Close

ষ্টইক দর্শন আৰু সুখী জীৱন

জীৱন আৰু দর্শন

যদি আপোনাৰ জীৱনৰ এক মহৎ, মহান বা ডাঙৰ লক্ষ্য নাই, তেন্তে আপুনি জীৱনৰ এক দর্শনো নাই৷ আৰু তেনে হ’লে জীৱনৰ অন্তিম সময়ত আপোনাৰ এনে লাগিব যেন আপুনি জীৱনটো জীয়াই থকাৰ যি এক সুবিধা পাইছিল তাকো নষ্ট কৰিলে৷ কোনো দর্শন নথকা জীৱন এটাতকৈ আপোনাৰ নিজৰ দর্শন থকা জীৱন এটা বেছি ভাল হ’ব, লাগিলে সেই দর্শন যি ধৰণৰেই নহওক কিয়৷ আমাৰ জীৱনত দর্শনৰ প্ৰয়োজনীওতা এইবাবেই যে জীৱনত কোনবোৰ বস্তু বিচৰা উচিত আৰু সেইবোৰ আটাইতকৈ ভালদৰে কেনেকৈ বিচাৰিব পাৰি সেয়া দর্শনে আপোনাক শিকাব পাৰে৷

সুখ আৰু আনন্দ

ষ্টইক দর্শন মতে, যদি আপুনি সুখী হ’ব বিচাৰে, তেন্তে আপুনি অন্তৰৰ আনন্দ বিচাৰিব লাগিব৷ অন্তৰৰ আনন্দতকৈ আন একো আনন্দকে আপুনি বিচৰাৰ প্ৰয়োজন নাই৷

আৰু যদি সুখী হ’ব লাগে তেন্তে আপুনি আপোনাৰ অসন্তুষ্টি অতিক্ৰম কৰিব লাগিব৷ আপোনাৰ অসন্তষ্টি অতিক্ৰম কৰিব নোৱাৰিলে আপুনি এক ভাল আৰু অর্থপূর্ণ জীৱন কেনেকৈ পাব পৰিব?

সুখী হ’বলৈ হ’লে আপোনাক প্ৰয়োজন হ’ব আত্ম শৃংখলাৰ৷ ইয়াৰ প্ৰয়োজন এই কাৰণেই যে ই থাকিলেহে আপুনি জীৱনত কি কৰিব সেয়া থিৰাং কৰিব পাৰিব৷ ই নাথাকিলে আপুনি আন কাৰোবাৰ মতে জীৱনৰ বাট বুলিব৷ আৰু তেতিয়া জীৱনটো জানো আপোনাৰ হৈ থাকিব? যদি জীৱনটো আপুনি আনৰ মতেই চলে তেন্তে আপোনাৰ বাবে সুখ বিচৰাটো জানো সহজে সম্ভৱ হ’ব?

প্ৰশান্তি

আমি যাক প্ৰশান্তি বুলি কও সেয়া এক মানসিক অৱস্থা৷ এই অৱস্থাত আমি একেবাৰে কম নিগেটিভ আৱেগ যেনে উদ্বেগ, দুখ আৰু ভয় আদি অনুভৱ কৰোঁ আৰু  নানাধৰণৰ পজিটিভ আৱেগ যেনে সুখ অনুভৱ কৰোঁ৷ ষ্টইচিজমৰ এজন প্ৰধান প্ৰৱক্তা চেনেকাই কেনেদৰে প্ৰশান্তি লাভ কৰিব পাৰি সেয়া সুন্দৰভাৱে বুজাই দিছে৷ আপোনৰ যুক্তিৰ দ্বাৰা যিবোৰ বস্তুই আপোনাৰ উত্তেজিত কৰে বা আশ‚িত কৰে সেইবোৰ খেদি পঠিয়াওক৷ যদি আপুনি সেয়া কৰিব পাৰে, তেন্তে আপুনি অনবৰতে প্ৰশান্তি আৰু স্বাধীনতা লাভ কৰিব পাৰিব৷ আৰু ই চিৰস্থায়ী হ’ব৷

আমি অসুখী কিয়?

