Close

সহজ-সৰল জীৱনৰ মিঠা সোৱাদ

এক সহজসৰল জীৱন

এটা সহজ-সৰল জীৱন আমি বহুতে বিচাৰো যত আমি দৌৰাদৌৰি নকৰাকৈ, শান্তি আৰু সুখেৰে আমি বিচৰা কামবোৰ কৰিব পাৰো আৰু যত যিসকল মানুহ অঅৰু যিবোৰ কথা আমাৰ বাবে সঁচাকৈয়ে গুৰুত্বপূর্ণ সেইবোৰৰ সময় আৰু গুৰুত্ব দিব পাৰোঁ৷ ই এনে এটা জীৱন যত কিবা এটা অর্থ আছে, ভাল কাম কৰিবলৈ সময় আৰু শক্তি আছে আৰু জীৱনতো উদযাপন কৰিবলৈ, উপভোগ কৰিবলৈ ইচ্ছা আৰু সময় দুইটাই আছে৷ ই এনে এটা জীৱন যিয়ে জীৱনটো সুন্দৰকৈ অতিবাহিত কৰিবলৈ সুযোগ দিয়ে আৰু আমাক এটা সুবিধা দিয়ে এই পৃথিৱীত আমাৰ অস্তিত্বক এক ন্যায্যতা প্ৰদান কৰিব পাৰেঁাঁ৷

কিয়নো জীৱনটো সহজসৰল কৰিব লাগে?

আপুনি যদি সুখ আৰু শান্তি বিচাৰিছে, তেন্তে এক সহজ-সৰল জীৱনে আপোনাক সুখ আৰু শান্তি সহজে দিব পাৰিব৷ যদি আপোনাৰ জীৱনটো সহজ আৰু সৰল তেন্তে আপোনাৰ ষ্ট্ৰেছ কম হ’ব আৰু আপুনি জীৱনটো ভালদৰে জীয়াই থাকিব পাৰিব, জীৱনটো আপুনি উপভোগ কৰিব পাৰিব৷ আমাৰ নানা ধৰণৰ অশান্তি, দুখ, কষ্ট, যন্ত্ৰণা আদি আমি নিজে সৃষ্টি কৰি লও, কিন্তু এইবোৰ সৃষ্টি নকৰাকৈও চলিব পাৰি৷ জীৱনটো সহজ-সৰল কৰাৰ লগে লগে এইবোৰ বস্তু বহু পৰিমাণে নোহোৱা হৈ যায়৷

অৱশ্যে সহজ-সৰল জীৱন আৰু সোৰোপা জীৱনৰ মাজত বহু পার্থক্য আছে৷ আপুনি সোৰোপা হৈ একো নকৰাকৈ শুই থকা মানে এক সহজ-সৰল জীৱন কটোৱা নহয়৷ এক সহজ-সৰল জীৱন গঢ়িবলৈ আপুনি কাম কৰিব লাগিব, কষ্ট কৰিব লাগিব৷ আপুনি যদি ভাবিছে একো নকৰিলে ই নিজে নিজে গঢ় লৈ উঠিব তেন্তে আপুনি ভুল ভাবিছে৷

জীৱনটো সহজ-সৰল কৰি তুলিব পাৰিলে লাভ বহুকেইটা-

(1) আপুনি শান্তিত বাস কৰিব পাৰিব

(2) আপোনাৰ হাতত নিজে ভালপোৱা কাম কৰিবলৈ আৰু ভালপোৱা মানুহকেইজনৰ লগত সময় কটাবলৈ বহু সময় থাকিব৷

(3) স্বাধীনতা৷ যিমানে আপোনাৰ বস্তু-বাহানি, সম্পত্তি কম হ’ব সিমানে আপোনাৰ স্বাধীনতা থাকিব৷

(4) এক সুন্দৰ জীৱন৷ কম বস্ত, কম কিন্তু প্ৰয়োজনীয় কাম, শান্তি, সুখ, আনন্দ, জীৱনৰ গুৰুত্বপূর্ণ কামবোৰৰ ওপৰত গুৰুত্ব দিবলৈ সময় আৰু শক্তি থকা মানে জীৱনটো জানো সুন্দৰ হৈ নুঠিব?

