয়াবা সন্মুখীন হ’বলগীয়া পাহাৰবোৰ বগোৱাত ই সহায় কৰিব৷ জীৱনত যি দুখ কষ্টৰ আপুনি সন্মুখীন হ’ব সেই সকলোবোৰ গ্ৰহণ কৰি, হাঁহি, হেলাৰঙে সেইবোৰ আপুনি অতিক্ৰম কৰিব পৰা এক অৱস্থা পাবগৈ৷
ই এক অভিযান
পাহাৰখন বগোৱাটো এক দুুঃসাহসিক অভিযান৷ এই অভিযানত আপুনি নিজৰ বিষয়ে বহুত কথা জানিব পাৰিব যি কথা এক সুৰক্ষিত পৰিবেশত একো নকৰাকৈ বহি থাকি জনাটো সম্ভৱ নহয়৷ নিজৰ লগতে মানুহৰ স্বভাৱ, চৰিত্ৰৰ বিষয়েও আপুনি বহু কথাই জানিব পাৰিব, যিয়ে জীৱনটো ভালদৰে কটোৱাত আপোনাক সহায় কৰিব৷ পাহাৰৰ ৰূপত দেখা দিয়া সমস্যাটো আপোনাতকৈ বহু বেছি ডাঙৰ যেন লাগিব পাৰে৷ তেনেকুৱা হ’লে নিজকে ইমানখিনি আপুনি বিকাশ কৰিব লাগিব যাতে সেই পাহাৰটোও আপোনাৰ আগত সৰু যেন অনুভৱ হয়৷
ই এক প্ৰত্যাহ্বান৷ এনে প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ সাহস আপোনাৰ আছেনে?
বহুত কষ্ট, বহুত চেষ্টা আৰু বহুত ধৈর্যৰ মূৰত আমি আমাৰ পাহাৰটো জয় কৰিব পাৰোঁ৷ আমি আচলতে পাহাৰটো জয় কৰোঁ নে নিজকে জয় কৰোঁ?