পৃথিৱীত ইমানবোৰ মানুহ অসুখী কিয়? কি কাৰণ আছে যাৰ বাবে ইমানবোৰ মানুহ অনবৰতে অসুখী হৈ থাকে?

আপুনি যি চাকৰিৰ সপোন দেখিছিল আপুনি সেই চাকৰি কৰি আছে, যি জীৱন সংগীৰ সপোন দেখিছিল সেইগৰাকীৰ লগতে জীৱন কটাইছে, যি বস্তু কিনিব বিচাৰিছিল সেই বস্তু আজি আপোনাৰ ঘৰত আছে, তাৰ পিছতো আপুনি সুখী নহয় কিয়? আপুনি বিদেশলৈ ফুৰিব যাব বিচাৰিছিল, আপুনি নতুন কাপোৰযোৰ কিনিব বিচাৰিছিল, আপোনাৰ সন্তানে ভাল কলেজত চিট পোৱাটো বিচাৰিছিল, সেই সকলোবোৰ হোৱাৰ পিছতো আপুনি সুখী নহয় কিয়?

আমি অসুখী কাৰণ আমি অতৃপ্ত৷ আমি কিবা এটা বস্তু বিচাৰোঁ৷ এই বিচৰা বস্তুটো পাবলৈ আমি খুব কষ্ট কৰোঁ, কিন্তু বস্তুটো পোৱাৰ পিছত তাৰ প্ৰতি আমাৰ আগ্ৰহ নোহোৱা হৈ পৰে৷ গতিকে সন্তুষ্ট হোৱাৰ সলনি আমি বিৰক্তি পাও৷ সেই বিৰক্তি নোহোৱা কৰিবলৈ আমি কি কৰোঁ? সেই বিৰক্তি নোহোৱা কৰিবলৈ আমি আগতকৈ ডাঙৰ ইচ্ছাবোৰৰ সৃষ্টি কৰোঁ৷ ফলত আমি অতৃপ্ত হৈয়ে থাকো৷ বিচৰা বস্তুটো পালে তাক উপভোগ কৰাটো এক কলা আৰু বহু মানুহে এই কলাটো নাজানে বা নিশিকে৷ গতিকে অতৃপ্ত মানুহৰ সংখ্যা বেছি হৈ গৈ থাকে আৰু তেনেদৰে বাঢ়ি গৈ থাকে অতৃপ্তিৰ সংখ্যা৷

এক সহজ উপায়

সুখ পোৱাৰ আটাইতকৈ সহজ উপায় হ’ল আপোনাৰ ইতিমধ্যে থকা বস্তুবোৰ ভাল পোৱাটো৷ যিবিলাক বস্তু আপুনি পাইছে সেইবোৰ বস্তুক যদি আপুনি গুৰুত্ব নিদিয়ে তেন্তে আপুনি সেইবোৰে আনিব পৰা সন্তুষ্টি আৰু সুখৰ পৰাও বঞ্চিত হৈছে৷ কেনেদৰে আপুনি ইতিমধ্যে থকা বস্তুবোৰক গুৰুত্ব দিবলৈ শিকিব পাৰে?

তাৰবাবে ষ্টইক দর্শনত কিছুমান উপায় আছে৷ তাৰে এটা এনেকুৱা- আপুনি ভালদৰে এঠাইত বহি লৈ কল্পনা কৰক যে যিটো বস্তু আপোনাৰ বাবে বৰ মূল্যবান, সেয়া আপুনি হেৰুৱাইছে- যেনে আপোনাৰ চাকৰি, পত্নী বা স্বামী, আপোনাৰ ঘৰ ইত্যাদি৷ কল্পনা কৰিবলৈ সময় লাগিলে লওক৷ এনে কৰিলে কি লাভ হ’ব? যেতিয়াই আপুনি এনেদৰে মূল্যবান বস্তুবোৰ হেৰুওৱা কল্পনা কৰিব, আপুনি সেইবোৰ বস্তুৰ মূল্য বুজি পাব৷ সেইবোৰ আপোনাৰ বাবে কিমান মূল্যবান সেয়া আপুনি বুজি পাব৷ আৰু তেতিয়া আপুনি সেই বস্তুবোৰৰ মূল্য দিবলৈ আৰম্ভ কৰিব কাৰণ আজি সেইবোৰ আপোনাৰ হাতত আছে আৰু সেইবোৰ নোহোৱা হৈ গ’লে কেনেকুৱা হ’ব সেয়া আপুনি কল্পনাৰ জৰিয়তে গম পাইছে৷

