Close

কেচুৱাটো

কেচুৱা এটা আপুনি ভালদৰে মন কৰিছেনে?

এই পৃথিৱীখন, ইয়াৰ সকলোবোৰ বস্তু তাৰ বাবে নতুন

নতুন নতুন বস্তুবোৰ শিকিবলৈ কেচুৱাটো আগ্ৰহী– নতুন বস্তু এটা দেখিলে ই ভালদৰে তালৈ মন কৰে, চুই চাব খোজে

সকলো কথাতে ই আগ্ৰহ দেখুৱায়

সোৱে-ৱাৱে যিমান বস্তু আছে সকলোবোৰ কেচুৱাটোৱে ভালদৰে মন কৰে আৰু সেইবোৰ শিকিব বিচাৰে

শিকাৰ আগ্ৰহ আছে বাবেহে কেচুৱাটোৱে ইমানবোৰ নতুন নতুন কথা শিকিব পাৰে৷ ইমানবোৰ কথা শিকিবলগীয়া থাকে আৰু কেচুৱাটোৱে লাহে লাহে সেই সকলোবোৰ কথা শিকে

ই দেখি শিকে, আৰু চেষ্টা কৰি কৰি শিকে

আন কথা শিকাৰ দৰে কেচুৱা এটাই খোজ কাঢ়িবলৈও শিকিব খোজে

এটা বয়সত ই খোজ কাঢ়িবলৈ আৰম্ভ কৰে

কোনোধৰণৰ শাৰীৰিক সমস্যা নাথাকিলে সকলোবোৰ কেচুৱাই খোজ কাঢ়ে

যেতিয়া খোজ কাঢ়িবলৈ চেষ্টা কৰাৰ সময় হয় তেতিয়া ই খোজ কাঢ়িবলৈ চেষ্টা কৰাৰ আৰম্ভ কৰে

কেচুৱাটোৱে খোজ কাঢ়িবলৈ চেষ্টা কৰিবলৈ ভয় নকৰে আৰু সেইটো এটা ডাঙৰ কথা

খোজ কাঢ়িবলৈ আৰম্ভ কৰোতে প্ৰথম অৱস্থাত কেচুৱাটো বাৰে বাৰে বিফল হয়

এবাৰ পৰে, আকৌ উঠে, আকৌ পৰে, আকৌ উঠে

কিন্তু এদিন নোৱাৰিলে বাবে কেচুৱাটোৱে সেই কামটো বাদ নিদিয়ে

কামটো এদিনতে নহয় আৰু মাকদেউতাকেও কামটো এদিনতে হ’ব বুলি আশা নকৰে

তাৰবাবে সময় দিয়ে৷

কিছুমান কেচুৱাই হয়তো ন মাহতে খোজকাঢ়ে, কোনোবাই ১৫ মাহত আৰু কাৰোবাক দুবছৰো লাগিব পাৰে৷

কিন্তু যেতিয়ালৈকে খোজ কাঢ়িব নোৱাৰে তেতিয়ালৈকে কেঁচুৱা এটাই খোজ কাঢ়িবলৈ কৰা চেষ্টা নেৰে

প্ৰতিদিনে ই খোজ কাঢ়িবলৈ নিজৰ চেষ্টা অব্যাহত ৰাখে

ই আধাতে চেষ্টা কৰিবলৈ নেৰে– চেহ ইমানদিন নোৱাৰিলো আৰু চেষ্টা নকৰোঁ

কেচুৱাটোৱে নকয়– দুই তিনিবাৰ চেষ্টা কৰি চালোঁ, মোৰ দ্বাৰা নহ’ব,

বা ইমান কষ্ট কৰি কি লাভ?

ই চেষ্টা কৰি থাকে, কৰি থাকে আৰু সেয়া কৰোতে কৰোতে এদিন খোজ কাঢ়িব পৰা হয়গৈ

মনত পেলাওচোন, আমি সকলোৱে তেনেদৰেই খোজ কাঢ়িব শিকিছোঁ

খোজ কাঢ়িবলৈ চেষ্টা কৰোতে আমি কিমানবাৰ পৰিছো, কিমান দুখ পাইছো

কিমান দিন আমি এই চেষ্টা কৰি থাকিবলগীয়া হৈছে

কিন্তু আমি সকলোৱে খোজ কাঢ়িব পাৰিছিলোঁ

আমি সকলোৱেই কৰিব পাৰিছো কাৰণ আমি খোজ কাঢ়িব পৰা নোহোৱালৈকে হাৰ মনা নাছিলোঁ, সদায় চেষ্টা কৰি আছিলোঁ, পাৰিম নে নোৱাৰিম ভাবি হাত সাৱটি বহি থকা নাছিলো

আৰু সেয়ে আমি পাৰিছিলোঁ

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top