কলেজৰ এখন মিটিঙত বিকাশ বহি আছিল৷ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কি কি কাম কৰিব পাৰি সেয়া আলোচনা কৰিবলৈ এই মিটিঙখন পতা হৈছিল৷ বছা বছা কিছুমান ছাত্ৰ-ছাত্ৰী তাত বহি আছিল৷ যিহেতু তাত নানা ঠাইৰ পৰা ল’ৰা-ছোৱালীবোৰ আহিছিল, গতিকে ইংৰাজীতে কথা-বতৰা চলি আছিল৷ নানজনে নানা ধৰণৰ আইডিয়া দিলে৷ সেই আইডিয়াবোৰ এখন ৰেজিষ্টাৰত লিখা হ’ল৷ বিকাশৰ মনত কেইবাটাও আইডিয়া আহিছিল, কিন্তু সি খুলি কথাটো ক’ব নোৱাৰে৷ ক’বলৈ গলেই কিহবাই যেন তাৰ ডিঙিটো সোপা মাৰি ধৰে৷ ইংৰাজীতে ক’বলৈ গলেই যেন তাৰ ভুল হ’ব আনে হাঁহিব, আনে ঠাট্টা কৰিব৷ গতিকে সি মনে মনে থাকিল৷ লাহে লাহে তাৰ মনটো বেয়া লাগি আহিবলৈ ধৰিলে৷ আনে ইমান ধুনীয়াকৈ ইংৰাজী কৈছে, ইমান সুন্দৰকৈ হাঁহি-মাতি আনৰ লগত কথা পাতিছে৷ কিন্তু সি ইমানকৈ ক’ব বিচৰা স্বত্বেও এটা শব্দও ক’ব পৰা নাছিল৷ মনৰ ভিতৰত সি ঠিকেই কৈ আছে, কিন্তু মুখ খুলি এটা শব্দও সি ক’ব নোৱাৰিলে৷ মিটিঙৰ শেষৰ ফালে এজনে তাক সুধিলে- “কি হ’ল, তুমি একো নোকোৱা নেকি?”
তাৰ হেহো-নেহো লাগিল৷ কথা ক’ব নে নক’ব৷ মুখেৰে দেখোন শব্দ এটাও ওলাবই নোখোজে৷ অৱশেষত তাৰ আগৰজনে যি বাক্যটো কৈছিল, তাকে সি পুনৰাবৃত্তি কৰিলে, তাকো কওতে তাৰ লাগি ধৰিলে আৰু বাক্যটোও অলপ ভুল হ’ল৷ কোনেও একো নক’লে, বা তাক নাহাঁহিলে, কিন্তু সি যেন কোচ খাই গ’ল৷ বাকী সময়খিনিত সি মাত্ৰ চুপ চাপ বহি থাকিল৷ তাৰ মনটো বিৰাট বেয়া লাগিল, তাৰ খুব লাজ লাগিল, লাজ-দুখত সি ম্ৰিয়মান হৈ পৰিল৷ তাৰ মনটোত মাত্ৰ এটা কথাই চলি থাকিল- “তোৰ কাম নাই, তোতকৈ এই ল’ৰা-ছোৱালীবোৰ ইমান ওপৰত৷ তই ইহঁতৰ সমানেই নহয়৷”
সেই মিটিঙখন কিন্তু বিকাশৰ বাবে এক টার্নিং পইন্ট হৈ পৰিল৷
সেইদিনাই ঘূৰি গৈ সি শপত খালে যে সি ইংৰাজী ক’বলৈ আৰম্ভ কৰিব৷ ভুল হলেও ক’ব৷ আৰু সি নিজৰ আত্মবিশ্বাস বৃদ্ধি কৰিব, নিজকে আৰু স্মার্ট কৰি তুলিব৷ তাৰবাবে যি কৰিব লাগে, যিমান কষ্ট কৰিব লাগে সিমান কষ্ট সি কৰিব, কিন্তু সেইদিনাৰ পৰা সি আৰু এনে পৰিস্থিতিত দ্বিতীয় বাৰৰ বাবে নপৰে৷ আৰু বিকাশে কৰিলে৷ কলেজ এৰাৰ সময়লৈকে সি এক আগতকৈ স্মার্ট, ইংৰাজী ক’ব পৰা, প্ৰছণ্ড আত্মবিশ্বাসী এক নতুন মানুহ হৈ পৰিল৷ তাৰবাবে সময় লাগিল, কষ্ট হ’ল কিন্তু বিকাশে আৰু কাহানিও নীচাত্মিকাবোধৰ প্ৰভাৱত পৰি কষ্ট পাবলগীয়া নহ’ল৷ তাৰ আৰু কেতিয়াও নিজকে আনতকৈ কম বা সৰু যেন নালাগিল৷