যদি আপুনি বুজি পায় যে যিটো কাম আপুনি কৰি আছে, সেই কামটো আপুনি হয়তো সেইবাৰ শেষবাৰৰ বাবে কৰি আছে, তেন্তে আপুনি সেই কামটো যথেষ্ট মনোযোগ, গুৰুত্ব আৰু প্ৰৱলতাৰে কৰিব৷ কিন্তু যদি আপোনাৰ মনত সেই ভাবটো নাথাকে, তেন্তে আপুনি কামটো কৰোতে সিমান মন নকৰিব আৰু তাৰ পৰা পাবলগীয়া আনন্দ বা সুখানুভূতিও লাভ নকৰিব৷

দিনত কাম কৰি থাকোতে মাজে মাজে ৰৈ চিন্তা কৰক যে আপুনি সদায় জীয়াই নাথাকে আৰু আজিৰ দিনটো আপোনাৰ শেষ দিন হ’ব পাৰে৷ আৰু এই টেকনিকটো এক প্ৰচণ্ড শক্তিশালী টেকনিক৷ কাৰণ আজিৰ দিনটো যদি আপোনাৰ শেষ দিন তেতিয়া আপুনি কি কৰিব? আপুনি যদি নিজকে এই প্ৰশ্নটো কৰে, তেতিয়া আপুনি আপোনাৰ জীৱনৰ মূল্যবান সম্পদবোৰ- আপুনি ভালপোৱা লোকসকলক বেছি গুৰুত্ব দিব, কাৰোবাক যদি কিবা কম বুলি ভাবি আছিল সেয়া ক’ব পাৰিব, আন মানুহক তেওঁলোকৰ কামৰ বাবে প্ৰশংসা কৰিব পাৰিব, আপুনি কৰিম কৰিম বুলি ভাবি থকা কামবোৰ কৰিব পাৰিব আৰু আপুনি নিজৰ কামবোৰ বহু বেছি ভালকৈ কৰিব যাৰ ফলত সেইবোৰৰ ফলাফল আগতকৈ বহু বেছি ভাল হ’ব৷ মই সদায় মোৰ মটিভেচনেল প্ৰগ্ৰেম এটা কৰাৰ আগতে নিজকে সোধো- “আজি যদি মোৰ জীৱনৰ এইটো শেষ প্ৰগ্ৰেম, তেনেহ’লে মই এই প্ৰগ্ৰেমটো কেনেকৈ কৰিম?” এই প্ৰশ্নটোৱে সদায় মোক আগতকৈ বেছি ভাল কৰিবলৈ আৰু মানুহ বেছিকৈ আৰু কার্যকৰী ভাৱে সহায় কৰিবলৈ প্ৰেৰণা দিয়ে৷ ই আপোনাকো সহায় কৰিব পাৰে৷

আন এটা উপায়

মাজে মাজে সময় উলিয়াই আপুনি এয়া ভাবি চাব পাৰে- যদি আপুনি আপোনাৰ সকলো বৈষয়িক সম্পত্তি, যেনে ঘৰ-মাটি, গাড়ী, টকা-পইচা, কাপোৰ-কানি ইত্যাদি হেৰুৱায়, আপোনাৰ কেনে লাগিব৷ তেনেদৰে ভাবি চাওকচোন যদি আপুনি আপোনাৰ সকলো ধৰণৰ ক্ষমতা যেনে কথা কোৱাৰ, খোজ কঢ়াৰ, উশাহ লোৱাৰ, শুনা ইত্যাদি সক্ষমতা হেৰুৱাই পেলায়, তেতিয়া কেনে লাগিব? আপোনাৰ স্বাধীনতা হেৰুৱালে কেনেকুৱা লাগিব?