কেনেদৰে কৰিব জীৱনটো সহজসৰল?

আটাইতকৈ প্ৰয়োজনীয় কামবোৰ বাচি উলিয়াওক

আপোনাৰ জীৱনধাৰণৰ ব্যৱস্থা অনুসৰি কিছুমান কাম আপোনাৰ বাবে অতি প্ৰয়োজনীয় হ’ব আৰু কিছুমান অপ্ৰয়োজনীয়৷ আপোনাৰ জীৱনটো অনুসৰি অতি প্ৰয়োজনীয় কামবোৰ বাচি উলিওৱাটো অতি প্ৰয়োজনীয় কাৰণ তেতিয়াহে আপুনি সেইবোৰত ফ’কাছ কৰিব পাৰিব৷ যদি আপুনি অদৰকাৰী কামবোৰতে সদায় গুৰুত্ব দি থাকে, তেন্তে এটা সময়ত দেখিব যে আপোনাৰ জীৱনত একো ভাল কাম কৰা হৈ নুঠিল, আপুনি দেখিব যে আপোনাৰ জীৱনত কৰিবলগীয়া প্ৰয়োজনীয় কামবোৰ ৰৈ গ’ল৷ আপোনাৰ জীৱনত সময়বোৰ সীমিত, গতিকে আপুনি নিজে ঠিক কৰিব লাগিব কোনবোৰ কামত আপুনি সময় দিব আৰু কোনবোৰ কামত নিদিয়ে৷ সকলো কামেই আপুনি কৰিব লাগিব বুলি কোনো কথা নাই৷

জীৱনত আপোনাৰ বাবে কি গুৰুত্বপূর্ণ সেয়া বিচাৰ কৰক আৰু বাকীবোৰ বাদ দিয়ক৷ যদি কোনোবা এটা কাম আপোনাৰ বাবে গুৰুত্বপূর্ণ তাত মনোযোগ বেছিকৈ দিয়ক৷ কোনোবা এটা সম্পর্ক যদি আপোনাৰ বাবে বেছি গুৰুত্বপূর্ণ তেন্তে সেই সম্পর্কটোৰ ওপৰত গুৰুত্ব দিয়ক৷

অদৰকাৰী বস্তুবোৰ দান কৰি দিয়ক

আমাৰ ঘৰত আৰু জীৱনত বহু অদৰকাৰী বা অপ্ৰয়োজনীয় বস্তু থাকে৷ কিছুমান বস্তু আমি লাগিব বুলি কিনো কিন্তু পিছত ভাল নালাগে, কিছুমান কাপোৰ আমাক ভাল দেখিব বা পিন্ধি ভাল লাগিব বুলি কিনো, কিন্তু পিছত ভাল নালাগে৷ এনেদৰে নানা উপায়েৰে আমাৰ ঘৰবোৰ আৰু জীৱনবোৰ অদৰকাৰী বস্তুৰে ভৰি পৰে৷ অদৰকাৰী বস্তুবোৰ বাছি উলিয়াওক৷ প্ৰথমতে সকলোবোৰ দৰকাৰী যেন লাগিব, কিন্তু নিজকে সোধক যে সঁচাকৈয়ে এইবোৰ আপোনাৰ বাবে দৰকাৰী হয়নে? বাছি উলিওৱাৰ পিছত এইবোৰ এতিয়া আন কাৰোবাক বা কোনোবা সংগঠনক দান দি দিয়ক৷ ইয়াৰ পৰা দুটা লাভ হ’ব৷ এটা আনক দান কৰি আপোনাৰ মনটো ভাল লাগিব৷ আৰু লগতে আপোনাৰ ঘৰটো খালী খালী লাগিব৷ যিবোৰ আপোনাৰ জঞ্জাল, সেইবোৰ আন কাৰোবাৰ বাবে খুব প্ৰয়োজনীয় হ’ব পাৰে৷ ইয়াৰ লগতে অলপ আনৰ ভালৰ বাবে কাম কৰাও হ’ল৷

