অলপতে মই এটা এক্সপেৰিমেন্ট বা পৰীক্ষা আৰম্ভ কৰিছিলোঁ৷ এই পৰীক্ষাটোত ৰাতিপুৱা শুই উঠি মই যে আজি জীয়াই আছো সেই কথাটো মনত পেলাও৷ দিনটোত যেতিয়াই সময় পাও তেতিয়াই মনত পেলাও যে মই বাচি আছো, মোৰ মৃত্যু হোৱা নাই এই কথাটো চিন্তা কৰোঁ৷ এনে কৰাৰ অভিজ্ঞতা, এনে কৰাৰ ফলত মোৰ কি লাভ হ’ল, এই সকলোবোৰ কথা মই আপোনাৰ লগত ভাগ-বতৰা কৰিব বিচাৰোঁ৷
আমি বাচি থাকিবলৈকে ইমানবোৰ কাম নকৰো জানো? ডক্টৰৰ তালৈ যোৱা, চিটা লোৱা, ঔষধ খোৱা ইত্যাদি কামবোৰ আমি কৰোঁ বেমাৰৰ পৰা আতৰি থাকিবলৈ বা বেমাৰৰ পৰা ৰক্ষা পাবলৈ৷ তাৰ অন্তৰালতো মৃত্যুৰ পৰা বাচি থকাৰ চেষ্টাই নহয় জানো? তেনেদৰে আমাৰ মৰিবলৈ ইমান ভয় নহয় জানো? জীৱনৰ বিভিন্ন সময়ত আমি নানা ধৰণে চেষ্টা কৰোঁ যাতে আৰু কেইদিনমান বেছিকৈ বাছি থাকিব পাৰোঁ যদিও আমি নাজানো যে আমি কিমানদিন বাচি থাকিম৷
মৰণশীলতাৰ মোৰ পৰীক্ষাৰ ফলাফলৰ কথা কোৱাৰ আগতে এই বিষয়ে দুটামান কথা চাও আহকচোন৷
ইউনিভাছির্টি অব এচেক্স ৰ Psychological scientists Laura E. R. Blackie and Philip J. Cozzolino ৰ মতে মৃত্যুৰ চিন্তা অসম অস্তিত্বৰ পদ্ধতিৰ দ্বাৰা শাসিত৷ এই দুয়োটা পদ্ধতিয়ে মৃত্যুৰ ধাৰণাক বেলেগ বেলেগ ধৰণে চালিজাৰি চায়৷ তাৰে এটা পদ্ধতিয়ে মৃত্যুৰ বিমূর্ত ধাৰণাৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ ইয়াৰ বাবে আপুনি মৰিশালি বা কবৰস্থানৰ কাষেৰে পাৰ হৈ যোৱাৰ নিচিনা সৰু কথাতো মনটোক অস্তিত্বৰ সন্ত্ৰাস ( আমি সকলো যে এদিন মৰিম তাৰ বোধ) আতৰাই ৰাখিবলৈ সাজু কৰে৷ ইয়াৰ বাবে আপুনি ধৰ্মীয়, সাংস্কৃতিক বা আন সকলো বিশ্বাসকে দৃঢ় কৰে৷ আপুনি যেতিয়া আপুনি মৰিলে কি হ’ব কথাটোৰ বিষয়ে বিবেচনা কৰে, তেতিয়া আপুনি বেছিকৈ জাতীয়তাবাদী হৈ পৰে আৰু নিজৰ ৰাজনৈতিক বিশ্বাসকো ৰক্ষা কৰিবলৈ তৎপৰ হৈ পৰে৷