যদি আপুনি এই কথা মাজে সময়ে কল্পনা কৰিব পাৰে, এনেধৰণৰ ইমান সুন্দৰ ক্ষমতাবোৰ থকা বাবে আপুনি নিজৰ জীৱনটো এটা সুন্দৰ জীৱন যেন অনুভৱ কৰিব৷ আপোনাৰ কি কি নাই তাৰ ওপৰত গুৰুত্ব দিয়াতকৈ আপুনি কি কি ইমান মূল্যবান সম্পদ আছে তাৰ ওপৰত গুৰুত্ব দিব পাৰিব৷ আৰু তেতিয়া আপোনাৰ সন্তুষ্টি আহিব৷ তাৰ পৰা আহিব সুখানুভূতি৷ হাতত থকা বস্তুবোৰৰ গুৰুত্ব উপলব্ধি কৰা এইটো এটা অতি কার্যকৰী উপায়৷

চিন্তা আৰু দুঃচিন্তা

চিন্তা আৰু দুঃচিন্তাৰ মাজত পার্থক্য আছে৷ ষ্টইকজিমে চিন্তা কৰাৰ কথা কয়, কিন্তু দুঃচিন্তা কৰাৰ কথা নকয়৷ আপুনি চিন্তাহে কৰিব লাগে, দুঃচিন্তা কৰিব নালাগে৷ আৰু চিন্তা কৰোতেও চিন্তাবোৰে যাতে আপোনাৰ আৱেগবোৰৰ ওপৰত প্ৰভাৱ পেলাব নোৱাৰে সেয়া আপুনি লক্ষ্য কৰিব লাগিব৷ কোনোবা এজন আপোনাৰ জীৱনত আছে আৰু যিহেতু আপুনি ভাবে যে তেওঁ সদায় থাকিব, গতিকে আপুনি তেওঁক বেছি গুৰুত্ব নিদিয়ে৷ তেওঁ যেতিয়া নোহোৱা হৈ যায় বা কৰবালৈ আতৰি যায়, তেতিয়াহে আপুনি তেওঁৰ মূল্য বুজি পায় আৰু তেতিয়া তেওঁক আপুনি বেছিকৈ বিচাৰি মনত দুখ পায়৷ আনহাতে এজন ষ্টইকে সেই মানুহজন বা মানুহগৰাকী এদিন নোহোৱা হৈ যাব বুলি বা গুচি যাব বুলি আগতে চিন্তা কৰে৷ গতিকে তেওঁ সেই কথাটোৰ কল্পনা কৰাৰ লগে লগে বুজি পায় যে সেই মানুহজন বা মানুহগৰাকীৰ তেওঁৰ জীৱনত কিমান গুৰুত্ব আৰু সেয়ে তেওঁ মানুহজন বা মানুহগৰাকী থাকোতেই তেওঁক দিবলগীয়া গুৰুত্ব দিয়ে৷ তেওঁৰ লগত থকা সময়খিনি মনত থকাকৈ অতিবাহিত কৰে৷ কিন্তু লগতে তেওঁ সেই মানুহজন বা মানুহগৰাকী নোহোৱা হৈ যোৱা অৱস্থাটোৰ কথা আগতে অনুভৱ কৰে, গতিকে তেওঁ তাৰ বাবে মনতে সাজু হ’ব পাৰে৷

ষ্টইকসকলে জীৱনটো কেনেদৰে গ্ৰহণ কৰে তাৰ এটা উদাহৰণে কথাটো আপোনাৰ বাবে আৰু সহজ কৰি তুলিব৷