এই কামটো কৰিলে আপোনাৰ মনটোও ভাল লাগিব৷ যিমানে কম বস্তু থাকিব সিমানে কমকৈ আপুনি চাফা কৰিব লাগিব৷ বহু মানুহে 15-20 বছৰ পুৰনি বস্তুবোৰো আনক দি দিব বা পেলাই দিব নোৱাৰে৷ এবাৰ ভাবকচোন, ইমানবোৰ আৰু ইমান পুৰণি বস্তুবোৰ সঁচাকৈয়ে আপোনাক লাগেনে?

80/20 নিয়ম

এই নিয়মমতে আপোনাৰ ফলাফলৰ 80 শতাংশ আহে মাত্ৰ 20 শতাংশ কামৰ পৰা৷ গতিকে সৰু সৰু কামবোৰত বেছিকৈ মন নিদি যিবোৰ জৰুৰী কাম সেইবোৰত মন দিবলৈ চেষ্টা কৰক৷ আমি যদি সেই কামবোৰত গুৰুত্ব বেছিকৈ দিবলৈ লও যিবোৰে আমি বিচৰা ফলাফলটোত লাভ কৰাত মাত্ৰ 20 শতাংশ সহায় কৰে, তেন্তে আমি মাত্ৰ 20 শতাংশ ফলাফলহে লাভ কৰিবলৈ সক্ষম হম৷ কিন্তু যদি আমি 80 শতাংশ ফলাফল লাভ কৰাত সহায় কৰা কামবোৰ চিনাক্ত কৰিব পাৰোঁ আৰু সেইবোৰত বেছি মনোযোগ দিব পাৰোঁ, তেন্তে আমি 80 শতাংশ ফলাফল লাভ কৰিবলৈ সক্ষম হম৷

আমি আগতে কোৱা প্ৰয়োজনীয় কামবোৰ বাচি উলিওৱা কথাটোৰ লগত ইয়াৰ পোনপটীয়া সম্পর্ক আছে৷

স্ক্ৰিণ টাইম কমাওক

দিনটোত কিমান সময় আপোনাৰ টিভি চাওতে নষ্ট হয়? কিমান সময় আপুনি ইন্টাৰনেটত ভিডিঅ চাই নষ্ট কৰে?

ইয়াৰ অর্থ হ’ল আপুনি যিকোনো স্ক্ৰিণ টাইম বা স্ক্ৰিণৰ সন্মুখত কটোৱা সময় কমাওক৷ এই স্ক্ৰিণৰ ভিতৰত টিভি, মবাইল, কম্পিউটাৰ সকলো পৰবি৷ যদিহে আপুনি অনবৰতে কম্পিউটাৰৰ সন্মুখত বহি নাথাকিলেও হয়, তেন্তে পাৰিলে কম্পিউটাৰৰ সন্মুখত বহা সময় কমাওক৷ কমাব নোৱাৰিলে, ইয়াৰ বেয়া প্ৰভাৱ নোহোৱা কৰাৰ বাবে থকা উপায়বোৰৰ কিছুমান গ্ৰহণ কৰক৷ টিভি চোৱা কমোৱাটো টান কাম, কিন্তু এয়া কৰিব পাৰিলে আপোনাৰ বহু সময় বাচিব আৰু আন আন বহু উপকাৰো হ’ব৷ একেবাৰে বন্ধ কৰিব পাৰিলে আৰু ভাল৷ মবাইল ফোনে (ফেচবুক, ইমেইল আৰু হোৱাটছ এপ আদিয়ে) আপোনাৰ বহু সময় নষ্ট কৰাৰ লগতে সম্পর্ক বেয়া কৰাৰ নিচিনা ভয়ংকৰ কামো কৰে৷ এদিন মাত্ৰ মবাইল ফোনটো কমকৈ ব্যৱহাৰ কৰি চাওকচোন, মনটো বহু শান্ত হৈ পৰিব৷