আন পদ্ধতিটো আপোনাৰ ব্যক্তিগত আৰু ই দৃঢ় আৰু উজ্বল৷ আপুনি যদি মৃত্যুৰ সঁচাকৈয়ে মুখামুখি হয় (কোনো টান বেমাৰ, অস্ত্ৰোপচাৰ যত আপোনাৰ মৃত্যু হোৱাৰ সম্ভাৱনা থাকে, যুদ্ধৰ সন্মুখীন হোৱা সৈন্যসকল ইত্যাদি), তেতিয়া ইয়াৰ আৰম্ভণি হয়৷ এনে হ’লে আপুনি নিজৰ জীৱনৰ অগ্ৰাধিকাৰবোৰ আকৌ এবাৰ পৰীক্ষা কৰি চাবলৈ বিচাৰে৷ আপুনি এনে অৱস্থাত বেছিকৈ কৃতজ্ঞ হৈ পৰে, বেছিকৈ উদাৰ হৈ পৰে আৰু আধ্যাত্মিকভাৱে অগ্ৰগতি লাভ কৰে৷ আপুনি এই সময়ত নিজৰ বিশ্বাসসমূহক আকৌ নতুনকৈ বিচাৰ কৰিবলৈ লয় আৰু ডাঙৰ ডাঙৰ সালসলনি এই সময়তে সম্ভৱ হয়৷
কোনোবাই ইয়াক “post-traumatic growth” নামেৰে পজিটিভ চাইক’লজিৰ অন্তর্ভুক্ত কৰিব বিচাৰে৷ ই কয় যে মানুহ যেতিয়া কোনো সাংঘাটিক মানসিক আঘাতৰ সন্মুখীন হয়, তেতিয়া মানুহৰ মানসিকভাৱে আৰু মনোবৈজ্ঞানিকভাৱে অগ্ৰগতি লাভ হয়৷ গতিকে মৃত্যুৰ চিন্তা বা প্ৰায় মৃত্যুৰ অভিজ্ঞতা আমাৰ বাবে বৰ কঠিন হ’ব পাৰে, কিন্তু ই আমাৰ বিকাশত সহায় কৰে৷
মোৰ অভিজ্ঞতাৰ দুটামান কথা
এতিয়া মোৰ অভিজ্ঞতাৰ পৰা দুটামান কথা৷
প্ৰথমতেই মোৰ মনত ভাব হয় “উসঃ ৰক্ষা, মই বাচি আছো- এক স্বত্বিৰ নিশ্চাস৷” কিন্তু ইয়াৰ ফলত মোৰ লাভ হৈছে বহুকেইটা৷
কামৰ গুণগত মানৰ উন্নতি
মৃত্যুৰ বিষয়ে চিন্তা কৰাৰ পিছৰ পৰা মোৰ কামৰ গুণগত মান বাঢ়িছে৷ কিয়? কাৰণ আজিয়েই মোৰ শেষ দিন হ’ব পাৰে আৰু সেয়া হ’লে এইটো মোৰ শেষ মটিভেচনেল বা লাইফ স্কিল প্ৰগ্ৰেম হ’ব পাৰে৷ যদি সেয়া হয় মই মোৰ শেষ প্ৰগ্ৰেমটো আটাইতকৈ ভাল হোৱাটো বিচাৰিম৷ মই বিচাৰিম যাতে মানুহে মোক মনত ৰাখে এই কথাবোৰ, এই প্ৰগ্ৰেমটোৰ বাবে৷ ফলত এই পৰৱৰ্তী অনুষ্ঠানটো আগতকৈও ভাল কৰিবলৈ মই যত্ন কৰোঁ৷ এই চিন্তাই আমি কেনেদৰে কাম কৰোঁ সেয়া সম্পূর্ণৰূপে সলনি কৰিব পাৰে৷
দুখ, হতাশা কমি যায়
মোৰ দুখ লগা বা হতাশা ৰ পৰিমাণ আৰু তেনে অৱস্থা হোৱাৰ পৰিস্থিতি কমি গৈছে৷ আমি জীয়াই থাকিবলৈ, বাচি থাকিবলৈকে ইমান কষ্ট কৰোঁ, ইমান যত্ন কৰোঁ আৰু মই জীয়াই আছো, গতিকে ই এটা ডাঙৰ কথা৷ ই লগে লগে মোৰ দৃষ্টিভংগীটো অদ্ভূত ধৰণে সলনি কৰি দিয়ে৷ আগতে যিবোৰ সৰু সৰু কথাই মোক আমনি কৰিছিল, সেইবোৰে আৰু এতিয়া মোক আমনি কৰিব নোৱাৰে৷ তেনে কথাবোৰে মনৰ ভিতৰত যিবোৰ অশান্তি বা ভয়ৰ সৃষ্টি কৰিছিল, সেইবোৰ নিজে নিজে নোহোৱা হৈ পৰিছে৷ মৃত্যুৰ তুলনাত আন সকলো সমস্যাই বহুত তুচ্ছ হৈ পৰে৷