এটা উদাহৰণ

আধা পানী থকা গ্লাছ এটা দিলে নিৰাশাবাদীসকলে ক’ব যে “গ্লাছটো আধা খালী”৷ সেই একেটা গ্লাছৰ কথা আশাবাদীসকলে ক’ব “গ্লাছটো আধা ভর্তি”৷ সেই গ্লাছটোৰ কথা ষ্টইক এজনে ক’ব এনেদৰে- “প্ৰথমে তেওঁ গ্লাছটো যে সম্পূর্ণ খালী নহৈ আধা ভর্তি, তাৰ প্ৰশংসা কৰিব৷ তাৰ পিছত তেওঁ গ্লাছটো যে আছে সেই কথাটো লৈও নিজৰ আনন্দ প্ৰকাশ কৰিব৷ কাৰণ গ্লাছটো চুৰিও হ’ব পাৰিলহেঁতেন বা ভাঙি থাকিবও পাৰিলহেঁতেন৷ আৰু যদি তেওঁ সঁচাকৈয়ে ষ্টইক দর্শনত আগবাঢ়িছে, তেওঁ এই মন্তব্যও কৰিব পাৰে যে গ্লাছৰ পাত্ৰবিলাক সঁচাকৈয়ে কি আচৰিত বস্তু – এইবোৰৰ দাম কম, এবোৰ বহুদিন যায়, আৰু ইয়াত আমি যিয়ে ঢালি নিদিও কিয় ই কোনো ধৰণৰ নিজা স্বাদ তাত যোগ নিদিয়ে আৰু তাতোকৈ ডাঙৰ আশ্চর্যকৰ কথা হ’ল- এইবোৰে আমাক পাত্ৰটোৰ ভিতৰত থকা বস্তুবোৰ বাহিৰৰ পৰা চাবলৈ সুবিধা দিয়ে৷”

এনেধৰণৰ দর্শনে আপোনাৰ জীৱনটোৰ অর্থ নতুনকৈ বিচাৰি পোৱাৰ বা উপলব্ধি কৰাৰ লগতে এক সুখ আৰু প্ৰশান্তিৰে ভৰা জীৱনৰ সৃষ্টি কৰাত আপোনাক সহায় কৰিব পাৰে৷

এক সুন্দৰ জীৱনৰ বাবে

যিবোৰ বস্তুৰ সঁচাকৈয়ে গুৰুত্ব আছে সেইবোৰত গুৰুত্ব দিয়ক আৰু যিবোৰত গুৰুত্ব নাই সেইবোৰত গুৰুত্ব নিদিলেই আপুনি এক ভাল জীৱন লাভ কৰিব পাৰিব৷ কিন্তু কেনেদৰে আপুনি গম পাব কোনবোৰ বস্তুত গুৰুত্ব দিব লাগে আৰু কোনবোৰত নালাগে? কামটো অলপ টান৷ কিন্তু সেই কামটো সহজ হৈ পৰিব যদিহে আপোনাৰ এক জীৱন দর্শন আছে৷ আপোনাৰ নিজৰ জীৱন দর্শন বা অঅপুনি অনুসৰণ কৰা দর্শনে আপোনাক কোনটো বস্তু আপোনাৰ বাবে গুৰুত্বপূর্ণ আৰু কোনটো গুৰুত্বপূর্ণ নহয় সেয়া বুজিবলৈ সুবিধা দিব৷

তেনেদৰেই কোনবোৰ বস্তু সঁচাকৈয়ে আপোনাক অতি প্ৰয়োজনীয়, কোনবোৰ নহ’লে জীৱনটো নচলিব সেয়া মাজে-সময়ে বিচাৰ কৰক৷ অলপ ভালদৰে গমি চালে এই কথাটো ধৰিব পাৰি৷ তেতিয়া আপুনি সেইবোৰ বস্তু বিচাৰি পাব যিবোৰ বস্তু নহলেও আপুনি চলিব পাৰে৷ আৰু পর্যায়ক্ৰমে তেনে অপ্ৰয়োজনীয় বস্তুবোৰৰ আপোনাৰ জীৱনৰ ওপৰত থকা প্ৰভাৱ আপুনি কমাই আনিব পাৰিব৷

সুখৰ বাবে ষ্টইচিজমৰ আন এটা উপদেশ আছে- অতীত আৰু বর্তমানক লৈ অদৃষ্টবাদী হওক৷ আপোনাৰ বর্তমানৰ অৱস্থাক ইয়াতকৈ ভাল আৰু বিকল্প অৱস্থা এটা, যত আপুনি আন কিবা হ’ব পাৰিলেহেঁতেন বা আন কিবা কৰিব পাৰিলেহেঁতেন, তেনে অৱস্থাৰ লগত তুলনা নকৰিব৷ তাতোকৈ আপোনাৰ বর্তমানৰ জীৱনত কি কি সুবিধা আছে তালৈ লক্ষ্য কৰিবলৈ লওক আৰু চাওকচোন আপোনাৰ জীৱনটোৰ কেনেদৰে পৰিৱর্তন হয়৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top