ইচ্ছা কৰিলে যিকোনো মানুহেই মবাইল ফোনৰ লগত কটোৱা সময় কমাব পাৰে৷ কথাটো হ’ল মবাইল ফোনটোক আপোনাক নিয়ন্ত্ৰণ কৰিবলৈ দিব নে আপুনি মবাইল ফোনটোক নিয়ন্ত্ৰণ কৰিব? এই প্ৰশ্নটোৰ উত্তৰটো খুব প্ৰয়োজনীয় কাৰণ ই আপোনাৰ ভবিষ্যতৰ জীৱনটো কি হ’ব তাক নির্ণয় কৰিব পাৰে৷ পছন্দটো আপোনাৰ কাৰণ জীৱনটো আপোনাৰ৷

মাল্টি টাস্কিং বাদ দিয়ক

যদি আপুনি এটা সহজ-সৰল জীৱনৰ বিচাৰে, তেন্তে মাল্টি টাস্কিং আপুনি কৰিব নালাগে৷ মাল্টি টাস্কিং মানে হ‘ল একেটা সময়তে আপুনি এটাতকৈ বেছি কাম একেলগে কৰাৰ চেষ্টা কৰিছে৷ বহুতে মাল্টি টাস্কিঙৰ সপক্ষে ক’ব৷ কিন্তু যদি আপুনি ষ্ট্ৰেছ বিচৰা নাই আৰু যদি কামবোৰ ভালকৈ কৰিব বিচাৰে তেন্তে মাল্টি টাস্কিং বাদ দিয়ক৷ এটা সময়ত মাত্ৰ এটা কাম কৰক আৰু সেই কামটো ভালদৰে কৰক৷ কামটো শেষ হ’লেহে আন এটা কামত ধৰক৷ এইদৰে আপোনাৰ প্ৰডাক্টিভিটি (এক নির্দিষ্ট সময়ৰ ভিতৰত সম্পন্ন কৰা মুঠ কাম) কমি নাযায় আৰু কামৰ গুণগত মানো উন্নত হ’ব৷

মাল্টি টাস্কিং কৰিলে আপোনাৰ ষ্ট্ৰেছো সমানে বাঢ়ি যায়৷ আমাৰ প্ৰধান বিচার্য বিষয় হ’ল কামটোৰ গুণগত মান আৰু সঁচাকৈয়ে খুব ভাল কাম কৰিবলৈ হ’লে এটা সময়ত এটা কাম কৰাই বেছি ভাল৷ ইতিমধ্যে আপুনি যেতিয়া প্ৰয়োজনীয় কামবোৰ বিচাৰি লয় আৰু 80/20 নিয়ম অনুসৰি আটাতিকৈ গুৰুত্বপূর্ণ কামবোৰ উলিয়াই লয়, তেতিয়া আপুনি কৰিবলগীয়া কামৰ সংখ্যা বহু কমি যায়৷ ফলত আপুনি কামবোৰ ভালদৰে কৰিবলৈ সময় পায়৷ মাল্টি টাস্কিং কৰাতকৈ কামবোৰ ভালদৰে কৰাত আৰু ফলাফল ভাল কৰাত গুৰুত্ব দিও আহক৷

