Close

আপুনি মাত্ৰ এটা কথাই নিয়ন্ত্ৰণ কৰিব পাৰে

আমি ভাবো যে আমি নিজৰ জীৱনটো নিয়ন্ত্ৰণ কৰি থাকো৷

আপুনি নিয়ন্ত্ৰণ মাত্ৰ এটা কথাই কৰিব পাৰে- আপুনি কেনেদৰে খেলিব৷

আপুনি মাত্ৰ এটা কথাহে নিয়ন্ত্ৰণ কৰিব পাৰে- আপুনি কামটো কেনেদৰে কৰিব৷

তাৰ বাহিৰে আন একো কথাই আপোনাৰ নিয়ন্ত্ৰণত নাই৷ গতিকে আপুনি আপোনাৰ সম্পূর্ণ মনোযোগ দিব লাগিব আপোনাৰ হাতত থকা কথাটোতহে৷ প্ৰতিটো কথাৰ ফলাফলৰ লগত ইমানবোৰ, নানা ধৰণৰ ভেৰিয়েবল জড়িত হৈ আছে, যিবোৰক নিয়ন্ত্ৰণ কৰাটো কোনো মানুহৰে পক্ষে সম্ভৱ নহয়৷ এটা দুটা তেনে ভেৰিয়েবল নিয়ন্ত্ৰণ কৰিব পাৰিলেও সকলোবোৰ কৰাটো সম্ভৱ নহয়৷

আপুনি যদি ফুটবল, ক্ৰিকেট বা তেনেকুৱা টিম স্পর্ট এটা খেলিছে, তেতিয়া আপোনাৰ হাতত নাই আপোনাৰ লগৰ খেলুৱৈবোৰে কেনেদৰে খেলিব৷ আপোনাৰ হাতত নাই ৰেফাৰী বা আম্পায়াৰে কি কৰিব৷ আনটো টিমে কেনেদৰে খেলিব সেয়াও আপোনাৰ হাতত নাই৷ খেলৰ ফলাফল কেনে হ’ব, বতৰ কেনে হ’ব ইত্যাদি কথাও আপোনাৰ হাতত নাই৷ আপোনাৰ হাতত আছে মাত্ৰ এটা কথা – আপুনি কেনেদৰে খেলিব৷

আনকি কালি আপুনি কেনেদৰে খেলিছিল সেয়া আপোনাৰ হাতত নাই৷ আপোনাৰ হাতত আছে মাত্ৰ – আজি এই সময়ত আপুনি কেনেদৰে খেলিব৷

আমাৰ জীৱনতো আমাৰ নিয়ন্ত্ৰণত, আমাৰ হাতত একো কথাই নাই একমাত্ৰ সেই কথাতো বাদ দি –মই কেনেকৈ কামটো কৰিম- আপুনি কেনেকৈ হাতত থকা কামটো কৰিব৷ আন কিছুমান নিয়ন্ত্ৰণ আপোনাৰ হাতত নাই৷ কালি আপুনি কি কৰিছিল তাতো নিয়ন্ত্ৰণ আপোনাৰ নাই৷ আপুনি মাত্ৰ এই সময়ত কি কৰিব পাৰে তাতহে আপোনাৰ নিয়ন্ত্ৰণ আছে৷

কামটোৰ ফলাফল আপুনি বিচাৰিব পাৰে, আশা কৰিব পাৰে৷ কিন্তু তেনে হ’বই বুলি কোনো নিশ্চয়তা নাই৷

আপোনাৰ হাতত মাত্ৰ আছে আপুনি কেনেদৰে খেলিব৷ তাৰমানে আপুনি দুটা কাম নিয়ন্ত্ৰণ কৰিব পাৰে- আপোনাৰ কাম আৰু আপোনাৰ ক্ষেত্ৰত ঘটা ঘটনাৰ ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া৷ আপুনি কেনেদৰে, কি কাম কৰিব সেয়া আপুনি নিজে ঠিৰাং কৰিব পাৰে৷ কিন্তু তাৰ ফলাফল নোৱাৰে৷ লগতে আপোনাৰ ক্ষেত্ৰত ঘটা নানা ধৰণৰ ক্ৰিয়াৰ ক্ষেত্ৰত, ঘটনাৰ ক্ষেত্ৰত যদিও কি ঘটিব সেয়া আপুনি ঠিৰাং কৰিব নোৱাৰে, আপোনাৰ প্ৰতিক্ৰিয়া কেনে হ’ব সেয়া কিন্তু আপুনি ঠিৰাং কৰিব পাৰে৷

আৰু কেতিয়াবা কি কাম কৰিব সেয়া ঠিৰাং কৰিব নোৱাৰিলেও কামটো কেনেদৰে কৰিব সেয়া কিন্তু আপুনি নিজে খাটাং কৰিব পাৰে৷ এই ক্ষেত্ৰত আপোনাক কোনেও বাধা দিব নোৱাৰে, ৰখাব নোৱাৰে৷

আপোনাৰ ক্ষেত্ৰত ঘটা ঘটনাবোৰৰ প্ৰতি নিজৰ প্ৰতিক্ৰিয়াবোৰ আপুনি নিজে নিয়ন্ত্ৰণ কৰিব পাৰে৷ কেতিয়াও নকৰিলে কামটো আপোনাৰ টান যেন লাগিব পাৰে, কিন্তু অভ্যাস কৰিলে এনে প্ৰতিক্ৰিয়াৰ নিয়ন্ত্ৰণ আপোনাৰ নিজৰ হাতলৈ আহিব৷

আন মানুহে আপোনাৰ বিষয়ে কি ক’ব, কি ভাবিব সেয়াও আপোনাৰ নিয়ন্ত্ৰণত নাই৷ তেওঁলোকে আপোনাক ভাল পাব নে বেয়া পাব সেয়াও আপুনি নিয়ন্ত্ৰণ কৰিব নোৱাৰে৷

আপোনাৰ নিজৰ বাবে, জীৱনৰ বাবে আপুনি ফ’কাছ কৰিব লাগিব কোনবোৰ কথা আপুনি নিয়ন্ত্ৰণ কৰিব পাৰে সেইবোৰতহে৷ বর্তমান সময়টোত কেনেদৰে খেলিব তাতহে আপুনি ফ’কাছ কৰিব লাগিব৷

আপুনি মাত্ৰ মনত ৰাখিব আপুনি এটা কথা সদায় নিয়ন্ত্ৰণ কৰিব পাৰিব, আজি পাৰে, কাইলৈও পাৰিব- আপুনি কেনেকৈ খেলিব সেয়া আপুনি সদায় নিয়ন্ত্ৰণ কৰিব পাৰিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top