এদিন গুৰুৰ কাষলৈ এজন শকত আৱত শিষ্য আহিল৷ তেওঁ ক’লে-“গুৰুদেৱ, মোৰ জীৱনটোত একোৱে নাই৷ কোনো শান্তি নাই, আনন্দ নাই, কোনো সুখ নাই৷”
“কিয়?”- গুৰুৱে সুধিলে৷
“নাজানো গুৰুদেৱ৷ মুঠতে একদম সুখ আৰু শান্তি নাই৷”
“হয় নেকি? তোমাৰ দৈনন্দিন জীৱনৰ বিষয়ে মোক কোৱাচোন৷”
শিষ্যই নিজৰ শাৰীৰিক আৰু মানসিক সমস্যাৰ কথা ভাঙি-পাতি ক’লে৷
গুৰুৱে শিষ্যৰ দৈনন্দিন জীৱনৰ কথা শুনিলে৷ তেওঁ ক’লে- “তোমাৰ সমস্যাৰ সমাধান মোৰ হাতত আছে৷ কিন্তু তুমি এয়া কৰিব নোৱাৰিবা৷”
“পাৰিম, পাৰিম গুৰুদেৱ৷ আপুনি মাত্ৰ কি কৰিব লাগে সেয়া কওক৷ যিমানে টান নহওক কিয়, মই পাৰিম৷ ইমান শাৰীৰিক অঅৰু মানসিক সমস্যাৰ পৰা মুক্তি পাবলৈ মই যিকোনো কামেই কৰিব াপৰিম৷”
“পাৰিবা জানো?”
“পাৰিম, পাৰিম গুৰুদেৱ৷”
“ঠিক আছে, ঠিক আছে বাৰু৷ কিন্তু উপায়টোৰ কথা কোৱাৰ আগতে তুমি মোৰ আগত প্ৰতিজ্ঞা কৰিব লাগিব যে তুমি মই যি ক’ম তাক আখৰে আখৰে মানি চলিবা৷ তাৰ পৰা বিন্দুমাত্ৰ ইফাল-সিফাল নকৰা আৰু মই কৰিবলৈ কোৱা কামটো সদায় কৰিবা লাগিলে সি যিমানে টান নহওক৷”
“মই প্ৰতিজ্ঞা কৰিছোঁ গুৰুদেৱ৷”
“ঠিক আছে৷ তোমাৰ উপায়টো শুনা৷ উপায়টো হ’ল- আজি যিমান, কালি তাৰ দুগুণ৷”
শিষ্য বিমোৰত পৰিল৷ গুৰুৱে কি কয়৷
গুৰৱে মিচিকিয়াই হাঁহি ক’লে- “কি হ’ল? বুজি নাই পোৱা? ইমান চিন্তা কৰিব নালাগে৷ মোক এটা কথা কোৱাচোন৷ তুমি যে ইয়ালৈ আহোতে চিৰি বগাই আহিছা, কিমানটা চিৰি বগাই আহিছা?”
“নাজানো গুৰুদেৱ৷”
“যোৱা চাই আহা৷ আৰু এটা কাম কৰিবা৷ প্ৰতিটো চিৰি বগাই আহোতে তুমি “ওঁম”, “ওঁম” বুলি কৈ আহিবা৷ চাবা যাতে “ওঁম” উচ্চাৰণ কৰা সময়ত তোমাৰ মনটো আন কোনোফালে নাযায়৷ নহ’লে কিন্তু তোমাৰ মূৰ ফাটি চিৰাচিৰ হ’ব৷ বুজি পাইছানে?”
“পাইছোঁ গুৰুদেৱ৷”
“যোৱা, যোৱা৷ মই ইয়াতে তোমাৰ বাবে ৰৈছোঁ৷”
অলপ পিছত শিষ্য ঘূৰি আহিল৷
“কিমানটা ছিৰি আছে?”
“এশটা গুৰুদেৱ৷”
“ছিৰি বগাওতে “ওঁম”, “ওঁম” বুলি কৈ আছিলানে?”
“আছিলোঁ গুৰুদেৱ৷”
“মনটো আন ফালে গৈছিল নেকি?”
“যাব খুজিছিল, কিন্তু তাক মই নিয়ন্ত্ৰণ কৰিছিলোঁ গুৰুদেৱ৷”
“ঠিক আছে, এয়াই তোমাৰ সমস্যাৰ সমাধান৷”
শিষ্য আচৰিত হ’ল৷ এয়া গুৰুৱে কি কয়৷ তেওঁক আচৰিত হোৱা দেখি গুৰুৱে ক’লে-
“অ, এয়া তোমাৰ সমস্যাৰ সমাধান৷ মই কি কৈছিলোঁ মনত আছেনে?”
একো নমতা দেখি গুৰুৱে ক’লে- “আৰু এটা কথা মনত ৰাখিবা- আজি যিমান, কালি তাৰ দুগুণ৷ মানে যিহেতু তুমি আজি এশ ছিৰি বগাইছা, কালি তাৰমানে তুমি দুশ ছিৰি বগাব লাগিব৷ আৰু ছিৰি বগাওতে মাত্ৰ “ওঁম”, “ওঁম” বুলিবলৈ নাপাহৰিবা৷ মোক এমাহৰ পিছত লগ কৰিবা৷”
এইবুলি শিষ্যক আন একো কোৱাৰ সুযোগ নিদি গুৰু গ’লগৈ৷
শিষ্য বিমোৰত পৰিল৷ কিন্তু কি কৰিব৷ গুৰু আজ্ঞা৷ গতিকে গুৰুৱে কোৱামতে কামত লাগিল৷ প্ৰথম দুদিন মান ঠিকে আছিল, কিন্তু তাৰ পিছতে কামটো টান হৈ আহিল৷ কাৰণ পিছৰ দিনা আগৰ দিনাতকৈ পাৰ হ’ব লগীয়া ছিৰিৰ সংখ্যা দুগুণ হৈ যায়৷ এসপ্তাহ মানতে শিষ্যৰ অৱস্থা কাহিল৷ কিন্তু গুৰু আজ্ঞা মাজতে এৰিবও নোৱাৰে৷ এমাহত শিষ্যৰ শৰীৰৰ অৱস্থা পৰিশ্ৰম কৰা মানুহৰ দৰে আটিল হ’ল৷ গাৰ চৰ্বী নোহোৱা হ’ল৷ লগতে তেওঁ আচৰিত হৈ লক্ষ্য কৰিলে তেওঁ মনটোও আজিকালি বৰ প্ৰফুল্লিত হৈ থাকে৷ আগৰ নিচিনা মন বেয়া নালাগে, দুখ লাগি নাথাকে, এক এলেহুৱা এলেহুৱা ভাব আৰু নাই৷
তেওঁ গুৰুৰ আদেশৰ আচল অর্থ বুজি পালে৷ এমাহ শেষ হোৱাৰ পিছত তেওঁ গুৰুক লগ ধৰিবলৈ গৈ তেওঁৰ চৰণত দীঘল দি পৰিল৷ ক’লে- “হে গুৰুদেৱ, ইমান সৰু কথাটোকে মই বুজাই নাছিলোঁ৷ বহুত বহুত ধন্যবাদ৷”