কামবোৰ উপভোগ কৰক

আপুনি যি কামেই নকৰক কিয় সেয়া উপভোগ কৰিবলৈ চেষ্ট কৰক৷ আপোনাৰ কামটো উপভোগ কৰিব নোৱাৰি বুলি নক’ব৷  আপুনি হয়তো কেনেদৰে সেয়া উপভোগ কৰিব পাৰি বা কেনেদৰে কামটোত এনজয় কৰিব পাৰি সেয়া ভাবি উলিয়াব পৰা নাই৷ মাত্ৰ কামটোত কি ভাল আছে সেয়া বিচাৰি উলিয়াবলৈ চেষ্টা কৰক৷ লগতে কি উপায়েৰে ইয়াক আৰু মনোগ্ৰাহী কৰিব পাৰি তাৰ উপায়ৰ কথা ভাবক৷

বিচাৰিব জানিলে আপুনি মাটি কটাৰ দৰে কষ্টকৰ আৰু নিৰস কাম এটাকো ৰসাল আৰু আনন্দদায়ক কৰি তুলিব পাৰে৷ হয়, সেয়া কৰাটো সম্ভৱ৷ কামটো যেতিয়া আপুনি উপভোগ কৰিব তেতিয়া সি আৰু কাম হৈ নাথাকে, সি হৈ পৰে এক খেল৷ আপুনি আনন্দ পোৱাৰ লগতে কামটো কৰি কিবা এটা অদ্ভূত ধৰণৰ সন্তোষ লাভ কৰিব৷ তেনে কৰিব পাৰিলে আপুনি নিজৰ কামটো আৰু ভালদৰে কৰিব, আৰু ভাল ফলাফল দেখুৱাব আৰু কামটো কৰি সঁচাকৈয়ে কিবা এটা ভাল কাম কৰি থকাৰ আনন্দ লাভ কৰিব পাৰিব৷

বা নহব কবলৈ শিকক

বহু সময়ত আমি নিবিচৰা কামবোৰো কৰিবলৈ বাধ্য হও বিভিন্ন কাৰণ যেনে আমি আনক ন’ বা নহ’ব বুলি ক’ব নোৱাৰোঁ বা তেনে কৰিলে আনে বেয়া পাব বা নহ’ব বুলি কোৱাটো মোৰ স্বভাৱ নহয়  ইত্যাদিৰ বাবে৷ কিন্তু জীৱনটো সহজ-সৰল কৰিবলৈ হ’লে আপুনি ন’ বা না বা নহ’ব বুলি ক’ব পাৰিব লাগিব৷ কোনোবাই আপোনাক কৰবালৈ নিমন্ত্ৰণ কৰিছে বা কিবা এটা কাম কৰিবলৈ পাচিছে আৰু সেই সময়তে আপোনাৰ জৰুৰী কাম এটা আছে বা আপুনি কিবা এটা কৰিম বুলি ভাবিছিল৷ তেনেহ’লে ভদ্ৰভাবে নোৱাৰোঁ বা না বা ন’ ক’বলৈ শিকক৷ কাৰেবাক নহ’ব বা নোৱাৰোঁ বুলি কোৱা মানেই আপুনি বেয়া হৈ নাযায় বা আপুনি অসামাজিক হৈ নাযায়৷ যদি আপুনি কোনোবাই নহ’ব বা নোৱাৰোঁ বুলি কোৱা মানে বেয়া কথা বুলি শিকাইছে তেন্তে তেওঁ ভুলকৈ শিকাইছে৷

অকলশৰীয়া সময়

নিজৰ বাবে অলপ অকলশৰীয়া সময় উলিয়াওক৷ এই সময়খিনিয়ে আপোনাক নিজৰ বিষয়ে জনাৰ লগতে নিজকে উন্নীত কৰাত সহায় কৰিব৷ আপুনি নিজকে জানিলেহে আপুনি কি কি ভাল পায় আৰু কি কি বেয়া পায় সেয়া জানিব পাৰিব৷ তেনে জ্ঞানে আপোনাক আনৰ বাবে কৰি থকা জটিল কথাবোৰ বাদ দি সহজ কথাবোৰ আঁকোৱালি লোৱাত সহায় কৰিব৷ নিজৰ জীৱনটো সহজ-সৰল কৰিবলৈ যোৱাৰ আগতে আপুনি নিজৰ পছন্দবোৰৰ কথা আৰু বর্তমানৰ জীৱনটোৰ কথা জানিব লাগিব৷ আৰু নিজকে ভালদৰে জানিলে আপুনি দেখিব যে বহু কথা এৰি দিবলৈ বা বাদ দিবলৈ আপুনি একো দিগদাৰি অনুভৱ কৰা নাই৷

