Close

সুখৰ ৰেচিপি

দুজন বন্ধুৱে এখন মৰুভূমিৰ মাজেৰে খোজকাঢ়ি গৈ আছিল৷ হঠাতে কিবা এটা কথা লৈ দুয়োজনৰ মাজত কথাৰ কটাকটি লাগিল আৰু এজনে আনজনক চৰ এটা মাৰিলে৷

চৰ খোৱা বন্ধুজনে মনত বৰ দুখ পালে, কিন্তু তেওঁ একো নকৰিলে৷ তেওঁ গছৰ এটুকুৰা শুকান ডাল বিচাৰি পালে আৰু তাৰে মৰুভূমিৰ বালিত লিখিলে – “আজি মোৰ আটাইতকৈ ভাল বন্ধুৱে মোক চৰ মাৰিলে৷’’

দুয়ো মাতবোল নকৰাকৈ গৈ থাকিল আৰু গৈ গৈ এখন মৰুদ্যান পালে৷ তাত গা ধূবলৈ এক ডাঙৰ পুখুৰীও আছিল৷ মাৰ খোৱা বন্ধুজন হঠাত দ পানীত পৰি ককবকাব ধৰিলে৷ তেওঁৰ বন্ধুজনে তেওঁক ততাতয়াকৈ পাৰলৈ তুলি আনি ঢুবি মৰাৰ পৰা বচালে৷ অলপ ঠিক হোৱাৰ পিছত মৰাৰ পৰা বচা বন্ধুজনে এক শিল কটা বটালি লৈ শিলত লিখিলে- “আজি মোৰ আটাইতকৈ ভাল বন্ধুৱে মোক মৰাৰ পৰা বচালে৷”

যিজন বন্ধুৱে চৰটো মাৰিছিল আৰু যিজনে আনজনক মৰাৰ পৰা বচালে, তেওঁ নিজৰ বন্ধুজনক সুধিলে, “তুমি দুখ পাওতে বালিত কথাটো লিখিলা, কিন্তু মই বচাওতে কিয় শিলত লিখিলা?”

তেতিয়া বন্ধুৱে  উত্তৰ দিলে, “যেতিয়া কোনোবাই আমাক আঘাত দিয়ে, তেতিয়া আমি বালিত লিখিব লাগে যাতে ক্ষমাৰ বতাহে সেয়া উৰুৱাই নি কথাটোৰ অস্তিত্বই নোহোৱা কৰি পেলায়৷ কিন্তু যেতিয়া কোনোবাই আমাৰ বাবে কিবা ভাল কৰে, তেতিয়া আমি সেয়া শিলত লিখি ৰাখিব লাগে যাতে একোৱে ইয়াক নোহোৱা কৰিব নোৱাৰে আৰু আমি সদায় কথাটো মনত ৰাখিব পাৰোঁ৷ ”

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top