মৃত্যুৰ বাবে আমাক সাজু কৰে
মই এতিয়াই মানি ল’ব পৰা হৈছো যে এদিন সকলো মৰিব৷ মোৰ মৃত্যু হ’ব, মোৰ মা-দেউতাৰো মৃত্যু হ’ব৷ এনে কথা মানি ল’ব পাৰিলে যেতিয়া ঘটনাটো ঘটিব তেতিয়া সিমান দুখ নালাগে৷ সেয়া ষ্টইক দর্শন বা আন দর্শনৰ অন্তর্ভুক্ত এটা কথা বুলি আপুনি ভাবিব পাৰে বা সহজ সচেতনতাৰ পৰা উদ্ভূত এক সহজ কিন্তু গভীৰ চিন্তা বুলি ধৰি ল’ব পাৰে৷ মৃত্যু এদিন আহিবই সেই কথাটো লৈ মই নিৰাশাবাদী চিন্তা কৰা নাই বা কেতিয়াও ভবা নাই “এদিন মৰিমেই, গতিকে ইমানবোৰ কাম কৰি, ইমান কষ্ট কৰি কি লাভ হ’ব?” কাৰণ মই মৰাৰ পৰা বাচি থাকিবলৈ কাম কৰা নাই, মই কাম কৰিছোঁ কাৰণ মই এইবোৰ কৰি ভাল পাও, এইবোৰ “মই” জন সৃষ্টি কৰাত মোক সহায় কৰে৷ মৃত্যুক সহজভাৱে ল’বলৈ যত্ন কৰাৰ ফলত হয়তো ই মোক তাৰবাবে প্ৰস্তুত থকাত সহায় কৰিব আৰু মোৰ শোক-দুখক সেই সময়ত বুজি পাবলৈ সহায় কৰিব৷
বর্তমান সময়টো উপভোগ কৰাত সহায় কৰে
আপুনি ভাল পাওক বা নাপাওক আপুনি এদিন মৰিবই, তাৰমানে আপোনাৰ হাতত এক নির্দিষ্ট সময়হে আছে৷ আপোনাৰ মৃত্যু এদিন আহিবই, গতিকে হাতত থকা সময়খিনি উপভোগ কৰাই ভাল, কাৰণ উপভোগ নকৰিলেও মৃত্যু আহিবলগীয়া সময়ত আহিবই৷ এই কথাটো আপুনি ভালদৰে এবাৰ বুজি পালে ই আপোনাক হাতত থকা সময়খিনি ভালদৰে ব্যৱহাৰ কৰাত সহায় কৰিব৷ আপুনি আপত্তি কৰি, অযথা কামত সময় নষ্ট নকৰে৷ প্ৰতিটো মুহূর্তত যি ভাল আছে সেয়া বিচাৰি উলিয়াই তাক উপভোগ কৰিবলৈ ই আপোনাক সহায় কৰিব৷
এনেকুৱা হ’লে সৰু সৰু কথাবোৰে আৰু আপোনাক অসুবিধাত নেপেলায়৷ আপুনি সেই সৰু সৰু সমস্যাবোৰক সহজে অতিক্ৰম কৰিবলৈ আৰম্ভ কৰিব৷
মৃত্যুৰ বিষয়ে চিন্তাই আমাক অনুপ্ৰাণিত কৰে
আপোনাৰ সময় নির্দিষ্ট, গতিকে তাৰ ভিতৰতে আপুনি ভালপোৱা, ভাল নোপোৱা, কৰিব বিচৰা সকলোবোৰ কাম কৰিব লাগিব৷ আপুনি যেতিয়া অনুভৱ কৰে যে আপোনাৰ হাতত এক নির্দিষ্ট সময়হে আছে আৰু আপুনি কিছুমান কাম কৰিব বিচাৰে, এই চিন্তাই আপোনাক তেনে কামত দেহেকেহে লাগিযাবলৈ আৰু দীর্ঘ সময়ৰ বাবে লাগি থাকিবলৈ সহায় কৰিব৷ এলাহ ভাব, কাম পিছলৈ পেলাই থোৱা আদি অভ্যাসৰ পৰা মুক্তি পাবলৈ ই আপোনাক মেজিকৰ দৰে সহায় কৰিব৷