পইচাৰ পিছত আপুনি দৌৰি বনালাগে

পইচাৰ কথা বেছিকৈ ভবা বাবে বা পইচাৰ পিছত দৌৰাৰ বাবে আমি বহু সময়ত বহু ইচ্ছা নথকা আৰু কৰিবনলগীয়া কাম কৰোঁ৷ টকা-পইচা অঅমাক লাগে কিন্তু কিমান লাগে? এটা সীমাৰ পিছত ই সমস্যাহে হৈ পৰে৷ আপুনি যদি জীৱনটো সহজ-সৰল কৰিব বিচাৰে, টকা-পইচাক তাৰ নিজৰ স্থানত ৰাখিব লাগিব আৰু তাৰ পিছে পিছে দৌৰা বন্ধ কৰিব লাগিব৷ যিমানে আপোনাৰ জীৱনটো সহজ-সৰল হৈ আহিব, সিমানে টকা-পইচাৰ প্ৰয়োজনো কমি আহিব৷ যিবোৰ প্ৰয়োজনীয় আৰু অত্যাৱশ্যকীয় সেইবোৰ বস্তুহে আপুনি বিচাৰিব আৰু আন বস্তুবোৰ যিবোৰ নহলেও মানুহ ভালদৰে চলিব পাৰে সেইবোৰ বস্তু আপুনি কিনা বা সংগ্ৰহ কৰা বাদ দিব৷ ফলত টকা-পইচাৰ প্ৰয়োজনো আগতকৈ বহুখিনি কমি যাব৷

টকাপইচাৰ কথাবোৰ সহজ কৰি তোলক

বেংকলৈ যাবলগীয়া কাম কমাওক৷ আজিকালি অনলাইন, মবাইল বেংকিং আদি নানা ৱ্যৱস্থা আছে, সেইবোৰৰ সহায় লওক৷ ইমান মানুহে সেইবোৰ ৱ্যৱহাৰ কৰিয়ে আছে, কিবা বিপদ হ’ব বুলি আপুনি ভয় খাব নালাগে৷ বেংকংলৈ গে শাৰী পাতি  তিনি-চাৰি ঘন্টা নষ্ট কৰাতকৈ পোন্ধৰ মিনিটত যদি আপোনাৰ কামটো ঘৰৰ পৰা অনলাইনত হৈ যায়, তেন্তে আপুনি কিমান সময় বচাব পাৰিব৷ লগতে ষ্ট্ৰেছ আৰু অশান্তিৰ পৰাও হাত সাৰি থাকিব পাৰিব৷ বেংক একাউন্টৰ সংখ্যা কমাওক৷ তেতিয়া সেইবোৰ মেনেজ কৰিবলৈ লগা সময়ো কমিব৷ পাৰিলে নিজৰ মাহেকীয়া বিলবোৰত এবাৰ চকু ফুৰাওক আৰু যদি তাত এনে কিবা বস্তু বা সেৱা আছে যি আপুনি আৰু ব্যৱহাৰ নকৰে, তেন্তে তেনে বস্তু বা সেৱা বাদ দিওক৷

ভালপোৱা মানুহৰ লগত সময় কটাওক

যিসকল মানুহক আপুনি ভাল পায়, যি আপোনাৰ জীৱনৰ বাবে অপৰিহার্য, তেনে মানুহবোৰৰ লগত বেছি সময় কটাওক৷ টিভি, ভিডিঅ, ফেচবুক আদি কমালে আপুনি বহুত সময় পাব, সেই সময়বোৰ আপুনি ভালপোৱা মানুহৰ লগত কটাব পাৰে৷ যাৰ তাৰ লগত কথা পাতি সেইবুলি আপুনি সময় নষ্ট কৰিব নালাগে, কেৱল আপোনাৰ জীৱনৰ বাবে গুৰুত্বপপূর্ণ সকলৰ বাবেহে সময় দিওক৷ এনে কৰিলে আপোনাৰ সম্পর্কবোৰো উন্নীত হ’ব৷

এজন মিনিমেলিষ্ট হওক

মিনিমেলিষ্ট হ’ল সেইসকল যিয়ে কেৱল যিখিনি বস্তু দৰকাৰী সেয়াহে ৰাখে৷ তেওঁলোকৰ ঘৰ, কাপোৰ-কানি, খোৱা-বোৱা, বস্তু কিনা আদি সকলোতে তেওঁলোকৰ এই স্বভাৱটোৰ প্ৰতিফলন দেখা যায়৷ ই এটা দর্শন৷ যদি তেওৰ ঘৰত এটা চবিবশ ইঞ্চিৰ টিভিৰে হৈ যায়, তেওঁ ৱাৱন্ন ইঞ্চিৰ টিভি নিকিনে৷ যদি এটা মাত্ৰ ফোনেৰে তেওঁৰ কাম চলে তেওঁ দুটা ফোন ব্যৱহাৰ নকৰে৷ যদি সৰু দুটা বেডৰীম থকা ঘৰেৰে তেওঁৰ পৰিয়ালটো চলি যাব পাৰে, তেওঁ চাৰিটা বেডৰীমৰ ঘৰ এটা নিবিচাৰে৷ এনে মানুহে অযথা বস্তু-বাহানি নিকিনে গতিকে তেওঁলোকৰ বস্তুৰ সংখ্যাও কম৷ ফলত চাফা কৰোতে কষ্টও কম হয়৷ সৰু ঘৰ এটাৰে হ’লে তেওঁলোকে যিহেতু ডাঙৰ ঘৰ এটা নিকিনে, গতিকে তেওঁলোকৰ টকা-পইচাও নষ্ট নহয় আৰু ঘৰবোৰ ঠিক-ঠাক কৰি ৰাখোতে কষ্টও নহয়৷ বিভিন্ন ধৰণে আপুনি এজন মিনিমেলিষ্ট হ’ব পাৰে৷

মেডিটেচন

যদি আপুনি মেডিটেচন কৰা আৰম্ভ কৰে, নিজৰ জীৱনটো সহজ-সৰল কৰি তোলাত ই আপোনাক সহায় কৰিব৷ আপোনাৰ মনটো শান্ত হ’ব অঅৰু নতুন সাল-সলনিবোৰ সহজে মানি লোৱাত ই আপোনাক সহায় কৰিব৷ লগতে আপোনাৰ জীৱনটো সহজ-সৰল কৰি তোলাৰ প্ৰয়োজনীয়তাৰ কথাটোও আপুনি বুজি পাব৷ ই আপোনাক ষ্ট্ৰেছৰ পৰা বচাই ৰাখি এক শান্তিপূর্ণ আৰু আনন্দৰ জীৱন কটোৱাত সহায় কৰিব৷

জীৱনত আমি প্ৰকৃততে যি বিচাৰোঁ সেই সুখ আৰু শান্তি লাভ কৰাৰ এটা উপায় হ’ল জীৱনটোক সহজ আৰু সৰল কৰি তোলা৷ ই জীৱনটোক আৰু সুন্দৰ কৰাৰ লগতে উপভোগ্য কৰি তুলি ইয়াক এক নতুন মর্যাদা প্ৰদান কৰে৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top