জীৱনটো উদ্দেশ্যপূর্ণ ভাৱে জীয়াই থকাত সহায় কৰে
মৃত্যুৰ বিষয়ে চিন্তা কৰাৰ লগে লগে আৰু ই যে যিকোনো সময়তে আহিব পাৰে, সেই কথা মানি লোৱাৰ লগে লগে ই আপোনাৰ জীৱনটো আকৌ এবাৰ ভালদৰে চাবলৈ সহায় কৰে৷ কোনবোৰ কথা সঁচাকৈয়ে গুৰুত্বপূর্ণ সেয়া বিচাৰ কৰাত সহায় কৰে৷ যদি আপোনাৰ জীৱনৰ উদ্দেশ্য নাই, তেন্তে এটা বা ততোধিক উদ্দেশ্য বাচি লোৱাত ই সহায় কৰে৷ আনকি আপোনাৰ কেৰিয়াৰ বাচি লোৱাত ই সহায় কৰিব পাৰে৷ তেনেদৰে গুৰুত্বপূর্ণ সিদ্ধান্ত কিছুমান লোৱাতো ই সহায় কৰিব৷ মোৰ উদ্দেশ্য কিছুমান আছে কিন্তু ই মোক সেই উদ্দেশ্যবোৰ চালিজাৰি চোৱাত আৰু প্ৰয়োজনীয় সালসলনি কৰাত সহায় কৰিছে আৰু মোক আগতকৈও বেছি ফ’কাছ আৰু গতিৰে এইবোৰ কামত লাগি থাকিবলৈ সাহস যোগাইছে৷ লিগেচী বা উত্তৰাধিকাৰ এৰি যোৱাৰ ইচ্ছা আৰু ইয়াৰ জৰিয়তে মৃত্যুক অতিক্ৰম কৰাৰ ইচ্ছাইও আপোনাক কিছুমান উদ্দেশ্য বাচি লোৱাত সহায় কৰিব পাৰে৷
বাকেট লিষ্ট
বাকেট লিষ্টৰ বিষয়ে মই আগতে লিখিছিলোঁ৷ বাকেট লিষ্ট হ’ল সেইবোৰ কামৰ লিষ্ট যিবোৰ কাম মই মৃত্যু হোৱাৰ আগতে কৰি শেষ কৰিব বিচাৰোঁ৷ মৃত্যুৰ বিষয়ে চিন্তা কৰাৰ পিছত এই লিষ্টখন মই উলিয়াই আকৌ চাইছো, সালসলনি কৰিছোঁ আৰু তাৰে যি পাৰোঁ দুই-এটা কাম কৰি শেষ কৰিছোঁ, লগতে আনবোৰ কাম কৰিবলৈ পৰিকল্পনা ঠিক কৰি লৈছোঁ৷ যদি আপোনাৰ বাকেট লিষ্ট নাই, সেই লিষ্টখন তৈয়াৰ কৰিবলৈ আৰু যদি আছে তাক উলিয়াই চাই তাৰ কামবোৰ কৰিবলৈ আৰম্ভ কৰিবলৈ মৃত্যুৰ চিন্তাই আপোনাক সহায় কৰিব৷
আমি বহুত ব্যস্ত, গতিকে মৰণশীলতাৰ কথা ভাবিবলৈ আমি সময়ে নাপাও৷ কোনোবা ঢুকালেহে বা প্ৰায় মৃত্যুৰ নিচিনা পৰিস্থিতিৰ সন্মুখীন হলেহে আমি মৰণশীলতাৰ কথা ভাবো৷ এতিয়া আজিৰ পৰাই দিনটোত এবাৰ-দুবাৰ মৰণশীলতাৰ কথা, মৃত্যুৰ কথা চিন্তা কৰোঁ আৰু তাৰ পৰা যি যি ভাল হ’ব পাৰে সেয়া গ্ৰহণ কৰোঁ আহক৷